খণ্ড ৩


ৰাতি দুপৰ হৈছে। অংকিতৰ কোঠাৰ পৰা ধাতৱ শব্দ কিছুমান আহি আছে। হয়তো সি তাৰ গৱেষণাৰ সৰঞ্জামবোৰৰ লগত কিবা কাম কৰিছে। মাজে মাজে তাৰ মাত শুনা গৈছে। সি হয়তো আমেৰিকাৰ প্ৰফেছৰজনৰ লগত কথা পাতিছে।
গীতিৰ টোপনি অহা নাই। তেওঁ ৰুম চাইলেঞ্চাৰটো ইচ্ছা কৰিয়েই অন কৰি থোৱা নাই। শব্দহীন কোঠা এটাত তেওঁ শুই থাকিব খোজা নাই। অংকিতে কাম কৰি থাকোতে হোৱা শব্দবোৰে তেওঁক এক অবুজ আনন্দ দিয়ে। নিজান ৰাতি তাৰ কোঠাৰ পৰা  অহা খুটুং খাটাং শব্দবোৰে তেওঁৰ বুকুখন ভৰাই তোলে। সেই শব্দবোৰ তেওঁৰ হৃদয়ৰ ষ্পন্দন যেন লাগে।
আজি তেওঁ বিচাৰিছে সি সোনকালে কাম শেষ কৰি বিছনালৈ যাওক। এই বয়সতে ইমান কষ্ট সি কৰিব নালাগে। নালাগে সি বিখ্যাত বিজ্ঞানী হ’ব। সি তেওঁৰ আচলৰ তলত সোমাই থকা ল’ৰাটো হৈয়েই থাকক।
অদ্ভূত কৰ্মশক্তি আছে অংকিতৰ। কেতিয়াবা কেইবাদিনো টোপনি নমৰাকৈ সি দিনে নিশাই কাম কৰি থাকে। কিন্তু গীতিয়ে তাৰ এক স্বভাৱটো ভাল নাপয়। তেওঁৰ মতে,  দিনটো কষ্ট কৰাৰ পিছত সি ৰাতি ভালকৈ শুব লাগে
টোপনি নহাকৈ বিছনাখনত পৰি থাকিলে তেওঁৰ মনলৈ অতীতৰ বহু কথাই ভিৰ কৰেহি। তেনে সময়ত তেওঁৰ বৰকৈ গণপতিৰ কথা মনলৈ আহে।
“অংকিত আন দহজনৰ দৰে সাধাৰণ ল’ৰা নহয়। সি আন সকলোতকৈ বেছি প্ৰতিভাশালী হ’ব। তুমি চাই থাকা গীতাশ্ৰী সি এদিন কোনেও কৰিব নোৱৰা কাম কৰি দেখুৱাব”, অংকিত কেঁচুৱা হৈ থাকোঁতেই গণপতিয়ে ঠিক এনেদৰেই কৈছিল। গীতিয়ে গণপতিৰ বাহুৰ মাজত সোমাই কৈছিল, “তুমি কেনেকৈ তাৰ ভৱিষ্যতৰ কথা ইমানকৈ জানা? তুমি ভগবান নেকি”?
গনপতিয়ে হাঁহিছিল। হাঁহিলে ক’লা বৰণৰ মানুহজনক বগা দাত কেইটাৰে বৰ ধুনীয়া লাগিছিল। “ভগৱানৰ লগত মোৰ ডাইৰেক্ট কানেক্সন আছে। ভগবানে কৈছে সি এদিন বিশ্ববিখ্যাত হ’ব”।
গণপতিয়ে কোৱাৰ দৰেই অংকিত ডাঙৰ হৈ অহাৰ লগে লগে সঁচাকৈয়ে তাৰ প্ৰতিভাৰ উমান পোৱা গৈছিলএবাৰ ক্লাছত শিক্ষকে কিবা পঢ়ুৱালে সি দুনাই এবাৰো নপঢ়াকৈ সকলো কথা মনত ৰাখিব পাৰিছিল। প্ৰায়বোৰ কিতাপ তাৰ মুখস্থ আছিল। সৰুৰে পৰা চোকা বুদ্ধিৰ অংকিতক স্কুলত জিনিয়াছ বুলিয়েই সকলোৱে জানিছিল।
গীতিৰ মন উৰি যায় গনপতিৰ মৰমৰ মাজত সোমাই থকা সেই দিনবোৰলৈ। এদিন সুদূৰ তামিলনাডুৰ পৰা চাকৰি কৰিবলৈ ওখ, ক’লা বৰণৰ তজবজীয়া ডেকা এজন গুৱাহাটীলৈ আহিছিল। অসম জেনেটিক ৰিছাৰ্চ চেণ্টাৰ সেইটো বছৰতে স্থাপন কৰা হৈছিল। প্ৰতিস্থানটোত এজন বিজ্ঞানী হিচাপে সি যোগদান কৰিছিল। সেই সময়ত গীতি আছিল ইউনিভাৰ্ছিটিত গ্ৰেজুৱেছনৰ ফাইনেল ইয়েৰত।
যোগদান কৰাৰ পিচতে লাজকুৰীয়া সপ্ৰতিভ ডেকাজন এদিন গীতিহঁতৰ ঘৰলৈ আহিছিল। দেউতাক সুকান্ত চলিহাই দুয়োৰে চিনাকী কৰি দিছিল, “এয়া আমাৰ প্ৰতিস্থানত নতুনকৈ সোমোৱা জেনেটিক ইঞ্জিনিয়াৰ ভেংকট গণপতি আয়েংগাৰ। আৰু গণপতি, এইজনী মোৰ ছোৱালী গীতাশ্ৰী”
লাজকুৰীয়া আৰু হাঁহিমুখীয়া ডেকা জনে কম সময়তে মানুহক আপোন কৰি ল’ব জানিছিল তেওঁ গীতিৰ লগত কিছুসময় কথা পাতিছিলঅসমীয়া ভাষাটো শিকিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিল। প্ৰথম চিনাকী হৈয়েই গীতিৰ ভদ্ৰ, শান্ত স্বভাৱৰ ল’ৰাজনক ভাল লাগিছিল।
দেউতাকে পিছত গীতিক কৈছিল, “আমাৰ প্ৰতিস্থানটো নতুন। কিন্তু এই প্ৰতিস্থানটোলৈ এনে চোকা বুদ্ধিৰ ডেকা এজন অহাটো বৰ ভাল কথা। আমাৰ গৱেষণাত বহুত সহায়ক হ’ব। গণপতি ল’ৰাটোৰ ভৱিষ্যত আছে। খুব টেলেণ্টেড ল’ৰা”
দেউতাকৰ মুখত ল’ৰাটোৰ প্ৰশংসা শুনি গীতিৰ ভাল লাগিছিল। চোকা, সপ্ৰতিভ মানুহৰ প্ৰতি তাই সদায়েই এক আকৰ্ষণ অনুভৱ কৰে। পাছলৈ দেউতাকৰ মুখত ল’ৰাজনৰ বিস্ময়কৰ প্ৰতিভাৰ কথা শুনি শুনি তাই মনে মনে তাৰ গুণমুগ্ধ হৈ পৰিছিল।
কিছুদিন পাছত দেউতাকে তাইক কৈছিল – “গীতি গণপতিয়ে ৰেকৰ্ড টাইমত এটা বহুত পুৰণি প্ৰজেক্টৰ কাম শেষ কৰিলে। এতিয়া কিছুদিন সি ফ্ৰী হৈ আছে।  মই তাক এটা ইণ্টাৰেষ্টিং কাম দিব খুজিছোঁ। তুমি তাক অলপ সহায় কৰিব লাগিব”।
“সহায়”? গীতিয়ে উচপ খাই উঠিছিল। ইমান চোকা মানুহজনক তেওঁৰ গৱেষণাৰ কামত তাইনো কি সহায় কৰিব পাৰিব।
“মই কি সহায় কৰিম দেউতা? তুমিটো কৈছাই তেওঁ কিমান ব্ৰিলিয়েণ্ট মানুহ”
তেওঁক মই অসমীয়াত জীৱন্ত মানুহৰ দৰে কথা-বতৰা পাতিব পৰা ৰবট এটা ডিজাইন কৰিবলৈ কৈছোঁ
"ৰব'? তেওঁ ৰব'টো ডিজাইন কৰে নেকি দেউতা"? গীতি আচৰিত হ'
"টেলেণ্টেড মানুহৰ কাৰণে জ্ঞানৰ কোনো সীমা নাই গীতি জেনেটিক ইঞ্জিনিয়াৰিঙৰ লগতে সি ৰ'বটিক্সৰ ওপৰতো যথেষ্ট অধ্যয়ন কৰিছে"
“কিন্তু ৰব’ট ডিজাইন কৰাত মই কেনেকৈ সহায় কৰিব পাৰোঁ”? গীতিৰ কপালখন কোঁচ খালে।
“সি অসমীয়া ভাষাটো নাজানে। কিন্তু কামটোৰ কাৰণে সি অসমীয়া ভাষাটো শিকিব লাগিব। অসমীয়া শিকিবলৈ তুমি তাক অলপ সহায় কৰি দিয়া”।
“কিন্তু দেউতা, ইউ টিউবত চায়েই দেখোন অসমীয়া শিকিব পাৰি? মই আকৌ কি শিকাব লাগে”?
“নহয় গীতি। ৰব’টক আৰ্টিফিচিয়েল ইণ্টেলিজেন্স দিবলৈ হ’লে কাৰণে ইউ টিউবত শিকা অসমীয়াৰে কাম নচলিব। ঘৰুৱা কথোপকথনত ব্যৱহাৰ হোৱা সকলো কথা-বতৰা ইউ টিউবৰ লাৰ্ণ আছামিজ ইন ছেভেন ডেইজৰ দৰে ভিডিঅ’ চাই শিকিব নোৱাৰি। সেইকাৰণে তোমাৰ সহায় লাগে। গণপতিয়ে তোমাৰ পৰা অসমীয়া শিকিব”।
গীতি মান্তি হৈছিল। প্ৰথমবাৰ চিনাকী হোৱাৰ পাছত টেলেণ্টেড ল’ৰাজনক লগ পাবলৈ এনেয়ো তাইৰ মন গৈ আছিল।
অসমীয়া শিকিবলৈ গণপতিয়ে আবেলি সময় পালেই ৰিছাৰ্ছ চেণ্টাৰৰ পৰা গীতিহঁতৰ ঘৰলৈ আহিছিল। সি গীতিৰ ওচৰত এজন ছাত্ৰ হৈ পৰিছিল। তাৰ শিকাৰ অসীম আগ্ৰহ আৰু সোনকালে আয়ত্ব কৰাৰ প্ৰতিভাই গীতিক মুগ্ধ কৰিছিল।
শনিবাৰ আৰু দেওবাৰে সি অহা নাছিলসেই দুদিন সি গৱেষণাৰ কাৰণে পঢ়া –শুনা কৰিছিল। কেইবাটাও বিষয়ত একেলগে পঢ়া-শুনা কৰিব পৰা অদ্ভূত ক্ষমতা আছিল তাৰ।
সেই দুদিন সি ৰিছাৰ্ছ চেণ্টাৰৰ ভাৰ্চুৱেল লাইব্ৰেৰীত কিতাপৰ মাজত ডুব গৈ আছিল। পৃথিৱীৰ প্ৰায় সকলো কিতাপেই ই-বুক আৰু অ’ডিঅ’ বুক হিচাপে এই লাইব্ৰেৰীত পোৱা যায়। জ্ঞানপিপাসু মানুহজনে লাইব্ৰেৰীটোৰ এটা শিতানৰ পৰা আন এটা শিতানলৈ মনে বিচৰা কিতাপ বিচাৰি ঘুৰ্মুটিয়াই ফুৰিছিল।
গীতিৰ পৰা সি অসমীয়া শব্দ আৰু কথনভংগী শিকিছিল। শুদ্ধকৈ অসমীয়া লিখিবৰ বাবে অসমীয়া ব্যাকৰণ পঢ়িছিল। অসমীয়া শব্দ উচ্চাৰণ কৰোঁতে জিভাৰ ভাঁজবোৰ কেনেকৈ দিয়ে সেয়াও সি কম সময়তে শিকি লৈছিল। মাত্ৰ এমাহৰ ভিতৰতে গণপতিয়ে সলসলীয়াকৈ অসমীয়া ক’ব আৰু লিখিব পৰা হৈছিল।
ছয়মাহৰ ভিতৰতে অসমীয়া ভইছ কমাণ্ড গ্ৰহণ কৰিব পৰা আৰু অসমীয়াত উত্তৰ দিব পৰা বিশ্বৰ প্ৰথমটো ৰব’ট গণপতিয়ে ডিজাইন কৰি এটা আৰ্হি বা প্ৰ’টটাইপ সাজি উলিয়াইছিল।
বটটো পৰীক্ষা কৰিবলৈ গীতিৰ ওচৰলৈকে লৈ আহিছিল বটটোৰ সৈতে প্ৰথম পৰীক্ষামূলক কথাবতৰা গীতিয়েই পাতিছিল গীতিয়ে সুধিছিল, “তুমি কোন? তোমাক মোৰ চিনাকী দিয়া তাই কৈ থাকোঁতে ৰবটটোৰ চকুত থকা সৰু সেউজীয়া লাইট দুটা জ্বলি উঠিছিল
ৰবটটোৱে হাতজোৰ কৰি উত্তৰ দিছিল, “নমষ্কাৰ মোৰ মান টিখৰ মই প্ৰথম অসমীয়া যন্ত্ৰ-মানৱ
গীতিৰ চকু চলচলীয়া হৈছিল তাই আকৌ সুধিছিল, “তোমাৰ বিষয়ে মোক আৰু অলপ কথা কোৱাচোন
মোৰ মেমৰী হল হাণ্ড্ৰেড গিগাবাইট আৰু মোক টেন গিগাহাৰ্জ ডেকাকোৰ প্ৰছেচৰে চলাই ৰাখিছে মোক পইণ্ট ফাইভ এম্পিয়াৰ কাৰেণ্টেৰে প্ৰতি আঠঘণ্টাত চাৰ্জ কৰিব লাগে
তুমি আৰু কি কি কৰিব পাৰা টিখৰ? গান গাব পাৰানে”?
মই বহুত কাম কৰিব পাৰোঁ মোক দিয়া সকলো নিৰ্দেশ মই পালন কৰোঁ মই গান গাব পাৰোঁ টিখৰৰ যান্ত্ৰিক উত্তৰ
অসমীয়া গান এটা গোৱাচোন”, গীতিয়ে কলে
মোৰ মেমৰীত পঞ্চাশটা অসমীয়া গান আছে নম্বৰটো বাচনি কৰক"
"তুমি নিজেই বাচনি কৰি গোৱা"
"এক নম্বৰটো গাওঁনে”?
গোৱা
“অ’ মোৰ আপোনাৰ দেশ, অ’ মোৰ চিকুনী দেশ”, টিখৰে অসমৰ জাতীয় সংগীত গাবলৈ ল’লে।
গীতিয়ে টিখৰক আকোঁৱালি ধৰিলে। গণপতিৰ ৰব’টে তাইৰ মন মুহি পেলালে। তাই গণপতিক ক’লে, “টিখৰক তুমি মোৰ লগতে থাকিবলৈ দিবানে”?
“এইটো আৰ্হিহে। মই আৰু উন্নত মানৰ ৰব’ট নিৰ্মাণ কৰি তোমাক দিম”।
“নালাগে। মোৰ কাৰণে টিখৰেই হ’ব। তুমি আৰু উন্নত মানৰ ৰব’ট নিৰ্মাণ কৰি থাকিবা”। গীতিয়ে পোনপেটীয়াকৈ কৈছিল।
গীতিৰ কথাবোৰ ভালকৈয়ে মনত আছে। অসমীয়া ভাষাটোৰ প্ৰতি গণপতিৰ অদ্ভূত আকৰ্ষণ আছিল। সি কৈছিল, “অসমীয়া ভাষাৰ দৰে কোমল আৰু মিঠা ভাষা বিশ্বত বহুত কম আছে”টিখৰকো হেনো সি ইংৰাজীতকৈ অসমীয়া শিকাবলৈ বেছি সহজ পাইছিল। সি অসমীয়া ভাষাত কম্পিউটাৰ প্ৰগ্ৰামিং লেংগুৱেজ ‘কুঁহিপাত’ লিখি উলিয়াইছিল। অসমীয়াত কমাণ্ড দিব পৰা সৰু সৰু ইউটিলিটি ছফটৱেৰ সাজি উলিয়াইছিল। অসমীয়া ভাষাত এটা অপাৰেটিং ছিষ্টেম তৈয়াৰ কৰিবলৈ সি পৰিকল্পনা কৰিছিল।
যিটো সময়ত গণপতিয়ে অসমীয়া ভাষাক বিজ্ঞানৰ উপযোগী কৰি তুলিবলৈ ন ন গৱেষণাত ব্যস্ত হৈ পৰিছিল, সেইসময়ত অসমত অসমীয়া মানুহৰ ভাষা সংস্কৃতি উভয়েই বিপন্ন হৈ পৰিছিল। অসমীয়া মানুহে নিজৰ ভাষাটোক অবজ্ঞা কৰিবলৈ আৰম্ভ কৰিছিল আৰু ইংৰাজী, হিন্দী আৰু বাংলা ভাষাৰ অধিক ব্যৱহাৰ কৰিবলৈ লৈছিল। অসমীয়া মানুহে কৰ্মবিমুখতাৰ কাৰণে পদে পদে আনৰ সন্মুখত হেয় প্ৰতিপন্ন হৈছিলআনকি সাতাম পুৰুষীয়া অসমীয়া কৃষ্টি সংস্কৃতিতো বহিৰাগতৰ প্ৰভাৱ পৰিছিল। অসমীয়া নতুন প্ৰজন্মই নিজৰ সংস্কৃতি আকোঁৱালি লোৱা নাছিল। ল’ৰা-ছোৱালীবোৰে অসমীয়া শিকিবলৈ এৰি পেলাইছিল। শুদ্ধকৈ অসমীয়াত কথা পাতিবলৈ আৰু লেখা মেলা কৰিবলৈ মানুহ বিচাৰি পোৱা টান হৈছিল। অসমীয়া মানুহে ঘৰত ইংৰাজী হিন্দী বাংলা অসমীয়াৰ সানমিহলি ভাষা এটাত কথা পাতিবলৈ লৈছিল।
অসমীয়া মানুহৰ হাততে অসমীয়া ভাষাৰ এনে দুৰ্গতি দেখি গণপতি চিন্তিত হৈছিল। সি গীতিক কৈছিল, “তামিলনাডুত আমি নিজৰ তামিল ভাষাটোক বহুত সন্মান কৰোঁ। আমি ইংৰাজী ব্যৱহাৰ কৰোঁ য়দিও ঘৰত এতিয়াও তামিল ভাষাই ব্যৱহাৰ কৰোঁমই ভাবিছিলোঁ, অসমতো অসমীয়া ভাষাক মানুহে সিমানেই সন্মান কৰে। কিন্তু মই দেখিলোঁ তোমালোক অসমীয়া মানুহে অসমীয়া ভাষাক লৈ চিন্তিত নহয়। অসমীয়া ভাষাক যদি এইদৰে অৱহেলা কৰি থাকা, এদিন ভাষাটোৱেই নাইকীয়া হ’ব। কিবা এটা কৰিবই লাগিব”।
অসমীয়া ভাষাটোৰ কাৰণে কিবা এটা কৰিবলৈ গণপতিৰ আগ্ৰহ দেখি গীতিৰ মন ভৰি পৰিছিল। তাই তাক কাবৌ কৰাৰ দৰে কৈছিল, “তুমিয়েই কিবা এটা কৰা। অসমীয়া ভাষাটোক জীয়াই ৰাখিবলৈ কিবা এটা কৰা”।
“কৰিম। মই টেকন’লজীৰ জৰিয়তে পৰিবৰ্তন আনিম। চাবা টেকন’লজীয়ে অসমীয়া ভাষা জীয়াই ৰাখিব”। গণপতিয়ে কথা ৰাখিছিল। নিজৰ ব্যস্ততাৰ মাজতো সি অসমীয়া ভাষাটো নৱ প্ৰজন্মৰ মাজত জনপ্ৰিয় কৰিবলৈ কাম কৰি গৈছিল। সি অসমীয়াত ইণ্টাৰেক্ট কৰিব পৰা কেইবাটাও মোবাইল গেম প্ৰস্তুত কৰি উলিয়াইছিল। সেইদৰে সৰু সৰু প্ৰয়োজনীয় অসমীয়া মোবাইল এপ্লিকেচন লিখি উলিয়াইছিল। টেলিছিছনৰ সকলো চেনেলৰ অডিঅ’ অসমীয়াত শুনিব পৰাকৈ সি এটা কনভাৰ্টাৰ সাজু কৰি উলিয়াইছিল। গণপতিৰ চেষ্টা ফলৱতী হৈছিল। অলপ দিনৰ ভিতৰতে নৱ প্ৰজন্মৰ মাজত অসমীয়া ভাষাৰ ব্যৱহাৰ চকুত লগাকৈ বাঢ়িছিল।
সেইজন গণপতিৰ লগতে এদিন দেউতাকৰ সন্মতিত গীতিৰ বিয়া হৈছিল। আৰু সেইজন গণপতিয়েই অংকিতৰ পাঁচ বছৰ পূৰ হোৱাৰ দিনা সকলোকে এৰি থৈ বহুদূৰলৈ গুচি গৈছিল। গৱেষণাগাৰৰ ভিতৰতে মৃত অৱস্থাত তাক পোৱা গৈছিল। সি হেনো আত্মহত্যা কৰিছিল। কিন্তু কিয়? গীতিয়ে সি আত্মহত্যা কৰাৰ কথাটো এতিয়াও বিশ্বাস নকৰে। তাৰ দৰে মানুহে আত্মহত্যা কৰিব নোৱাৰে। তাতে অংকিতৰ জন্মদিনৰ দিনা।
দেউতাকে ভাগি পৰা গীতিক বহুত বুজনি দিছিল, “অংকিতৰ মাজত গণপতি জীয়াই আছে আৰু জীয়াই থাকিব”।
সেই অংকিত এতিয়া চফল ডেকা হ’ল। দেউতাকৰ পদাংক অনুসৰণ কৰি সিও আমেৰিকাৰ চিকাগো বিশ্ববিদ্যালয়ৰ পৰা জেনেটিক ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰী লৈ আহিল।
আমেৰিকাত তাৰ দৰে চোকা ল’ৰাৰ বাবে চাকৰিৰ অভাৱ নাছিল। কিন্তু ককাকে বিচাৰিছিল সি পঢ়া শুনা শেষ কৰি উভতি আহক, ককাক দেউতাকে কাম কৰা প্ৰতিস্থানটোতে সি কাম কৰক। ককাকে তাক সদায় সোঁৱৰাই আছিল, “তুমি উভতি আহি তোমাৰ দেউতাৰাৰ অসম্পূৰ্ণ ৰিছাৰ্চৰ কামখিনি শেষ কৰিব লাগিব। তুমি উভতি আহিবই লাগিব অংকিত। সেয়া তোমাৰ দায়িত্ব”।
অংকিতে ককাকৰ কথামতে উভতি আহিছিল। ককাক আৰু দেউতাকে কাম কৰি যোৱা প্ৰতিস্থানটোতে সি ৰিচাৰ্ছ স্কলাৰ হিচাপে যোগদান কৰিছিল। দেউতাকে আধৰুৱা কৰি থৈ যোৱা প্ৰজেক্টৰ কাম সি হাতত লৈছিল। গণপতিয়ে আৰম্ভ কৰা প্ৰজেক্ট কেইটা ইমানেই জটিল আছিল যে তেওঁৰ পিছত বহুকেইজন গৱেষকে চেষ্টা কৰিও কাম আগবঢ়াব পৰা নাছিল।
অংকিতে মাকক কৈছিল, “দেউতাৰ কাম বিলাক মই শেষ কৰিব পাৰিম মা প্ৰজেক্ট কেইটা সহজ নহয়। বহুত কষ্ট কৰিব লাগিব। কিন্তু মোৰ কাৰণে এইটো এটা চেলেঞ্জ”।
পাৰিব। অংকিতৰ ওপৰত গীতিৰ অগাধ বিশ্বাস আছে। আজিৰ সময়ত তাৰ দৰে দেহে কেহে নিজৰ কামত ব্যস্ত হৈ থকা ল’ৰা পাবলৈ নাই। দিনে নিশা, শয়নে সপোনে নিজৰ কামতে একাণপতীয়া হৈ সি লাগি থাকিব পাৰে। ঘৰতে সি অস্থায়ো গৱেষণাগাৰ সাজি লৈছে। সি কামত লাগি থকা সময়খিনিত গীতিৰ টোপনি নাহে।
পুৱতি নিশা অংকিতে তাৰ কোঠাৰ লাইট অফ কৰিলে। তাৰ কোঠাৰ শব্দবোৰ নাইকীয়া হ’ল। চুমিয়ে দীঘলীয়া উশাহ এটা লৈ মনৰ মাজত কঢ়িয়াই লৈ ফুৰা গণপতিক ক’লে, “আমাৰ ল’ৰাটো ভালেই আছে গণু। তুমি তাৰ কাৰণে দেখা সপোনবোৰ এদিন ফলিয়াব। তুমি ওপৰৰ পৰা তাক আশীৰ্বাদ কৰি থাকিবা”।

Comments

Popular posts from this blog

খণ্ড ১