খণ্ড ৬৭


আমেৰিকাৰ হিউষ্টন চহৰত থকা নাছাৰ জনছন ষ্পেছ চেণ্টাৰত নতুন গৱেষক নিযুক্তিৰ দ্বায়িত্বত থকা মুৰব্বী বিষয়া মাইকেল ব্ৰেভোৱে বিভিন্ন দেশৰ পৰা নিৰ্বাচন কৰি অনা নতুন গৱেষক সকলৰ নামৰ তালিকাখনত চকু ফুৰাইছে। কম্পিউটাৰ ষ্ক্ৰীনত প্ৰতিজন নতুন গৱেষকৰ বিষয়ে, তেওঁলোকৰ যোগ্যতাৰ বিষয়ে তেওঁ চাই গৈছে। তেওঁ মাজে মাজে সন্তুষ্টিৰ হাঁহি মাৰিছে আৰু মাজে মাজে চকু ঘোপা কৰি আকৌ ভালকৈ চাইছে। চাই থাকোঁতে তালিকাৰ কোনোবা এটা নামত তেওঁ ৰৈ গ’ল। তেওঁ লগে লগে নিযুক্তিৰ প্ৰাৰম্ভিক প্ৰক্ৰিয়াত জড়িত তেওঁৰ কনিষ্ঠ সহকৰ্মীলৈ ফোন লগালে, “মিছ ৰে’। ইণ্ডিয়াৰ পৰা নিৰ্বাচন কৰা অংকিত আয়েংগাৰৰ অভিজ্ঞতা অতি কম। তেওঁৰ বিশেষ কোনো গৱেষণা গ্ৰন্থও প্ৰকাশ পোৱা নাই। তেওঁক কিহৰ ভিত্তিত নিৰ্বাচন কৰা হ’ল?”
“মাইকেল, ইণ্ডিয়ান গৱেষকজনক ডক্তৰ ভানুমতী আৰু আমাৰ লুনাৰ প্ৰজেক্টৰ ৰিছাৰ্ছাৰ এমিলি জৰ্ডানৰ অনুমোদনক্ৰমে নিৰ্বাচন কৰা হৈছে। ডক্তৰ ভানুমতীৰ মতে অংকিত আয়েংগাৰ খুব প্ৰতিভাশালী। তেওঁ আমাৰ প্ৰতিস্থানৰ কাৰণে এক সম্পদ হ’ব”।
“ডক্তৰ ভানুমতী আৰু এমিলি জৰ্ডানে কি যুক্তি আগবঢ়াইছে, সেইখিনি মোলৈ পঠোৱাপাৰিলে ডক্তৰ ভানুমতীৰ লগত মোৰ কনফাৰেন্সৰ ব্যৱস্থা কৰা ”মাইকেল বিৰক্ত হ’ল। নাছাত গৱেষণা কৰিবলৈ বিশ্বৰ বিভিন্ন দেশৰ পৰা প্ৰতিভাশালী গৱেষকৰ সন্ধান কৰা হয়। নাছাৰ লগত জড়িত প্ৰতিজন বিজ্ঞানী, গৱেষকৰে তেনে প্ৰতিভাৰ সন্ধান কৰাৰ দ্বায়িত্ব থাকে। কিন্তু তাৰ মানে এইটো নহয়যে কোনোবাই নিজৰ ব্যক্তিগত মতামতৰ ভিত্তিত কাৰোবাক নিৰ্বাচন কৰিব। ডক্তৰ ভানুমতীয়ে ভাৰতীয় হ’ল বুলিয়েই যুক্তি নথকাকৈ ভাৰতীয় গৱেষকক সুযোগ দিব নোৱাৰে।
অলপ পাছতে মিছ ৰে’ই ডক্তৰ ভানুমতী আৰু এমিলি জৰ্ডানৰ ৰিপোৰ্টটো পঠিয়াই দিলে। দুটামান শাৰী পঢ়িয়েই মাইকেলৰ মুখখন পোহৰ হ’ল। ডক্তৰ ভানুমতীৰ মতে জেনেটিক কোডিঙৰ ৰহস্য ভেদ কৰিবলৈ অংকিতৰ দৰে এই বিষয়ত একাণপতীয়াকৈ লাগি থকা গৱেষকৰ প্ৰয়োজন আছে। অংকিতৰ দেউতাকেও এই বিষয়ত বহুতো গৱেষণা কৰিছিল আৰু সেই গৱেষণাৰ পৰীক্ষাবোৰৰ ওপৰতো অংকিতৰ ভাল জ্ঞান আছে। এমিলিৰ মতে চন্দ্ৰপৃষ্ঠত গৱেষণা কৰিবলৈ ইয়ং আৰু এনাৰ্জিটিক বিজ্ঞানীৰ প্ৰয়োজন। চন্দ্ৰপৃষ্ঠত থকা প্ৰত্যাহ্বানবোৰৰ মাজত তিস্থি থাকিবলৈ অংকিতৰ দৰে প্ৰতিভাশালী আৰু নতুন কথা জানিবলৈ ইচ্ছুক যুৱ বিজ্ঞানীৰ প্ৰয়োজন আছে।
অলপ পাছতে ভানুমতীৰ লগত সংযোগ স্থাপন হ’ল। মাইকেলৰ সন্মুখত থকা বাকছ এটাৰ মাজত ডক্তৰ ভানুমতীৰ মুখখন প্ৰকট হ’ল। বাকছটোৰ মাজত থকা মুখখন একেবাৰে সঁচা সঁচি মানুহৰ দৰে লাগে। ভানুমতীয়েও ছিকাগ’ বিশ্ববিদ্যালয়ৰ তেওঁৰ কোঠাত মাইকেলৰ থ্ৰি ডি প্ৰতিচ্ছবি তেনেকুৱা বাকছ এটাৰ মাজত দেখা পালে। দুয়ো দুয়োকে সম্ভাষণ জনালে।
“ডক্তৰ ভানুমতী, তুমি অংকিত আয়েংগাৰক নিৰ্বাচন কৰা কাৰণে মোৰ ভাব হ’ল, তুমি ঘৰৰ মানুহকে নিৰ্বাচন কৰি আনিলা। মই জানো তোমাৰ উপাধিও আয়েংগাৰ। তাতে অংকিত আয়েংগাৰ গৱেষণা ক্ষেত্ৰত একেবাৰে নতুন। তেওঁ আমাৰ কাৰণে সঁচাকৈয়ে সম্পদ হ’বনে”? মাইকেলে হাঁহি হাঁহি ক’লে।
“মাইকেল, তোমাৰ চাগে’ মনত আছে, গণপতি আয়েংগাৰৰ কথা। তেওঁ জেনেটিক কোডিঙৰ ওপৰত সাংঘাটিক গৱেষণা কৰিছিল। সেই সময়ত ময়ো ইণ্ডিয়াতে আছিলোঁ। তোমালোকে সেই গৱেষণাৰ সবিশেষ বিচাৰি মোৰ লগত যোগাযোগ কৰিছিলা। মই চেষ্টা কৰিছিলো। কিন্তু তেওঁ কোনো কাৰণতে তেওঁৰ গৱেষণাৰ সবিশেষ জনাবলৈ ইচ্ছা নকৰিলে। তাৰ পাছত গৱেষণাপত্ৰ প্ৰকাশ নকৰাকৈয়ে তেওঁৰ মৃত্যু হ’ল। অংকিত আয়েংগাৰ সেই গনপতি আয়েংগাৰৰ ল’ৰা”।
মাইকেলৰ মুখত হাঁহি বিৰিঙি উঠিল। “মই এতিয়াহে বুজিব পাৰিছোঁ। অংকিতৰ যোগেদি আমি তেওঁৰ দেউতাকৰ গৱেষণাৰ বিষয়ে সকলো কথা জানিব পাৰিম। জেনেটিক কোডিঙৰ গৱেষণাত অংকিত আমাৰ কাৰণে সম্পদ হোৱাৰ সম্বাৱনা আছে। কিন্তু ভানুমতী, কোন এটা কথা কোৱাচোন। তোমালোক একেটা পৰিয়ালৰ নেকি? গনপতি আয়েংগাৰৰ পৰিয়ালৰ লগত তোমালোকৰ আত্মীয় সম্পৰ্ক আছে নেকি”?
“মাইকেল, তুমি এতিয়া মোক ব্যক্তিগত কথা সুধিবলৈ আৰম্ভ কৰিছা। এইবোৰ প্ৰশ্নৰ উত্তৰ দিবলৈ মই সাজু নহয়”, ভানুমতীয়ে ক’লে।
“তোমাক ব্যক্তিগত কথা সোধাৰ অধিকাৰ মই হেৰুৱাই পেলাইছোঁ নেকি ভানু? এতিয়া আমি স্বামী স্ত্ৰী নহ’লেও বন্ধু হৈ নাই জানো? বন্ধু হিচাপেও আমি কিছুমান কথা পাতিব পাৰোঁ”।
“নাই মাইকেল। কিছুমান কথা মই পাতিব নোখোজোঁ। মোক জোৰ নকৰিবা”, এই বুলি কৈ ভানুমতীয়ে সংযোগ বিচ্ছিন্ন কৰিলে। 

Comments

Popular posts from this blog

খণ্ড ১