খণ্ড ৯
প্ৰায়েই সন্ধিয়া সুকান্ত চলিহাই
খানাপাৰত থকা ‘ছেকেণ্ডইনিংছ’ নামৰ অৱসৰপ্ৰাপ্ত মানুহৰ ক্লাবটোলৈ যায়। এই ক্লাবটোত দুটা মহলাত মুঠ
চাৰিখন ইনড’ৰ টেনিছ কোৰ্ট আৰু দুখন ইনড’ৰ বেডমিণ্টন কোৰ্ট আছে। তদুপৰি সংগী
নাপালেও অকলে খেলিবলৈ টেনিছৰ গেম ছিমুলেটৰ হল এটা আছে। নিজৰ পাৰদৰ্শিতা অনুসৰি
বিভিন্ন লেভেল নিৰ্বাচন কৰি এজন ভাৰ্চুৱেল খেলুৱৈৰ লগত খেলিব পাৰি।
সময় পালেই ক্লাৱলৈগৈ দুই ছেট টেনিছ
খেলাটো চলিহাৰ বহুদিনৰ অভ্যাস।
ক্লাবটোলৈ অহা সকলোবোৰ মানুহেই
তেওঁতকৈ বয়সত সৰু। তেওঁৰ বয়সত টেনিছ খেলিবলৈ অহা দেখিলে মানুহ আচৰিত হয়।
গীতিয়েই তেওঁক জোৰ কৰি কয়, “দেউতা
এনেয়ে ঘৰত নহি থকাতকৈ ক্লাবলৈকে যোৱা। খেলি আহিলে গাটো ভাল লাগিব”।
খেলাৰ পাছত তেওঁৰ ভাগৰ লাগে। সেয়েহে
কিছুসময় তেওঁ জিৰণি কোঠাত আৰাম কৰে। সেইসময়ত মনৰ লগত মিলা মানুহ পালে কিছু সময় তেওঁ
আড্ডা মাৰে। কফি খায়।
এনে সময়ত দ্বিজেন পাঠকে তেওঁক
প্ৰায়ে সংগ দিয়ে। পাঠক উচ্চ পদস্থ প্ৰশাসনীয় বিষয়া আছিল। অৱসৰ লোৱাৰ পাছত এই
ক্লাবটোৰ সদস্য হৈছে। তেওঁ প্ৰায় ৰেগুলাৰ ক্লাবলৈ আহে।
এদিন চলিহাই জিৰণি কোঠাৰ ছোফাত বহি
থাকোঁতে পাঠক আহি ওলাল,
“দাদা, এইকেইদিন ভাৰত আৰু
পাকিস্তানৰ মাজত তামাম জমি আছে কিন্তু”, দেশ বিদেশৰ খবৰ ৰখাটো পাঠকৰ স্বভাৱ।
সেইবোৰৰ বিষয়ে কথা পাতি তেওঁ ভাল পায়।
“ভাৰত আৰু পাকিস্তানৰ আকৌ কি হ’ল।
সেই আমি সৰু থকা দিনৰ পৰাই টিভিত ভাৰত পাকিস্তানৰ ওপৰতে চৰ্চা চলি আছে। ভাৰত
পাকিস্তানৰ ক্ৰিকেট খুব পপুলাৰ আছিল। নতুনকৈ আকৌ কি হ’ল”? চলিহাই নিয়মীয়াকৈ
টেলিভিছনৰ নিউজ নাচায়। সেইকাৰণে শেহতীয়া কিছুমান কথা তেওঁ গম নাপায়।
“এহ, আপুনি গমকে নাপায় নেকি দাদা।
চন্দ্ৰত থকা ভাৰতীয় মাটি পাকিস্তানে দখল কৰি ল’লে নহয়”। পাঠকে উত্তেজিত হৈ ক’লে।
“এহ কেনেকৈ দখল কৰিব হে?
চন্দ্ৰপৃষ্ঠত ভাৰতীয় ভূমিৰ সীমা নিৰ্ধাৰণ হৈ গৈছে। তাতচোন এতিয়া ভাৰতীয় বিজ্ঞানীও
আছেগৈ, তদুপৰি পাকিস্তানী মহাকাশচাৰীয়ে সৌ সিদিনাহে চীনৰ মহাকাশযানত ওলমি
চন্দ্ৰপৃষ্ঠ পাইছেগৈ”।, পাঠকৰ সকলো কথা চলিহাই বিশ্বাস নকৰে।
“কিন্তু সেই মহাকাশচাৰী কেইজনেই
মাটি দখল অভিযান আৰম্ভ কৰি দিছে। ভাৰতীয় মাটিত পাকিস্তানী পতাকা পুতিছে। তেওঁলোকৰ
ধান্দা হ’ল, ভাৰতৰ মাটি দখল কৰি পাকিস্তানৰ বিজ্ঞানীৰ কাৰণে লেবৰটৰী নিৰ্মাণ
কৰিব”।
“তাত থকা ভাৰতীয় কেইজনে কি কৰিছে।
তেওঁলোকে বাধা দিয়া নাইনে”?
“তাত ভাৰতীয় বিজ্ঞানী কেইজনমানহে
আছে। ভাৰতীয় লেবৰটৰীটো উন্নত মানদণ্ডৰ হোৱাগৈ নাই। তেওঁলোকো প্ৰায়েই লেবৰটৰীত
সোমাই কিবা কিবি নতুন সংযোজনৰ কামত ব্যস্ত হৈ থাকে। ৰাছিয়া আৰু আমেৰিকাৰ লেবৰেটৰী
বোৰ ডাঙৰ। আমেৰিকাৰ বিশাল মহকাশকেন্দ্ৰৰ লগতে গৱেষণা-কেন্দ্ৰও থাকে। ভাৰতীয় বিজ্ঞানীবোৰে আমেৰিকাৰ মহাকাশকেন্দ্ৰতে অধিক সময় কটায়। এই সুযোগতে
পাকিস্তানীয়ে মনে মনে ভাৰতীয় মাটি দখল কৰিছে”। পাঠকে ৰস লগাকৈ ক’লে।
চলিহাৰ মনত পৰিল তেওঁ সৰু থকা সময়ৰ
কথা। সেইসময়তো কাশ্মীৰৰ কাৰ্গিলত ভাৰতীয় সেনাৰ অলক্ষিতে পাকিস্তানী সেনা বহুদূৰ
আগুৱাই আহি কাৰ্গিল প্ৰায় দখল কৰিছিলেই। পাছত যেনিবা ভাৰতীয় সেনাই যুদ্ধ কৰি
কাৰ্গিল পুনৰ দখল কৰিলে। তদুপৰি ভাৰত আৰু বাংলাদেশৰ খোলা সীমান্তৰে কিমান মানুহ
অসমত সোমাল তাৰ লেখ জোখ নাই। চলিহাৰ মনত পৰিল সেইসময়ত অবৈধ বাংলাদেশীৰ বিৰুদ্ধে
সৃষ্টি হোৱা আন্দোলনবোৰলৈ।
“ভাৰত চৰকাৰে মনে মনে বহি আছেনে?
কিবা এটাটো কৰিব লাগিব। চন্দ্ৰপৃষ্ঠৰ ভাৰতীয় মাটিত কোনো বৰ্ডাৰ ছিকিউৰিটি নাই
নেকি”? চলিহাই সুধিলে।
“নাই দাদা। ভাৰত চৰকাৰে হয়তো ভাবি
আছি, পৃথিৱীত কৰিলেও পাকিস্তানীবোৰে চন্দ্ৰপৃষ্ঠত ইমান গণ্ডগোল নকৰে। তাতনো মাটি
কাঢ়ি কিডাল কৰিব। কাশ্মীৰখনেই নিও নিওকৈ এতিয়াও নিব নোৱাৰিলেযে। আচলতে কি জানে
দাদা, পৃথিৱীত নোৱাৰি চন্দ্ৰপৃষ্ঠত তাৰে পোতক তুলিছে”, পাঠকে মতামত দিলে।
“এতিয়া চন্দ্ৰপৃষ্ঠতো যুদ্ধ এখন
হ’ব তেনেহ’লে”। চলিহাই আমোদ পাই ক’লে।
“নিউজত পাইছোঁ, চন্দ্ৰপৃষ্ঠলৈ
ভাৰতে আৰু বহুত মানুহ পঠিয়াব। তাত বহুতো বিজ্ঞানী, ডাক্তৰ, ইঞ্জিনিয়াৰ, মেকানিকৰ
প্ৰয়োজন হৈছে। এখন কল’নি নিৰ্মাণ কৰিব। তাতো বৰ্ডাৰ ছিকিউৰিটিৰ ফৌজ ৰাখিব। পিছে
তাৰ কাৰণে বহুত দিন লাগিব। পৃথিৱীৰ দৰে সুবিধাবোৰ গঢ়ি উঠা নাই কাৰণে ভাৰতীয় মানুহে
এতিয়াও চন্দ্ৰলৈ যাবলৈ টান পায়”।
“আমাৰ বুঢ়াবোৰকে পঠিয়াই দিব লাগে
বুজিছা পাঠক। দেশৰ কাৰণে তাতেই কিবা এটা কৰিব পাৰিম। আমিতো এনেয়ো বেছি দিন
নাথাকোঁ”, চলিহাই ৰসিকতা কৰি ক’লে।
“কি কয়হে দাদা। আপুনি ক’ত বুঢ়া হ’ল। আপুনি এতিয়াও ইমান তামাম টেনিছ খেলি আছে।এতিয়াও
আপোনাৰপুৰাষ্টেমিনাআছে।মইতো চিন্তা কৰোঁ আপুনি কেনেকৈ ইমান ফিট হৈ আছে”।
চলিহাই ঢেক ঢেককৈ হাঁহি দিলে। “এয়া
মিৰাকল বুজিছা। ভগৱানে মোক ডেকা কৰিয়েই ৰাখি থৈ দিছে”।
“দাদা, ময়োতো সদায় টেনিছ
খেলিবলৈ আহোঁ। আপোনাতকৈ মই বয়সতো সৰু। কিন্তু তথাপিও মই আপোনাৰ লগত ফিটনেছত
নোৱাৰোঁ”।
“মই সদায় ৰাতিপুৱা পাঁচ কিল’মিটাৰ খোজ
কাঢ়োঁ বুজিছা। ৰাতিপুৱা খোজ কাঢ়িবা। ফিটনেছৰ কাৰণে খুব ভাল”, চলিহাই উপদেশ দিলে।
“মুকলিত কেনেকৈ খোজকাঢ়ে দাদা। ইমান পলিউচন । গুৱাহাটীখনত ভালকৈ উশাহ লব’ও নোৱাৰি। মাস্ক নিপিন্ধাকৈ কেনিও
যাবই নোৱাৰি। ইনড’ৰত বুলিহে ইয়ালৈ খলিবলৈ আহোঁ। এনে পলিউচনৰ মাজত খোজকঢ়াও সমস্যা”।
“আজিকালি নেছাৰ কেয়াৰ বুলি এটা ব্যৱস্থা ওলাইছে।এ ইটো
ঘৰতে লগাই লৈ ট্ৰেডমিলত খোজকাঢ়িবা। একেবাৰে প্ৰাকৃতিক পৰিৱেশত খোজকঢ়া যেন লাগিব। চৰাই চিৰিকতিৰ মাতো শুনি
থাকিবা। আজিকালি পলিউচনৰ দিনত ৰাষ্টাত খোজকঢ়াতকৈ ঘৰতে খোজকঢ়াই ভাল। এইবোৰ কথা মোৰ নাতিটোৱে আজিকালি
মোক শিকায় বুজিছা”। চলিহাই হাঁহি মাৰি ক’লে।
“দাদা, আপোনাৰ স্বাস্থ্য দেখিলে
কোনেও নকয়যে আপোনাৰ ডেকা নাতি এটা আছে”। পাঠকেক’লে।
“মোৰ নাতিটোৱে বিয়া পাতিব পৰাই হৈছে। এই বছৰ সি পঁচিশত সোমাইছে”। চলিহাই হোহোকৈ হাঁহিলে। “আপোনাৰ নাতিটোৰ কথা শুনিয়েই থাকোঁ। সি সৰুৰে পৰা পঢ়াত খুব চোকা
বুলি জানো। কিবা এটা ডাঙৰ ৰিছাৰ্চ কৰি আছে বুলি আপুনিয়েইকৈছিল”।
“এৰা, সি জটিল গৱেষণা এটা কৰি আছে। কি হয়গৈ নাজানো। সি চোকাল’ৰা। পিছে সি এতিয়াও বৰ সহজ সৰল হৈ আছে। বিজ্ঞানৰ কঠিন কথাবোৰ সি
ঠিকেই বুজিপায়, কিন্তু মানুহৰ বাস্তৱ জীৱনৰ একা বেকা
কথাবোৰ সি বুজি নাপায়। দিনৰ দিনটো সি গৱেষণাৰ সা-সৰঞ্জামৰ মাজতে ব্যস্ত হৈ
থাকে”।
“আজিকালি এই গেজেটবোৰৰ লগত থাকি থাকি ল’ৰাছোৱালীবোৰো কিবা যন্ত্ৰৰ দৰে হৈ গ’লহে দাদা। আমাৰ দিনতে ভাল আছিল। আমি গাঁৱতযে ইঘৰ সিঘৰৰ ঘৰ
বগাই ফুৰিছিলোঁ, সন্ধিয়া লগৰ আটাইজাকে মিলি পুখুৰীৰ
পাৰত মেল মাৰিছিলোঁ, মাঘৰ বিহুত গোটেই গাঁৱৰ মানুহে একেলগে
মিলি ভোজভাত খাইছিলোঁ, সেইবোৰ আজিকালি পাবলৈ নাইকীয়াই হ’ল”। পাঠকেক’লে।
“হয়হে পাঠক। আমাৰ গাঁৱত এতিয়া প্ৰায় সকলোৰে পকীঘৰ হ’ল,ৰাস্তা পদূলি চহৰৰদৰেই হ’ল,ঘৰে ঘৰে গাড়ী হ’ল, মোবাইল কম্পিউটাৰ হ’ল। আগতে মানুহবোৰ দুখীয়া আছিল, কিন্তু মনবোৰ উদাৰ আছিল। এতিয়া মানুহবোৰ ধনী হ’ল, বিদেশৰ বজাৰত ধান-চাউল বেচে, ব্যৱসায়-বাণিজ্য কৰে, ভাল উপাৰ্জন কৰে, কিন্তু মনবোৰ ঠেক হৈ গ’ল। আজিকালি গাঁৱত মানুহে চহৰৰ দৰেই ইঘৰে সিঘৰক চিনি নাপায়”। চলিহাই দুখমনেৰে ক’লে।
“কি কৰিব দাদা? সময়ৰ লগে লগে সকলো
সলনি হৈছে। আপোনালোক যেতিয়া সৰু আছিল, কেতিয়াবা ভাবিছিলনে ইমান পৰিবৰ্তন হ’ব পাৰে
বুলি। আপোনালোকৰ দিনত চাগে ৰে’লেৰে গুৱাহাটীৰ পৰা দিল্লীলৈ যাবলৈ দুই তিনিদিন
লাগিছিল। এতিয়া ৰাতি ৰে’লত উঠিলে পাছদিনা ৰাতিপুৱা দিল্লী পাই
যায়। আপোনালোকৰ দিনত গুৱাহাটীত ওখ বিল্ডিং কেইটা আছিল। এতিয়া গুৱাহাটীত স্কাই
স্ক্ৰেপাৰৰ উত্পাতত আকাশ নেদেখা হৈ গৈছে”। পাঠকে ক’লে।
“পাঠক, মোৰ কেতিয়াবা অতীতৰ সেই
দিনবোৰলৈ উভতি যাবলৈ মন যায়। এতিয়া বুঢ়া হৈ আহিছোঁ মানে সৰু কালিৰ কথাবোৰ বেছিকৈ
মনলৈ আহিবলৈ লৈছে। কেতিয়াবা মোৰ সেই পুৰণি নিৰিবিলি গাওঁখনৰ কথা মনত পৰে। গাড়ী
নোহোৱাকৈ, টেলিভিচন নোহোৱাকৈ, কম্পিউটাৰ নোহোৱাকৈ আমি কেনেদৰে আছিলোঁ আজিৰ ল’ৰা
ছোৱালীয়ে হয়তো বিশ্বাসেই কৰিব নোৱাৰিব”। চলিহাৰ মাতটো গদ গদ হৈ
গ’ল।
“এই টেকন’লজীয়ে সকলো শেষ কৰিলে
দাদা। যন্ত্ৰই মানুহৰ মনৰ আবেগ অনুভূতি বুজিব পাৰে জানো”?
“এদিন ওলাবা পাঠক। মই শুনিছোঁ নামনি অসমৰ ভিতৰুৱা চৰ অঞ্চলত এতিয়াও তেনেকুৱা গাঁও আছে। সেইবোৰ
গাঁৱত মানুহে এতিয়াও তাহানিৰ দিনৰ দৰে বাস কৰে। কেইদিনমান তেনেকুৱা এখন ঠাইত থাকি
আহিম”। পাঠকে ক’লে।
“বৰ ভাল হ’ব দাদা। আপুনি ক’লেই হ’ল। মই যাবলৈ ৰাজী আছোঁ। কওক কেতিয়া যাব”। পাঠকে উত্সাহেৰে ক’লে।
এখন নিৰিবিলি গাঁওত প্ৰকৃতিৰ
সান্নিধ্যত কেইটামান দিন কটাই অহাৰ ইচ্ছাই চলিহাক মাজে মাজে গ্ৰাস কৰে। প্ৰকৃতিৰ
লগত থকাৰ অনুভৱ লাভ কৰিবলৈ তেওঁ মাজে সময়ে তেওঁ গুৱাহাটীৰ ছায়েন্স চিটিত থকা
ভাৰ্চুৱেল ৱৰ্ল্ডলৈ যায়। তাত সোমাই মানুহে নিজৰ ইচ্ছা অনুসৰি কৃত্ৰিম প্ৰাকৃতিক
পৰিৱেশ সৃষ্টি কৰি কিছুসময় কটাব পাৰে। চলিহাই কেতিয়াবা সাগৰৰ পাৰৰ, কেতিয়াবা
পাহাৰৰ বুকুৰ বা কেতিয়াবা বৰফাবৃত্ত দেশৰ পৰিৱেশ অনুভৱ কৰিবলৈ তালৈ যায়। কিন্তু
তথাপি সেই কৃত্ৰিমতাৰ মাজত তেওঁ ল’ৰালি কালত পোৱা গাঁওৰ পৰিৱেশ আৰু প্ৰাকৃতিক
সৌন্দৰ্য বিচাৰি নাপায়।
চলিহাই নিজৰ ভাৱত বিভোৰ হৈ থকা
দেখি পাঠকে মাত লগালে, “দাদা, বিহুৰ সময়তে বলক। গাঁও চাই আহোঁ। এতিয়াও গাঁওত পথাৰৰ
মুকলি বিহুটো জীয়াই আছে”।
“মোৰ নাতিটোৰ ৰিছাৰ্চৰ কামৰ কাৰণে
মই গুৱাহাটীতে থাকিব লাগিব। তাৰ কাম শেষ হোৱাৰ পিছতহে মই ফ্ৰী হ’ব পাৰিম। কেইদিনমানৰ কাৰণে গাঁৱলৈ যাব পাৰিম”। চলিহাই চিন্তাক্লিষ্ট ভাৱত ক’লে।
“আপোনাক কিন্তু এই বয়সতো নাতিৰ
মায়াই ভালকৈ বান্ধি ৰাখিছে”, পাঠকে আঁহিলে।
“এই মায়া মমতাই মানুহৰ জীৱনটো
সুন্দৰ আৰু উপভোগ্য কৰি ৰাখে’, চলিহায়ো হাঁহিলে।
মাতটো অলপ সৰু কৰি পাঠকে চলিহাক
সুধিলে। “দাদা, পেগ এটা এটা ল’ব নেকি”?
চলিহাই সাধাৰণতে মদ্যপান নকৰে।
কিন্তু একোটা বিশেষ মুহূৰ্তত পেগ এটা হাতত লবলৈ তেওঁ বেয়া নাপায়।
পাঠকৰ লগত কথা পাতি তেওঁৰ মনটো পাতল
পাতল লাগি আছিল। তেওঁৰ সময়খিনি উপভোগ কৰিবলৈ মন গ’ল। “ব’লা, আজি বাৰত বহোঁ। পিছে মইহে তোমাক খুৱাম”।
“আপুনি খুৱাব? আজি কিবা বিশেষ
অ’কেজন আছে নেকি দাদা”? পাঠকে হাঁহি মাৰি ক’লে।
“নাই, নাই। আজিকালি মনৰ মিল থকা
সংগী পাবলৈ নাইকীয়া হ’ল। সেইকাৰণে কাৰোবাৰ লগত অলপ সুন্দৰ সময় কটাব পাৰিলে সময়খিনি
উপভোগ কৰিবলৈ মন যায়”।
দুযো বাৰলৈ গৈ ওখ টুল দুখনত বহিল।
এটা ৰব’টে তাত বাৰ টেণ্ডাৰৰ কাম কৰে। তাৰ নাম মাইকেল। মাইকেলে দুয়োকে সম্ভাষণ
জনালে।
“গুড ইভিনিং ছাৰ। আজি বতৰটো বৰ
সুন্দৰ, মই আপোনালোকৰ কি সেৱা কৰিব পাৰোঁ’, নম্ৰ ভাৱে মাইকেলে ক’লে।
“মাইকেল, আজি বাৰখন খালি হৈ আছেযে।
আজিকালি কোনেও ইয়ালৈ নাহে নেকি”? চলিহাৰ লগত মাইকেলৰ পুৰণি চিনাকী।
“আজি কিছুদিনৰ ডেটাৰ পৰা জানিব পৰা
যায়যে বাৰত মানুহৰ সংখ্যা কমিছে। আমাৰ কিছুমান গেষ্ট পিছে ৰেগুলাৰ আহে”। মাইকেলে
ক’লে।
দুয়ো এটা এটা পেগ হুইস্কি ল’লে।
দুটামান চিপ মৰাৰ পাছত চলিহাই আকৌ
মাইকেলৰ লগত কথা আৰম্ভ কৰিলে, “মাইকেল, আমিযে মদ খাই স্ফূৰ্তি কৰোঁ, তোমালোকৰ
কেতিয়াবা স্ফূৰ্তি কৰিবলৈ মন নাযায়নে’?
মাইকেলে মিচিকিয়াই হাঁহিলে। “আমাৰ
কোনো মন নাথাকে ছাৰ। আমাক তেনেকৈয়ে প্ৰগ্ৰামিং কৰা থাকে”।
পাঠকে মাত লগালে, “মইতো আজিকালি
কোনটো আচল মানুহ, কোনটো ৰব’ট ধৰিবই নোৱৰা হ’লোঁ। সিদিনা ডান্স বাৰ এখনত ছোৱালী
এজনীৰ লগত আধা ঘণ্টা নাচি আহিলোঁ। পাছতহে গম পালোঁ, তাই বোলে এজনী ৰব’ট আছিল। কি
যে দিন কাল হ’ল”।
“কেইদিনমানৰ পাছত মানুহে প্ৰেম
পিৰীতিও ৰব’টৰ লগতে কৰিব লাগিব”, চলিহাই ঢেক ঢেককৈ হাঁহিলে।
“হয় দাদা। ভয়েই লগা হৈছে। কেনেবাকৈ
মোৰ ল’ৰাটোৱে ৰব’ট এজনীকে বোৱাৰী কৰি লৈ আনে নেকি”, পাঠকে নিজৰ ৰসিকতাত নিজে
হা হা কৈ হাঁহিলে।
“মেছিনে এতিয়া সকলো কণ্ট্ৰ’ল
কৰিছে। আমি ভাবিছিলোঁনে এনে দিন আহিব। এতিয়া মেছিন নোহোৱাকৈ আমি এখোজো দিব নোৱৰা
হৈছোঁ। আমাৰ ল’ৰালি কামৰ দিনবোৰেই ভাল আছিল নেকি”, চলিহাই চিন্তা কৰি ক’লে।
“দাদা, আপোনাৰ চাগে’ এই বয়সতো
সেইবোৰ দিনলৈ উভতি যাবলৈ খুব মন যায়”।
“তুমি মোক বুঢ়া হোৱা বুলি ভাবিছা
নেকি? মই বুঢ়া হোৱা নাই বুজিছা। আই এম ষ্টিল ইয়ং”, পেগত শোহা মাৰি চলিহাই ক’লে।
“আপোনাক বুঢ়া হোৱা বুলি কোৱা নাই
দাদা। বয়সৰ কথাটোহে কৈছোঁ”, পাঠকৰো অলপ অলপ নিচা লাগিল।
“মানুহৰ শৰীৰটোহে বুঢ়া হয় বুজিছা। মনটো ডেকা কৰি ৰাখিব লাগে। শৰীৰ বুঢ়া হৈ আহিলেও নিজকে বুঢ়া বুলি ভাবিব নালাগে। মোকেই চোৱা। মই এতিয়াও চফল দৰে জীৱন উপভোগ কৰি আছোঁ”। চলিহাই একে শোহাই গিলাছটো খালি কৰিলে।
দ্বিতীয়টো পেগ হাতত লৈ চলিহাই
ক’লে, “মোৰ নাতিটোৱে মোৰ ওপৰত গৱেষণা কৰি আছে বুজিছা। সেইকাৰনে সি মোক বুঢ়া হ’বলৈ নিদিয়ে। কিবা কিবি থেৰাপি কৰি মই ডেকা হৈ আছোঁ
বুজিছা”।
“আপোনাৰ ওপৰত গৱেষণা। কথাটো
নুবুজিলোঁ দাদা। আপোনাৰ ওপৰত আকৌ কি গৱেষণা”। পাঠকে এইবোৰ কথা বুজিবলৈ টান পায়।
“মোৰযে এই শৰীৰটো দেখিছা, এই
শৰীৰটো কিছুমান অতি ক্ষুদ্ৰ ক্ষুদ্ৰ কোষৰ সমষ্টি। এই কোষবোৰত মোৰ বিষয়ে সকলো তথ্য
জমা হৈ আছে। যিকোনো এটা কোষ পৰীক্ষা কৰিলে মোৰ বিষয়ে সকলো কথাই ক’ব
পাৰিবা। একোটা কোষত সকলো তথ্য থাকে। বিভিন্ন ঘটনাৰো তাত প্ৰভাৱ পৰে”।
“এইটো বৰ আচৰিত কথা দাদা। আপোনাৰ
এটা কোষত সকলো কথা কেনেকৈ থাকিব পাৰে”? পাঠক আচৰিত হ’ল।
“সেইটোৱেইটো কথা। এতিয়া মোৰ
নাতিটোৱে গৱেষণা কৰি উলিয়াব মোৰ কোষত কি কি কথা জমা হৈ আছে। সেই কথাবোৰৰ মোৰ
স্মৃতিৰ লগত কিবা মিল আছেনে নাই। মোৰ ডেকাকালৰ কোষৰ তথ্যৰ লগত এতিয়া কি পাৰ্থক্য
আহিল”। চলিহাই বুজাই ক’লে।
“সেইটো আকৌ কেনেকুৱা কথা? আপোনাৰ
স্মৃতিৰ লগত কোষত জমা হোৱা কথাৰ কি সম্পৰ্ক আছে”?
“থাকিবও পাৰে, নাথাকিবও পাৰে।
এতিয়ালৈকে সঠিককৈ একো গম পোৱা হোৱা নাই। কিন্তু আমাৰ জীৱনত ঘটা কিছুমান ঘটনাই কোষত
জমা হোৱা তথ্যৰ ওপৰত প্ৰভাৱ পেলায়। সেই কথাটোকে পৰীক্ষা কৰি চাবলৈ মোৰ নাতি অংকিতে
মোক ব্যৱহাৰ কৰিব”।
“অলপ অলপ বুজিছোঁ দাদা। আপোনাৰ
নাতি এদিন বহুত ডাঙৰ বিজ্ঞানী হ’ব সেই কথা কিন্তু ঠিক বুজিছোঁ”। পাঠকে হাঁহি হাঁহি
ক’লে।
“সি কষ্ট কৰিছে বুজিছা। এতিয়া
ফলাফল ভগৱানৰ হাতত” এই বুলি চলিহাই দ্বিতীয়টো পেগ শেষ কৰিলে।
“দাদা। ব’লক ঘৰলৈ যাবলৈ হ’ল। বেছিকৈ নিচা লাগিলে আপুনি গাড়ী
চলাই যাব নোৱাৰিব”।
অলপ পাছত মাইকেলক ধন্যবাদ দি দুয়ো ওলাই আহিল।
Comments
Post a Comment