খণ্ড ৬৫
অংকিতে কৰিবলৈ দিয়া
কামখিনি শেষ হোৱাৰ পাছত নিকিতাই হোটেলতে ইফালে সিফালে ঘূৰি সময় কটালে। হোটেলত থকা
বিভিন্ন সুবিধাবোৰ ঘূৰি পকি চালে। হোটেলৰ প্ৰথম মহলাৰ এটা কোণত মিউজিক অৱ আছাম
নামৰ এটা হল আছে। তাত অসমৰ বিখ্যাত গায়কসকলৰ সৃষ্টিসমূহ সংৰক্ষণ কৰি থোৱা আছে।
ভিতৰলৈ সোমাই গৈ হেডফোন কাণত লৈ যিকোনো গান নিৰ্বাচন কৰি শুনিব পাৰি। গোলাকাৰ
হলটোৰ দেৱালত অসমৰ বিখ্যাত গায়কসকল আৰু তেওঁলোকৰ সৃষ্টিৰাজিৰ বিষয়ে ভিডিঅ’ ক্লিপ
প্ৰদৰ্শিত হৈ থাকে। নিৰ্দিষ্ট ক্লিপটোৰ ওচৰলৈ গৈ হেডফোন কাণত লৈ ক্লিপ উপভোগ কৰিব পাৰি।
নিকিতাই হেডফোন কাণত লৈ আটাইবোৰ ক্লিপ এফালৰ পৰা চালে। তাইৰ মিউজিক পেডৰ কাৰণেও
কেইটামান গান কিছু মূল্যৰ বিনিময়ত ডাউনলোড কৰি ল’লে।
ঘূৰা পকা শেষ কৰি তাই
ফোনত মাক আৰু ভায়েকৰ লগত কথা পাতিলে। হোটেলতে থকা গিফ্ট কাউণ্টাৰৰ পৰা ঘৰৰ মানুহৰ
কাৰণে কেইটামান সৰু সৰু উপহাৰ কিনিলে। ক’ৰবালৈ গ’লে সকলোৰে কাৰণে দুই এপদ সামগ্ৰী
উপহাৰ হিচাপে লৈ আনিবলৈ তাই ভাল পায়। অংকিত অহালৈ অপেক্ষা কৰি তাই হোটেলৰ লবীতে
বহুত সময় বহি থাকিল। সি আমনি পাব বুলি তাই ফোনো নকৰিলে।
অংকিতে হোটললৈ সোমাই
আহি লবীতে নিকিতাক দেখিলে। “তুমি যাবলৈ সাজু হৈয়েই আছা নেকি নিকিতা। এতিয়াও
কিছুসময় হাতত আছে”। সি তাইৰ ওচৰ চাপি আহি ক’লে।
“মোৰ পেকিং হৈ গ’ল।
মই সাজু বুলিবই পাৰা। ডেটা এনালাইছিছ কেতিয়াবাই শেষ হ’ল। মই এনেয়ে ইপালে সিপালে
ঘূৰি সময় কটাইছোঁ। তোমাৰ নিশ্চয় পেকিং কৰিবলৈ আছে। মই সহায় কৰিব লাগিব নেকি”? তাই
হাঁহি মাৰি সুধিলে।
“মই পাৰিম নিকিতা। মোৰ
বেচি সময় নালাগে। কোঠাৰ পৰা আহি আমি একেলগে চাহ খাম”, এই বুলি সি নিজৰ কোঠালৈ খোজ
দিলে। সি লিফ্টত উঠালৈকে তাই তাৰ পিনে চাই থাকিল। ইমান চোকা বিজ্ঞানী যদিও তাক
তাইৰ মৰমলগা সৰু ল’ৰা এজনৰ দৰেই লাগে। নিজৰ বিষয়ে সি কেতিয়াও সচেতন নহয়, নিজৰ কাম
কাজবোৰেই পাহৰি থাকে। অথচ তাৰ মূৰৰ ভিতৰত বিজ্ঞানৰ জটিল সমীকৰণবোৰ চলি থাকে। এই
দুদিন তাৰ লগত কটোৱা সময়খিনি তাই উপভোগ কৰিছে। তাইৰ এনে লাগে এই সময়খিনি আৰু অলপ
দীঘলীয়া হ’লেই ভাল আছিল।
তাইৰ মনলৈ আহিল,
বিজ্ঞানে মানুহক যুক্তিৰে চিন্তা কৰিবলৈ শিকাইছে যদিও কিছুমান অনুভূতিৰ কোনো লজিক
নাথাকে। তাই জানে, অংকিতে তাইক বেছিদিন সংগ দিব নোৱাৰে। হয়তো সি চন্দ্ৰলৈও যাবগৈ
আৰু তাৰ লগত যোগাযোগ কৰিবলৈ তাইৰ কোনো উপায় নাথাকিব। তথাপি তাৰ লগত কটোৱা
মুহূৰ্তবোৰ উপভোগ কৰিবলৈ তাইৰ মন যায়। সি কাষত থাকিলে কিবা এক অনামী অনুভূতিৰে তাইৰ
মন ভৰি পৰে। সি তাইক লগত নিবলৈ কৰা চেষ্টাবোৰে তাক যেন তাইৰ আৰু আপোন কৰি তুলিছে।
সি গুচি গ’লে হয়তো তাই তাৰ অভাৱ বৰকৈ অনুভৱ কৰিব।
কথাবোৰ ভাবি ভাবি তাইৰ চকুযুৰি চলচলীয়া হ’ল।
বিছ মিনিট মানৰ পাছত
সাজু হৈ অংকিত লবীলৈ আহিল। দুয়ো ‘টি অৱ আছাম’ নামৰ হোটেলতে থকা ৰেষ্টোঁৰাখনলৈ গ’ল।
অসমৰ চাহে এতিয়াও পৃথিৱীৰ মানুহক আলোড়িত কৰি আহিছে। আচাম টিৰ ফ্লেভাৰ বিচাৰিয়েই
বহুতো দেশৰ মানুহ এউ হোটেলখনলৈ আহে। বিশ্বৰ চাহৰ বজাৰত ‘ফ্লেভাৰ’ৰ দিশত অসমৰ চাহক
ফেৰ মাৰিব পৰা আন চাহ কমেই আছে। দুয়ো দুকাপ আছাম টি আৰু স্নেকছ অৱ আছাম অৰ্ডাৰ
কৰিলে। স্নেকছ অৱ আছামত অসমীয়া টেকেলী পিঠা, তিল পিঠা, নাৰিকল পিঠা আৰু নাৰিকলৰ
লাৰু দিয়া হয়। অসমীয়া চাহ খাবলৈ অহা মানুহবোৰে অসমীয়া পিঠা খায়ো খুব ভাল পায়।
অসমীয়া চাহৰ উপৰিও বিভিন্ন জনজাতীয় পানীয়সমূহো বিদেশত অতি জনপ্ৰিয় হৈ পৰিছে।
ধুনীয়া বটলত পেকেজিং কৰি থোৱা এই পানীয় সমূহো হোটেল আছাম ৰাইনোলৈ অহা পৰ্যটকৰ
আকৰ্ষণৰ কাৰণ।
চাহ খাই খাই অংকিতে
সুধিলে, “এনালাইছিছখিনি ক’ত ছেভ কৰিছা। মই এবাৰ চাব লাগিব”।
“মই তোমাৰ সুবিধা হয়
বুলি ক্লাউডলৈ আপলোড কৰি দিলোঁ। তোমাৰ মোবাইল ফোনৰ পৰাই চাব পাৰিবা”।
“হে ভগৱান। তুমি মোক
নোসোধাকৈ কিয় তেনে কৰিলা? এইখিনি ডেটা আমি ৰাজহুৱা কৰিব নোৱাৰোঁ। সেই ডেটাখিনি আন
দেশৰ বিজ্ঞানীয়ে পাব লাগিলে সাংঘাটিক কথা হ’ব”। সি উত্তেজিত হৈ উঠিল।
“মই ইমান কেঁচা কাম
কৰা নাই অংকিত, ডেটাখিনি পাছৱৰ্ড নোহোৱাকৈ কোনেও পাব নোৱাৰে। মই তোমক পাচৱৰ্ডটো
দিওঁ, তুমি ছেভ কৰি ডিলিট কৰি দিয়া”।
অংকিতে তাৰ পাম টপ
কম্পিউটাৰটো খুলি ব্যস্ত হৈ পৰিল। খৰধৰকৈ কামখিনি কৰি সি যেন স্বস্তিৰ নিশ্বাস
পেলালে। “তুমি নাজানা নিকিতা, এইখিনি ডেটা আনৰ হাতলৈ গ’লে আমাৰ প্ৰজেক্টটো অৰ্থহীন
হৈ পৰিব। কোনোবাই এই ডেটাৰ অপব্যৱহাৰ কৰিলে ডাঙৰ বিপদ হ’ব। জেনেটিক কোডিঙৰ অপব্যৱহাৰ
আৰম্ভ হৈ গ’লে পৃথিৱীত মানুহ জীয়াই থাকিব নোৱাৰিব”।
নিকিতাই শংকিত
দৃষ্টিৰে অংকিতকৈ চালে।
Comments
Post a Comment