খণ্ড ৭০



গুৱাহাটী আন্তৰ্জাতিক বিমান বন্দৰত নিৰপত্তাজনিত কাৰণত কিছু সময়ৰ বাবে এঘাৰটা ৰাণৱে’ৰ আটাইকেইটাই বন্ধ কৰি দিয়া হৈছে। লুফটহান্সাৰ বিমান এখনত বোমা থকা বুলি এয়াৰলাইন্সৰ অফিছলৈ ফোন অহাৰ পাছত উগ্ৰপন্থীৰ আক্ৰমণৰ সন্দেহত আৰক্ষীয়ে বিমান বন্দৰটোত তালাচী চলাইছে। ভাৰতৰ অন্যতম ব্যস্ত গুৱাহাটী বিমান বন্দৰত থকা ৰাণৱে' সমূহ বন্ধ কৰি দিলে যাত্ৰীসকলৰ মাজত হুৱাদুৱা লাগে।

উত্তৰ পূৰ্বাঞ্চলৰ কিছুমান ঠাইত এতিয়াও উগ্ৰপন্থীৰ তত্পৰতা চলি আছে।ছিংগাপুৰ এয়াৰলাইন্স, এয়াৰ চাইনা আৰু থাই এয়াৰলাইন্সৰ তিনিখন বিমানে অৱতৰণ কৰিব নোৱাৰি কিছু সময় আকাশমাৰ্গত ঘূৰি থাকিবলগীয়া হ’ল। থাই এয়াৰলাইন্সৰ বিমানখনত আছে অংকিত আৰু নিকিতা।

যাত্ৰাৰ শেষত উপনীত হৈ নিকিতাৰ মনটো কিবা এটা ভাল লগা নাই। বিমানত বহি থাকোঁতে তাই প্ৰায় নিৰৱেই আছে। অংকিতে কিতাপ এখন পঢ়ি আহিছে। পাইলটে ঘোষণা কৰিছে, "নিৰাপত্তাজনিত কাৰণত আমাৰ বিমানখন্ত গুৱাহাটীত অৱতৰণ কৰিব পৰা নাই। যাত্ৰীসকলক ধৈৰ্য ধৰিবলৈ অনুৰোধ কৰিলোঁ"। বেছিভাগ যাত্ৰীয়ে ইচ আচ কৰিছে। বিমানখন অৱতৰণ কৰিব নোৱৰাৰ কাৰণে চিন্তিত হৈছে।

নিকিতাই ভাবিছে, বিমানখন সোনকালে অৱতৰণ নকৰক। যাত্ৰাটো যেন আৰু অলপ দীঘলীয়া হওক।

অংকিত, আমাৰ যাত্ৰা শেষ হ’বলৈ হ’ল। তোমাৰো নতুন ঠাইলৈ যাবলৈ হ’বই”? হঠাতে নিকিতাইঅংকিতলৈ চাই ক'লে। সি তেতিয়া খিৰিকীৰে তলৰ আলোক সজ্জিত গুৱাহাটীখনলৈ চাই আছে।

সঁচাকৈয়ে মই ভবাই নাছিলোঁ জীৱনলৈ এইদৰে এই টাৰ্ণিং পইণ্ট আহিব বুলি”। কিতাপৰ পৰা মূৰ তুলি অংকিতেনিকিতালৈ চাই ক’লে।

তাই মিচিকিয়া হাঁহি মাৰিলে। মনটো তাইৰ ভাল লাগি থকা নাই। তায়ো বাহিৰলৈ চাই পঠিয়ালে। তলত নিশাৰ গুৱাহাটী। সেইখন চহৰৰে এটা সৰু কোঠাত তাইৰ এখন বেলেগ পৃথিৱী আছে। তাইৰ এনে লাগিল, অংকিতৰ পৃথিৱীখন তাইৰ পৰা পৃথক। সেইখন পৄথিৱীত তাই থাকিব নোৱাৰে। সেই পৃথিৱীৰ পৰা তাই লাহে লাহে এতিয়া তাইৰ নিজৰ পৃথিৱীখনত অৱৰতণ কৰিবলৈ ওলাইছে।

এঘণ্টাদেৰীকৈ বিমানখনে অৱতৰণ কৰিলে। দুয়োকে নিবলৈ অফিছৰ পৰা গাড়ী আহিল। লাগেজ কালেক্ট কৰি দুয়ো গাড়ীত বহিল। ফোন সক্ৰিয় কৰাৰ পাছত অংকিতে দেখিলে বিমানত থকা সময়ত এমিলিয়ে কেইবাবাৰো ফোন কৰিছে। সি তাইলৈ ফোন লগালে। তাই তেতিয়া হিউষ্টনত নাছাৰ অফিছত বহি আছে।

অংকিত, তোমাৰ টিকেট আৰু ভিছা হৈ গৈছে। মই মেইলত টিকেট আৰু ভিছাৰ সবিশেষ পঠিয়াই দিছোঁ। তুমি পৰহিলৈ গুৱাহাটীৰ পৰা ব্ৰিটিছ এয়াৰৱেইজৰ দিল্লী আৰু লণ্ডন হৈ হিউষ্টনলৈ অহা বিমানত যাত্ৰা আৰম্ভ কৰিবা। লুনাৰলেবেৰেটৰীতইমাৰজেন্সি হৈছে। আমি পৰিকল্পনা কৰাতকৈ সোনকালে তালৈ যাব লাগিব”।এমিলিয়ে খৰধৰকৈ ক’লে।

কিন্তু এমিলি, মই ভাবিছিলোঁ মোৰ হাতত অন্তত: এসপ্তাহ সময় আছে
তুমিও দুদিনমানৰ কাৰণে অসমলৈ আহিম বুলি কৈছিলা। ইমান সোনকালে যাবলগীয়া হ’ব বুলি মই ভবাই নাছিলোঁ”, অংকিতে বিৰক্তি প্ৰকাশ কৰিলে।

তোমাক মেইলত সকলো কথা জনোৱা হৈছে। অসমলৈ যাবলৈ মোৰো মন আছিল। পাছলৈ কেতিয়াবা যাম। খুব দৰকাৰ হোৱা কাৰণেহে আমি চন্দ্ৰপৃষ্ঠলৈ অতি সোনকালে যাত্ৰা কৰিব লাগিব। তালৈ যোৱাৰ আগতে তোমাৰ প্ৰশিক্ষণো ল’বলগীয়া আছে। সেইকাৰণে সময় অপব্যয় নকৰি তুমি সোনকালেই নাছালৈ আহা”, এমিলিয়ে নিৰ্দেশৰ সুৰত ক’লে।

এমিলিৰ পাছত ভানুমতীয়েও অংকিতলৈ ফোন কৰিলে। “অংকিত, মই বুজি পাইছোঁ, তুমি দীঘলীয়া সময়ৰ কাৰণে অহাৰ আগতে পৰিয়ালৰ লগত কিছু সময় কটাব খুজিছা। কিন্তু এতিয়া অতি সোনকালে চন্দ্ৰলৈ অতিৰিক্ত বিজ্ঞানী পঠিওৱাটো প্ৰয়োজনীয় হৈ পৰিছে। এমিলিয়ে তোমাকো লগতে লৈ যোৱাৰ কথা কৈ আছে। তাই তোমাক তাত অসুবিধা নোপোৱাকৈ থাকিবলৈ সহায় কৰি দিব। তুমি কোনো চিন্তা কৰিব নালাগে। তুমি যোৱাৰ আগতে দহ দিনৰ ছুটি প্ৰশিক্ষণ এটা ল’ব লাগিব। সেইকাৰণে তোমাক আমি সোনকালে আহিবলৈ অনুৰোধ কৰিছোঁ”।

দুয়োৰে লগত ফোনত কথা পতাৰ পাছত অংকিতেনিকিতালৈ চাই ক’লে, “মই সোনকালেই যাব লাগিব নিকিতা। কাইলৈৰ ভিতৰত আমাৰ গৱেষণাৰ সকলো কাগজ পত্ৰ, ডিজিটেল কপি, এক্সপেৰিমেণ্টৰ ৰিজাল্ট আৰু এনালাইছিছবোৰ আমি দুয়ো মিলি সাজু কৰিব লাগিব”।

নিকিতাই মুৰ দুপিয়ালে। এইখিনি কাম তাই কৰিবলৈ ভালেই পাব। হঠাতে এবুকু আবেগ যেন তাইৰ ডিঙিলৈ উজাই আহিল। তাই তাৰ হাতৰ ওপৰত হাতখন থ’লে। “তালৈ যোৱাৰ পাছত তোমাৰ মোলৈ মনত পৰিবনে”? সজল চকুৰে তাই তাৰ চকুলৈ চালে।

মই তোমাৰ লগত সংযোগ ৰাখিম নিকিতা। মইতো তোমাক লগত নিবলৈকে খুজিছিলোঁ। আশা কৰিছোঁ, পাছলৈ তুমিও নাছাত কাম কৰিবলৈ সুবিধা পাবা। তাত থাকিলেও মাজে মাজে তোমাৰ সহায় বিচাৰিম”, তাইৰ হাতখনৰ ওপৰত হাত এখন থৈ সি ক’লে। তাইৰ দুচকুৰেদুটোপাল চকুলো ওলাই আহিল।

Comments

Popular posts from this blog

খণ্ড ১