খণ্ড ১৩
বেংককৰ হুৱা লামফং ষ্টেচনত ট্ৰেইনখন নিৰ্দিষ্ট সময়তকৈ এক
মিনিট আগতে প্ৰৱেশ কৰিলে। অংকিত আৰু নিকিতা নামিবলৈ সাজু হৈয়েই আছিল। নামিবলৈ
লোৱাৰ সময়ত ডবাৰ স্পীকাৰত যাত্ৰীসকললৈ বিদায় সম্ভাষণ দিয়া হ’ল। ট্ৰেইনখন আৰু আগলৈ
নাযায়। তিনিঘণ্টা বিৰতি লৈ আকৌ গুৱাহাটীলৈ যাত্ৰা আৰম্ভ কৰিব।
বেংককত অসম চৰকাৰৰ পঞ্চতাৰকা হোটেল আছাম ৰাইনোত অংকিত আৰু
নিকিতাৰ বাবে কোঠা বুক কৰা আছে।
ৰে’লৱে ষ্টেছনৰ পৰা ওলাই দুয়ো ভিছা
অন এৰাইভেল কাউণ্টাৰলৈ গৈ নিজৰ নিজৰ ভিছা সংগ্ৰহ কৰিলে।
ৰে’ল ষ্টেচনৰ পৰা ওলাই যোৱা বাটটোৰ কাষত কেইটাও কিয়ক্স আছে।
যাত্ৰীসকলে নিজৰ সুবিধামতে ৰে’ল ষ্টেচনৰ পৰা চহৰৰ বিভিন্ন ঠাইলৈ যোৱা টিকেট কৰিছে।
কিন্তু কিয়ক্সবোৰৰ সকলোতে ইংৰাজী ভাষাটো নথকা কাৰণে কিছুমান যাত্ৰীৰ অলপ সমস্যা
হৈছে।
অংকিত আৰু নিকিতাই যিটো কিয়ক্সৰ ওচৰত থিয় হ’ল, সেইটোতো
ইংৰাজী ভাষাটো নাই। থাই ভাষাটোৰ বৰ্ণবোৰৰ পাক বিলাক অসমীয়াৰ দৰেই, কেৱল নাজানিলে
বুজিব নোৱাৰি। হয়তো দুয়োটা ভাষাৰ বৰ্ণৰ আৰম্ভণি হয়তো একেটাই আছিল। দুবাৰমান আণ্ডাজ
মতে চেষ্টা কৰি চায়ো অংকিতে উৱাদিহ নাপালে।
দুয়ো সমস্যাত পৰা দেখি এগৰাকী বয়সিয়াল মহিলা আগবাঢ়ি আহিল।
তেওঁ ইংৰাজী জানে। হোটেলৰ নাম কোৱাত তেওঁ টাচ স্ক্ৰীণখনত টিপা টিপি কৰি দুটা স্কাই
টেক্সীৰ টিকেট উলিয়াই দিলে। দুয়ো তেওঁক ধন্যবাদ জনালে। মহিলাগৰাকীয়ে নমষ্কাৰ জনাই
দুয়োকে অভিবাদন কৰিলে। নমশ্কাৰ কৰাটো থাই সকলৰো পৰম্পৰা।
মহিলাগৰাকীক ধন্যবাদ জনাই দুয়ো লিফটেৰে উঠি স্কাই টেক্সী
ষ্টেচনলৈ গ’ল। ইলেকেট্ৰিক ম’ন’ ৰেইলত আকাশৰ বুকুত চলাচল কৰা স্কাই টেক্সীৰে কম খৰছতে
আৰু কম সময়ত বেংককত অহা যোৱা কৰিব পাৰি। নহ’লে যান জঁটৰ বাবে প্ৰায়ে ঘণ্টাৰ পিছত
ঘণ্টা আৱদ্ধ হৈ থাকিবলগীয়া হয়। স্কাই টেক্সীৰে গৈ হোটেলৰ ওচৰ পাবলৈ তেওঁলোকক
পোন্ধৰ মিনিটমান সময়হে লাগিল।
হোটেল আছাম ৰাইনোত দুয়োকে মেখেলা চাদৰ পিন্ধা দুজনী যুৱতীয়ে
দুয়োকে অসমীয়া গামোচা পিন্ধাই আদৰণি জনালে। সেয়া হোটেলখনৰ পৰম্পৰা, যাতে তালৈ অহা
অতিথিসকলে অসমীয়া সংস্কৃতিৰ আভাস পায়। হোটেলৰ লবীত অসমৰ বাঁহ-বেতৰ শিল্পীয়ে
নিৰ্মাণ কৰা বিভিন্ন সামগ্ৰী ধুনীয়াকৈ সজাই থোৱা আছে। ঠায়ে ঠায়ে অসমীয়া জাপি সজাই
থোৱা আছে। লবীৰ সোমাজত এটা বৃহদাকাৰৰ অসমৰ এশিঙীয়া গড়ৰ অৱয়ব ধুনীয়াকৈ সজাই থোৱা
আছে।
ৰিচেপচনত চাৰিগৰাকী ধুনীয়া গাভৰুৱে চাদৰ মেখেলা পিন্ধি
অভ্যাগত সকলৰ অভ্যৰ্থনাৰ কাম কৰিছে। অংকিত আৰু নিকিতাই কিছুসময় শাৰীত থিয় হোৱাৰ
পিছত নিজৰ পৰিচয় পত্ৰ দেখুৱাই নাম ঠিকনা লিখাৰ ফৰ্মেলিটি খিনি সম্পূৰ্ণ কৰিলে।
ৰিচেপচনত লগ পোৱা যুৱতীজনীৰ লগত চিনাকী হৈ অংকিতে গম পালে
তেওঁ জন্মসূত্ৰে অসমীয়া নহয়। তেওঁৰ নাম আবেন, ঘৰ বেংককতে। কিন্তু আছাম ৰাইনোত কাম
কৰি তেওঁ সলসলীয়াকৈ অসমীয়া ক’ব পৰা হৈছে। অসমৰ পৰা অহা অতিথিৰ লগত অসমীয়াতে কথা
বতৰা পতাটো হোটেলখনে পালন কৰি অহা আন এটা নিয়ম।
“আপোনালোকক হোটেল আছাম ৰাইনোলৈ স্বাগতম জনাইছোঁ”, আবেনে
হা্হি মাৰি ক’লে।
কোঠাৰ ছাবি কাৰ্ড দুখন আগবঢ়াই দি আবেনে ক’লে, “মিষ্টাৰ
অংকিত, আপোনাৰ ৰূম ফিফটিনথ ফ্লোৰত আৰু মিছ নিকিতা আপোনাৰ টেনথ ফ্লোৰত”।
“আমাৰ দুয়োকে একে ফ্লোৰত দিলে ভাল পালোঁহেতেন”, নিকিতাই
ক’লে।
“আই এম ছ’ৰী মেম। আমাৰ হোটেল ফুল বুক হৈ অছে। আৰু কোনো ৰুম
খালি নাই”। আবেনে হা্হি মাৰি ক’লে।
বেংককত অসম চৰকাৰৰ পঞ্চতাৰকা হোটেল আছাম ৰাইনোৰ জনপ্ৰিয়তা
দেখি অংকিতৰ ভাল লাগিল। এইখন হোটেল অসম চৰকাৰে দক্ষিণ পূব এছিয়াৰ বিভিন্ন প্ৰধান
চহৰত খোলা এলানি হোটেল চেইনৰ অংশ। আছাম ৰাইনো হোটেল ছিংগাপুৰ, কুৱালালামপুৰ,
জাকাৰ্তা আদিতো স্থাপন কৰা হৈছে। স্বকীয় পৰম্পৰা ৰক্ষা কৰি অতিথিক কম খৰছত এক
ভিন্ন স্বাদ দিবলৈ সক্ষম হোৱা বাবে এইলানি হোটেল চেইন অসম চৰকাৰৰ এক লাভজনক ব্যৱসায়
হিচাপে চিহ্নিত হৈছে।
হোটেলখনৰ আদব কায়দা দেখি অংকিতৰ মনটো ভাল লাগি গ’ল। অসম
চৰকাৰৰ হোটেলে এতিয়া বিশ্বৰ যিকোনো নামী হোটেলৰ লগত ফেৰ মাৰিব পৰা হৈছে। কান্ধৰ
গামোছাখন চুই চাই তাৰ মুখত হাঁহি বিৰিঙি উঠিল।
নিজৰ কোঠালৈ গৈ গা পা ধুই অংকিত ফ্ৰেছ হৈ ভাল পোছাক এজোৰ পিন্ধিলে।
মূৰ ফণিয়াই থাকোঁতে ফোনটো বাজিল। প্ৰতিস্থানৰ মূৰব্বী সুৰজিত চৌধুৰীৰ ফোন।
“গুডমৰ্ণিং ছাৰ, আমি ভালে ভালে আহি হোটেল পালোঁহি”,
তেতিয়াহে তাৰ মনলৈ আহিল, আহি পায়েই সি খবৰটো দিব লাগিছিল।
“মই গম পাওঁ। তোমালোক চেক ইন কৰাৰ খবৰ ই-মেইলত আহিছে। মই আন
এটা কথাৰ কাৰণেহে ফোন কৰিলোঁ। তুমি কৰি থকা প্ৰজেক্টটোৰ এতিয়ালৈ হোৱা প্ৰ’গ্ৰেছৰ
ওপৰত ছেমিনাৰত এটা প্ৰেজেণ্টেছন দিব লাগিব। তোমালোকে এবষ্ট্ৰেক্ট ছাবমিট কৰা
পেপাৰখনৰ ওপৰতে এটা প্ৰেজেণ্টেছন সাজু কৰা”, চৌধুৰীয়ে আদেশ কৰিলে।
“কিন্তু মই প্ৰেজেণ্টেছনৰ কাৰণে ৰেডি হৈ অহা নাই ছাৰ। এতিয়াটো সময়েই নাই”। অংকিতে উদ্বিগ্নতাৰে ক’লে।
“সেইটো মই বুজি পাওঁ। কিন্তু মিনিষ্ট্ৰিৰ পৰা নিৰ্দেশ
আহিছে, আমাৰ প্ৰতিস্থানৰ পৰা এখন পেপাৰ থাকিবই লাগিব। আচলতে হাৰিকেন অহাৰ কাৰনে
ফ্ল’ৰিডা ক’ষ্টৰ কেইজনমান বৈজ্ঞানিক শেষ মুহূৰ্তত আহিব নোৱাৰিলে। সেই কাৰণে খালি ঠাই
পূৰাবলৈ আমাৰ ওপৰত প্ৰেছাৰ দিছে। তুমি কিবা এটা কৰিব লাগিব”।
“মই চেষ্টা কৰি চাম ছাৰ। কিন্তু প্ৰেজেণ্টেছন ভাল নহ’ব।
সকলোবোৰ এনালাইছিছ মই লৈয়ো অহা নাই”। সি হেঁহো নেহো কৰিলে।
“মই জানো তুমি পাৰিবা। তোমাক ইয়াৰ পৰা যি ইনফৰমেছন লাগে মই
পঠিয়াম। মই যোগাযোগ কৰিছোঁ।
তুমি তাত মিছ মৰিয়মক লগ কৰিবা। তেওঁ তোমাক সহায় কৰি
দিব। মই তেওঁক তোমাৰ ফোন নম্বৰ দিছোঁ। তোমাক কণ্টেক্ট কৰিব। যিমান পাৰি ভালদৰে
কৰিবা”।
চৌধুৰীয়ে ফোন থোৱাৰ পাছত অংকিতে তাৰ লেপেটপটো উলিয়াই ল’লে।
নিকিতাৰ সৈতে সি লিখা পেপাৰখন সম্পূৰ্ণ হৈ উঠা নাই। তথাপি মূৰব্বীৰ আদেশ মানিবই
লাগিব।
লেপটপত লৰালৰিকৈ প্ৰেজেণ্টেছনৰ জুমুধিটো তৈয়াৰ কৰি সি
নিকিতালৈ ফোন কৰিলে, “আমি ব্ৰেকফাষ্ট কৰি পোনে পোনে ছেমিনাৰলৈ যাম। পাঁচ মিনিটৰ
পিছত মই ব্ৰেকফাষ্ট হল গৈ পাম। তুমিও আহা। আমি প্ৰেজেণ্টেছন এটা বনাব লাগিব”।
“মই ৰেডি হৈ আছোঁৱেই। ময়ো পাই যাম পাঁচ মিনিটত”, নিকিতাই
ক’লে।
অংকিত আৰু নিকিতাই ব্ৰেকফাষ্ট হলত সোমায়েই দেখিলে যে
ব্ৰেকফাষ্ট কৰি থকা সকলোৰে ডিঙিত গামোচা। হলৰ মেনেজাৰ জনৰ পৰা তেওঁলোকে গম পালে যে
অভ্যৰ্থনাৰ সময়ত দিয়া গামোচাখন ডিঙিত আঁৰি ব্ৰেকফাষ্ট কৰাটো হোটেল আছাম ৰাইনোত
বহুদিনৰ পৰা চলি অহা এক অঘোষিত নিয়ম বা পৰম্পৰা। গামোছাখনত কোঠাৰ আৰু কোঠা নিবাসীৰ
সবিশেষ থকা বিশেষ ষ্টিকাৰ এটা থাকে। সেই ষ্টিকাৰটোৱেই ৰেডিঅ’ ফ্ৰিকুৱেন্সি
আইডেণ্টিটি ডিভাইছৰ কাম কৰে। সেইকাৰনে লগত গামোছাখন নহ’লে কোনেও ব্ৰেকফাষ্ট হলত
সোমাব নোৱাৰে। এই কথাটো হোটেলৰ কোঠাত থকা গেষ্ট ইনফৰ্মেচন বুকলেটতো লিখা আছে।
কিন্তু লৰালৰিৰ কাৰণে দুয়ো কথাটো মন নকৰিলে। দুয়ো ল’ৰালৰিকৈ আকৌ কোঠালৈ গৈ গামোচা
ডিঙিত লৈ আহিবলগীয়া হ’ল।
ব্ৰেকফাষ্ট হলত বিভিন্ন দেশৰ প্ৰকাৰৰ খোৱাবস্তু সজাই থোৱা
আছে। এখন টেবুলত অসমৰ কোমল চাউল, চিৰা, দৈ, গুড়, পিঠা, সান্দহো আছে। কেইবাজনো
বিদেশীৰ প্লেটত চিৰা দৈ, পিঠা লাৰু, গুড় সান্দহ দেখি অংকিতে নিকিতাক ক’লে,”লো ফেট
ডায়েট হিচাপে অসমীয়া খাদ্য সমগ্ৰ বিশ্বতে বহুত পপুলাৰ হৈছে। আজিকালি সান্দহ, পিঠা,
লাৰু পৃথিৱীৰ সকলোতে পোৱা যায়”।
অংকিতে দৈৰে সৈতে কোমল চাউল ল’লে। মাক আৰু ককাকৰ পৰা সি
অসমীয়া খাদ্যৰ জুতি শিকিছে। নিকিতাই ব্ৰেড টোষ্ট আৰু ফল মূল ল’লে। দুয়ো চুকৰ টেবুল
এখনত মুখামুখিকৈ বহিল।
“আমি প্ৰেজেণ্টেছন দিব লাগিব নিকিতা। চৌধুৰী ছাৰে ফোন কৰি
কৈছে”। অংকিতৰ মুখত ছিৰিয়াছ ভাৱ।
“ছাৰে মোকো ফোন কৰি কৈছে। ইমান চিন্তা নকৰিবা অংকিত। আমাৰ
পেপাৰৰ কাৰণে সাজু কৰা ডেটাখিনি আছেই। প্ৰেজেণ্টেছন এটা ৰেডি কৰিব পৰা যাব”।
তাইৰ কথাত সি সকাহ পালে। তাই প্ৰেজেণ্টেছন সাজু কৰা কামত
ওষ্টাড। সি ভাবিলে তাইক লগত ননা হ’লে তাৰ বিপদ হ’লহেতেন।
“অংকিত, অসমীয়া খাদ্য দেশ বিদেশৰ মানুহে আঁকোৱালি লোৱাৰ
কথাটো চাগে’ এসময়ত মানুহে ভাবিবই পৰা নাছিল, নহয়নে”? পৰিৱেশটো লঘু কৰিবলৈ নিকিতাই
অংকিতলৈ চাই ক’লে।
অংকিতে মূৰ দুপিয়ালে। সি লাহে লাহে ক’লে, - “অসমৰ মানুহ
দুৰদৰ্শী নাছিল। তেওঁলোকে নিজৰ সম্পদসমূহ ব্যৱসায়ত লগাব নাজানিছিল। তেনেকুৱা
সুবিধাও চৰকাৰে কৰি দিয়া নাছিল। সেইকাৰণে থলুৱা উপাদানৰ সমাহাৰেৰে আৰু
সংস্কৃতিকভাৱে অতি চহকী হ’লেও অসম আন ৰাজ্যতকৈ বহুত পিছপৰি আছিল”।
“আচৰিত লাগে, আগতে কোনেও নভবা কথাবিলাক এতিয়া সম্ভৱ হৈছে।
অসমীয়া খাদ্যই ইমান সমাদৰ পাইছে। বিদেশৰ মানুহেও অসমীয়া ভাষা সংস্কৃতিৰ কথা জনা
হৈছে”।
এচামুচ দৈ সনা কোমল চাউল মুখত ভৰাই অংকিতে ক’লে, “হয়, কথাটো
আচৰিত হ’বলগীয়াই। আচলতে কমিউনিকেছনে সকলো সলনি কৰি দিলে। আগতে উত্তৰ পূৰ্বাঞ্চল
ভাৰতৰ এচুকত লেণ্ড লকড অঞ্চল আছিল। বেলেগ দেশৰ লগত কমিউনিকেছন নাছিলেই। কিন্তু এছিয়ান
হাই ৱে’ আৰু ট্ৰান্স এছিয়ান চুপাৰ ফাষ্ট ৰে’লৱেৰে আমাৰ অসমখন ছাউথ ইষ্ট এছিয়াৰ লগত
সংলগ্ন হৈ যোৱাৰ লগে লগে সকলো সলনি হ’ল। কমিউনিকেচন ভাল হৈ যোৱাৰ
লগে লগে ছাউথ ইষ্ট এছিয়াৰ দ্ৰুত উন্নয়নৰ প্ৰভাৱ অসমতো পৰিল। অসমৰ প্ৰডাক্ট বিলাকে
এখন ভাল মাৰ্কেট পালে, অসমলৈ কেপিটেল ইনভেষ্টমেণ্ট বাঢ়িল, ইনফ্ৰাষ্টাকচাৰ ভাল হ’ল,
গতিকে ৰেপিড ডেভেলপমেণ্ট হ’ল”।
নিকিতাই ওচৰ পাজৰৰ টেবুলত বহি থকা মানুহবোৰলৈ মন কৰিলে।
বেছিভাগেই দক্ষিণ পূব এছিয়াৰ মংগোলীয় চেহেৰাৰ মানুহ। কিছুমানে অতি তৃপ্তিৰে অসমীয়া
খাদ্য খাইছে। মানুহবোৰৰ মুখৰ আকৃতি অসমীয়া মানুহৰ লগত বহুখিনি মিলে। এসময়ত চীন আৰু
ম্যানমাৰৰ পৰা যোৱা মানুহেই অসমীয়া জাতি গঠন কৰিছিল। এইবোৰ কথা তাই বুৰঞ্জীত
পঢ়িছে। তেওঁলোকৰ দেশত যদি ইমান উন্নয়ন কৰিব পাৰিছে অসমীয়া মানুহে কিয় নোৱাৰিব।
খাই থাকোঁতে অংকিতৰ ফোনটো বাজিল। সেইফালৰ পৰা এগৰাকী মহিলাৰ
মাত।
“হেল্লো, গুডমৰ্ণিং, এম আই টকিং টু অংকিত আয়েংগাৰ ফ্ৰম
ইণ্ডিয়া”?
“ইয়েছ। মে আই নো হু ইজ স্পিকিং”?
“ইট ইজ মৰিয়ম হিয়েৰ। আই চি ডেট ইউ আৰ হেভিং ব্ৰেকফাষ্ট।
প্লিজ মিট মি ইন ড্য লবি”।
সুৰজিত চৌধুৰীয়ে কোৱা মহিলাগৰাকী আহি হোটেল ওলালহি। অংকিতে
ফোনৰ সময়টো চালে। ছেমিনাৰ আৰম্ভ হ’বলৈ বেছ সময় নাই। নিকিতাই তাৰ পিনে প্ৰশ্নবোধক
চাৱনিৰে চাই সুধিলে, “কাৰ ফোন”?
“মিছ মৰিয়ম। তেওঁ আমাক প্ৰেজেণ্টেছনত সহায় কৰিব। সোনকালে
খোৱা। তেওঁ হোটেলৰ লবিত আমালৈ অপেক্ষা কৰিছে”। অংকিত ব্যস্ত হ’ল।
“ৰিলাক্স অংকিত। তেওঁ চাগে’ গম পাইছেই আমি ব্ৰেকফাষ্ট কৰি
আছোঁ। আমি শেষ কৰি তেওঁক লগ কৰিমেই”। নিকিতাই কথাবোৰ বৰ সহজভাৱে লয় কাৰণে অংকিতৰ
টেনছন হৈ যায়।
যিমান পাৰি সোনকালে ব্ৰেকফাষ্ট শেষ কৰি দুয়ো লবিলৈ ওলাই
আহিল। সুদৃশ্য লবিৰ সোঁমাজত থকা গড়টোৰ বাওঁকাষে থকা ছোফা এখনত মহিলা এগৰাকী বহি
আছিল। দুযোকে দেখি তেওঁ উঠি আহিল।
নামটো শুনি গাভৰু ছোৱালী বুলি ভাবিছিল যদিও অংকিতে দেখিলে
তেওঁ এগৰাকী বয়সিয়াল ভদ্ৰমহিলা। মানুহগৰাকী দেখিলে ভাৰতীয় যেনেই লাগে। পিন্ধনত এটা
ধুনীয়া স্কাৰ্ট আৰু ছামাৰ কোট।
“অংকিত, মোৰ নাম মৰিয়ম। তোমালোকক ডক্তৰ চৌধুৰীয়ে হয়তো কৈছেই
এটা প্ৰেজেণ্টেছনৰ কথা। মই চাব খুজিছোঁ তোমালোকে কি ৰেডি কৰিছা”, মানুহগৰাকীয়ে
কোৱা ইংৰাজীত আমেৰিকান সুৰ।
“জাষ্ট এ মিনিট”, এই বুলি কৈ অংকিতে সি কান্ধত লৈ অহা
বেগটোৰ পৰা লেপেটপটো উলিয়ালে। সি ৰেডি কৰা প্ৰেজেণ্টেছনটো খুলি মৰিয়মক চাবলৈ দিলে।
“তোমালোকৰ প্ৰেজেণ্টেছনত ভাৰ্চুৱেল ৰিয়েলিটি কণ্টেণ্ট নাই
নেকি? আজিকালি পৰ্দাত কোনেও প্ৰেজেণ্টেছন চাব নোখোজে। তোমালোকে প্ৰেজেণ্টছন দি
থাকোঁতে ছেমিনাৰত উপস্থিত থকা সকলোৱে দুচকুৰে দেখা পাব লাগিব, অনুভৱ কৰিব লাগিব
তোমালোকৰ এক্সপেৰিমেণ্টৰ ৰিজাল্টবোৰ। তাৰ কাৰণে তোমালোকক ভাৰ্চুৱেল ৰিয়েলিটি ম’ডেল
লাগিব”। মৰিয়মে বুজনিৰ সুৰত কৈ গ’ল।
অংকিতে সেমেনা সেমেনিকৈ ক’লে, “মই এই বিষয়ত একেবাৰে
অনভিজ্ঞ। ভাৰ্চুৱেল ৰিয়েলিটি প্ৰেজেণ্টেছন মই কৰিবই নাজানো”।
“ইণ্ডিয়াৰ নিচিনা দেশবোৰত এইবোৰেই সমস্যা। বিজ্ঞানীবোৰক
কেৱল লেবৰটৰীত সুমুৱাই থৈ দিয়ে। তেওঁলোকৰ প্ৰেজেণ্টেছন স্কিল বৃদ্ধি কৰিবলৈ কোনো
ব্যৱস্থাই নলয়। সেইকাৰণে বিদেশী বিজ্ঞানীৰ আগত লাজ পাবলগীয়া হয়”, মৰিয়েমে ভুৰু
কোঁচাই ক’লে।
অংকিতে অনুভৱ কৰিলে, সি হয়তো ভাৰতত থকাৰ কাৰণে কিছুমান কথা
নাজানে, কিছুমান কথা শিকিবলৈ সুবিধা পোৱা নাই। কেতিয়াবা তাৰ উন্নত দেশত গৱেষণা
কৰিবলৈ মন যায়।
“ভাৰ্চুৱেল ৰিয়েলিটি প্ৰেজেণ্টেছন আমি কেনেকৈ বনাম। অলপ
শিকাই দিব নেকি”? নিকিয়াই কওঁ নকওঁকৈ ক’লে।
“আজি ছেমিনাৰলৈ গৈ তোমালোকে ভাৰ্চুৱেল ৰিয়েলিটি
প্ৰেজেণ্টেছন দেখিবলৈ পাবা। তালৈ গৈ মোক লগ কৰিবা, মই সকলো কথা বুজাই দিম। কিন্তু
তোমালোকৰ পেপাৰখনৰ কি কৰিবা? ইমান কম সময়ত ভাৰ্চুৱেল ৰিয়েলিটি থকা কণ্টেণ্ট তৈয়াৰ
কৰাটো সম্ভৱ নহয়”।
“আমি আচলতে প্ৰেজেণ্টেছনৰ কাৰণে সাজু হৈয়েই অহা নাই।
সেইকাৰণে প্ৰেজেণ্টেছনত গুৰুত্ব নিদিলোঁ। আমি এতিয়া কি কৰা উচিত”, অংকিতে সুধিলে।
“মোৰ পৰামৰ্শ হ’ল, তুমি পেপাৰ প্ৰেজেণ্ট কৰিব নালাগে।
কিন্তু তোমাৰ পেপাৰৰ টপিকৰ ওপৰত এটা প্ৰশ্নোত্তৰ শিতান হ’ব। তাতে তুমি বিভিন্ন
দেশৰ বিজ্ঞানীৰ প্ৰশ্নৰ উত্তৰ দিব লাগিব। মই ভাবো সেয়াই ভাল হ’ব”।
অংকিতে মূৰ ডুপিয়াই বুজালেযে সি পৰামৰ্শ মানি লৈছে। মৰিয়মে পেপাৰখনৰ বিষয়ে
কেইটামান কথা হাতত লৈ থকা টেবলেট কম্পিউটাৰটোত টুকি থ’লে। লিখা হোৱাত মৰিয়ম যাবলৈ ওলাল।
“আপোনাক লগ পাই আমাৰ খুব ভাল লাগিল”। অংকিতে সন্মান সহকাৰে
ক’লে।
“মোৰো তোমালোকক লগ পাই ভাল লাগিল। ছেমিনাৰত লগ পাম। মই তালৈ
যাৱেই। তোমালোকো আহি থাকা দেশ বিদেশৰ বিভিন্ন বিজ্ঞানী আহি পাইছেই”। মৰিয়মে খৰখেদা
কৰিলে।
“চন্দ্ৰৰ পৰাও বিজ্ঞানী আহিছে বুলি শুনিছোঁ”, নিকিতাই
উত্সাহেৰে ক’লে।
“আহিছে।
চন্ত্ৰে গৱেষণাগৰৰ পৰা এগৰাকী বিজ্ঞানী আহিছে। এনে
চেমিনাৰ বোৰত টেলেণ্ট হাণ্ট হয়। ইয়াৰ পৰা প্ৰতিভাশালী বিজ্ঞানীবোৰক চিনাক্ত কৰি
আমেৰিকা, ৰাছিয়া,
চীন আদি দেশবোৰে নিজৰ দেশত গৱেষণাৰ কামত লগায়। তোমালোকেও নিজৰ প্ৰতিভা প্ৰদৰ্শন
কৰিব পাৰিলে ভাল সুবিধা পাই যাব পাৰা”। মৰিয়মে হাঁহি হাঁহি ক’লে।
দুয়োকে হাত জোকাৰি বিদায় দি মৰিয়ম গ’লগৈ।
“অংকিত, চন্দ্ৰৰ পৰা অহা বিজ্ঞানী কেইজন কোন হোটেলত আছে
বাৰু? এবাৰ তেওঁলোকক চাবলৈ মন আছিল”, কাষ চাপি নিকিতাই ক’লে।
“ছেমিনাৰত নিশ্চয় লগ পাম। তেওঁলোকে কি গৱেষণা কৰিছে জানিবলৈ
মোৰো মন আছে। চন্দ্ৰপৃষ্ঠত গৱেষণাৰ পৰিৱেশেই বেলেগ হ’ব চাগে’” অংকিতে ক’লে।
“আমি কিবা প্ৰকাৰে হ’লেও তেওঁলোকক লগ পামেই দেই অংকিত”,
নিকিতাই উত্সাহেৰে ক’লে।
“ঠিক আছে, এতিয়া সোনকালে ওলোৱা। আমি ছেমিনাৰ আৰম্ভ হোৱাৰ
আগতেই পাবগৈ লাগিব”। অংকিতে খৰধৰ কৰিলে। সি কেব এখন মাতিবলৈ ফোন কৰিলে।
Comments
Post a Comment