খণ্ড ১৯
নিকিতাই অংকিতৰ খং তেনেকৈ দেখা নাই। কিন্তু মাছাজ পাৰ্লাৰৰ
পৰা ওলাই অহাৰ সময়ত তাই তাৰ খং উঠাযেন অনুভৱ কৰিলে।
“নিকিতা, ব’লা হোটেললৈ
উভতি যাওঁ। মোৰ ঘূৰি ফুৰিবলৈ মন যোৱা নাই। অলপ গৱেষণাৰ কামকে কৰোঁ”।
“তোমাৰ খং উঠিছে যেন
লাগিছে অংকিত। তুমি মাছাজ কৰি থকা ল’ৰাজনৰ লগত কথা পাতি থকা মই দেখিছোঁ। তাৰ
লগতকিবা কথাত লাগিল নেকি”?
“নাই লগা। কিন্তু ইহঁতে
অসমৰ পৰা আহি ইয়াত বাজে ধাণ্ডাত লাগিছে। চুপাৰ হাইৱে’টো হোৱাৰে পৰা দক্ষিণ পূব
এছিয়াৰ দেশসমূহ অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ লগত সংযোজিত হৈছে। সকলোৱে আশা কৰিছিল,
অসমত উত্পাদিত সামগ্ৰীয়ে দক্ষিণ পূব এছিয়াত ডাঙৰ বজাৰ পাব। এতিয়া অসম আৰু উত্তৰ
পূৰ্বাঞ্চলৰ পৰা ইয়াৰ বজাৰলৈ কি আহে জানা? ইয়াৰে ৰেড লাইট এৰিয়াত বিক্ৰী কৰিবলৈ
ছোৱালী আহে, আফিং আহে, ড্ৰাগছ আহে। আমাৰ অসমীয়া ল’ৰা ছোৱালীয়ে অসমৰ পৰা আহি ইয়াত
এইবোৰৰ দালালি কৰিছে”, অংকিতে ক্ষোভেৰে ক’লে।
“তেনেকুৱা হ’বই অংকিত।
উন্নয়নৰ লগত এনেবোৰ কথাও থাকিবই। কি কৰিবা। এইবোৰেই উন্নয়নৰ ছাইড এফেক্ট”। নিকিতাই
বুজনি দি ক’লে।
তাই বুজিলে এই সময়ত
অংকিতৰ মনটো বেলেগ কথালৈ ঢাল খুওৱাৰ প্ৰয়োজন হৈছে। তাই জানে, কেতিয়াবা কিবা কথাৰ
কাৰণে মনত আঘাট লাগিলে সি সেইটো কথাকে বহুত সময় ভাবি থাকে।
“তোমাৰ মা আৰু ককাৰ
কাৰণে একো উপহাৰ নোলোৱা”? অংকিত প্ৰকৃতিস্থ হ’বলৈ অলপ সময় অপেক্ষা কৰি নিকিতাই তাৰ
মুখলৈ চাই ক’লে।
“উপহাৰ? মা আৰু ককাৰ
কাৰনে? কিন্তু কিয়”? এনেবোৰ কথা তাৰ মনলৈ নাহেই।
“আমি বিদেশলৈ আহিছোঁ।
ইয়াৰ পৰা কিবা উপহাৰ লৈ গ’লে তেওঁলোকে ভাল পাব। মোৰো ৰূমমেট দুজনীলৈ কিবা উপহাৰ
ল’ব লাগিব। বজাৰলৈ যাওঁ ব’লা অংকিত। মই ক’ৰবাত পাইছোঁ, মন বেয়া লাগিলে মানুহে
শ্বপিং কৰিব লাগে”, নিকিতাই আগ্ৰহেৰে ক’লে।
“শ্বপিং”? সি ভেবালাগি
তাইৰ মুখলৈ চালে।
“বেংককৰ ফ্ল’টিং মাৰ্কেট
বিশ্ব বিখ্যাত। ব’লানা ফ্ল’টিং মাৰ্কেটলৈ যাওঁ। ইয়াৰ পৰা বেছি দূৰ নহয়। টেক্সী ল’ব
নালাগেই। টুক টুক এখনতে যাব পাৰিম”, নিকিতাই খাটনি ধৰিলে। অংকিতে মূৰ দুপিয়ালে। সি
ভাবিলে, নিকিতাই ইমান আগ্ৰহ কৰিছে যেতিয়া সি তাইৰ লগত বজাৰলৈ যোৱা উচিত। সি নগ’লে
তায়ো অকলে নাযায়।
বেংককত পুৰণি ঐতিহ্যৰ
চিন হিচাপে কিছুমান অঞ্চলত এতিয়াও বিদ্যুতচালিত টুক টুক অট’ৰিক্সাবোৰ চলি আছে।
প্ৰতিখন টুক টুক খুব সুন্দৰকৈ সজাই পৰাই ৰাখে। সেইবোৰ কম দূৰত্বত মানুহে অহা যোৱা
কৰিবলৈ আৰু এনেয়ে ঘূৰি পকি অৱসৰ বিনোদনৰ কাৰণে ব্যৱহাৰ কৰে। এই অঞ্চলৰ পৰা বাং খু
ৱিং ফ্লোটিং মাৰ্কেটলৈ যোৱা ৱাটাৰ স্কুটাৰৰ ঘাট নিচেই ওচৰতে।
দুয়ো এখন টুকটুকত বহিল।
কেইটামান কেঁকুৰি ঘূৰাৰ পাছতে টুকটুক খন ঘাটত ৰৈ গ’ল। চালকক ভাড়াটো দি দুয়ো নামি
আহিল।
“অংকিত, এই মাৰ্কেটখন
বহুত পুৰণি। এতিয়াও পুৰণি ঐতিহ্যৰ চিন হিচাপেই চৰকাৰে এইখন বন্ধ কৰি দিয়া নাই”?
সন্মুখৰ পানীৰ মাজত ভাঁহি থকা বজাৰখনলৈ দেখুৱাই নিকিতাই ক’লে।
“এনেকুৱা ফ্ল’টিং
মাৰ্কেট কাশ্মীৰৰ ডাল লেকতো আছিল। কাশ্মীৰত পোৱা বিভিন্ন সামগ্ৰী সেই বজাৰত বিক্ৰী
হৈছিল। কিন্তু এতিয়া কাশ্মীৰত সেই মাৰ্কেট নাই। ভাৰত পাকিস্তানৰ শেহতীয়া যুদ্ধত
পাকিস্তানৰ মিছাইলে ডাল লেকেই ধ্বংস কৰি পেলালে। কাশ্মীৰৰ মানুহৰ ব্যৱসায় বাণিজ্য
সকলো গ’ল”, অংকিতে ক’লে।
নিকিতাই
এইবোৰ কথাত ইণ্টাৰেষ্ট নাপায়। তাই কথা সলাই ধেমালিৰ সুৰত ক'লে, “মই
পিছে তুমি বজাৰলৈ আহিবলৈ আপত্তি কৰিবা বুলি ভয় খাই আছিলোঁ"।
“নাই। মই চিন্তা কৰিলোঁ, আজি নাহিলে তোমাৰ শ্বপিং কৰাই নহ’ব। তোমাৰ ৰুমমেট
দুজনীলৈ উপহাৰ নিনিলে তোমাক বেয়া পাব। আমিতো কাইলৈ সন্ধিয়া উভতি যামেই”।
অংকিতে তাইৰ কাৰণে
এইখিনি চিন্তা কৰা কাৰণে নিকিতাৰ মনটো হঠাতে ভাল লাগি গ’ল। তাই মিচিকিয়াই হাঁহি
দিলে।
Comments
Post a Comment