খণ্ড ৬৬



নিকিতাই ভালদৰেই জানে বিজ্ঞানৰ জগতখনৰ ভিতৰচৰাত বৈজ্ঞানিকসকলৰ মাজত চলি থকা প্ৰতিযোগিতাৰ কথা। এটা নতুন আৱিষ্কাৰৰ কাৰণে এজন বিজ্ঞানীয়ে আন এজন বিজ্ঞানীক গোৰ মাৰি বগৰাই আগুৱাই যাবলৈও কুণ্ঠাবোধ নকৰে। কিন্তু তাই অনুধাৱন কৰিব পৰা নাছিলযে এনালাইছিছ কৰা ডেটাখিনি ক্লাউডত থলেও সেয়া বিপদজনক হ’ব পাৰে। তাই বুজি পালে জেনেটিক কোডিঙৰ ৰহস্য জানিবলৈ এতিয়া বিজ্ঞানী সকলৰ মাজত তুমুল প্ৰতিযোগিতা চলিছে।
“জেনেটিক কোডিঙৰ উপায় এতিয়াও আৱিষ্কাৰ নোহোৱাটো আচৰিত কথা নহয়নে অংকিত”? হঠাতে নিকিতাই অংকিতলৈ চাই সুধিলে।
“বহুতো বিজ্ঞানীয়ে এতিয়াও বিশ্বাস কৰে মানুহে জেনেটিক কোডিঙৰ ৰহস্য কেতিয়াও উলিয়াব নোৱাৰে, তেওঁলোকে এই বুলিও ক’ব খোজে এয়া হেনো ঈশ্বৰৰ অধিকাৰ। ঈশ্বৰৰ এই কোড মানুহে পাবলৈ হ’লে সমগ্ৰ বিশ্বত তোলপাৰ লাগি যাব। মানুহে নিজৰ মতেই নিজৰ আৰু আনৰ প্ৰ’গ্ৰামিং কৰিব পাৰিব”
“ভালহে হ’ব। কাপোৰৰ ডিজাইনৰ দৰে মানুহৰো ডিজাইন কৰিব পৰা হ’ব”। নিকিতাই মিচিকিয়া হাঁহি মাৰি ক’লে।
“ডিজাইন কৰি মানুহ সৃষ্টি কৰাৰ কথাটোৱে এতিয়া খুব গুৰুত্ব পাইছে। জেনেটিক কোড সলনি কৰিব পাৰিলে মানুহৰ আয়ুস হয়তো পাঁচশ বছৰলৈ বৃদ্ধি কৰিব পৰা হ’ব। বৰ্তমান মানুহৰ আয়ুস মাত্ৰ নব্বৈ বছৰমানহে হোৱা কাৰণে দূৰ দূৰণিৰ গ্ৰহ উপগ্ৰহলৈ মানুহ পঠিওৱাটো এতিয়াও সম্ভৱ হৈ উঠা নাই। তদুপৰি সেইবোৰ গ্ৰহ উপগ্ৰহত বাচি থাকিবলৈ     কিছুমান বিশেষ গুণসম্পন্ন মানুহ তৈয়াৰ কৰিব পৰা যাব। এতিয়া ৰবটৰ দ্বাৰা কৰা বহুতো কাম তেজ মঙহৰ মানুহেই কৰিব পাৰিব”। অংকিতে বুজাই দিলে।
“বিশেষ ক্ষমতাসম্পন্ন কিছুমান মানুহ এতিয়াওতো আছে। তেওঁলোককতো কোনেও ডিজাইন কৰি সৃষ্টি কৰা নাই”, নিকিতাই প্ৰশ্নবোধক চাৱনিৰে অংকিতলৈ চালে।
“তুমি ঠিকেই কৈছা নিকিতা। বহুতো গৱেষণাৰ পাছত এতিয়া বিজ্ঞানীসকলে বিশ্বাস কৰিবলৈ লৈছে যে সেই বিশেষ ক্ষমতাসম্পন্ন মানুহবোৰ জেনেটিক কোডৰ সামান্য ইফাল সিফালৰ কাৰনেই হয়।  সেইকাৰণে পৃথিৱীৰ সকলো ঠাইতে এই জেনেটিক কোডিং উদ্ধাৰ কৰিবলৈ উচ্চ পৰ্যায়ৰ গৱেষণা চলি আছে”।
“সঁচাকৈয়ে ঈশ্বৰে জেনেটিক কোড সলনি কৰি কিছুমান বিশেষ ক্ষমতাসম্পন্ন মানুহৰ সৃষ্টি কৰে নেকি”? চাহৰ কাপত শেষ শোহাটো মাৰি নিকিতাই সুধিলে।
“প্ৰায়বোৰ ধৰ্মতে সেই বিশেষ ক্ষমতাসম্পন্ন মানুহবোৰকে অৱতাৰ বুলি কোৱা হয় আৰু ঈশ্বৰেই সেই অৱতাৰসকলক প্ৰেৰণ কৰে বুলি বিশ্বাস কৰা হয়। তুমি চাগে’ শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে জানা। পোন্ধৰশ শতিকাতে অসমত জন্ম হোৱা শ্ৰীমন্ত শংকৰদেৱ এজন অসাধাৰণ ক্ষমতাসম্পন্ন মানুহ আছিল। তেওঁ কৰি থৈ যোৱা কামে এতিয়াও মানুহক আচৰিত কৰে। তেনেকুৱা বিশেষ গুণসম্পন্ন মানুহ পৃথিৱীৰ বিভিন্ন ঠাইত মাজে মাজে আৱিৰ্ভাৱ হৈয়েই আছে। এইসকলৰ বহুতকে মানুহে ঈশ্বৰৰ অৱতাৰ বুলিও সন্মান কৰে
“মোৰ এনে লাগে অংকিত, ঈশ্বৰে মানুহক কেতিয়াও এই ৰহস্যৰ ভেদ ভাঙিব নিদিয়ে। তুমিয়েই ভাবাচোন, জেনেটিক কোডিঙৰ কৌশল মানুহৰ হাতলৈ গ’লে কি অৱস্থা হ’ব। সকলোৱে নিজৰ নিজৰ ডিজাইনৰ মানুহ সৃষ্টি কৰাত লাগি যাব। অসাধাৰণ ক্ষমতাসম্পন্ন মানুহেৰে পৃথিৱীখন ভৰি পৰিলে ৰবটৰ পৃথিৱীত বাস কৰা যেন নালাগিব জানো”
অংকিতৰো খোৱা শেষ হ’ল। সি ভাবিলে নিকিতাই ঠিক কথাই কৈছে। মানুহৰ সৃষ্টিৰ সকলো ক্ষমতা মানুহৰ হাতলৈ আহি গ’লে হয়তো এই মানৱ সভ্যতাই বেছি দিন তিস্থি নাথাকে। মানৱীয় আবেগ অনুভূতিহীন ৰবট সদৃশ মানুহবোৰেই ফ্ৰাংকেনষ্টাইনৰ দৰে পৃথিৱী ধ্বংস কৰিব।
“মই মাথোন জানিব খোজো, দেউতাই কেনেকৈ মানুহ সলনি কৰিছিল। সকলোৱে সন্দেহ কৰে তেওঁ জেনেটিক কোডিঙৰ ৰহস্য ভেদ কৰিছিল। মই সেই সত্যক প্ৰতিস্থা কৰিব খোজো। কিন্তু এই কাম জটিল আৰু বিপদসংকুল। এক কামৰ ফলাফল হয়তো ভয়ানকো হ’ব পাৰে। কিন্তু মই জানিব লাগে এই কাম কেনেকৈ সম্ভৱ হৈছিল”কথাখিনি কওঁতে অংকিতৰ চকুজুৰি উজ্বলি উঠিল। তাৰ কথাখিনিয়ে নিকিতাৰ মন জোকাৰি গ’ল। তাই তাক কোনো বিপদসংকুল কামত লাগি থকাটো নিবিচাৰে। কিন্তু তাই জানে এয়া তাৰ সপোন। বিপদসংকুল হ’লেও সি হয়তো তাৰ সপোন পূৰণ কৰিবই।
তাই প্ৰথমবাৰৰ কাৰণে অনুভৱ কৰিলে কোনো কাৰণতে তাই অংকিতক বিপদত পৰাটো নিবিচাৰে। তাৰ কাৰণে তাই নিজেই সকলো বিপদ মূৰ পাতি ল’বলৈ সাজু ।
চাহ খাই উঠি দুয়ো হোটেলৰ ৰিচেপেচনলৈ গৈ কোঠাৰ ছাবি হিচাপে ব্যৱহৃত কাৰ্ড জমা দিলে। অলপ বাছতে দুয়ো স্কাই টেক্সীযোগে বেংককৰ সুৱৰ্ণভূমি আন্তৰ্জাতিক বিমানকোঠলৈ ৰাওনা হ’ল।

Comments

Popular posts from this blog

খণ্ড ১