খণ্ড ১
২০৭১ চনৰ ১৫মে’
উত্তৰ গুৱাহাটী
‘লুইতৰে পানী যাবি অ’
বৈ, লুইতৰে পানী যাবি অ’ বৈ’। ৰূপকোৱঁৰ জ্যোতিপ্ৰসাদ আগৰৱালাই সেই তাহানিতে কৈ
যোৱাৰ দৰে যুগ যুগান্তৰ ধৰি লুইতৰ পানী বৈ আছে। একেদৰে, নিৰন্তৰ।
লুইতৰ পাৰলৈ আহি আজিও
অন্তৰত পৰম তৃপ্তি লাভ কৰে সুকান্ত চলিহাই। সৰুতেই শুনা জ্যোতি সংগীতৰ কলি তেওঁৰ
মনলৈ আহে।পৰিবৰ্তনশীল জীৱনত এনে খুব কম বস্তু আছে, যিবোৰে মানুহক চিৰকাল আনন্দ দিব
পাৰে। লুইতৰ পানীতো যেন আছে তেনে এক অমোঘ শক্তি। আন সকলো সলনি হ’লেও লুইতৰ পানীক
জানো কোনোবাই সলনি কৰিব পাৰিব?
চলিহাৰ মনত পৰে, উত্তৰ
গুৱাহাটীৰ এইখিনিতে তাহানিতে এটা ফেৰীঘাট আছিল। এই ফেৰীঘাটটোৰে গুৱাহাটী আৰু উত্তৰ
গুৱাহাটীৰ মাজত ফেৰী চলিছিল। গুৱাহাটীৰ পৰা মানুহ দৌল গোবিন্দ
মন্দিৰলৈ আহিছিল। এতিয়া এই ঠাইত মাটি আৰুপানীৰ তলেৰে যোৱা ৰে’লৰ আণ্ডাৰগ্ৰাউণ্ড
ষ্টেচন আছে। লগতে গঢ়ি উঠিছে এখন ৱাটাৰ ষ্পোৰ্টচ পাৰ্ক। পানীৰ ওপৰত আৰু তলত খেল
ধেমালিৰ এখন বেলেগ জগত। ৱাটাৰ স্কুটাৰ, আণ্ডাৰ ৱাটাৰ ৱাকিং, স্কুবা ডাইভিং, ষ্পীড
বোটিং সকলো ব্ৰহ্মপুত্ৰৰ পানীতে হয়। কৃত্ৰিম ভাৱে পানীৰ গভীৰতা বৃদ্ধি কৰি
এইখিনিতে গঢ়ি তোলা হৈছে সাগৰ সদৃশ পৰিৱেশ। চলিহাই দেখিলে ৱাটাৰ স্পোৰ্টচ পাৰ্কৰ
পৰা জাকে জাকে ডেকা গাভৰু ওলাইছে, আন কিছুমান পাৰ্কত সোমাইছে। সেইখন পাৰ্কৰ ওচৰতে
আছে ব্ৰহ্মপুত্ৰ ফেণ্টাছী বীচ। সাগৰৰ তীৰৰ বালিচৰৰ দৰে ব্ৰহ্মপুত্ৰৰ বালিত গঢ়ি
উঠিছে এখন কৃত্ৰিম বীচ। লুইতৰ পানীত প্ৰতিবন্ধক দি গঢ়ি মেচিনৰ সহায়ত সাগৰৰ দৰে ঢৌ
সৃষ্টি কৰা হৈছে। মানুহে কণ কণ ল’ৰা ছোৱালী লৈ আহি কৃত্ৰিম বীচৰ সৌন্দৰ্য উপভোগ
কৰিছে।
সঁচাকৈয়ে তেওঁৰ
জীৱনকালতেই কিমান যে পৰিবৰ্তন হ’ল। কথাবোৰ ভাবিলে চলিহাৰ আচৰিত লাগি যায়।
চলিহাই উত্তৰ গুৱাহাটীৰ
অলকিয়ৰ ইণ্টাৰনেছনেল হস্পিটেললৈ প্ৰতি ছমাহৰ মূৰত এবাৰ আহিবলগীয়া হয়। তেওঁৰ দেহৰ
বয়সৰ কাৰণে পুৰণি, অকামিলা হৈ যোৱা কোষবোৰ সজ্জীৱিত কৰি ৰাখিবলৈ তেওঁ ‘চেল
ৰিভাইটেলাইজেচন থেৰাপি’ নামৰ এটা অত্যাধুনিক চিকিত্সা পদ্ধতিৰ সহায় লয়। এই থেৰাপি
লোৱাৰ ফলত তেওঁ নব্বৈ বছৰ বয়সতো তজবজীয়া হৈ আছে। এতিয়াও
তেওঁ টেনিছ খেলে, জিমলৈ যায় আৰু প্ৰয়োজন হ’লে দহ - এঘাৰ ঘণ্টা একেৰাহে কাম কৰিব
পাৰে।
নদীৰ পাৰে পাৰে থকা খহটা
টাইলচ খটোৱা ৰাষ্টাটোৰে চলিহা কিছুদূৰ খোজকাঢ়িলে। এঠাইত ৰৈ পাৰত থকা ৰেলিঙত ধৰি
থিয় হৈ ব্ৰহ্মপুত্ৰৰ বুকুৰ পৰা বৈ অহা বতাহ জাকৰ আমেজ লবলৈ চেষ্টা কৰিলে। বতাহজাকো
সলনি হোৱা নাই। তাহানিতে যিদৰে লুইতৰ পাৰৰ বতাহজাকে গা-মন শাঁত পেলাইছিল, আজি ইমান
বছৰ পিচতো যেন একেই অনুভৱ হ’ল চলিহাৰ। তেওঁৰ মনটো এক অবুজ আনন্দেৰে ভৰি পৰিল।
তেওঁৰ মনত পৰিল অলকানন্দাৰ কথা। তেওঁ জীয়াই থাকিলে হয়তো চলিহাৰ লগত তেৱোঁ
আহিলহেঁতেন। মানুহজনীলৈ মনত পৰিলে এতিয়াও তেওঁৰ দুচকু সেমেকি উঠে। এই সময়তহে তেওঁক
সান্নিধ্যৰ আৰু আদৰৰ প্ৰয়োজন আছিল।
হঠাতে এটা কঁপনিৰ লগতে
‘টিং টং’ শব্দ কৰি তেওঁৰ হাতঘড়ীটোৱে সংকেট দিলে যে কোনোবাই তেওঁৰ লগত কথা পাতিব
বিচাৰিছে। ঘড়ীটোৰ ডায়েলখনৰ এঠাইত টিপা মাৰি দিয়াৰ লগে লগে ঘড়ীটোত এখন মুখৰ ছবি
ভাঁহি আহিল।
“গ্ৰেণ্ড পা। তুমি নদীৰ পাৰত কিয় ঘূৰি ফুৰিছা। তুমি যি ঠাইত থিয়
হৈ আছা সেই ঠাইত আৰু পোন্ধৰ মিনিটমান পিছত ছাউথ ৱেষ্ট দিশৰ পৰা উইণ্ড ষ্পীড ঘণ্টাত
ফিফটি কিল’মিটাৰলৈ বৃদ্ধি পাব। ৰাতিলৈ ডাঙৰ ধুমুহা আহিব। বে’ অৱ বেংগলৰ পৰা ওৱান
টুৱেণ্টি কিল’মিটাৰ বেগত চাইক্ল’ন আহি আছে। তুমি সোনকালে গুচি আহা”।
সেয়া অংকিত। চলিহাৰ
নাতি। তেওঁ ক’ত আছে, কি কৰিছে সকলো তাৰ নখ দৰ্পনত। তেওঁ
যে নদীৰ পাৰত বেঞ্চ এখনত বহি লুইতৰ সৌন্দৰ্যত বিভোৰ হৈ আছে সেয়াও সি মণিটৰত দেখি
আছে। আজিৰ দিনত প্ৰযুক্তিয়ে মানুহৰ একো কথাই গোপনে থাকিবলৈ
নিদিয়ে।
“মই গৈ আছোঁ অংকিত। তুমি
চিন্তা নকৰিবা”। চলিহাই হাতঘড়ীটোত থকা ক্ষুদ্ৰ কেমেৰাটোলৈ চাই ক’লে।
“তুমি টিউবত গুচি আহা।
এতিয়া তুমি খোজকাঢ়ি গ’লে ফোৰ থাৰ্টিৰ নৰ্থ গুৱাহাটী - খানাপাৰা টিউবখন ধৰিব
পাৰিবা। সেইখন চুপাৰফাষ্ট। ভিৰ কম পাবা”। অংকিতে নিৰ্দেশ দিলে। তেওঁ আহোঁতে ষ্পীড
বোটত অহাৰ কথাটো সি গম পাইছে। এতিয়া বতৰ বেয়া হোৱাৰ আগজাননি পাই সি মাটিৰ তলেৰে
চলা টিউব ৰে’লত উভতিবলৈ ককাকক নিৰ্দেশ দিছে। তেওঁ পৰাপক্ষত মাটিৰ তলেৰে যাব
নিবিচাৰে। ব্ৰহ্মপুত্ৰ নদীখন চাই চাই পাৰ হ’বলৈ তেওঁ বেছি ভাল পায়।
চলিহাই অংকিতৰ কথামতে
লাহে লাহে টিউব ষ্টেচনৰ পিনে আগবাঢ়িল। মাটিৰ তললৈ সোমাই যোৱা খটখটি কেইটাৰে তেওঁ
তললৈ নামি গ’ল।
ষ্টেচনত স্বয়ংক্ৰিয়
মেচিনত তেওঁ টিকেট কাটিলে। তেওঁৰ চকুৰ ৰেটিনা পৰীক্ষা কৰি মেচিনটোৱে তেৱেঁই যে
সুকান্ত চলিহা সেয়া প্ৰত্যায়িত কৰিলে আৰু টিকেটখন মেচিনটোৰ সৰু বিন্ধা এটাৰে ওলাই
আহিল। টিকেটৰ দাম আপোনা আপুনি চলিহাৰ বেংকৰ একাউণ্টৰ পৰা ওলাই গ’ল।
তেওঁৰ ঘড়ীত চাৰি বাজিছে।
হাতত এতিয়াও আধা ঘণ্টা সময় আছে। তেওঁ প্লেটফৰ্মত থকা নিউজ হাব নামৰ বাতৰি গৃহটোত
কিছু সময় কটাবলৈ ঠিৰাং কৰিলে। ৰাতিপুৱাই ওলাই অহাৰ বাবে তেওঁৰ আজি দেশ বিদেশৰ
বাতৰি লোৱা হোৱাই নাই।
ঘূৰণীয়া বেৰেৰে আগুৰা,
খিৰিকী নথকা, এখন দুৱাৰৰ দীঘলীয়া ঘৰটোলৈ তেওঁ সোমাই গ’ল। ঘৰটোৰ ভিতৰত কেইবাটাও সৰু
সৰু কোঠালী। নিৰ্দিষ্ট মাচুল দি তাৰে এটা কোঠালীত তেওঁ প্ৰৱেশ কৰিলে।
কোঠালীটোৰ বেৰত সেই সময়ৰ
বিভিন্ন বাতৰিৰ শিৰোনাম জিলিকি আছে। নিজৰ পচন্দ অনুসৰি যিকোনো এটা বাতৰি
জিলিকি থকা ঠাইডোখৰ ষ্পৰ্শ কৰিলেই সেই বাতৰিটো টেলিভিছনত বাতৰি কোৱাৰ দৰে কাণত
লগাই লোৱা হেডফোনৰ ষ্পীকাৰত বাজিবলৈ ধৰে। লগতে সেই বাতৰিৰ লগত সংগতি থকা
ভিজুৱেলবোৰ বেৰখনত প্ৰদৰ্শিত হয়।
চলিহাই শেহতীয়াকৈ তোলপাৰ
লগোৱা বিজ্ঞান প্ৰযুক্তিৰ বাতৰি এটাত ষ্পৰ্শ কৰিলে।
লগে লগে তেওঁৰ হেডফোনৰ
ষ্পীকাৰত বাতৰিটো ঘোষকে ক’বলৈ ধৰিলে, “অসম জেনেটিক ৰিচাৰ্ছ চেণ্টাৰৰ শেহতীয়া
গৱেষণাৰ পৰা জানিব পৰা গৈছে যে মানুহৰ ডি এন এত পুঞ্জীভূত হৈ থকা সাংকেতিক তথ্যৰ
পৰা মানুহ এজনৰ অতীতৰ সকলো ঘটনা জানিব পৰাটো সোনকালেই সম্ভৱ হ’ব।
বৰ্তমান প্ৰাৰম্ভিক পৰ্যায়ত থকা এই গৱেষণা সফল হ’লে ইয়াৰ
দ্বাৰা মানুহ এজনৰ সমগ্ৰ জীৱন প্ৰক্ৰিয়া উদ্ধাৰ কৰিব পৰা হ’ব বুলি আশা কৰা হৈছে”।
বেৰত দেখুওৱা ভিজুৱেল
বোৰৰ মাজতে অংকিতৰ ফটো ওলাল। অংকিতে এই প্ৰজেক্টটোত এবছৰৰ পৰা ৰিছাৰ্ছ স্কলাৰ
হিচাপে জড়িত হৈ আছে। তাৰ এই বিষয়ৰ গৱেষণাৰ সফলতাৰ ওপৰত তাৰ ভৱিষ্যত বহু পৰিমাণে
নিৰ্ভৰ কৰিছে।
অংকিতৰ গৱেষণাৰ বিষয়টোৱে
ককাক সুদীপ্ত চলিহাকো ৰোমাঞ্চিত কৰি তোলে। তাৰ নাম চৰ্চালৈ আহিলে তেওঁ গৌৰৱবোধ
কৰে। সঁচাকৈয়ে যদি মানুহৰ জীৱনৰ সকলো ঘটনা কম্পিউটাৰৰ হাৰ্ড ডিস্কত থকাৰ দৰে
সংৰক্ষিত হৈ থাকিলহেতেন আৰু সেইবোৰ ইচ্ছা অনুসৰি আকৌ প্লে’ বেক কৰি চাব পৰা
হ’লহেতেন। সেয়া সম্ভৱ হ’লে জীৱনৰ পাহৰি যোৱা বহুতো ঘটনা হয়তো আকৌ মনৰ মাজলৈ উভতি
আহিলহেতেন।
অংকিতৰ গৱেষণাৰ খবৰটোৰ
পিছতে আন কেইটামান খবৰ ততাতৈয়াকৈ চাই তেওঁ ওলাই আহিল। ইতিমধ্যে নিৰ্দিষ্ট টিউবখন
অহাৰ সময় হৈছিল। প্লেটফৰ্মত মানুহৰ ভিৰ বাঢ়িছিল।
চলিহাই ভাবিলে, দিনবোৰ
কিমানযে সলনি হ’ল। তেওঁৰ মনত পৰে এসময়ত সময়তকৈ দেৰীকৈ চলা ৰে’ল ধৰিবলৈ তেওঁ ঘণ্টাৰ
পাছত ঘণ্টা প্লেটফৰ্মত ৰৈ থাকিবলগীয়া হৈছিল। অথচ আজিৰ সময়ত ৰে’ল অহা সময়টো এক
ছেকেণ্ডৰো ইফাল সিফাল নহয়। ঠিক চাৰি বাজি ঊনত্ৰিশ মিনিট যাওঁতে চলিহাই ৰৈ থকা
মেট্ৰ’ ৰে’লখনে ষ্টেছনত প্ৰৱেশ কৰিলে।
ৰে’লখন ৰোৱাৰ লগে লগে
দুৱাৰখন খুলিল। মানুহ কিছুমান নামিল। দুৱাৰদলিত থিয় হৈ থকা ইউনিফৰ্ম পৰিহিতা
ছোৱালীজনীয়ে যান্ত্ৰিক হাঁহি এটা মাৰি তেওঁক সম্ভাষণ জনালে। তেওঁৰ টিকেতটো চাই
তেত্ৰিছ নম্বৰ আসনত বহিবলৈ নিৰ্দেশ দিলে।
নিৰ্দিষ্ট আসনখনত চলিহা
বহিল। ৰে’লৰ ষ্পীকাৰত এটা যান্ত্ৰিক নাৰীকণ্ঠই ঘোষণা কৰিলে, “গুৱাহাটী মেট্ৰ’ৰেল
সেৱালৈ আপোনাক স্বাগতম। খানাপাৰা অভিমুখে যাবলগীয়া নৰ্থ গুৱাহাটী - খানাপাৰা
চুপাৰফাষ্ট মেট্ৰ’খন ঠিক চাৰে চাৰিবজাত যাত্ৰা আৰম্ভ কৰিব”। অকণমান সময় পিচতে তীব্ৰ
বেগত ব্ৰহ্মপুত্ৰৰ তলেৰে ৰে’লখন চলিবলৈ ধৰিলে।
ৰে’লত ভ্ৰমণ কৰিলে চলিহাই সহযাত্ৰীৰ লগত কথা-বতৰা পাতি যাবলৈ
ভাল পায়। কিন্তু আজিৰ সময়ত মানুহৰ কথা-বতৰাৰ বাবে সময় ক’ত। ৰে’ল বাছত ভ্ৰমণ কৰা
সময়খিনিতো মানুহে নিজৰ পৃথিৱীতে ব্যস্ত হৈ থাকে।
চলিহাৰ কাষৰ আসনত গাভৰু
ছোৱালী এজনী বহিছে। তাই নিজৰ মোবাইল ফোনটোত কিবা কিবি কৰি আছে। চলিহাৰ চকুত পৰিল,
তাই জেনেটিক ইঞ্জিনিয়াৰিঙৰ বিষয়ে এজন বিখ্যাত জাৰ্মান বিজ্ঞানীৰ লেখাএটা মোবাইলত
পঢ়ি আছে। তেওঁৰ ছোৱালীজনীৰ বিষয়ে জানিবলৈ মন গ’ল। তেওঁ নিজেও এই বিষয়তে গৱেষণা
কৰিছিল।
“এক্সকিউজ মি। তুমি
জেনেটিক ইঞ্জিনিয়াৰিঙৰ প্ৰতি আগ্ৰহী নেকি”? চলিহাই সুধিলে।
ছোৱালীজনীয়ে মূৰ তুলি
তেওঁলৈ চালে। “হয়, মই এজনী ৰিছাৰ্চ স্কলাৰ। আছাম জেনেটিক ৰিছাৰ্চ চেণ্টাৰত এই
বিষয়ত গৱেষণা কৰি আছোঁ”।
“হয় নেকি? মোৰ নাতিটোৱেও
তাতেই ৰিছাৰ্ছ স্কলাৰ হিচাপে কাম কৰি আছে”, চলিহাই তাইৰ পিনে চাই হাঁহি মাৰি ক’লে।
“আপুনি অংকিতৰ গ্ৰেণ্ড
পা নহয় জানো”? হঠাতে ছোৱালীজনীয়ে চলিহালৈ চাই সুধিলে।
“হয়, তুমি কোন? মোক
কেনেকৈ চিনি পালা”? চলিহাই হাঁহি মাৰি ছোৱালীজনীলৈ চালে।
“মই আপোনাৰ ফটো অংকিতৰ
ফ্ৰেণ্ডছবুকত দেখিছোঁ। মোৰ নাম নিকিতা। মই অংকিতৰ লগত একেলগে ৰিছাৰ্ছ স্কলাৰ
হিচাপে কাম কৰি আছোঁ”।
চলিহাই ছোৱালীজনীলৈ
ভালদৰে চালে। ছোৱালীজনী দেখিবলৈ ধুনীয়া, মৰমলগা। ওখ পাখ, নাক দীঘল ছোৱালীজনী সুগঢ়ী। ওঁঠত ডাঠকৈ লিপষ্টিক লগাই আহিছে।
“মই তোমাক লগ পোৱাৰ কথা
অংকিতক ক’ম। তুমি ক’ত থাকা”। চলিহাই সুধিলে।
“মই আৰু মোৰ লগৰ দুজনী
মালিগাঁওত এপাৰ্টমেণ্ট এটা ছেয়াৰ কৰি থাকোঁ। লগৰ কেইজনীও ৰিছাৰ্চ স্কলাৰ”।
“তোমালোকে গৱেষণাৰ বাবে
আগ্ৰহী হোৱা কাৰণে খুব ভাল পাইছোঁ । মই নিজেও বহু বছৰ গৱেষণা কৰিছিলোঁ। নতুন নতুন
বস্তু আৱিষ্কাৰ কৰাৰ আমেজেই বেলেগ”। নিজৰ কথাত নিজেই ৰস পাই চলিহাই হাঁহিলে।
“আমি এতিয়াও শিকিয়েই
আছোঁ। মই অংকিতৰ লগতে প্ৰজেক্ট এটাত জৰিত হৈ আছোঁ। অৱশ্যে মোতকৈ অংকিত বহুত চোকা।
সিয়েই সকলো কৰে। মই সহায়হে কৰোঁ”।
“খুব ভাল কথা। মই অংকিতক
ক’ম তোমাক লগ পোৱাৰ কথা। আমি বেলতলাত থাকোঁ। কেতিয়াবা আমাৰ ঘৰলৈ আহিবা”।
ছোৱালীজনীয়ে লাজুকীয়া চাৱনিৰে
হাঁহি এটা মাৰিলে।
“আপোনাক মই গ্ৰেণ্ড পা
বুলি মাতিব পাৰোঁনে”?
ছোৱালীজনীৰ কথাত চলিহাৰ
তাইলৈ বৰ মৰম লাগি গ’ল।
“নিশ্চয় পাৰা। তুমি
অংকিতৰ লগত কাম কৰিছা। তুমি গ্ৰেণ্ড পা বুলিয়েই মাতিবা”। চলিহাই হাঁহিলে।
“গ্ৰেণ্ড পা, অংকিত খুব
ছিৰিয়াছ। তাৰ লগত কথা পাতিবলৈ ভয়েই লাগে”, অংকিতৰ কথা তেনেকৈ কৈ নিকিতাই লাজ পালে।
“হে: হে:, সি দেউতাকৰ
স্বভাৱ পাইছে বুজিছা। তাৰ দেউতাকো এজন বিজ্ঞানী আছিল। মই তাক কৈয়েই থাকোঁ, কেৱল
গৱেষণাই জীৱন নহয়। বন্ধু বান্ধবীৰ লগত ফূৰ্তি তামাছাও কৰিব লাগে।
“কেইদিনমান আগতে তাৰ
বাৰ্থ ডে’ হৈ গ’ল। বাৰ্থ ডে’ ট্ৰীটো নিদিলে”। অভিযোগৰ
সুৰত নিকিতাই ক’লে।
চলিহাৰ হুমুনিয়াহ ওলাই
আহিল। অংকিতে জন্মদিন পালন নকৰে। সেই কথা তেওঁ জানে। সি কিয় জন্মদিন পালন নকৰে সেই
কথা হয়তো সি তাৰ বন্ধু বান্ধৱক কেতিয়াও কোৱা নাই। কথাটো ভাবিলে এতিয়াও তেওঁৰ
বুকুখন বিষাই যায়।
“এদিন মই তোমালোক সকলোকে
মাতিম আমাৰ ঘৰলৈ। মই পাৰ্টী দিম। আহিবা”। চলিহাই
নিকিতালৈ চাই ক’লে।
নিকিতাই লাজ লাজকৈ
হাঁহিলে।
ৰে’লখন ইতিমধ্যে
ব্ৰহ্মপুত্ৰৰ তলেৰে পাৰ হৈ আহি আহি মালিগাওঁ ষ্টেছন পাবলৈ হৈছিল।
যান্ত্ৰিক কণ্ঠটোৱে ঘোষণা কৰিছিল, “মালিগাঁৱত নামিবলগীয়া
যাত্ৰীসকল সাজু হওক। ৰে’লখন ষ্টেচনত মাত্ৰ ত্ৰিশ ছেকেণ্ড ৰ’ব”।
“গ্ৰেণ্ড পা, মোৰ
এপাৰ্টমেণ্ট ষ্টেচনৰ পৰা ওচৰতে। কেতিয়াবা আহিব। আপোনাক
লগ পাই বৰ ভাল লাগিল”। চলিহাক মাত লগাই নিকিতাই নামি গ’ল।
চলিহাই কিছু সময় নামি
যোৱা ছোৱালীজনীলৈ চাই ৰ’ল। কিয় জানো তেওঁৰ এনে লাগিল, গীতিয়ে তাইক লগ পাই বৰ ভাল
পালেহেঁতেন।
ৰে’লৰ ষ্পীকাৰত
যান্ত্ৰিক কণ্ঠটো আকৌ বাজি উঠিল, “পৰৱৰ্তী ষ্টেচন ভৰলুমুখ। দৰ্জা
বাওঁপিনে খুলিব”। চলিহাই তেওঁৰ হাতঘড়ীটোৰ বুটাম এটা
টিপি চাই ল’লে, বেলতলা পাবলৈ আৰু আধা ঘণ্টামান লাগিব।
Comments
Post a Comment