খণ্ড ৬৯
মাইকেলে
কথাবোৰ ভাবি থাকোঁতে ভানুমতীয়ে ফোন কৰিলে, “অতি সোনকালে অংকিত আয়েংগাৰৰ ভিছাৰ
ব্যৱস্থা কৰা। তেওঁৰ ট্ৰেইনিং সোনকালে আৰম্ভ হ’ব লাগে। এমিলিক সেইটো কামৰ কাৰণে
ৰখাই থোৱা আছে। এতিয়া আৰু অংকিতক কিয় বাচনি কৰা হ’ল, সেই বিষয়ে মূৰ ঘমাই লাভ নাই”।
“হৈ
যাব। মই আজিয়েই গুৱাহাটীত থকা আমেৰিকান দূতাবাসলৈ চিঠি প্ৰেৰণ কৰিম। অংকিতক তিনি
দিনৰ ভিতৰত আবেদন কৰিবলৈ নিৰ্দেশ দিয়া। ভিছাৰ কাৰণে চিন্তা কৰিব নালাগে”। মাইকেলে
ভানুমতীৰ কথা সাধাৰণতে পেলাব নোৱাৰে। ভানুমতীৰ কাৰণে কিবা এটা কৰিব পাৰিলে সি সকাহ
অনুভৱ কৰে। বিবাহ বিচ্ছেদ হোৱাৰ
পাছতো দুয়ো দুয়োৰে লগত বন্ধুত্ব সুলভ সম্পৰ্ক বজাই ৰাখিছে। মাজে সময়ে ফোন কৰি দুয়ো
দুয়োৰে খবৰ লয়। মাইকেলে ভানুমতীয়ে তুলি লোৱা জীয়ৰী আৰ্মাণ্ডাৰো খবৰ ৰাখে।
কিন্তু
অংকিত আয়েংগাৰৰ প্ৰতি ভানুমতী যেন অধিক সদয় হৈ পৰিছে। আগতেও ভানুমতীয়ে নাছাৰ কাৰণে
বিজ্ঞানী নিৰ্বাচনত সহযোগ কৰিছে। কিন্তু কেতিয়াও ইমান তত্পৰতা প্ৰদৰ্শন কৰা নাই।
এই কথাটোৱে মাইকেলৰ মনত খুদুৱনি তুলিলে। তেওঁ ভাবিলে এই কাৰণটো জানিবই লাগিব।
সেইদিনাই
সন্ধিয়া এমিলিয়ে ভানুমতীলৈ ফোন কৰিলে, “মেডাম, অংকিতৰ নিৰ্বাচনক লৈ ওপৰ মহলত কিছু
কথা বতৰা চলিছে বুলি গম পাইছো। এই নিৰ্বাচনত ময়ো জড়িত থকা কাৰণে মোলৈও কেইবাটাও
ফোন আহিছে। মই আপোনাৰ সিদ্ধান্তক সমৰ্থন কৰা বুলিয়েই কৈছোঁ। ভিডিঅ’ কনফাৰেন্সৰ
যোগেদি অংকিতৰ সাক্ষাত্কাৰো লোৱা হৈছিল। এতিয়া আৰু কিহৰ সমস্যা”?
ভানুমতীয়ে
ক;লে - “এমিলি, তেওঁলোকে বুজিয়েই পোৱা নাই, অংকিত আমাৰ কাৰণে কিমান ডাঙৰ সম্পদ হ’ব
পাৰে। মই তেওঁৰ গৱেষণাৰ বিষয়ে অনুসন্ধান কৰি গম পাইছোঁ অতি সোনকালেই তেও জেনেটিক
কোডিঙৰ ৰহস্য ভেদ কৰিব পাৰিব। কিন্তু অসমত থাকি গৱেষণা কৰি থাকিলে তেওঁৰ গৱেষণাত
বহুত সময় ল’ব। তুমিতো জানাই, এই বিষয়ৰ গৱেষণা কৰা বিজ্ঞানী সকলৰ সুৰক্ষাৰ কথাও
থাকে। তেও কৰা আৱিষ্কাৰে তেওঁৰ জীৱনো বিপন্ন কৰি তুলিব পাৰে। সেইকাৰণে মই অংকিতক
আমেৰিকালৈ আনিব খুজিছোঁ। অংকিতে ইয়াত নতুবা চন্দ্ৰপৃষ্ঠত সুৰক্ষাৰ পৰিৱেশত কাম
কৰিব। তেওঁ কৰা আৱিষ্কাৰৰ কাৰণে আমেৰিকাই এদিন গৌৰৱ কৰিব পাৰিব”।
ভানুমতীয়ে
এমিলিক বুজাই দিলেযে নিজৰ সিদ্ধান্তৰ ওপৰত
তেওঁৰ অটল বিশ্বাস আছে। অংকিত নাছালৈ গৱেষণা কৰিবলৈ নিৰ্বাচিত হোৱাৰ কাৰণে তেওঁ
সুখী হৈছে। তেওঁ সদায় অনুভৱ কৰে অংকিতৰ দেউতাক গণপতি আয়েংগাৰে আমেৰিকাত গৱেষণা
কৰিবলৈ পোৱা হ’লে তেওঁ কম সময়তে বিশ্ব বিখ্যাত হৈ পৰিলহেতেন। গণপতিয়ে নোপোৱা সেই
সুযোগ তেওঁ অংকিতে পোৱাটো বিচাৰে। তেওঁৰ বিশ্বাস আছে, আমেৰিকান গৱেষণাগাৰত থকা
সুবিধাবোৰ ল’ব পাৰিলে অংকিতেও হয়তো এদিন বিশ্ব বিখ্যাত আৱিষ্কাৰ কৰিবলৈ সক্ষম হ’ব
আৰু নাছাৰ নাম উজ্বলাই তুলিব। এমিলিয়ে
ভানুমতীৰ সিদ্ধান্তক সমৰ্থন কৰি যাব বুলি কথা দিলে।
সেইদিনা
নিশাই এমিলিলৈ চন্দ্ৰপৃষ্ঠত কাম কৰি থকা সহকৰ্মী গৱেষক নিকোলাছৰ পৰা এটা বাৰ্তা
আহিল। “তুমি নতুন গৱেষকজনক লৈ সোনকালে আহা। বহুত কথা আছে। আমি কৰিবলগীয়া কাম বহুত
আছে। এইকেইদিন তেওঁলোকে বৰ আমনি কৰি আছে। আমি যদি তেওঁলোকক কিবা এটা কৰি নিদিওঁ,
আমাক ইয়াত শান্তিৰে থাকিব নিদিয়ে”।
বাৰ্তাটো
পাই এমিলি চমকি উঠিল। তাই ভাবিলে, ভানুমতীয়ে সুৰক্ষাৰ কাৰণে অংকিতক চন্দ্ৰপৃষ্ঠলৈ
পঠিওৱাৰ কথা কৈছে। কিন্তু তাইহে জানে কেনে পৰিৱেশৰ মাজত চন্দ্ৰপৃষ্ঠত তেওঁলোকে কাম
কৰিবলগীয়া হৈছে। অথচ এইবোৰ কথা কোনেও ক’তো প্ৰকাশ কৰিব নিদিয়ে। চন্দ্ৰপৃষ্ঠত বাহৰ
পাতি থকা বৰ্হিবিশ্বৰ প্ৰাণীবোৰৰ কথা আজিলৈ কোনো জাৰ্ণেলত ওলোৱা নাই। নাছাই সেই
প্ৰাণীবোৰক ব্যৱহাৰ কৰি চন্দ্ৰপৃষ্ঠত খনিজ পদাৰ্থৰ কাৰণে খনন কৰাৰ পৰিকল্পনা কৰিছে
আৰু সেই বিষয়ে পৰিকল্পনা সম্পূৰ্ণ হ’লেহে বিশ্ববাসীৰ আগত প্ৰকাশ কৰাৰ কথা পাঙিছে।
সেই প্ৰাণীবোৰৰ লগত সহ অৱস্থান কৰি গৱেষণা চলাই থকাটো কিমান টান কাম তাত থকা
বিজ্ঞানীকেইজনেহে গম পায়। এই বিষয়ে ভানুমতীয়েও ভু নাপায়।
তাইৰ
এনে লাগিল, চন্দ্ৰপৃষ্ঠতকৈ পৃথিৱীখন এতিয়াও বহুত শান্তিপূৰ্ণ হৈ আছে।
Comments
Post a Comment