খণ্ড ৬৪



ভানুমতীৰ পৰা বিদায় লৈ অংকিতে ছেমিনাৰ হোটেলৰ লবীত বহি নাছাৰ বিষয়ে থকা তথ্যসমূহ ইণ্টাৰনেটৰ পৰা সংগ্ৰহ কৰিলে। কিন্তু চলি থকা গৱেষণাবোৰৰ বিষয়ে সবিশেষ তথ্য সি বিচাৰি নাপালে।
নিকিতাই ফোন কৰিলে। তাই এনালাইছিছৰ কামখিনি সম্পূৰ্ণ কৰিলে। নিকিতাই তাক মনত পেলাই দিলে, “আমি সন্ধিয়া এয়াৰপোৰ্টলৈ ওলাব লাগিব। ৰাতি ন বজাত বেংককৰ পৰা গুৱাহাটীলৈ ফ্লাইট আছে। তোমাৰ পেকিং কৰিবলৈ আছে। সোনকালে আহিবা”।
নিকিতাই তাৰ কাৰণে চিন্তা কৰে। তাই লগত থাকিলে তাৰ বৰ সুবিধা হয়। গৱেষণাগাৰত কাম কৰি থকা সময়তো তাই বুজি পায়, কোন সময়ত তাৰ কফিৰ প্ৰয়োজন হৈছে। তায়েই তাক সোঁৱৰাই দিয়ে, তাৰ চুলি কটাবলৈ হৈছে। নখবোৰ দীঘল হ’লে তায়েই কেতিয়াবা কাটি দিয়ে। সি ঠিকমতে খোৱা বোৱা কৰিছেনে নাই তাৰো তাই খবৰ ৰাখে। সি জানে, পেকিঙৰ সময়তো তাই তাক সহায় কৰিবলৈ আহিব। সি অনুভৱ কৰে, সি নিজে হয়তো কেতিয়াও তাইৰ কাৰণে তাই বিচৰা ধৰণে চিন্তা কৰা নাই।
এটা বিষাদৰ ভাৱে অংকিতক আগুৰি থাকিল। নিজৰ আত্মীয়, বন্ধুবৰ্গ আৰু নিকিতাৰ দৰে সহকৰ্মীৰ পৰা আঁতৰত অকলশৰীয়া জীৱনৰ কাৰনে সি কেতিয়াও প্ৰস্তুত নাছিল। দিনে ৰাতিয়ে গৱেষণাৰ কথাই চিন্তা কৰি থকা তাৰ দৰে মানুহৰ কাৰণে এটা ভাল ছাপোৰ্ট ছিষ্টেমৰ প্ৰয়োজন
লান্সৰ পাছত এমিলিয়ে আকৌ এবাৰ তাক তাইৰ কোঠালৈ মতাই নিলে। নাছাৰ সহকৰ্মী হ’বলৈ যোৱাৰ কাৰণে তাই তাক উষ্ণ আলিংগনেৰে সম্ভাষণ জনালে। তাৰ হাতখনত বহুত সময় ধৰি থাকি তাই ক’লে, “তুমি সোনকালেই হিউষ্টনলৈ আহা অংকিত। তোমাক মই আমেৰিকান কালছাৰৰ লগতো অভ্যস্ত কৰিব লাগিব। মই আশা কৰিছোঁ, তুমি আৰু কেতিয়াও ভাৰতলৈ ঘূৰি আহিবলগীয়া নহয়”।
এমিলিৰ সান্নিধ্য তাৰ ভাল লাগিছে। কিন্তু তাৰ এনে অনুভৱ হয়, তাই তাৰ প্ৰতি প্ৰদৰ্শন কৰা আদৰ হয়তো আমেৰিকান কালছাৰৰহে অংশ। এমিলিয়ে তাক অসমৰ কথা সুধিলে। বিশ্বৰ জৈৱ বৈচিত্ৰৰ কেন্দ্ৰ হিচাপে অসমৰ কথা এতিয়া সকলোৱে জানে। এতিয়াও অসমত পাহাৰ, নৈ, হাবি, বননি আছে আৰু অসমৰ বায়ুত থকা অক্সিজেনৰ পৰিমাণ সমগ্ৰ পৃথিৱীৰ ভিতৰতে বেছি। অসমক ভাৰতৰ অক্সিজেন চেম্বাৰ বুলিও জনা যায়। দেশ বিদেশৰ বহুতো পৰ্যটক কেৱল মুকলি বায়ু সেৱন কৰিবলৈকে অসমলৈ আহে। উন্নয়নৰ লগতে পৰিৱেশ ৰক্ষাৰ কাৰণে চৰকাৰ আৰু জনসাধাৰণ সজাগ হোৱাৰ কাৰণে অসমত আন ৰাজ্যৰ দৰে বায়ু বিষাক্ত হোৱা নাই। অংকিতে গৌৰৱেৰে সকলো কথা এমিলিক বুজাই ক’লে। সি ক’লে, “পৃথিৱীৰ য’তেই নাথাকক কিয়, বাৰে বাৰে সি অসমলৈকে ঘূৰি অহাৰ কথাই চিন্তা কৰিব”।
অংকিতৰ মুখত অসমৰ বিষয়ে জানিব পাৰি এমিলিয়ে ভাল পালে। তাই ক’লে, “অসমত যে তোমালোকে পৰিৱেশ ৰক্ষা কৰিব পাৰিছা, সেইটো সঁচাকৈয়ে প্ৰশংসনীয়। অসমৰ প্ৰতি নিশ্চয় এতিয়া সমগ্ৰ বিশ্ব আকৰ্ষিত। হয়তো বহুতেই এতিয়া মুকলি বতাহৰ কাৰণে অসমত থাকিব বিচাৰিব। মই ইণ্টাৰনেটত অসমৰ বিষয়ে পঢ়িম। কিন্তু তুমি মোক এবাৰ অসমলৈ নিব লাগিব। ময়ো চাব খোজো তোমাৰ অসমখন”।
“তেনেহ’লে ব’লা অসমলৈ। আমি আজি ৰাতিৰ ফ্লাইতত অসমলৈ গৈ আছোঁ। তুমিও ওলোৱা। এসপ্তাহ পাছত মোৰ লগতে হিউষ্টনলৈ যাবা”। অংকিতে প্ৰস্তাৱ দিলে।
এমিলিয়ে অলপ সময় চিন্তা কৰিলে। তাই ক’লে, “তোমালোকৰ লগত আজিয়েই ওলাবলৈ সমস্যা আছে অংকিত। মোৰ ইণ্ডিয়ান ভিছা নাই। তদুপৰি মই অনুমতি ল’ব লাগিব। হয়তো মোৰ পৰিচয় সলনি কৰিব লাগিব। কিন্তু মই চেষ্টা কৰিম। দুদিনৰ কাৰণে হ’লেও মই অসমলৈ যাম”।
এমিলিৰ লগত কথা পাতি অংকিতৰ ভাল লাগিলসি আশা কৰিলে আমেৰিকাত থকা সময়ত আৰু পাছলৈ চন্দ্ৰপৃষ্ঠতো হয়তো তাই তাক সংগ দিব।
পুনৰ সোনকালে দেখা হোৱাৰ প্ৰতিশ্ৰুতিৰে সি এমিলিৰ পৰা বিদায় লৈ আছাম ৰাইনোলৈ টেক্সী ল’লে। সি ভাবিলে, মাকক সি বহুত কথা ক’বলৈ আছে। ভানুমতীৰ কথা, এমিলিৰ কথা। সি ভাবিলে, সকলো কথা ফোনত ক’ব নোৱাৰি। ঘৰলৈ গৈ ভালদৰে বহি কথা পাতিব।

Comments

Popular posts from this blog

খণ্ড ১