খণ্ড ৬৩
ডক্তৰ ভানুমতী আৰু
এমিলিৰ সহযোগত অংকিতে কণ্ট্ৰেক্টত চহী কৰিলে। চহী কৰাৰ আগতে সি তাৰ প্ৰতিস্থানটোৰ মুৰব্বী সুৰজিত চৌধুৰীৰ লগত
কথা পাতিলে। চৌধুৰীয়ে তাক উত্সাহ দিলে, এই সিদ্ধান্তই তাৰ কেৰিয়াৰত নাটকীয়
পৰিৱৰ্তন আনিব। নাছাই দিব পৰা সকলো সুবিধা অসমৰ গৱেষণা প্ৰতিস্থানত উপলব্ধ নহয়।
চহী কৰাৰ পাছত তাত উপস্থিত থকা সকলোৱে তাক হাত চাপৰি বজাই অভিনন্দন জনালে।
ভানুমতীয়ে এটা পেকেট
তাৰ হাতত দিলে। পেকেটটোত সি যোগদান কৰাৰ পাছত ক’ত কেনেকৈ প্ৰশিক্ষণ ল’ব লাগিব, কি
কি বিষয়ৰ অধ্যয়ন কৰিব লাগিব সকলো কথা থকা বুলি ভানুমতীয়ে তাক জনালে। সি এঠাইত বহি
পেকেটটো খুলি ভিতৰত থকা কাগজ পত্ৰবোৰত চকু ফুৰালে। সেইবোৰ চাই থাকোঁতে সি লাহে
লাহে অনুভৱ কৰিলে অচিৰেই তাৰ জীৱন সলনি হ’ব। এটা অনিশ্চিত ভৱিষ্যতে তাক হাত বাউল
দি মাতিছে।
সি মাক আৰু ককাকৰ
লগতো কথা পাতিলে। মাকে সকলোবোৰ ইমান সোনকালে হ’ব বুলি আশা কৰা নাছিল। কথাটো শুনি
তেওঁৰ বুকুখন উদং উদং লাগিল। বৰ মৰমেৰে বুকুৰ মাজত ৰাখি থোৱা চৰাইটোৱে যেন এতিয়া
তেওঁৰ বুকু উদং কৰি মুকলি আকাশৰ বুকুলৈ উৰা মাৰি যাব।
এমিলিয়ে তাক বিদায় দি
নিজৰ কোঠালৈ যোৱাৰ পাছত ভানুমতী তাৰ কাষত বহিল। তেওঁ ক’লে, “তুমি এসপ্তাহৰ পাছতে
হিউষ্টন পাবগৈ লাগিব। তোমালৈ টিকট আৰু যাত্ৰাৰ কাৰণে প্ৰয়োজনীয় সকলো কাগজ পত্ৰ
তোমালৈ পঠিয়াই দিয়া হ’ব। গুৱাহাটীলৈ গৈয়েই তুমি তাত থকা আমেৰিকান দূতাবাসৰ
কাৰ্যালয়ৰ লগত কথা পাতিবা। তোমাৰ কাৰণে
বিশেষ ভিছাৰ ব্যৱস্থা কৰি দিব”।
“মই কিছু নাৰ্ভাছ
অনুভৱ কৰিছোঁ। ইমান খৰধৰকৈ সকলোখিনি হৈ গ’ল। মোৰ মায়ে অলপ ভয়েই খাইছে। মাক আপোনাৰ
বিষয়ে ক’ম। হয়তো আপোনাৰ কথা ক’লে মাৰ চিন্তা কমিব”। অংকিতে তললৈ মূৰ কৰি ক’লে।
“তোমাৰ মাক মই বহুত
বছৰ আগতে এবাৰ নে দুবাৰ লগ পাইছিলোঁ। তেতিয়া তোমাৰ দেউতাও জীৱিত আছিল। ইমান দিনৰ
পাছত তেওঁৰ মোৰ কথা মনত নাথাকিবও পাৰে। কিন্তু মই ভাবো, এতিয়া তুমি নিজৰ
সিদ্ধান্তত যাবলৈ ওলাইছা বুলি কোৱাটোহে ভাল হ’ব। মই তোমাক কোনো ধৰণে প্ৰভাৱিত কৰি
এই সিদ্ধান্ত ল’বলৈ বাধ্য কৰাইছোঁ বুলি যাতে তেওঁলোকে নাভাবে”।
“মই বুজিছোঁ মেডাম।
আপুনি মোৰ ঘৰৰ সকলো মানুহকে চিনি পায়। আপোনাক লগ পোৱা বুলি ক’লে মা আৰু ককাৰ
চিন্তা কিছু দূৰ হ’ব। মই এতিয়ালৈ
আপোনাক লগ পোৱা কথাটো কোৱাই নাই”।
“কোৱা নাই যদি কোৱাৰ
প্ৰয়োজনো নাই। অসমৰ গৱেষণা প্ৰতিস্থানটোত প্ৰতি বছৰে বহুত ল’ৰা ছোৱালীয়ে ৰিছাৰ্চ
স্কলাৰ হিচাপে যোগদান কৰে, বহুতে এৰি যায়গৈ। ময়ো তেতিয়া একেবাৰে নতুন আছিলোঁ। মোৰ
বিষয়ে তেওঁলোকৰ একো কথা মনত নাথাকিবও পাৰে”। ভানুমতীয়ে ক’লে।
“মোৰ দেউতাকতো আপুনি
ভালদৰেই লগ পাইছিল। তেওঁৰ বিষয়ে আপোনাৰ মুখত শুনিবলৈ মন আছে। তেওঁৰ মৃত্যুৰ ৰহস্যৰ
বিষয়ে আপুনি কি জানে”? অংকিতে ভানুমতীৰ মুখলৈ চাই সুধিলে।
অংকিতৰ প্ৰশ্নত ভানুমতী
কিছু থতমত খালে। তেওঁ অলপ ৰৈ লাহে লাহে ক’লে, “তোমাৰ দেউতা খুব ভাল মানুহ আছিল।
তেওঁ আমাৰ প্ৰতিস্থানটোৰ আটাইতকৈ প্ৰতিভাশালী বিজ্ঞানী আছিল। সেই কাৰণে হয়তো তেওঁৰ
শত্ৰুও আছিল। সেইসময়ত তেওঁ যিটো বিষয়ত গৱেষণা কৰিছিল, সেই বিষয়টোৰ গৱেষণা এতিয়াও
চলি আছে আৰু কোনো সমাধানসূত্ৰ ওলোৱা নাই। তেওঁ অসমীয়া মানুহৰ ওপৰত যিটো প্ৰয়োগ
কৰিছিল, সেই কথাই এতিয়াও পৃথিৱীৰ বিজ্ঞানী সমাজক আচৰিত কৰে। তেওঁৰ গৱেষণাপত্ৰ
প্ৰকাশ পালে হয়তো তেওঁক আমি জেনেটিক প্ৰগ্ৰামিঙৰ পিতৃপুৰুষ হিচাপে চিনি
পালোঁহেতেন”।
“কিন্তু তেওঁৰ
গৱেষণাগাৰতে মৃত্যু হৈছিল। কিছুমানে তেওঁ আত্মহত্যা কৰিছিল বুলিও ক’ব খোজে। কিন্তু
তেওঁক হত্যা কৰা হৈছিল বুলিও বহুতে বিশ্বাস কৰে। দেউতাৰ মৃত্যুৰ দিনা আপুনি তাত
কাম কৰি আছিলনে”?
“সেইদিনা তেওঁ খুব
পুৱাতে আহি গৱেষণাগাৰত সোমাইছিল। দিনটো তেওঁ কোঠাৰ পৰা ওলোৱা নাছিল। সন্ধিয়া
প্ৰতিস্থানটো বন্ধ হৈ যোৱাৰ পাছতো তেওঁ কাম কৰি আছিল। ৰাতি ঘৰলৈ উভতি নোযোৱা কাৰণে
তেওঁক তোমাৰ মায়ে ফোন কৰিছিল। কিন্তু তেওঁৰ ফোনো বন্ধ হৈ আছিল। পাছত বিচাৰি যাওঁতে
তেওঁক গৱেষণাগাৰতে চকীত বহি থকা অৱস্থাত মৃত পোৱা গৈছিল”। ভানুমতীয়ে ক’লে।
“এইখিনি কথা ময়ো
শুনিছোঁ। কিন্তু তেওঁক কোনে হত্যা কৰিলে? কিয় হত্যা কৰিলে”?
“বিজ্ঞানৰ জগতখনো
ইমান সহজ সৰল নহয় অংকিত। এটা মূল্যবান আৱিষ্কাৰ, যিটোৰ কাৰণে সঁচা বিজ্ঞানী এজনে
জীৱনপাত কৰে, সেই আৱিষ্কাৰ তেওঁৰ পৰা কাঢ়ি লৈ যোৱাৰো উদাহৰণ আছে। হয়তো আয়েংগাৰ
ছাৰৰ সেই আৱিষ্কাৰৰ কথা প্ৰকাশ পোৱাটো কোনোবা শক্তিয়ে বিচৰা নাছিল। তুমি আমেৰিকান
গৱেষনাগাৰত কাম কৰিলে এই বিষয়ে এটা ভাল ধাৰণা হ’ব”।
অংকিতে ভাবিলে,
ব্যক্তিগতভাৱে তাৰ কেৰিয়াৰৰ লাভ হওক বা নহওক, কিন্তু সি দেউতাকৰ মৃত্যু ৰহস্য
জানিবই লাগিব। প্ৰথম বাৰৰ কাৰণে তাৰ এনে অলগিল, সি সঠিক সিদ্ধান্তই লৈছে।
Comments
Post a Comment