খণ্ড ১৪
হোটেল আছাম ৰাইনোৰ পৰা
ছেমিনাৰ অনুস্থিত হোৱা হোটেল লা বেলালৈ ই কেবত আধা ঘণ্টা সময় লাগে। চালক নথকা সৌৰ
চালিত এই কেববোৰেই বেংককত আটাইতকৈ কম খৰছী পৰিবহন ব্যৱস্থা। পুৰণি টুক টুকবোৰ
এতিয়াও কিছুমান অঞ্চলত চলি আছে যদিও মুখ্য পথবোৰত সেইবোৰ চলাৰ অনুমতি নাই।
অংকিতে ই কেবৰ নম্বৰত
ফোন কৰাৰ দহ মিনিটমানৰ পাছত হোটেলৰ সন্মুখত ই-কেবখন হাজিৰ হ’ল। অংকিত আৰু নিকিতাই
ওচৰ চপাৰ পাছত কেবখনৰ পাছৰ দুৱাৰৰ হেণ্ডেলৰ ওচৰত থকা কি বোৰ্ডখনত বুকিং ৰেফাৰেন্স
নম্বৰটো ভৰাব লগীয়া হ’ল। সেই নম্বৰটো সথিককৈ ভৰালেহে দুৱাৰখন খুলিব পাৰি। দুৱাৰখন
খুলি ভিতৰত বহাৰ লগে লগে এটা যান্ত্ৰিক কণ্ঠই দুয়োকে সম্ভাষণ জনালে।
“গুডমৰ্ণিং। ৱেলকাম টু ই
– কেব। ইউ উইল ৰিচ ইয়ৰ ডেষ্টিনেছন ইন এপ্ৰক্সিমেটলি থাৰ্টি টু মিনিটচ”।
অংকিত আৰু নিকিতাই আগতে
কেতিয়াও চালক নথকা ই কেবত উঠা নাছিল। গুৱাহাটীত এতিয়াও চালকহীন ই কেব সেৱা আৰম্ভ
হোৱা নাই। তাই দেখিলে কেবখনৰ ভিতৰত মনোৰঞ্জনৰ কাৰণেও ব্যৱস্থা আছে। আসনৰ সন্মুখত
একোখন স্ক্ৰীণ আছে। সেই স্ক্ৰীণখন ব্যৱহাৰ কৰি ভিডিঅ’ গেম কেলাৰ ব্যৱস্থা আছে।
নতুবা সেই স্ক্ৰীনখনত টি ভি চাবও পাৰি। প্ৰতিজন যাত্ৰীয়ে সহযাত্ৰীৰ অসুবিধা
নোহোৱাকৈ টি ভি চাবলৈ সুবিধা হোৱাকৈ প্ৰতিখন আসনৰ লগত কাণত লৈ শুনিব পৰা ইয়েৰ
প্লাগ স্পীকাৰ সংযুক্ত হৈ আছে। নিকিতাই কেবখনত থকা সুবিধাবোৰ পিতপিতাই চালে।
সেইসময়ত অংকিতে প্ৰশ্নোত্তৰ অনুস্থানত শ্ৰোতাই সুধিব পৰা প্ৰশ্নবোৰ মনত জুকিয়াই
ল’লে।
নিৰ্ধাৰিত সময় দহ
বাজিবলৈ পোন্ধৰ মিনিটমান থাকোঁতে দুয়ো ছেমিনাৰ অনুস্থিত হোৱা হোটেল লা বেলাৰ
বেংকুইট হলত উপস্থিত হ’ল। ইতিমধ্যে হলৰ বাহিৰত থকা দুটা অট’মেটেড ছেল্ফ ছাৰ্ভিছ
কিয়ক্সত অভ্যাগত সকলৰ ৰেজিষ্ট্ৰেচন
প্ৰক্ৰিয়া আৰম্ভ হৈছে। অংকিত আৰু নিকিতায়ো শাৰীত থিয় হ’ল।
অংকিতে ইউনিভাৰ্চেল আই
ডি খন নিৰ্ধাৰিত স্থানত সুমুৱাই দিয়াৰ লগে লগে সন্মুখৰ স্ক্ৰীণত অংকিতৰ বাবে এটা
আদৰণি বাৰ্তা দেখিবলৈ পোৱা হ’ল। অংকিতে নিৰ্ধাৰিত স্থানত হাতৰ চাপ দি বায়’লজিকেল
ভেৰিফিকেচন সম্পূৰ্ণ কৰিলে। কেই ছেকেণ্ড মানৰ পিছতে এখন কাৰ্ড মেচিনটোৰ পৰা ওলাই
আহিল। সেইখন ডিঙিত ওলোমাই ল’বলগীয়া পৰিচয় পত্ৰ।
নিকিতাই নিজৰ আই ডি খন
ভৰাই দিয়াৰ পাছত পিছে তাইৰ নাম অভ্যাগতৰ তালিকাত নাই বুলি স্ক্ৰীণত মেছেজ আহিল।
তাই বিমোৰত পৰি অংকিতলৈ চালে। অংকিতে উৱাদিহ নাপাই মৰিয়মলৈ ফোন কৰিলে। নিকিতাই
সন্মুখীন হোৱা সমস্যাটোৰ কথা বুজাই ক’লে। মৰিয়মে দুয়োকে হোটেলৰ তৃতীয় মহলাত থকা ৰেজিষ্ট্ৰেচন
অফিছলৈ মাতিলে।
অংকিতৰ পৰিচয় পত্ৰ লগত
থকাৰ কাৰণে তৃতীয় মহলালৈ যাবলৈ অসুবিধা নহ’ল। লিফটত উঠি যাবলৈও কাৰ্ডখনৰ প্ৰয়োজন
হয়।
নিৰ্দিষ্ট কোঠাটোত সোমাই
দুয়ো মৰিয়মক দেখিলে। তেওঁ আগবাঢ়ি আহিল।
“মই চেক কৰিলোঁ। নিকিতাৰ
নাম প্ৰথমতে নাছিল। পাছত আমি নিকিতা আহিব বুলি খবৰ পালোঁ যদিও এণ্ত্ৰী কৰিবলৈ থাকি
গ’ল। সেইকাৰণে মই নিকিতাৰ কাৰণে মেনুৱেল ছিষ্টেমত কাৰ্ড এখন যোগাৰ কৰিছো”, এই বুলি
তেওঁ নিকিতালৈ কাৰ্ড এখন আগবঢ়াই দিলে।
“এই কাৰ্ডখনত কিছুমান
সুবিধা নাথাকিব। কিন্তু দুয়ো একেলগে থাকিলে অংকিতৰ কাৰ্ডখনেৰে কাম চলাব পাৰিবা।
বিশেষ কোনো অসুবিধা নহয়”। মৰিয়মে ক’লে।
“মই নহা হ’লেও হ’লহেতেন
অংকিত”, নিকিতাই লাহেকৈ অসমীয়াতে অংকিতক ক’লে।
মৰিয়মে যেন তাইৰ কথা
বুজিব পাৰিলে। তেওঁ হাঁহি মাৰি ইংৰাজীতে ক’লে, “তুমি একো চিন্তা নকৰিবা। কিবা
অসুবিধা হ’লে মই আছোঁ। এতিয়া ব’লা মই তোমাকোক দুয়োকে ছেমিনাৰ হললৈকে লৈ যাওঁ”।
মৰিয়মৰ পাছে পাছে গৈ
দুয়ো প্ৰথম মহলাত থকা ছেমিনাৰ হলত প্ৰৱেশ কৰিলে। হলৰ ভিতৰখন যেন প্ৰাকৃতিক পোহৰেৰে
জিলিকি আছে। ওপৰত থকা স্বচ্ছ আচ্ছাদনৰ মাজেৰে আকাশ দেখি থাকি। ৰ’দৰ পোহৰেৰে আলোকিত
হৈ আছে যদিও তীব্ৰতা নিয়ন্ত্ৰিত হৈ আছে। এটা কৃত্ৰিম নিজৰা এফালেৰে কুলু কুলু শব্দ
কৰি বৈ আছে। তলত ঘাঁহনিৰ দৰে কাৰ্পেট। পৰিৱেশটো যেন প্ৰাচীন কালৰ কোনোবা ঋষি মুনিৰ
আশ্ৰমৰ দৰে।
সোঁমাজত থকা গোলাকাৰ মঞ্চত
মেজ আৰু মানুহ বহিব পৰাকৈ চকী সজাই থোৱা
আছে। ইতিমধ্যে এজন দুজনকৈ মানুহ আহি হলঘৰটো ভৰি পৰিছে। মানুহ বহিবলৈ গোল গোল
টেবুলবোৰ সজাই থৈছে। প্ৰতিখন টেবুলতে এটাকৈ সৰু মণিটৰ আৰু মাইক সংযোগ কৰা আছে।
“তোমালোকে ইয়াত
ভাৰ্চুৱেল ৰিয়েলিটি প্ৰেজেণ্টেছন দেখিবলৈ পাবা। আৰামকৈ বহি লোৱা। অংকিতৰ
প্ৰশ্নোত্তৰ শিতান আৰম্ভ হোৱাৰ আগে আগে মই খবৰ দিম”। এই বুলি কৈ মৰিয়ম গ’লগৈ।
অংকিত আৰু নিকিতাই চুকৰ
টেবুল এখন বাচি ল’লে যাতে প্ৰয়োজন হ’লে টোপনিয়াব পাৰি। ৰাতিৰ ভ্ৰমণৰ অৱসাদে দুয়োকে
কিছু ক্লান্ত কৰি ৰাখিছে। অংকিতে চকীত আউজি চকু দুটা মুদি দিলে।
“এক্সকিউজ মি মিষ্টাৰ
অংকিত”, মহিলাৰ মাতত অংকিত সচকিত হৈ চকু মেলিলে।
এগৰাকী মহিলাই তাৰ ওচৰলৈ
আহি তাৰ পৰিচয় পত্ৰখন চাইছে আৰু তাৰ লগত কথা পাতিবলৈ বিচাৰিছে। অংকিতে ‘ইয়েছ’ বুলি
কৈ মহিলা গৰাকীলৈ চালে। ভাৰতীয় চেহেৰাৰ মহিলাগৰাকীৰ মুখখন তাৰ চিনাকী চিনাকী
লাগিল। তেওঁ এটা ফুলাম চোলা আৰু জীনছ পিন্ধিছে। সি অনুমান কৰিলে, মহিলাগৰাকী তাৰ
মাকৰ বয়সৰ হ’ব।
“তোমালোক অসমৰ পৰা
আহিছা”? মানুহজনীৰ মুখত অসমীয়া মাত শুনি অংকিতৰ ভাল লাগিল। কিন্তু উচ্চাৰণৰ পৰা
ধৰিব পাৰি যে তেওঁ হয়তো জন্মসূত্ৰে অসমীয়া নহয়।
“হয়, অসমৰ পৰা আহিছোঁ।
আপুনি”? অংকিতে আশ্বৰ্য প্ৰকাশ কৰি ক’লে।
“তুমি বেয়া নোপোৱা যদি
মই তোমালোকৰ লগতে বহোঁ”? মিঠা হাঁহি এটা মাৰি তেওঁ ক’লে।
“নিশ্চয় বহক। ৰাতি টোপনি
ক্ষতি হোৱা কাৰণে মই অলপ টোপনিয়াইছিলোঁ”, অংকিতে হাঁহি মাৰি ক’লে। নিকিতাই তেওঁলৈ
চাই মিচিকিয়া হাঁহি মাৰিলে।
“তোমাৰ ডিঙিৰ গামোচাখন
দেখিয়েই মই ধৰিব পাৰিলোঁ তুমি অসমৰ পৰা আহিছা”। বহি লৈ ভদ্ৰমহিলাই ক’লে।
“আপুনি ক’ৰ পৰা আহিছে”?
“মই ডক্তৰ ভানুমতী।
মই ইণ্ডিয়ান, কিন্তু এতিয়াছিকাগোত থাকোঁ। ছেমিনাৰত মোৰ এখন
পেপাৰ আছে”।
“নাইচ টু মিট ইউ। কিন্তু
আপুনি অসমীয়া কৈছেযে সেয়েহে আচৰিত হৈছোঁ”। অংকিতে মিচিকিয়াই হাঁহি ক’লে।
“মোৰ জীৱনৰ প্ৰথম চাকৰি
অসমতেই কৰিছিলোঁ। অসমীয়া ভাষা তেতিয়াই শিকিছিলোঁ। এতিয়াও মই অসমীয়া ৱেব চাইটবোৰ
পঢ়োঁ, অসমীয়া মোৱাইল এপ ইউজ কৰোঁ, অসমীয়া ফ্ৰেণ্ডৰ লগত অসমীয়াত কথা পাতোঁ। সেই
কাৰণে মই অসমীয়া পাহৰা নাই”। মৰিয়মে হাঁহি মাৰি ক’লে।
“আমি সঁচাকৈয়ে লাকীযে
আপোনাক লগ পালোঁ। ইমান দিনৰ পাছতো আপুনি অসমীয়া ভাষাটো পাহৰি যোৱা নাই। আপুনি
এতিয়া ছিকাগো বিশ্ববিদ্যালয়ত কাম কৰে নেকি”? অংকিতে ভানুমতীলৈ চাই সুধিলে।
“হয়, মই ছিকাগো
বিশ্ববিদ্যালয়ত জেনেটিক ইঞ্জিনিয়াৰিং বিভাগত ছিনিয়ৰ প্ৰফেছৰ হিচাপে আছোঁ”।
“ছিকাগো বিশ্ববিদ্যালয়ৰ
জেনেটিক ইঞ্জিনিয়াৰিঙৰ ৱেবকাষ্টবোৰ মই প্ৰায়েই চাওঁ। আপোনাৰ ভাষণ মই চাইছোঁ। মোৰ
মনত পৰিছে”, অংকিতে ক’লে।
“তোমালোকৰ কথা কোৱা।
তোমালোকে নিশ্চয় ৰিছাৰ্চ স্ক’লাৰ। ইয়ং ৰিছাৰ্চাৰবোৰ দেখিলে আমাৰো ভাল লাগে”।
নিকিতাৰ পৰিচয় পত্ৰখন চাই তেওঁ ক’লে, “তুমি নিকিতা। দুয়ো একেলগে ৰিছাৰ্চ কৰা
নেকি”?
“হয় মেডাম। আমি একেলগে
একেটা ৰিছাৰ্চ ইন্সষ্টিটিউটত কাম কৰোঁ”, নিকিতাই ক’লে।
“তোমালোকৰ পেপাৰ আছে”?
তেওঁ আগ্ৰহেৰে সুধিলে।
“পেপাৰ এখন আছিল। কিন্তু
ভাৰ্চুৱেল ৰিয়েলিটি নথকাৰ কাৰণে আমাক পেপাৰ প্ৰেজেণ্ট কৰিব দিয়া নাই। অৱশ্যে
কুৱেছন আনছাৰ ছেছন এটা হ’ব আমাৰ পেপাৰৰ ওপৰত”।
তেনেতে খৰধৰকৈ মৰিয়ম
ক’ৰবাৰ পৰা আহি ওলালহি। ডক্তৰ ভানুমতীক দেখি মৰিয়মে সম্ভাষণ জনালে। তেওঁলোক আগৰে
পৰা চিনাকী।
“ডক্তৰ ভানুমতী। আপোনাক
লগ পাই ভালেই হ’ল। আপোনাৰ পেপাৰ প্ৰেজেণ্টেছনৰ পাছতে অংকিত আয়েংগাৰে তেওঁৰ পেপাৰৰ
ওপৰত চমুকৈ ক’ব আৰু এটা কুৱেছন আনছাৰ ছেছন কৰিব। আপোনালোক দুয়োৰে পেপাৰৰ টপিক
প্ৰায় একে হোৱা কাৰণে এই ব্যৱস্থা কৰা হৈছে”। মৰিয়মে কৈ গ’ল।
“অ’ সঁচানে? আপোনাৰ আৰু
আমাৰ টপিক প্ৰায় একে বুলি জানিব পাৰি ভাল লাগিছে”, অংকিতে ক’লে।
“হেই ইয়ং ৰিছাৰ্চাৰহঁত।
তোমালোকৰ পৰা মোৰ ভয়েই হৈছে। কেনেবাকৈ মোৰ ৰিছাৰ্চকে চেলেঞ্জ নকৰাতো”, হা্হি হাঁহি
ৰগৰ কৰাৰ সুৰত ভানুমতীয়ে ক’লে।
“মেডাম, আচলতে আমিহে
আপোনাৰ ৰিছাৰ্চৰ পৰা বহুত কথা শিকিব পাৰিম”, অংকিতে নম্ৰ ভাবে ক’লে।
“ডক্তৰ ভানুমতী, আপুনি
অংকিতক একলগে লৈ মঞ্চলৈ লৈ যাব। তেওঁ প্ৰথমবাৰৰ কাৰণে এনেকুৱা
ছেমিনাৰ এটেণ্ড কৰিছে। নিকিতাই মঞ্চলৈ যাব নালাগে। মঞ্চত এখন পেপাৰৰ লগত এজনহে যাব
পাৰিব”। মৰিয়মে কৈ গ’ল।
“অ, মই এওঁলোকক সহায়
কৰিব পাৰিলে ভালেই পাম। পিছে এওঁলোকক ইমান পেম্পাৰ কৰাটো ভাল নহয়। তেওঁলোকক নিজেই
ষ্ট্ৰাগল কৰিবলৈ দিব লাগিব। তেতিয়াহে বাল বিজ্ঞানী হ’ব পাৰিব”, ভানুমতীয়ে হাঁহি
মাৰি ক’লে।
“অসমৰ পৰা ডক্তৰ
চৌধুৰীয়ে মোক ফোনত কাঢ়া নিৰ্দেশ দিছে, আমি যেন তেওঁলোকক সহায় কৰোঁ”। মৰিয়মে ক’লে।
“ডক্তৰ চৌধুৰী? আপুনি
আছাম জেনেটিক ৰিছাৰ্চ ইন্সষ্টিটিউটৰ ডক্তৰ সুৰজিৎ চৌধুৰীৰ কথা কৈছে নেকি”?
ভানুমতীয়ে সুধিলে।
“হয়। তেওঁৰ কথাই কৈছোঁ।
এওঁলোক দুয়ো সেইটো প্ৰতিস্থানতে ৰিছাৰ্চ কৰি আছে”। মৰিয়মে ক’লে।
“অ: সঁচানে? মই সেইটো
প্ৰতিস্থানতে প্ৰায় পয়ত্ৰিশ বছৰ আগতে ৰিছাৰ্চ স্কলাৰ হিচাপে মোৰ কৰ্মজীৱন আৰম্ভ
কৰিছিলোঁ। তোমালোক মোৰ জুনিয়ৰ। তোমালোকক লগ পাই বৰ ভাল লাগিল,” ভানুমতী কিছু
আবেগিক হৈ পৰিল।
“ডক্তৰ ভানুমতী, আপোনাক
লগ পাই আমাৰো খুব ভাল লাগিল। আপুনি কেতিয়ালৈ অসমত আছিল”? অংকিতে সুধিলে।
“পঁচিশ বছৰেই পাৰ হ’ল
অসমৰ এৰি অহা। মই ২০৪৬ চনত অসম এৰিছিলোঁ”।
“আপুনি মোৰ দেউতাক
নিশ্চয় লগ পাইছিল। গণপতি আয়েংগাৰ”।
ভানুমতী চমকি উঠিল।
“তুমি গণপতি আয়েংগাৰৰ ল’ৰা। অ’ মাই গড”। ভানুমতীৰ চকু চলচলীয়া হ’ল। সেই মুহূৰ্ততে
মৰিয়মে ক’লে, “মই যাওঁগৈ। এতিয়া ঘোষণা হ’বই আপোনালোক সাজু হওক”।
মৰিয়ম খৰধৰকৈ গ’লগৈ।
ভানুমতীয়ে কিছুসময় অংকিতলৈ চাই ৰ’ল। তেওঁ কিবা ক’বলৈ লোৱাৰ আগতেই ঘোষকৰ মাত বাজি
উঠিল। মঞ্চত এজন ঘোষকক দেখা গ’ল। তেওঁ ছেমিনাৰ আৰম্ভ হোৱাৰ ঘোষণা কৰিলে আৰু ছেমিনাৰখনলৈ
সকলোকে আদৰণি জনালে। ছেমিনাৰখন অনুস্থিত কৰাৰ উদ্দেশ্য ব্যাখ্যা কৰিলে। চমুকৈ এখন
উদ্ধোধনী সভা অনুস্থিত হ’ল। তিনিজন বিশিষ্ট বিজ্ঞানীয়ে ভাষণ দিলে। শেষত প্ৰথম অধিৱেষণত
পেপাৰ দিবলগীয়া চাৰিজনক মঞ্চলৈ আমন্ত্ৰণ জনালে। আমন্ত্ৰণ জনোৱা সকলৰ
নামৰ মাজত ডক্তৰ ভানুমতীৰ নামো ঘোষণা কৰা হ’ল।
“অংকিত তোমাৰ নামটো
ঘোষণা নকৰিলেযে। তোমাক মই লৈ যোৱাৰ কথা আছিল”। ভানুমতীয়ে উচ পিচ লগালে।
সেই মুহূৰ্ততে মৰিয়মে
লৰালৰিকৈ গৈ ঘোষকৰ হাতত কাগজ এখন দিলে। ঘোষকজনে ঘোষণা কৰিলেযে চাৰিজন বিশিষ্ট
বিজ্ঞানীৰ উপৰিও মঞ্চলৈ আহিব ইণ্ডিয়াৰ পৰা অহা ৰিছাৰ্চ স্কলাৰ অংকিত আয়েংগাৰ। তেওঁ
প্ৰেজেণ্টেছন নিদিয়ে, তেওঁ পেপাৰখনৰ ওপৰত আলোচনা কৰিব আৰু প্ৰশ্নোত্তৰ শিতানত বাগ
ল’ব।
“ব’লা অংকিত। আমি মঞ্চলৈ
যাওঁগৈ। তোমাৰ পেপাৰখনৰ লাগতিয়াল বস্তুবোৰ লৈ লোৱা। আমি
পাছত বহুত কথা পাতিবলগীয়া আছে”। ভানুমতীয়ে ক’লে। অংকিতে তাৰ
লাগতিয়াল সামগ্ৰীখিনি লৈ বানুমতীৰ পিছে পিছে মঞ্চৰ পিনে আগবাঢ়ি গ’ল।
ডক্তৰ ভানুমতীৰ পিছ পিছে
গৈ অংকিত যেতিয়া মঞ্চত উঠিল, তেতিয়ালৈ সভাঘৰটো ভৰি পৰিছে। গোলাকাৰ টেবুলবোৰৰ চাৰিওপিনে
বিভিন্ন দেশৰ মানুহবোৰ বহিছে। সেই সভাঘৰত উপস্থিত থকা প্ৰতিজন মানুহেই হয়তো নিজ
নিজ কৰ্মক্ষেত্ৰত দিদ্ধহস্ত একোজন বিজ্ঞানী বা গৱেষক। অংকিতে মঞ্চত উপবিষ্ট হৈ
চাৰিওপিনে চকু ফুৰালে। মঞ্চৰ পৰা মানুহবোৰৰ অবয়ববোৰহে দেখি। মুখবোৰ চিনিব নোৱাৰি।
কেইবাটাও শক্তিশালী লাইট মঞ্চলৈ টোৱাই আছে।
প্ৰথমতে জাপানী বিজ্ঞানী
এজনে গৱেষণা পত্ৰ পাঠ কৰিলে। তেওঁ মগজুৰ শক্তিৰ ওপৰত গৱেষণা কৰিছে। তেওঁৰ
প্ৰেজেণ্টেছনৰ সময়ত মঞ্চৰ ঠিক সন্মুখত মগজুৰ এটা প্ৰকাণ্ড অবয়বৰ সৃষ্টি হ’ল।
অংকিতে বুজিলে সেয়াই ভাৰ্চুৱেল ৰিয়েলিটি ইমেজ। পোহৰৰ কাৰিকৰী যাদুৰে বতাহত ওপঙি
থকা একোটা প্ৰতিচ্ছবি তৈয়াৰ কৰা হয়। জাপানি বিজ্ঞানীজনে কৈ যোৱাৰ লগে লগে মগজুৰ
বিভিন্ন অংশ এটা এটাকৈ ভাঙি দেখুওৱা হ’ল। মগজুৰ বিভিন্ন শিৰা উপশিৰা জলজল পটপটকৈ
দেখা পোৱা গ’ল। অংকিতে ভাবিলে, আন্তৰ্জাতিক মানসম্পন্ন প্ৰেজেণ্টেছন তৈয়াৰ কৰিবলৈ
সি বহুত কথা শিকিবলগীয়া আছে।
জাপানী বিজ্ঞানীজনৰ পাছত
এজন জাৰ্মান আৰু এজন চীনা বিজ্ঞানীয়ে গৱেষণা পত্ৰ পাঠ কৰিলে। তেওঁলোকৰ
প্ৰেজেণ্টেছনতো পোহৰৰ মনোমোহা খেল ভাৰ্চুৱেল ৰিয়েলিটি ইমেজৰ ৰূপত দেখা পোৱা গ’ল।
অংকিতে ভাবিলে একে হাই টেক প্ৰেজেণ্টেছনৰ পাছত সি তৈয়াৰ কৰি অনা স্ক্ৰীণত চাব পৰা
প্ৰেজেণ্টেছনটো পৰিৱেশন কৰিবলৈ লাজেই লাগিলহেতেন। মৰিয়মে তাক এই পৰিস্থিতিৰ পৰা
ৰক্ষা কৰিলে।
চীনা বিজ্ঞানীজনে সামৰাৰ
পিছতে ডক্তৰ ভানুমতী সাজু হ’ল। অংকিতে তেওঁৰ ভাষণ মনোযোগেৰেশুনিলে।
বিষয়টো সি গৱেষণা কৰি থকা বিষয়টোৰ লগত সম্পৰ্ক থকা।
তেওঁ গৱেষণা কৰিছে, ‘বংশানুক্ৰমে এজন মানুহৰ পৰা তেওঁৰ সতি
সন্ততিলৈ যিবোৰ তথ্য সৰবৰাহ হয়, সেই তথ্য কেনে পৰিৱেশত ভিন ভিন হ’ব পাৰে’ এই বিষয়ৰ
ওপৰত। বিভিন্ন পৰীক্ষা নিৰীক্ষাৰে তেওঁ প্ৰমাণ কৰি দেখুৱাব বিচাৰিছে যে তথ্যৰ
সৰবৰাহ পৰিৱেশ অনুযায়ী সলনি নহয়, বৰং সতি সন্ততিৰ শৰীৰে সেই তথ্য কেনেভাৱে গ্ৰহণ
কৰে তাৰ ওপৰতহে নিৰ্ভৰ কৰে। তেওঁ নিজৰ বিভিন্ন পৰীক্ষা নিৰীক্ষা ভাৰ্চুৱেল
ৰিয়েলিটি ইমেজৰ ৰূপত প্ৰদৰ্শন কৰিলে।
তেওঁৰ গৱেষণাৰ
পদ্ধতিটোৱে অংকিতক আকৰ্ষিত কৰিলে। কিন্তু তেওঁৰ কিছুমান তথ্য বিশ্লেষণৰ লগত সি
সহমত হ’ব নোৱাৰিলে। গৱেষণাপত্ৰখন পাঠ কৰা হোৱাৰ পাছতে প্ৰশ্নোত্তৰ শিতানটোৰ
প্ৰশ্নবোৰো সি মন দি শুনিলে।
ডক্তৰ ভানুমতীৰ পাছতে
অংকিতৰ পাল পৰিল। সি ক্ষমা খুজিলেযে সঠিক মানদণ্ডৰ প্ৰেজেণ্টেছন তৈয়াৰ নকৰাৰ কাৰণে
সি কেৱল তাৰ বিষয়টোৰ বিষয়ে আলোচনাহে কৰিব। এজন ডেকা সপ্ৰতিভ চেহেৰাৰ গৱেষকক মঞ্চত
দেখি সি কিনো গৱেষণা কৰিছে জানিবলৈ সকলোৰে
আগ্ৰহ হ’ল।
অংকিতে তাৰ ভাষণত
কিছুমান তথ্যৰ সহায়ত ক’ব খুজিলেযে তথ্যৰ উপৰিপুৰুষৰ পৰা ভৱিষ্যত প্ৰজন্মলৈ ডি এন
এৰ জৰিয়তে হোৱা তথ্যৰ সৰবৰাহ এক স্বত:স্ফুৰ্ত প্ৰক্ৰিয়া। ডক্তৰ ভানুমতীৰ গৱেষণাক
প্ৰত্যাহ্বান জনাই সি ক’লেযে মানুহৰ শৰীৰে তথ্য কেনেভাৱে গ্ৰহণ কৰে সেই কথা
গুৰুত্বপূৰ্ণ নহয়। সি জোৰ দি ক’লেযে কিছুমান তথ্য নিষ্ক্ৰিয় হৈ থাকিব পাৰে, কিন্তু
পৰৱৰ্তী সময়ত ভৱিষ্যৎ প্ৰজন্মলৈও সেই তথ্য সৰবৰাহ হ’ব পাৰে। সেয়েহে তথ্য শৰীৰে
গ্ৰহণ নকৰাযেন লাগিলেও সেয়া কথা সঁচা নহ’ব পাৰে। শৰীৰৰ কোষত সঞ্চিত তথ্য পাছৰ সময়ত
বিভিন্ন পৰিৱেশে কিদৰে প্ৰভাৱান্বিত কৰে সেয়াহে মূল কথা। সি কম্পিউটাৰ প্ৰগ্ৰামিঙৰ
ধাৰণা প্ৰয়োগ কৰি ডি এন এৰ কোডিং সলনি কৰিবলৈ সি কৰা গৱেষণাৰ কথা ক’লে। কোডিঙৰ
পাঠোদ্ধাৰ কৰাটোযে আটাইতকৈ ডাঙৰ চেলেঞ্জ সেই বিষয়ে সি সকলোৱে পতিয়ন যোৱাকৈ
ব্যাখ্যা ডাঙি ধৰিলে। কোডিঙৰ সহায়েৰে জেনেটিক মডেলিং
কৰাৰ ধাৰণাৰ বিষয়েও বহলাই ক’লে। অংকিতৰ ভাষণৰ পাছত সমগ্ৰ হলটোত হাতচাপৰি বাজি
উঠিল। কেইবাজনো বিজ্ঞানীয়ে তাৰ ধাৰণাটোৰ ওপৰতো প্ৰশ্নৰ অৱতাৰণা কৰিলে। কেইজনমানে
জেনেটিক কোডিং জানিবলৈ কৰা প্ৰয়াস একপ্ৰকাৰৰ বলিয়ালি বুলিও মন্তব্য় কৰিলে। কিন্তু
কিছুমানে ক’লেয়ে, এই বিষয়ত কৰা গৱেষণাৰ
ওপৰতে ভৱিষ্যতে মানৱজাতিৰ সুৰক্ষা নিৰ্ভৰ কৰিছে।
অংকিতৰ প্ৰশ্নোত্তৰ
ছেছনৰপাছত প্ৰথম অধিৱেশন শেষ হ’ল। অংকিত মঞ্চৰ পৰা নামি অহাৰ পাছতে কেইবাজনো
বিজ্ঞানীয়ে তাৰ লগত চিনাকী হ’বলৈ, কৰমৰ্দন কৰিবলৈ আসনৰ পৰা উঠি আহিল। আন্তৰ্জাতিক
মঞ্চত তাক প্ৰথমবাৰৰ কাৰণে দেখা পোৱা কাৰণে তাৰ লগত চিনাকী হ’বলৈ বহুতৰে আগ্ৰহ
হ’ল। তদুপৰি তাৰ গৱেষণাই বহুতকে চিন্তাৰ খোৰাক দিলে। কেইবাজনো বিজ্ঞানীয়ে সি কৰি
থকা গৱেষণাই মানৱ জাতিক নতুন সত্যৰ সম্ভেদ দিব বুলি মন্তব্য কৰিলে। ডক্তৰ
ভানুমতীয়ে লগতে থাকি অংকিতক সকলোৱে লগত চিনাকী কৰি দিলে।
মানুহৰ ভিৰ কমালৈ অংকিতে
অপেক্ষা কৰিলে। এটা সময়ত ভানুমতীয়ে তাক ফুচফুচাই
ক’লে, “লাহেকৈ আঁতৰি দিয়া। নহ’লে কিছুমানে অনাৱশ্যক কথাৰে এনেয়ে সময়বোৰ
অপব্যয় কৰিব”।
সি সকলোকে ধন্যবাদ জনাই
ভানুমতীৰ পিছে পিছে আসনৰ পিনে অগ্ৰসৰ হ’ল। নিকিতায়ো আগবাঢ়ি আহিল। ইতিমধ্যে প্ৰথম
অধিৱেশনৰ অন্ত পৰা বুলি আৰু দ্বিতীয় অধিৱেশন আৰম্ভ হোৱালৈ চাহ বিৰতিৰ ঘোষণা হ’ল।
ভানুমতীয়ে ক’লে, “ব’লা আমি কেফেটেৰিয়াত বহি কথা পাতোঁ”।
সভাঘৰৰ পৰা ওলাই তিনিও
গ্ৰাউণ্ড ফ্ল’ৰত থকা কেফেটেৰিয়াখনলৈ গ’ল। ভানুমতীয়ে কাউণ্টাৰলৈ গৈ তিনিওৰে বাবে
কফি আৰু মাফিন অৰ্ডাৰ কৰিলে। তিনিও কাউণ্টাৰলৈ গৈ ট্ৰে একোখন লৈ খোৱাবস্তুখিনি
আনিলেগৈ।
বহি লৈ অংকিতে দোষী দোষী
ভাৱত ক’লে, “মই আপোনাৰ গৱেষণাৰ বিষয়টোক প্ৰত্যাহ্বান জনালোঁ। আশাকৰোঁ আপুনি বেয়া
পোৱা নাই”।
হো হোকৈ হাঁহি ভানুমতীয়ে
ক’লে, “তুমি যুক্তি নোহোৱাকৈ মোত প্ৰত্যাহ্বান জনোৱা নাই। মই ভাল পাইছোঁ। অসমৰ পৰা
অহা এজন গৱেষকে মোৰ গৱেষণাক চেলেঞ্জ কৰিছে। বিজ্ঞানীসকলৰ মূল কাম হ’ল সত্যৰ
উদ্ঘাটন। এই পথত যুক্তি তৰ্ক হ’বই। মই ভাল পাইছোঁযে তুমি তোমাৰ
বিষয়টো সাহসেৰে উপস্থাপন কৰিছা। কিন্তু এটা কথা কওঁ মানুহৰ শৰীৰত হৈ থকা অসংখ্য
ক্ৰিয়া প্ৰতিক্ৰিয়াৰ বিষয়ে বিষদভাৱে এতিয়াও জানিব পৰা হোৱা নাই। মানুহৰ শৰীৰেই
আটাইতকৈ ডাঙৰ ৰহস্য”।
“মোৰ এয়া আন্তৰ্জাতিক
মঞ্চত প্ৰথম অভিজ্ঞতা আছিল। সেইকাৰণে মই বহুত নাৰ্ভাছ হৈছিলোঁ”। অংকিতে লাজ লাজকৈ
ক’লে।
“মোৰ বোধেৰে তুমি ভালেই
কৰিছা। কিন্তু অংকিত, তোমাক কথা এটা ক’ব খুজিছোঁ। তোমাৰ বিষয়টোত ইতিমধ্যে বিশ্বৰ
বহুতো দেশত বহুতো উন্নত প্ৰযুক্তি ব্যৱহাৰ কৰি গৱেষণা হৈ গৈছে। কিন্তু জেনেটিক
কোডিঙৰ ৰহস্য কোনেও ভাঙিব পৰা নাই। সকলোৱে এই বিষয়টোত গৱেষণা কৰিবলৈকে এৰি দিছে।
অসমত গৱেষণা কৰি সীমিত সুবিধাৰ মাজত মই ভাবো এয়া অসম্ভৱ। তুমি অসমতে থাকি এই
বিষয়টোত লাগি থাকি লাভ নাই”। কফিত শোহা মাৰি ভানুমতীয়ে ক’লে।
“কিন্তু মোৰ দেউতাই আজি
প্ৰায় ত্ৰিশ বছৰ আগতে এই কাম কৰি গৈছে। তেওঁ জেনেটিক প্ৰগ্ৰামিঙৰ এক্সপেৰিমেণ্ট
কৰি গৈছে। দেউতাই যদি পাৰিছিল, মই কিয় নোৱাৰিম”? অংকিতে জোৰ দি ক’লে।
“তোমাৰ দেউতাৰ সেই
গৱেষণাৰ কাগজ পত্ৰ আছেনে? তেওঁযে জেনেটিক প্ৰগ্ৰামিং কৰিছিল, কি প্ৰমাণ আছে”?
অংকিতে তলমূৰ কৰিলে।
“প্ৰমাণ নাই। কিন্তু তেওঁ এক্সপেৰিমেণ্ট কৰি অসমীয়া জাতিটোৱেই সলনি কৰি দিছিল বুলি
বিশ্বাস কৰে। মোক সেই প্ৰমাণ লাগে। কেনেদৰে এয়া সম্ভৱ হৈছিল। সেই কথা জানিবলৈকে মই
এই বিষয়টোত আকৌ গৱেষণা কৰিছোঁ”।
“তুমি সৰু ল’ৰাৰ দৰে কথা
কৈছা অংকিত। তুমি জানানে প্ৰাকৃতিকভাৱে জেনেটিক পৰিৱৰ্তনৰ কাৰণে হেজাৰ হেজাৰ বছৰৰ
প্ৰয়োজন হয়। সেই পৰিৱৰ্তন মাত্ৰ ত্ৰিশ বছৰতে সম্ভৱ হ’ব পাৰেনে। গণপতি ছাৰৰ
আৱিষ্কাৰৰ এই কাহিনী সকলোৱে শুনিছে। কিন্তু বিজ্ঞানী সমাজে এই কথা বিশ্বাস কৰিব
পৰা নাই। কাৰণ এই দাবীৰ কোনো লিখিত প্ৰমাণ নাই”। ভানুমতীয়ে ক’লে।
অংকিতে মূৰ দুপিয়ালে। সি
ভানুমতীৰ পিনে চাই ক’লে, “আপুনি মোৰ দেউতাক কিমান ভালকৈ জানিছিল। তেওঁ কৰা
এক্সপেৰিমেণ্টৰ বিষয়ে মোক জনাব পাৰিবনে”?
“সেইবোৰ বহুত পুৰণি কথা
অংকিত। বহুত কথা মোৰ মনতেই নাই। তথাপি কেতিয়াবা সময় পালে কথাবোৰ মনত পেলাবলৈ
চেষ্টা কৰিম অংকিত। তোমাৰ দেউতা খুব ভাল মানুহ আছিল। খুব চোকা আৰু সকলোকে মুহিব
পৰা ব্যক্তিত্ব আছিল তেওঁৰ। এই প্ৰজেক্টটোৱেই কিজানি তেওঁৰ কাল হ’ল”।
অংকিত চমকি উঠিল।
“মোৰ দেউতাৰ মৃত্যুৰ লগত তেওঁৰ প্ৰজেক্টটোৰ কি সম্পৰ্ক আছে”? খাই থকা মাফিনটো হাতত লৈ সি
সুধিলে।
“সম্পৰ্ক নাথাকিব পাৰে।
কিন্তু আমাৰ বিজ্ঞানী সমাজতো কিছুমান অন্ধ বিশ্বাস আছে। জেনেটিক কোডিঙৰ বিষয়ে
গৱেষণা কৰা প্ৰায়বোৰ বিজ্ঞানীৰে এনেকুৱা অপমৃত্যু হৈছে। সেইকাৰণে
বহুতেই বিশ্বাস কৰে সেয়া ঈশ্বৰৰ কোড । তাত হাত দিয়াৰ কাৰো অধিকাৰ নাই। যিয়েই হাত
দিছে, তেওঁৰেই কিবা নহয় কিবা অঘটন হৈছে, অপমৃত্যু হৈছে। সেয়েহে মই তোমাক উপদেশ
দিছোঁ অংকিত, এই বিষয়টোত গৱেষণা নকৰিবা”। ভানুমতীয়ে উপদেশৰ সুৰত ক’লে।
“অংকিত, তুমি চিন্তা কৰি
চোৱাঁ। মেডামে এনেয়ে কোৱা নাই”, নিকিতায়ো যোগ দিলে।
“সকলো জানি শুনিও মই
বহুদূৰ আগবাঢ়ি আহিলোঁ। এতিয়া আৰু পিছ হুহকাৰ কথাই নাহে। মই ইয়াৰ ৰহস্য জানিবই
লাগিব”, অংকিতে দৃঢ়তাৰে ক’লে।
Comments
Post a Comment