খণ্ড ২২



সোনকালে উভতি আহি ছেমিনাৰলৈ যোৱাৰ কথা ভাবিছিল যদিও ঘূৰি ফুৰোঁতে সন্ধিয়াই হৈ গ’ল। লান্সৰ পাছত কেইবা ঘণ্টাও পাৰ হৈ গ’ল। দুয়োৰে অলপ অলপ ভোক লাগিল।
ফ্লোটিং মাৰ্কেটতে এখন নাওৰ ওপৰত থকা ৰেষ্টোৰাঁত দুয়ো থাই খাদ্য খালে। ফ্ৰাইড ৰাইচ, কণী আৰু সাগৰীয় মিছা মাছেৰে বনোৱা থাই খাদ্য খাও পাডৰ জুতি ল’লে।
খাই থাকোঁতে অংকিতৰ ফোনটো বাজিল। সুৰজিত চৌধুৰীৰ ফোন।
“অংকিত, তুমি হয়তো ইতিমধ্যে কথাটো গম পাইছাই। নাছাই তোমাক তেওঁলোকৰ গৱেষণাৰ কাৰণে বিচাৰিছে। মই তেওঁলোকক কৈছোঁ, মই তোমাক তিনি বছৰৰ কাৰণে ডেপুটেছনত পঠিয়াব পাৰিম। তাৰ পাছত তুমি ঘূৰি আহিব লাগিব। আছাম জেনেটিক ৰিছাৰ্চ চেণ্টাৰতো তোমাৰ দৰে ব্ৰিলিয়েণ্ট চায়েণ্টিষ্টৰ প্ৰয়োজন আছে”।
“কিন্তু ছাৰ,  মই আৰম্ভ কৰা গৱেষণাবোৰযে আধৰুৱা হৈ ৰ’ব”?
“ড’ণ্ট ৱৰি এবাউট ডেট। তুমি সেইখিনি পাছতো কৰিব পাৰিবা। কিন্তু আমেৰিকান লেব’ৰটৰীত গৱেষণা কৰাৰ সুযোগ আৰু নাপাবও পাৰা তেওঁলোকে তোমাক চন্দ্ৰলৈ পঠোওৱাৰ কথাও ভাবিছে।মই ভাবো তুমি এই সুযোগটো লোৱা উচিত। তুমি লাভ কৰা অভিজ্ঞতাই আমাৰ প্ৰতিস্থানটোকো সহায় কৰিব”
অংকিতে সকাহ অনুভৱ কৰিলে। সুৰজিত চৌধুৰীয়ে কেতিয়াও তাৰ অহিত চিন্তা নকৰে।
“ছাৰ, নিকিতাও মোৰ লগত যাব পাৰিবনে”? অংকিতৰ প্ৰশ্নটোত চৌধুৰী আচৰিত হ’ল।
“নিকিতা আকৌ তোমাৰ লগত কিয় যাব? তাইক নাছাই বিচৰা নাই নহয়”।
“আমি একেলগে ৰিছাৰ্চ কৰিছোঁ। তাই লগত থাকিলে মোৰ সুবিধা হ’ব”। অংকিতে কওঁ নকওঁকৈ ক’লে।
“তুমি সৰু ল’ৰাৰ দৰে কথা কৈছা অংকিত। নাছাই নিবিচাৰিলে মই নিকিতাক ৰিলিজ কৰিব নোৱাৰোঁ। তাইক আমি আন প্ৰজেক্টত জড়িত কৰিম। তুমি অকলেই যাব লাগিবমই জনামতে তুমি সোনকালেই ট্ৰেইনিঙৰ কাৰণে হিউষ্টনলৈ যাব লাগিব”, চৌধুৰীয়ে ক’লে।
চৌধুৰীয়ে কি উত্তৰ দিলে নুশুনিলে যদিও অংকিতৰ মুখৰ ভাব ভংগীৰ পৰা নিকিতাই বুজিব পাৰিলে, তাই অংকিতৰ লগত যাব নোৱাৰিব। কথাটো তাই জানিছিলেইঅংকিতেহে তাই লগত যোৱাটো বিচাৰি আছিল। কিন্তু তাইৰ ভাল লাগিলযে, অংকিতে তাইক লগত নিবলৈ সকলো প্ৰকাৰে চেষ্টা কৰি চাইছে।
চৌধুৰীৰ লগত কথা পৰাত পাছত অংকিতে অসহায় ভাবত নিকিতালৈ চালে। তাই তাক চকুৰ চাৱনিৰে বুজালে, একো নহয়। তাই যাব নোৱাৰে বুলি তাই মানি লৈছেই। এই কথাটোৰ কাৰণে সি চিন্তা কৰি থাকিব নালাগে।
“তোমাৰ মা আৰু ককাৰ লগত কথা পাতিলা জানো? তেওঁলোকক জনোৱা অংকিত। তেওঁলোকৰ অনুমতিও তুমি ল’ব লাগিব”, নিকিতাই মনত পেলাই দিলে।
নিকিতাই কোৱাৰ পাছতে অংকিতে মাকৰ লগত কথা পাতিলে। মাকক সি সকলো কথা বিবৰি ক’লে।
“তুমি দেউতাৰ আধৰুৱা কামখিনি কৰিম বুলিয়েই আমেৰিকাৰ পৰা ঘূৰি আহিছিলা। আকৌ কিয় যাবলৈ ওলাইছা?”, মাকৰ কথাত অংকিতে গম পালেযে সি বিদেশলৈ যোৱাটো মাকে বিচৰা নাই।
“মই সদায় থাকিবলৈ নাযাওঁ মা। দেউতাৰ আধৰুৱা কামো মই বাদ নিদিওঁ। তাত গৱেষণাৰ বিষয়েই নতুন কথা শিকিম। মাত্ৰ তিনিবছৰৰ কাৰণে যাম মা। তাৰ পাছত আকৌ উভতি আহিম”। অংকিতে অভয় দিয়াৰ সুৰত ক’লে।
ককাকে কথাটো গম পাই মাকৰ পৰা ফোনটো লৈ উচ্ছাসেৰে ক’লে, “তুমি আমেৰিকাৰ লেবৰেটৰিত কাম কৰিবলৈ সুযোগ পোৱা বুলি জানি ভাল পাইছোঁ। চন্দ্ৰলৈ যোৱাৰ সুযোগ পালেতো খুবেই গৌৰৱৰ কথা”। ককাক আৰু মাকৰ আপত্তি নথকা কাৰণে অংকিতৰ মনটো মুকলি হ’লঅলপ ধেমালিৰ সুৰত তেওঁ আকৌ ক’লে, “মোক কিন্তু এবাৰ চন্দ্ৰৰ পৰা ফুৰাই আনিবা দেই। মৰাৰ আগতে চন্দ্ৰলৈ এবাৰ গৈ আহিবলৈ মন যায়”।
“মৰাৰ কথা নক’বা ককা। মই ঘূৰি অহালৈ তুমি সুস্থ, সবল নিৰোগী হৈ থাকিব লাগিব”, অংকিতে ক’লে।

Comments

Popular posts from this blog

খণ্ড ১