খণ্ড ৬৮



ডক্তৰ ভানুমতীয়ে সংযোগ বিচ্ছিন্ন কৰাৰ পাছত মাইকেলে কিছু সময় নিজৰ মেজতে তভক মাৰি ৰ’ল। তেওঁৰ এতিয়াও মনত আছে, দুফালে দুডাল বেণী গাঁথি ভাৰতৰ পৰা নাছাত গৱেষণা কৰিবলৈ অহা সেই ক্ষীণ মীণ সুগঢ়ী ছোৱালীজনীৰ কথা। তেতিয়া তেওঁ নাছাত প্ৰশাসন বিভাগৰ কনিষ্ঠ বিষয়া আছিল। প্ৰথম দৰ্শনতে তেওঁৰ তাইক ভাল লাগিছিল। তেওঁলোকৰ প্ৰেম হৈছিল আৰু সেই প্ৰেমৰ পৰিণতিত এদিন ভানুমতীয়ে তেওঁৰ এটা কোঠাৰ এপাৰ্টমেণ্ট এৰি মাইকেলৰ দুটা কোঠাৰ এপাৰ্টমেণ্টলৈ থাকিবলৈ আহিছিল।
মাইকেল আৰু ভানুমতীয়ে বেছ কিছুবছৰ স্বামী স্ত্ৰী হিচাপে থাকিলকিন্তু তেওঁলোকৰ মাজলৈ কোনো সন্তান নাহিল। দুয়ো নিজৰ নিজৰ কামত সাংঘাতিকভাৱে ব্যস্ত থাকিবলগীয়া হোৱা কাৰণে তেওঁলোকৰ পাৰিবাৰিক জগতখনত লাহে লাহে তিক্ততা আহিল। সন্তান নোহোৱাৰ কাৰণে মাইকেলে হতাশাত ভূগিবলৈ ল’লে আৰু অত্যাধিক মদ্যপান কৰিবলৈ আৰম্ভ কৰিলে। ভানুমতীয়ে মাইকেলক প্ৰথমতে অত্যাধিক মদ্যপান কৰিবলৈ বাধা দিছিল যদিও এই কথাটোক লৈ দুয়োৰে মাজত সদায় কন্দল হ’বলৈ ধৰিলে। মাইকেলে ভানুমতীক সন্তান জন্ম দিবলৈ ক্ষমতা নোহোৱা মাইকী বুলি তাচ্ছিল্য কৰিবলৈ তাইৰ সন্মুখতে আন ছোৱালীৰ লগত হলি গলি কৰিবলৈ ল’লে। ভানুমতীয়ে সংসাৰখন বচোৱাৰ শেষ চেষ্টা কৰি সন্তান এটা তুলি লোৱাৰ কথাও কৈ চাইছিল। কিন্তু মাইকেলে তাইৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰিলে। শেষত উপায়ন্তৰ হৈ তাই উকীলৰ লগত কথা পাতি মাইকেললৈ বিবাহ বিচ্ছেদৰ ন’টিছ প্ৰেৰণ কৰিলে।
সোনকালেই মাইকেল আৰু ভানুমতীৰ বিবাহ বিচ্ছেদ হৈ গ’ল। ভানুমতীয়ে ছিকাগ’ বিশ্ববিদ্যালয়ত ডক্তৰেট কৰিবলৈ সুবিধা এটা পাই নাছাৰ চাকৰি এৰি হিউষ্টনৰ পৰা ছিকাগ’লৈ গ’ল। ছিকাগ’ত ভানুমতীয়ে নিজৰ পঢ়া শুনা গৱেষণা কৰাৰ উপৰিও অনাথালয় এখনৰ পৰা সন্তান এটা তুলি লৈ ছিংগল মাদাৰৰ ভূমিকাত অৱতীৰ্ণ হ’ল। ইপিনে মাইকেলে পুনৰ বিবাহ কৰিলে। কিন্তু দ্বিতীয় বিবাহৰ পাছতো মাইকেলৰ সন্তানৰ আশা পূৰণ নহ’ল। এসময়ত নিজৰ অহমিকাৰ কাৰণে ডাক্তৰৰ ওচৰলৈ যাবলৈ সন্মত নোহোৱা মাইকেলক চিকিত্সালয় একনত পৰীক্ষা নিৰীক্ষা কৰি ডাক্তৰে জনাই দিলে যে তাৰ ষ্পাৰ্ম কাউণ্ট খুব কম। তেনে অৱস্থাত সি কেতিয়াও স্বাভাৱিকভাৱে পিতৃ হ’ব নোৱাৰে। নিজৰ অক্ষমতাৰ কথা জানিব পাৰি মাইকেল আকৈ হতাশাৰ সাগৰত ডুব গ’ল। তাৰ দ্বিতীয় বিবাহো বেছি দিন নিটিকিল। দ্বিতীয়বাৰ বিবাহ বিচ্ছেদ হোৱাৰ পাছত মাইকেলে তাৰ জীৱনত ভানুমতীৰ অভাৱ অনুভৱ কৰিবলৈ ধৰিলে। সি তাইক তুলি লোৱা সন্তানটোৰে সৈতে আকৌ তাৰ জীৱনলৈ আহিবলৈ অনুৰোধ কৰিলে। কিন্তু ভানুমতীয়ে তাৰ অনুৰোধ প্ৰত্যাখ্যান কৰিলে। তাই তাক ষ্পষ্ট ভাষাত জনাই দিলে, তাইৰ জীৱনত আৰু কোনো পুৰুষৰ প্ৰয়োজন নাই। তুলি লোৱা জীয়ৰী আৰ্মাণ্ডাৰ লগত তাই সুখী।
এই সকলোবোৰ কথা চিনেমাৰ দৃশ্যৰ দৰে আকৌ এবাৰ মাইকেলৰ মনৰ মাজেদি পাৰ হৈ গ’ল। বহু বছৰ পাৰ হৈ গ’ল। ভানুমতীয়ে এতিয়াও নাছাৰ কাৰণে নতুন প্ৰতিভাৰ সন্ধানত সহায় কৰি আছে যদিও তাই  নাছাৰ নিযুক্তি বিভাগৰ মুৰব্বী মাইকেল ব্ৰেভোৰ লগত অফিছিয়েল সম্পৰ্কৰ বাহিৰে আন কোনো সম্পৰ্ক ৰাখিবলৈ সন্মত নহয়। মাজে মাজে মনত পৰিলে মাইকেলে ভানুমতীৰ খবৰ লয়, তাইৰ সান্নিধ্য বিচাৰে। কিন্তু তাই প্ৰতিবাৰেই তাক সঁকীয়াই দিয়ে, তাইৰ ব্যক্তিগত জীৱনত তাৰ আৰু কোনো অধিকাৰ নাই।
কথাবোৰ ভাবি ভাবি কিমান সময় পাৰ হৈ গ’ল, মাইকেলে তৰ্কিবই নোৱাৰিলে। তাৰ আৰু কাম কৰিবলৈ মন নোযোৱা হ’ল। উদং ঘৰখনত সোমাই টেলিছিছনৰ সন্মুখত বহি সুৰাপান কৰাৰ বাহিৰে সন্ধিয়াটো কটাবলৈ আন কোনো উপায়ো নাই। ঘৰখনৰ শূণ্যতাই তাক গ্ৰাস কৰি বাৰে বাৰে হতাশাৰ মাজলৈ ঠেলি দিয়ে কাৰণে সি অফিছতে বেছি সময় কটাই ভাল পায়।
হঠাতে তাৰ মন গ’ল ভানুমতীৰ প্ৰফাইলটো আকৌ এবাৰ চাবলৈ। ভানুমতী আয়েংগাৰৰ লগত অংকিত আয়ংগাৰৰ কিবা সম্পৰ্ক আছে নেকি, এই প্ৰশ্নটোৱে তাৰ মনটো আকৌ জোকাৰি গ’ল। সি কম্পিউটাৰৰ পুৰণি ডেটা বেংক খুচৰি খুচৰি আৱিষ্কাৰ কৰিলে, ভানুমতীয়ে নাছাত যোগদান কৰাৰ সময়তহে ভানুমতী আয়েংগাৰ নামটো ব্যৱহাৰ কৰিছিল। ভাৰতৰ পৰা আমেৰিকালৈ অহাৰ আগে আগে তাই আইনী প্ৰক্ৰিয়াৰে নাম সলনি কৰি নতুন নামেৰে পাছপোৰ্ট কৰিছিল। মাইকেলৰ মনলৈ প্ৰশ্ন আহিল, কিন্তু কিয়? কিয় ভানুমতীয়ে নাম সলনি কৰি নাছাত যোগদান কৰিছিল?

Comments

Popular posts from this blog

খণ্ড ১