খণ্ড ৭২
ড্ৰাইভাৰক ৰৈ থাকিবলৈ কৈ দুয়ো কেবল কাৰত বহি ৰোপ
ৱেৰে নীলাচল হিলটপলৈ ৰাওনা হ’ল। উঠি গৈ থাকোঁতে ক্ৰমে উদ্ভাসিত হৈ অহা ৰাতিৰ ৰূপহী
গুৱাহাটীখনলৈ চকু ফুৰাই অংকিতৰ বৰ ভাল লাগিল। ককাকে তাক সদায় চৌপাশৰ পৃথিৱীখনলৈ
চকু ফুৰাবলৈ উপদেশ দিয়ে। সি অনুভৱ কৰিলে কিতাপ আৰু গৱেষণাৰ মাজত ডুব গৈ থাকি সি
বাস্তৱ জীৱনৰ কিছুমান অনুভৱৰ পৰা সদায় বঞ্চিত হৈ থাকিল।
“অংকিত এইদৰে কেবল কাৰত বহি যদি চন্দ্ৰলৈ যাব পৰা
হ’লহেঁতেন”, নিকিতাৰ কথা শুনি অংকিতে হাঁহিলে। “তুমি ঠিকেই ভাবিছা। চন্দ্ৰত মানুহৰ
কলনি স্থাপন হ’লে সুচল পৰিবহনৰ কাৰণে কেবল কাৰৰ দৰে ব্যৱস্থা পৃথিৱী আৰু চন্দ্ৰৰ
মাজতো গঢ়ি উঠিব পাৰে। বিজ্ঞানীসকলে এই দিশত চিন্তা চৰ্চা কৰিছেই”।
“সঁচানে”? নিকিতাৰ ৰং লাগিল। তাই ভবা কথাটো
বিজ্ঞানীয়েও চিন্তা কৰিছে। কিন্তু সেয়া কেনেকৈ সম্ভৱ হ’ব? মানুহে চন্দ্ৰলৈ গৈ কলনি
স্থাপন কৰাটোও তাই অসম্ভৱ বুলিয়েই ভাবি আছিল। হয়তো বিজ্ঞানে সকলো অসম্ভৱকেই এদিন
সম্ভৱ কৰি তুলিব।
“চন্দ্ৰত তোমালোকে পৃথিৱীৰ মানুহৰ দৰে ফুৰা চকা
কৰিব পাৰিবানে”? হঠাতে নিকিতাই অংকিতলৈ চাই সুধিলে।
“চন্দ্ৰপৃষ্ঠত ফুৰা চকা কৰিবলৈ মহাকাশচাৰীয়ে
পিন্ধা পোছাক পিন্ধি ল’ব লাগিব। চন্দ্ৰত বায়ুমণ্ডল নাই কাৰণে মহাজাগতিক ৰশ্মি বৰ
প্ৰবল। তদুপৰি তাত উল্কাৰ বৰষুণ হয়। মানুহে তাত ফুৰা চকা কৰাটো নিৰাপদ নহয়”।
“তেনেহ’লে মানুহে তাত কেনেকৈ থাকেগৈ”? সৰু
ছোৱালীৰ দৰে নিকিতাই সুধিলে।
“চন্দ্ৰপৃষ্ঠৰ মাটিৰ তলত মানুহে বাসস্থান নিৰ্মাণ
কৰিছে। মাটিৰ তলত থকা কাৰণে উল্কা আৰু মহাজাগতিক ৰশ্মিয়ে একো ক্ষতি কৰিব নোৱাৰে।
মাটিৰ তলতে মানুহৰ কাৰণে উপযোগী হোৱাকৈ কৃত্ৰিম বায়ুমণ্ডলো তৈয়াৰ কৰি লৈছে। সেইদৰে
মাটিৰ তলত কৃত্ৰিমভাৱে মাধ্যাকৰ্ষণৰ সৃষ্টি কৰা হৈছে। মুঠতে মাটিৰ তলত থকা ঘৰবোৰত
থাকিলে থাকিলে মানুহে প্ৰায় পৃথিৱীত থকাৰ দৰেই অনুভৱ কৰে”। অংকিতে বুজাই দিলে।
“সেইবোৰ চলাই ৰাখিবলৈতো বহুত
ইলেক্ট্ৰিক পাৱাৰৰ প্ৰয়োজন হয়। পাৱাৰ ক’ৰ পৰা পাইছে”?
“চন্দ্ৰপৃষ্ঠতে ছ’লাৰ পাৱাৰ উত্পাদন কৰা হৈছে।
চন্দ্ৰৰ মেৰু অঞ্চলত সদায় দিন হৈ থাকে, কেতিয়াও ৰাতি নহয়। এইবোৰত বিশাল বিশাল
ছ’লাৰ পেনেল বহুওৱা হৈছে। এই পেনেল বোৰৰ পৰা ছ’লাৰ পাৱাৰ চন্দ্ৰপৃষ্ঠত থকা সকলো
লেবৰেটৰী আৰু হাউছিং কমপ্লেক্সত ব্যৱহাৰ কৰা হয়। তাত উত্পাদন হোৱা ইলেকট্ৰিক পাৱাৰ
এতিয়া পৃথিৱীলৈ সৰবৰাহ কৰাৰ কাৰণে গুনা গঁথা চলিছে। সেয়া সম্ভৱ হ’লে পৃথিৱীত
পাৱাৰৰ সমস্যা চিৰদিনলৈ সমাধান হ’ব”।
নিকিতাই আকাশৰ জোনটোলৈ চাই পঠিয়ালে। কিমানযে ৰহস্য লুকাই আছে
জোনটোৰ বুকুত। তাইৰো মন যায় জোনটোৰ বুকুত কিনো আছে চাই আহিবলৈ।
কেবল কাৰখন প্ৰথম ষ্টপেজত ৰ’ল। কামাখ্যা মন্দিৰ।
“ব’লা মন্দিৰ দৰ্শন কৰি আহোঁ”, অংকিতে ক’লে। “মন্দিৰলৈ গ’লে বহুত সময় লাগিব।
এতিয়াও কিজানি মন্দিৰত সোমাবলৈ দীঘল লাইন লাগি আছে”। নিকিতাই চিন্তা কৰিলে।
অংকিতে সময়তো চালে। নিশা বাৰটা বাজি গৈছে। এতিয়াও
মন্দিৰত ভক্তৰ ভিৰ। কিছুমান মানুহ কেবল কাৰৰ পৰা নামি মন্দিৰৰ পিনে গ’ল। আৰু এজাক
মানুহ নামি যাবলৈ কেবল কাৰৰ কাৰণে ৰৈ আছে। এতিয়া মন্দিৰলৈ গ’লে ৰাতি পুৱাই যাব।
দুয়ো ঠিৰাং কৰিলে নীলাচল হিলটপ ষ্টপেজতহে দুয়ো নামিব। অলপ পাছতে কেবল কাৰে আকৌ
যাত্ৰা আৰম্ভ কৰিলে।
নীলাচল হিলটপত নমাৰ লগে লগে অংকিতৰ ফোনটো বাজিল।
মাকৰ ফোন। সি গৈ নোপোৱা কাৰণে মাকে চিন্তা কৰিছে। সি মাকক বুজাই ক’লে, “নীলাচল
হিলটপলৈ আহিবলৈ মন গ’ল। নিকিতাৰ লগতে আহি গ’লোঁ। ইয়াতে ডিনাৰ কৰি সোনকালেই গৈ
আছোঁ”।
“তোমাৰ ককাই ঠিকেই কৈছে, তুমি কামাখ্যা মন্দিৰৰ
ওচৰে পাজৰে আছা। গুৱাহাটীত নমাৰ পৰা তেওঁ তোমাৰ ট্ৰেকিং কৰি আছে। নিকিতাক কাইলৈ
লান্সত ঘৰলৈ লৈ আনিবা। তোমাৰ ককায়ো তাইৰ কথা কৈ থাকে”। মাকে ক’লে।
অংকিতৰ পৰা মাকে কোৱা কথাখিনি শুনি নিকিতাৰ মনৰ
মাজেৰে এটা শিহঁৰণ পাৰ হৈ গ’ল। অংকিতৰ মাকৰ তেনে এষাৰ কথালৈকেই যেন তাই বাট চাই
আছিল।
নিকিতাই থৰ হৈ ৰৈ যোৱা দেখি অংকিতে ক’লে, “ব’লা
নিকিতা। সৌখন মুনলাইট। তাৰ পৰা ব্ৰহ্মপুত্ৰৰে সৈতে গুৱাহাটীৰ নৈৰ পাৰৰ অঞ্চলৰ
ধুনীয়া ভিউ পোৱা যায়। তাতেই বহোঁগৈ”।
ভুৱনেশ্বৰী মন্দিৰৰ নাতি দূৰত থকা মুনলাইট নামৰ
ৰেষ্টোৰাঁকনত দুয়ো বহিলগৈ। নিকিতাৰ মনত তেতিয়া নানা বৰণীয়া বাবে অগা দেৱা কৰিছে।
Comments
Post a Comment