খণ্ড ৬১
এমিলিৰ কোঠাৰ দুৱাৰমুখত ঠিয় হৈ বেলটো বজোৱাৰ আগমুহূৰ্তত অংকিতৰ ভাৱ হ’ল, ডক্তৰ
ভানুমতী লগত থাকিলে সি সহজ অনুভৱ কৰিলে হয়।
বেলটো বজাই দিয়াৰ ক্ষন্তেক পছতেই এমিলিয়ে দুৱাৰ খুলিলে। “মোৰ কোঠালৈ তোমাক
স্বাগতম অংকিত”, এই বুলি তাই অংকিতক
ভিতৰলৈ লৈ গ’ল। এমিলিৰ কোঠাটো বৰ পৰিপাটীকৈ হৈ আছে। তায়ো ক’ৰবালৈ ফুৰিবলৈ ওলোৱাৰ
দৰে ভাল পোছাকত আছে।
“তুমি ছেমিনাৰলৈ নগ’লা কিয়”? ছোফা এখনত বহি লৈ অংকিতে সুধিলে।
“ছেমিনাৰৰ বক্তৃতা মই ইয়াত বহিয়েই চাব পাৰোঁ। তালৈ গ’লে বহুত মানুহে মোক আগুৰি
ধৰে। বিভিন্ন প্ৰশ্নৰ উত্তৰ দি থাকিব লাগে। সেই কাৰণে পৰাপক্ষত মই জনসমাগমৰ পৰা
আঁতৰি থাকোঁ”, বিচনাখনত আৰামকৈ বহি লৈ এমিলিয়ে ক’লে।
“এমিলি, তোমাৰ বিষয়ে মই একেবাৰে নাজানো। তুমি ক’ত ডাঙৰ দীঘল হৈছা,
চন্দ্ৰপৃষ্ঠত গৱেষণা কৰিবলৈ কেনেকৈ সুযোগ পালা, এতিয়া কি কি বিষয়ত গৱেষণা কৰি আছা
মোৰ জানিবলৈ মন গৈছে”- অংকিতে তাইলৈ চাই ক’লে।
“মোৰ জন্ম ডালাছত। তাতেই ডাঙৰ দীঘল হৈছোঁ। সৰুৰে পৰা মহাকাশচাৰী হ’বলৈ মন
আছিল। সেই কাৰণে মহাকাশ বিজ্ঞানৰ ছাত্ৰী হৈছিলোঁ। যোৱা বছৰৰ পৰা গৱেষক হিচাপে মুনত
থকা লেবৰেটৰীত আছোঁ। আমি মূলত: এতিয়া চন্দ্ৰপৃষ্ঠক সাধাৰণ মানুহৰ বসতিৰ কাৰণে
উপযোগী কৰি তুলিবলৈ বিভিন্ন পৰীক্ষা নিৰীক্ষা কৰি আছোঁ। তাৰ লগতে আমাৰ পৃথিৱীৰ
ওপৰত বৰ্হি বিশ্বৰ প্ৰভাৱৰ বিষয়েও গৱেষণা হৈছে। চন্দ্ৰপৃষ্ঠত বাচি থাকিবলৈ মানুহৰ
জেনেটিক মোডিফিকেচনৰ ওপৰতো এতিয়া গৱেষণা চলিছে। সেয়েহে এই বিষয়ত গৱেষণা কৰি থকা
গৱেষকৰ তাত প্ৰয়োজন আছে”।
“মোক ভালদৰে বুজাই দিয়াচোন এমিলি, চন্দ্ৰপৃষ্ঠত বাচি থাকিবলৈ কেনেধৰণৰ জেনেটিক
মোডিফিকেচনৰ প্ৰয়োজন হ’ব”?
“চন্দ্ৰপৃষ্ঠৰ পৰিৱেশ পৃথিৱীতকৈ সম্পূৰ্ণ বেলেগ। তাত কোনো বায়ুমণ্ডল নাই। আমাৰ
লেবৰেটৰীৰ ভিতৰত কৃত্ৰিমভাৱে পৃথিৱীত থকাৰ দৰে পৰিৱেশ গঢ়ি তোলা হৈছে যদিও সাধাৰণ
মানুহে বসবাস কৰিবলৈ হ’লে এই ব্যৱস্থা নচলিব। চন্দ্ৰপৃষ্টত মানুহে বসতি স্থাপন
কৰিবলৈ হ’লে তাতো পৃথিৱীৰ দৰে পৰিৱেশ গঠন হ’ব লাগিব। নতুবা তেনে পৰিৱেশত বাচি
থাকিবলৈ মানুহক জেনেটিকভাৱে প্ৰগ্ৰামিং কৰিব লাগিব। সেই কাৰণে জেনেটিক প্ৰগ্ৰামিং
এতিয়া গৱেষণাৰ মুখ্য বিষয় হৈ পৰিছে। তুমি এই বিষয়ত গৱেষণা কৰিছা, তোমাৰ দেউতায়ো
কৰিছিল। সেইকাৰণেই হয়তো নাছাই তোমাক এই প্ৰজেক্টটোৰ কাৰণে নিৰ্বাচন কৰিলে”।
এমিলিয়ে বুজাই দিলে।
“চন্দ্ৰক মানুহৰ বসবাসৰ উপযোগী কৰিবলৈ কিয় চিন্তা কৰা হৈছে? তাৰ কাৰণে
কেনেকুৱা পৰিকল্পনা কৰা হৈছে”?
“প্ৰদূষণ আৰু জনসংখ্যা বৃদ্ধিৰ কাৰণে মানুহৰ কাৰণে লাহে লাহে পৃথিৱী বসবাসৰ
কাৰণে অনুপযোগী হৈ পৰিছে। বিজ্ঞানীসকলে বহুবছৰৰ পৰা মানুহৰ বাসযোগ্য আন এটা গ্ৰহ
বা উপগ্ৰহৰ সন্ধান কৰি আছে। কিন্তু এতিয়ালৈ সফল হ’ব পৰা নাই। আন গ্ৰহৰ দুই এটা
উপগ্ৰহত পানী আৰু বায়ুমণ্ডল থকাৰ উমান পোৱা গৈছে যদিও সেইবোৰৰ দূৰত্ব বেছি কাৰণে
সেইবোৰত মানুহৰ বাসযোগ্য কৰি তুলিবলৈ প্ৰাৰম্ভিক কামখিনি কৰাটোৱেই ডাঙৰ
প্ৰত্যাহ্বান। সেইকাৰণে আমাৰ নিচেই ওচৰত থকা চন্দ্ৰকে মানুহৰ বাসযোগ্য কৰাৰ
পৰিকল্পনা কৰা হৈছে”। এমিলিয়ে বুজাই ক’লে।
“চন্দ্ৰক মানুহৰ বাসযোগ্য কৰিবলৈ কি কি প্ৰয়োগ কৰা হ’ব”?
“প্ৰাথমিক সমীক্ষা আৰু গৱেষণা শেষ হোৱাৰ পাছত পৃথিৱীৰ পৰা চন্দ্ৰলৈ কেইবাটাও
বিশাল উল্কাপিণ্ডৰ আকাৰৰ পানী বোমা নিক্ষেপ কৰা হ’ব। সেই পানীয়ে চন্দ্ৰপৃষ্টৰ খাল
ডোংবোৰ পানীৰে ভৰাই দিব। আনহাতে উল্কাপিণ্ডৰ প্ৰচণ্ড আঘাটত চন্দ্ৰই অধিক গতিত
ঘূৰিবলৈ ল’ব আৰু ঘূৰ্ণন বৃদ্ধি পোৱা কাৰণে চন্দ্ৰৰ মাধ্যাকৰ্ষণ শক্তিও বৃদ্ধি হ’ব।
মাধ্যাকৰ্ষণ বৃদ্ধি হ’লে চন্দ্ৰৰ কাৰণেও বায়ুমণ্ডল ধৰি ৰখাটো সম্ভৱপৰ হৈ পৰিব।
পানী আৰু বায়ুমণ্ডল হৈ গ’লেই তাত মানুহে স্বাভাৱিকভাৱে বাস কৰিব পাৰিব”। এমিলিয়ে
কৈ গ’ল।
“তোমাৰ গৱেষণাপত্ৰত বৰ্হিবিশ্বৰ প্ৰাণীৰ কথা কৈছিলা। বৰ্হিবিশ্বৰ প্ৰাণীৰ
বিষয়েও তাত গৱেষণা হৈছে নেকি”? অংকিতে আগ্ৰহেৰে সুধিলে।
“আমি চন্দ্ৰপৃষ্ঠৰ পৰা পৃথিৱীত বৰ্হিবিশ্বৰ প্ৰাণীৰ কাৰ্যকলাপতো নজৰ ৰাখিব
লাগে। বৰ্হিবিশ্বৰ কিছুমান শক্তিয়ে বহুত আগৰে পৰাই পৃথিৱীত সক্ৰিয় হৈ আছে বুলি
সন্দেহ কৰা হয়। কিন্তু বৈজ্ঞানিক প্ৰমাণ নথকাৰ কাৰণে এতিয়ালৈ এই বিষয়ত কিনো
আনুস্থানিক ঘোষণা হোৱা নাই। অৱশ্যে অতি সোনকালেই এই বিষয়ত বৈজ্ঞানিক প্ৰমাণ ডাঙি
ধৰা হ’ব বুলি শুনিবলৈ পাইছোঁ”।
অংকিত চিন্তাত পৰিল। এমিলিয়ে কোঠাত থকা সৰু ফ্ৰিজটো খুলি ফ্ৰুট জুছৰ পেকেট
এটাৰ পৰা দুগিলাছ ৰস বাকি আনিলে। লগতে ফ্ৰিজৰ পৰাই চিপচৰ পেকেট এটা খুলি প্লেট
এখনত লৈ আহিল।
অংকিতৰ সন্মুখৰ টেবুলখনত খোৱা বস্তুখিনি থৈ থাই ক’লে, “তোমাক এইবোৰ কৈ মই
চিন্তাতহে পেলালোঁ। বেলেগ কথা পাতো আহা। তোমাৰ কথা কোৱা। আজি নিকিতা কিয় নাহিল”?
Comments
Post a Comment