খণ্ড ৭১
ষ্ট্ৰীট লাইটেৰে আলোকিত ৰাতিৰ গুৱাহাটীৰ ৰাস্তাৰে গাড়ী আগবাঢ়িল।
এয়াৰপোৰ্টৰ পৰা জালুকবাৰীলৈ এই সমগ্ৰ অঞ্চলটোত কেইবাটাও মাল্টি নেশ্যনেল কোম্পানীৰ
অফিছ আৰু কল’নি আছে। গুৱাহাটীৰ এই অঞ্চলটো দক্ষিণ-পূব এছিয়াৰ দেশ সমূহৰ লগত বেহা
বেপাৰৰ কেন্দ্ৰ হৈ পৰিছে।
অংকিত গহীন ভাৱত নিৰৱে আছে। নিকিতাই গাড়ীৰ ভিতৰত অলপ ছাফোকেশ্যন
অনুভৱ কৰিলে। তাই গ্লাছখন সামান্য নমাই দিলে। সোঁহাতে দূৰলৈ দীপৰ বিল ৱাটাৰ পাৰ্কত
কিবা ফেষ্টিভেল চলি আছে। সেইপিনে আকাশখন বিভিন্ন ৰঙৰ আলোকেৰে আলোকিত হৈ আছে। সেই
দিশৰ পৰা সংগীতৰ শব্দ ৰিণি ৰিণি ভাঁহি আহিছে।
“শুনাচোন অংকিত। সুৰটো ফোক মিউজিকৰ দৰে লাগিছে”।
অংকিতে কাণ পাতি শুনিবলৈ চেষ্টা কৰিলে। “মই ভালদৰে শুনাই
নাই", এই বুলি কৈ সি মোবাইল ফোনটোৰ পৰা সৰু এণ্টেনা
এডাল টানি উলিয়ালে। অলপ টিউনিং কৰি সি সেই সংগীতৰ উত্স বিচাৰি উলিয়াব পাৰিলে। অলপ
সময়ৰ পিছতে ৰিণি ৰিণি শুনিবলৈ পোৱা সংগীত মোবাইলৰ স্পীকাৰত ষ্পষ্টকৈ বাজি উঠিল।
“সুৰটো সঁচাকৈয়ে ধুনীয়া। অসমীয়া সুৰ যেন লগা নাইযে”। নিকিতাই ক’লে।
অংকিতে মোবাইলটোতে ছাউণ্ড এনালাইজাৰ এপটো খুলিলে। কেইবাডালো ৰেখা
মোবাইলৰ পৰ্দাত উঠা নমা কৰিবলৈ ধৰিলে।
“চোৱা এয়া ফোক মিউজিকৰ ফিউজন। ইয়াত বড়ো, খাচী, আৰু মিচিং ফোক মিউজিক মিহলি হৈ আছে”, অংকিতে নিকিতাক মোবাইলৰ পৰ্দাখন দেখুৱালে।
নিকিতাই আগ্ৰহেৰে চালে। তাইৰ এই ফিউজন কাৰবাৰটো ভাল নালাগে।
প্ৰতিটো ভাষাৰ সংগীতৰ নিজা মাধুৰ্য আৰু বৈশিষ্ট থাকে। সেইবোৰ ফিউজনত হেৰাই যায়।
কিন্তু তথাপিও মিশ্ৰিত সুৰটো ভাল লাগিছে।
অলপ দূৰ যোৱাৰ পিছতে বাজি থকা মিউজিকৰ ভলিউম কমি আহিল। গাড়ীখনে
জালুকবাৰী অতিক্ৰম কৰাৰ পিছতে মিউজিক ক্ৰমে লাহে লাহে শুনিব নোৱৰা হৈ পৰিল।
গাড়ীখন মালিগাওঁৰ নিকিতাৰ এপাৰ্টমেণ্টৰ পদূলি পালে। এপাৰ্টমেণ্টৰ
ওচৰতে কামাখ্যা মন্দিৰলৈ চলা ৰোপ ৱে’ৰ ষ্টেছনটো আছে। ৰোপ ৱে’ৰে
তেতিয়াও মানুহ অহা যোৱা কৰি আছে। অংকিতে সময়টো চালে, এঘাৰ
বাজি চল্লিশ মিনিট গৈছে।
“মানুহে ৰাতিও মন্দিৰ দৰ্শন কৰিবলৈ যায়নে”? অংকিতে নিকিতালৈ চাই সুধিলে।
“যায়, পিছে অকল মন্দিৰ দৰ্শনৰ বাবে নহয়, ৰাতি বহুতে ৰোপ ৱে’ৰ পৰা ৰাতিৰ গুৱাহাটীখন চাবলৈ যায়। ব্ৰহ্মপুত্ৰৰ পাৰত লাইটেৰে উজ্বলি থকা গুৱাহাটীৰ সৌন্দৰ্য চাবলৈ বহুত বাহিৰৰ মানুহো আহে। নীলাচল পাহাৰৰ ওপৰত থকা ৰিজ’ৰ্ট বোৰলৈ যায়। তুমি চাগে’ যোৱা নাই নহয়নে”?
“যায়, পিছে অকল মন্দিৰ দৰ্শনৰ বাবে নহয়, ৰাতি বহুতে ৰোপ ৱে’ৰ পৰা ৰাতিৰ গুৱাহাটীখন চাবলৈ যায়। ব্ৰহ্মপুত্ৰৰ পাৰত লাইটেৰে উজ্বলি থকা গুৱাহাটীৰ সৌন্দৰ্য চাবলৈ বহুত বাহিৰৰ মানুহো আহে। নীলাচল পাহাৰৰ ওপৰত থকা ৰিজ’ৰ্ট বোৰলৈ যায়। তুমি চাগে’ যোৱা নাই নহয়নে”?
“নাই যোৱা। কিন্তু মই আমেৰিকালৈ যোৱাৰ আগতে এবাৰ
যাবলৈ মন আছে। কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ মায়েও কৈ থাকে। কিন্তু মোৰ চোন সময়েই
নাই”।
ড্ৰাইভাৰে পিছপিনৰ ঢাকনিখন খুলি দিলে। নিকিতাই লাগেজ নমাবলৈ গ’ল। হঠাতে অংকিতে ক’লে, “তুমি এতিয়া লাগেজ নমাব নালাগে। গাড়ীতে থাকক”।
তাই আচৰিত হ’ল। সি কি ক’ব খুজিছে তাই যেন বুজি নাপালে।
“ব’লা নিকিতা, আমি আজি ৰোপ ৱে’ৰে গৈ নীলাচল হিলটপত ডিনাৰ কৰি
আহোঁগৈ। মই জনাত হিলটপত কেইবাখনো ভাল ৰেষ্টোৰাঁ আছে আৰু সেইকেইখন পুৱতি নিশালৈ চলি
থাকে”।
“তুমি সঁচাকৈয়ে কৈছানে”? তাইৰ
যেন বিশ্বাস কৰিবলৈ টান লাগিল। সাধাৰণতে তাইহে তাক লগ ধৰিবলগীয়া হয়। সাধাৰণতে সি
এইবোৰ অনাৱশ্যকীয় চখ বুলি ভাবে।
“সঁচাকৈয়ে কৈছোঁ। ঘৰত মায়ে ডিনাৰ সাজু কৰি ৰৈ আছে।
কিন্তু মোৰ তোমাৰ লগত নীলাচল হিলটপত ডিনাৰ কৰিবলৈ মন গৈছে। ব’লা যাওঁ”।
নিকিতাই অংকিতৰ চকুত তাই চাবলৈ বিচাৰি থকা তিৰবিৰণি যেন দেখা পালে।
তাইৰ মনটো ভাল লাগি গ’ল।
Comments
Post a Comment