খণ্ড ৬২



“নিকিতাক কেইটামান প্ৰয়োজনীয় কাম কৰিবলৈ দিছোঁ। দেউতাৰ গৱেষণাৰ ডেটা নতুনকৈ এনালাইছিছ কৰিবলৈ আছিল। তাই আজি হোটেলতে থাকি এই কামটো কৰি আছে”। অংকিতে ক’লে।
“নিকিতাই তোমাৰ গৱেষণাৰ বিষয়ে সকলো কথাই জানে নেকি”? এমিলিয়ে প্ৰশ্ন কৰিলে।
“নিকিতা মোৰ গৱেষণাৰ সহযোগী। পঢ়া শুনাৰ কামখিনি ময়েই বেছিকৈ কৰোঁ। তাই এক্সপেৰিমেণ্ট বোৰত মোক সহায় কৰে। ডেটা এনালাইছিছতো তাই ভাল”।
এমিলিয়ে কিবা এটা চিন্তা কৰিলে। “তুমি পাছলৈ নিকিতাৰ নাম প্ৰস্তাৱ কৰিব পাৰিবা। তায়ো নাছাত গৱেষণা কৰাৰ সুযোগ পাব”।
“মই তাইকো মোৰ লগতে গৱেষণা কৰাৰ সুযোগ দিবলৈ অনুৰোধ কৰিছিলোঁ। কিন্তু সেয়া সম্ভৱ নহ’ল”। ফলৰ ৰসৰ গিলাছটোত শোহা মাৰি অংকিতে ক’লে।
“মই কথাটো গম পাইছোঁ। সহকৰ্মীৰ কাৰণে তোমাৰ এই সহমৰ্মিতাৰ মই শলাগ লৈছোঁ”, এমিলিয়ে হাঁহিলে।
অংকিতে অলপ সময় চিন্তা কৰি ক’লে, “চন্দ্ৰপৃষ্ঠলৈ গৱেষণা কৰিবলৈ যোৱাৰ কথা মই সপোনতো ভবা নাছিলোঁ। কিন্তু চন্দ্ৰপৃষ্ঠৰ পৰিৱেশৰ বিষয়ে জানিবলৈ মন আছে।  চন্দ্ৰত মানুহৰ বসতি হ’লে আমিয়ো হয়তো তালৈ গৈ থাকিবলগীয়া হ’ব পাৰে”
“এতিয়াও বহুতো প্ৰত্যাহ্বান আছে অংকিত। আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হ’ল, চন্দ্ৰপৃষ্ঠত বসতি কৰা মানুহৰ কাৰণে তাত খাদ্যৰ উত্পাদন। চন্দ্ৰত দিন আৰু ৰাতি উভয়ে ১৪ দিনীয়া হয় আৰু দিনৰ সময়ত উত্কট গৰম আৰু ৰাতি সাংঘাটিক ঠাণ্ডা হয়। তেনে পৰিৱেশত চন্দ্ৰত শস্য উত্পাদন কৰাটো এতিয়াও সম্ভৱ হোৱা নাই। আৰু এটা সমস্যা হ’ল চন্দ্ৰত বায়ুমণ্ডল নাই আৰু সেই কাৰণে বৰ্হিবিশ্বৰ পৰা অহা কছমিক ৰেডিয়েচনৰ প্ৰভাৱ অতি বেছি। তদুপৰি চন্দ্ৰৰ মাটি শস্য উত্পাদন কৰাৰ কাৰণে উপযোগী নহয়। বৰ্তমান তাত থকা গৱেষকসকলৰ কাৰণে গ্ৰীণহাউছ নিৰ্মাণ কৃত্ৰিমভাৱে বায়ু আৰু পানীৰ যোগান ধৰি কৰি অতি লাগতিয়াল শস্য উত্পাদন কৰা হৈছে। সোনকালেই চন্দ্ৰত বহুতো গ্ৰীণহাউছ নিৰ্মাণ কৰি শস্য উত্পাদনত চন্দ্ৰক স্বাৱলম্বী কৰাৰ কাম আৰম্ভ হ’ব”, এমিলিয়ে বুজাই দিলে।
“চন্দ্ৰপৃষ্ঠত যদি গছ গছনি, আন পশু পক্ষী, চৰাই চিৰিকতি নাথাকে, মানুহে তাত বসতি কৰিলেও থাকিবলৈ ভাল পাব জানো? কৃত্ৰিমভাৱে চন্দ্ৰক মানুহৰ উপযোগী কৰিলেও তাত পৃথিৱীৰ দৰে প্ৰাকৃতিক পৰিৱেশ পোৱা যাব জানো”? অংকিতে চিন্তাক্লিষ্ট হৈ সুধিলে।
“সেইকাৰণেই আমাক জেনেটিক ইঞ্জিনিয়াৰিঙৰ সহায় লাগে। আমি লেবৰেটৰীত চন্দ্ৰৰ পৰিৱেশত বাচি থাকিব পৰা মানুহ আৰু জীৱ জন্তুৰ জেনেটিক ফৰ্মূলা তৈয়াৰ কৰিব লাগিব। সেইদৰে চন্দ্ৰত খেতি কৰিব পৰা শস্যৰ ওপৰতো যথেষ্ট গৱেষণাৰ প্ৰয়োজন আছে। তুমি কৰা গৱেষণাৰ বিষয়ে সেইকাৰণেই আন্তৰ্জাতিক পৰ্যায়ত গুৰুত্ব লাভ কৰিছে। জেনেটিক কোডিং আৱিষ্কাৰ কৰিব পাৰিলে তুমি একেদিনাই বিশ্ববিখ্যাত হৈ পৰিবা”, এমিলিয়ে উত্সাহেৰে ক’লে।
“তুমি মোক সহায় কৰিবানে এমিলি”? অংকিতে এমিলিলৈ চালে।
“নিশ্চয় কৰিম অংকিত। তোমাক নাছাৰ গৱেষণাৰ কাৰণে সুবিধা দিবলৈ ময়েই প্ৰস্তাৱ কৰিছিলোঁ। সেইকাৰণে তোমাৰ গৱেষণাৰ সাফল্যত মই সহায় কৰিবই লাগিব। অতি সোনকালে জেনেটিক কোডিঙৰ ক্ষেত্ৰত যুগান্তকাৰী আৱিষ্কাৰ নহ’লে চন্দ্ৰত কলনী স্থাপন কৰাৰ পৰিকল্পনা সফল নহ’ব। তাৰ মাজতো নতুন প্ৰত্যাহ্বান আহিছে বৰ্হিবিশ্বৰ প্ৰাণীৰ পৰা। আমি পৃথিৱীৰ মানুহে যদি অনতিপলমে চন্দ্ৰত বসতি স্থাপন নকৰোঁ, বৰ্হিবিশ্বৰ প্ৰাণীয়ে চন্দ্ৰ দখল কৰিব। এই বিষয়ে যথেষ্ট প্ৰমাণ পোৱা গৈছে। তেওঁলোকে পৃথিৱীৰ মানুহৰ ওপৰতো এক্সপেৰিমেণ্ট চলোৱা আৰম্ভ কৰিছে। মোৰ গৱেষণাপত্ৰতো এই বিষয়ে কৈছিলোঁ।  তুমি আমাৰ লেবৰেটৰীত কাম কৰিলে আগতে চিন্তা নকৰা এনে কিছুমান দিশৰো সন্ধান পাবা”।
অংকিতে যেন এতিয়াহে ধৰিব পাৰিলে তাৰ গৱেষণাৰ গুৰুত্ব কিমান বেছি। তাৰ দেউতাকৰ কথা মনত পৰিল। মানুহে চন্দ্ৰত বসতি স্থাপন কৰিবলৈ এই গৱেষণাৰ প্ৰয়োজন হ’ব বুলি হয়তো দেউতাকে কেতিয়াও ভবাই নাছিল। অথচ দেউতাকে তাহানিতেই জেনেটিক কোডিঙেৰে মানুহক সলনি কৰাৰ এক অদ্ভূত, অবিশ্বাস্য এক্সপেৰিমেণ্ট কৰি থৈ গৈছে। তাৰ এনে লাগিল, সেই বিষয়ে দেউতাকে গৱেষণাপত্ৰ প্ৰকাশ কৰিলে তেওঁ হয়তো নোবেল পুৰষ্কাৰ পালেহেতেন।
এনেতে অংকিতলৈ ডক্তৰ ভানুমতীয়ে ফোন কৰিলে, “তোমাৰ কণ্ট্ৰেক্ট ৰেডি হৈ আছে। অসমৰ তোমাৰ প্ৰতিস্থানটোৰ পৰাও অনুমতিও আহি গ’ল। এমিলিৰ লগত একেলগে অফিছলৈ আহা। তুমি চহী কৰিলেই আজিৰ পৰা নাছাই তোমাৰ দায়িত্ব ল’ব”।
অলপ সময়ৰ পাছতে দুয়ো একেলগে হোটেলত থকা অস্থায়ী অফিছটোলৈ খোজ ল’লে।

Comments

Popular posts from this blog

খণ্ড ১