খণ্ড ৭৩
মুনলাইটত ডিনাৰ কৰি নিকিতাক
এপাৰ্টমেণ্টত নমাই দি ঘৰ পাওঁতে অংকিতৰ ৰাতি দুটা বাজিল। সি দুৱাৰদলিত থিয় হওঁতেই
মাকে দুৱাৰ খুলি দিলে।
“তুমি শোৱা নাই মা? এতিয়া ৰাতি
পুৱাবৰে হ’ল”। অংকিতে মাকক দেখি ক’লে।
“তোমাৰ কাৰণেই আমি ৰৈ আছিলোঁ। ককাও
অলপ আগতেহে শুবলৈ গৈছে। তুমি হাত মুখ ধুই শুই যোৱাগৈ। তোমাৰ নিশ্চয় বৰ ভাগৰ
লাগিছে”।
মাকক শুভৰাত্ৰি জনাই অংকিত শুবলৈ
গ’ল। শুবলৈ লওঁতেই মোবাইল ফোনত ভিডিঅ’ কলৰ সংকেট আহিল। নিকিতা। “তোমাক চাবলৈ মন
গ’ল অংকিত। সেই কাৰণে কল কৰিলোঁ”।
অংকিতে মিচিকিয়াই হাঁহিলে। তাৰো নিকিতাৰ
কথা মনলৈ আহিছিল। তাইৰ সান্নিধ্য সি উপভোগ কৰিবলৈ লৈছে। হয়তো তায়ো তাৰ সান্নিধ্য
ভাল পাইছে।
“চন্দ্ৰযাত্ৰাৰ কথা এতিয়া নুলিয়াবা
নিকিতা। মই তালৈ গৈ কি কি দেখোঁ তোমাক সকলো কথা ক’ম”, সি ধেমালিৰ সুৰত ক’লে।
“নাই, নাই। এই ৰাতিখন মই তোমাক
চন্দ্ৰৰ কথা নোসোধো। মাত্ৰ শুবলৈ যোৱাৰ আগে আগে তোমাক চাবলৈ মন গ’ল”।
অংকিতৰ মনটো ভাল লাগি গ’ল। মানুহৰ এই
সৰু সৰু ইচ্ছাবোৰৰ মাজত কিমানযে সুখ লুকাই থাকে।
“ভাগৰ লগা নাই নিকিতা? আজি আমাৰ এটা
বৰ ব্যস্ত দিন আছিল”। অৱসাদত তাৰ চকু জাপ খাই আহিছিল। নিকিতাই কথাটো লক্ষ্য কৰিলে।
“এতিয়া তুমি শুই থাকা। ৰাতি বহুত
হ’ল”, এই বুলি কৈ শুভৰাত্ৰি জনাই নিকিতাই সংযোগ বিচ্ছিন্ন কৰিলে।
গাৰুত মূৰ থৈ অংকিতে ভাবিলে, নিকিতাকো
চন্দ্ৰলৈ লৈ যাব পৰা হ’লে বৰ ভাল আছিল।
ৰাতিপুৱা অংকিতে দেৰীলৈকে শুলে। মাকেও
জগাই নিদিলে।
নিকিতাৰ ফোনৰ শব্দত সি সাৰ পালে।
“এতিয়াও শুয়েই আছা নেকি? মোকযে লান্সলৈ মাতিছিলা মনত আছে নে নাই”? ফোনটো কাণত
লোৱাৰ লগে লগে তাই কলকলালে।
চকু মোহাৰি মোহাৰি সি ক’লে, “তোমাৰ
লান্স খাবলৈ হ’লেইনে? মই ব্ৰাছ কৰাই নাই”।
“লান্স খাবলৈ হোৱা নাই। কথা এটাৰ
কাৰণে ফোন কৰিলোঁ। মোৰ লগত এলিজা আৰু ছুজানাও যাব খুজিছে। তোমালোকৰ অসুবিধা হ’ব
নেকি”? তাই আগ্ৰহেৰে সুধিলে।
“ধেৎ, কি অসুবিধা হ’ব? মই নিজেই ক’ব
লাগিছিল এলিজা আৰু চুজানাকো লৈ অহাৰ কথা। তিনিওজনী আহিবা। আমাৰ ঘৰৰ জি পি এছ
পইণ্টাৰ মই পঠিয়াই দিম। ঘৰটো বিচাৰি পাবাই। গুড লাইফ এপাৰ্টমেণ্টৰ টেন্থ ফ্লোৰ”।
অংকিতে হাত মুখ ধুই মাকক কথাটো ক’লে।
নিকিতাৰ লগত তাইৰ ৰুমমেট দুজনীও আহিব। কথাটো শুনি ককাকে ক’লে, “ভালেই হ’ব দিয়া।
দুপৰীয়া আড্ডা ভাল জমিব”।
দুপৰীয়া বাৰ মান বজাত তিনিওজনী আহি
অংকিতহঁতৰ ঘৰ পালেহি। ককাকে তিনিওজনীকে আদৰি নি বহা কোঠাত বহুৱালে। অংকিতো ওলাই আহিল।
নিকিতালৈ চাই অংকিতৰ এনে লাগিল,
ৰাতিটোৰ ভিতৰতে তাই যেন বহুত সলনি হৈ গ’ল। আগদিনা ৰাতি তাৰ লগত বেংককৰ পৰা অহা
অপৰিপাটী নিকিতাক ধুনীয়া ৰঙা ক’লা ৰঙৰ শাৰী এখনেৰে বৰ শুৱনি লাগিছে। তাইৰ মুখখনো
বৰ উজ্জ্বল লাগিল। অংকিতৰ মনটো ভাল লাগি গ’ল।
ককাকে তিনিওৰে পৰিচয় ল’লে। ঘৰৰ কথা
সুধিলে। অলপ সময় কথা পাতি অংকিতক কথা পাতিবলৈ দি তেওঁ ভিতৰ সোমাল। অংকিত মাকে
পাকঘৰৰ পৰা ওলাই তিনিওকে মাত দিলে।
অংকিত নিকিতাৰ ওচৰতে বহিল। চুজানা
আৰু এলিজাই চকুৰ ইংগিতেৰে নিকিতাৰ লগত ধেমালি কৰিলে। নিকিতাই খং ভৰা চাৱনিৰে
দুয়োলৈ চালে।
“অংকিত, চন্দ্ৰলৈ গ’লে তুমি কোনোবা
চিনাকী মানুহ লগ পাই যাব পাৰা”। নিকিতাই ধেমালিৰ সুৰত অংকিতলৈ চাই ক’লে।
“চিনাকী মানুহ? কাক লগ পাম”? সি
আচৰিত হ’ল।
“এলিজাই মুনট্ৰেক ট্ৰেভেলছৰ ষ্পেছ
শ্বিপত টুৰিষ্ট হিচাপে চন্দ্ৰলৈ যাব”। নিকিতাই ক’লে।
“ৱাও সেইটো বৰ ভাল খবৰ। তোমাৰ লগত
আৰু কোন যাব”? কথাটোত সি আকৰ্ষণ পাই এলিজালৈ চাই সুধিলে।
“মোৰ বন্ধু নীল যাব। সিয়েই মোৰ টিকেট
কৰিছে”, এলিজাই লাজ লাজকৈ ক’লে।
“মইতো অতি সোনকালে যাব লাগিব। তাত
কেইবা মাহো থাকিম। আশা কৰিছো চন্দ্ৰত তোমাক আৰু নীলক লগ পাম”।
“নিশ্চয়”, এলিজাই শালাগিলে।
“এলিজাই বয়ফ্ৰেণ্ডৰ লগত ৰোমাণ্টিক
ট্ৰিপত যাব। তুমি আকৌ লগ কৰি তেওঁলোকক আমনি কিয় কৰিব খুজিছা”, নিকিতাই মিচিকিয়া হাঁহিৰে ক’লে।
“কিয় লগ নকৰিব। অনবৰতে এলিজা আৰু
নীলে কেৱল ৰোমান্স কৰিয়েই থাকিব নেকি”? চুজানাই ধেমালি কৰিলে।
“অংকিতে আমাক ইহঁতৰ ৰিপোৰ্টবোৰ দি
থাকিব”। এই বুলি নিকিতা আৰু
চুজানাই খিলখিলাই হাঁহিলে।
খোৱা টেবুলত নহি ছোৱালী কেইজনীক
ক’লে, “তোমালোক অহা কাৰণে আজি ঘৰখন বৰ সজীৱ যেন লাগিছে। আহি থাকিবা। অংকিতক মই
ইমান ফুৰ্তি কৰা দেখাই নাই”।
গীতিয়ে নিকিতালৈ অলপ সময় ৰ লাগি
চালে। এনেয়ে তেওঁৰ মনলৈ আহিল, ছোৱালীজনী অংকিতৰ লগত মিলিব”।
Comments
Post a Comment