খণ্ড ১০
অসম জেনেটিক ৰিছাৰ্ছ চেণ্টাৰ নামৰ
প্ৰতিস্থানটো পাবলৈ বেলতলাৰ পৰা ভৰলুমুখলৈ মেট্ৰ’ ৰেলেৰে আৰু ভৰলুমুখৰ পৰা কেবল
কাৰেৰে সেইখিনি পাবলৈ অংকিতৰ পয়ত্ৰিশ মিনিট সময় লাগে। সি সদায়েই আঠ বজাৰ কিছুসময়
আগতেই প্ৰতিস্থানটোৰ চৌহদত উপস্থিত হয়। সি উপস্থিত হোৱাৰ সময়ত ক্লিনাৰ আৰু মপাৰ
নামৰ স্বয়ংক্ৰিয় ৰব’ট কেইটামানে প্ৰতিস্থানটোৰ সৰা-মোচাৰ কাম কৰি থাকে। আঠ বাজিবলৈ
পাঁচ মিনিট থাকোঁতেহে অংকিতৰ কাৰ্ডখনেৰে বন্ধ দুৱাৰখন খুলিব পৰা হয়। আঠবজাৰ পৰা আন
বিষয়া কৰ্মচাৰীসকল প্ৰৱেশ কৰিবলৈ ধৰে। আঠটা পোন্ধৰত কাম কাজ আৰম্ভ কৰাৰ সময়। সেই
সময়ৰ পাছত প্ৰতিস্থানটোত আৰু কোনেও প্ৰৱেশ কৰিব নোৱাৰে।
অংকিতৰ কোঠাটোত এখন ডাঙৰ খিৰিকী
আছে। গ্লাছ লগোৱা খিৰিকীখনেৰে বহু দূৰলৈ দেখা যায়। ব্ৰহ্মপুত্ৰ নৈখনো। কামৰ মাজে
মাজে আমনি লাগিলে অংকিতে খিৰিকীখনৰ ওচৰত থিয় হৈ চৌপাশলৈ চায়। পাহাৰবোৰ এতিয়া জনবসতিৰে পূৰ্ণ। সেউজীয়াবোৰ কমি আহিছে। তাৰ ঠাই লৈছে কংক্ৰিটৰ
হাই ৰাইজ বিল্ডিঙে। প্ৰদূষণৰ পৰা কিছু সকাহ পাবলৈ মানুহে এতিয়া পাহাৰৰ ওপৰত থাকিব
খোজে।
নিজৰ কোঠাত সোমাই অংকিতে কৰিবলগীয়া
কামকেইটা জুকিয়াই নোট কৰি ল’লে। আগদিনাৰ কিবা পেণ্ডিং কাম আছে নেকি সেইখিনিও চাইচিতি লয়। ইনট্ৰে’ত অহা কাগজবোৰ চায়। ই-মেইলবোৰ চেক কৰে। আৰ্জেন্ট থাকিলে ৰিপ্লাই
কৰে। তাৰপাছত সি গৱেষণাৰ লগত দিনটোলৈ ব্যস্ত হৈ পৰে। মাজে মাজে সহযোগী নিকিতাৰ
লগত আলোচনা কৰে। মাজে মাজে দুই এটা এক্সপেৰিমেণ্ট কৰে।
প্ৰতিস্থানটোৰ মুৰব্বী সুৰজিত
চৌধুৰীয়ে তাৰ কামৰ প্ৰগ্ৰেচৰ খবৰ লৈ থাকে। সি এতিয়ালৈ কৰা এক্সপেৰিমেণ্টৰ
ৰিজাল্টবোৰৰ ওপৰত ভিত্তি কৰি নিকিতাৰ লগত যুটীয়াভাৱে এখন পেপাৰ লিখি উলিয়াইছে।
ককাকৰ ওপৰত চলোৱা পৰীক্ষাৰ পৰা সি কেইটামান নতুন কথা গম পাইছে। বয়সৰ লগে লগে ডি এন
এৰ ধৰ্ম সলনি হয় বুলি বহু আগতেই বিজ্ঞানীয়ে গম পাইছে। কিন্তু ককাকৰ জীৱনৰ বিভিন্ন
সময়ৰ ঘটনাই সেইবোৰ সময়ত সংগ্ৰহ কৰা ডি এন এত কৰা পৰিৱৰ্তনবোৰৰ সি এটা পেটাৰ্ণ
বিচাৰি পাইছে। এই পেটাৰ্ণৰ পৰা ভৱিষ্যতে মানুহৰ জীৱনত ঘটা বিভিন্ন ঘটনাৰ ওপৰত
নিৰ্ভৰ কৰি ডি এন এৰ পৰিৱৰ্তন অনুমান কৰিব পৰা যাব পাৰে বুলি সি পেপাৰত
লিখিছে। চৌধুৰীৰ হেঁচাত সেই পেপাৰখৰ
এবষ্ট্ৰেক্ট এটা সি আন্তৰ্জাতিক বিজ্ঞান সমাৰোহ এখনলৈ পঠিয়াই দিছে।
এদিন ৰাতিপুৱা তাৰ কোঠাৰ চকীখনত
বহিয়েই সি দেখিলে মেজৰ এচুকত থকা ফ্লেছাৰটোত মেছেজ এটা ফ্লেছ কৰি আছে, “See me at 8:30 am. Surajit”
মুৰব্বী সুৰজিত চৌধুৰীৰ মেছেজ। খুব
দৰকাৰী কথা থাকিলেহে চৌধুৰীয়ে ফ্লেছাৰত মেছেজ পঠিয়ায়।
ঠিক চাৰে আঠ বজাত অংকিতে চৌধুৰীৰ
কোঠাত প্ৰৱেশ কৰিলে। চৌধুৰীয়ে তাক বহিবলৈ ক’লে।
সি বহাৰ লগে লগে নিকিতায়ো চৌধুৰীৰ
কোঠালৈ সোমাই আহিল।
চৌধুৰীয়ে কম্পিউটাৰত কিবা এটা কৰি
আছিল। “তোমালোক দুই মিনিট বহা। তোমালোকৰ লগত মোৰ কথা আছে”। এই বুলি তেওঁ পুনৰ কামত
নিমগ্ন হ’ল। অংকিত আৰু নিকিতাই নিৰৱে অপেক্ষা কৰিলে।
কাম শেষ কৰি চৌধুৰী চশমাজোৰ খুলি
দুযোৰে মুখামুখিকৈ বহিল।
“তোমালোকক এটা ভাল খবৰ দিবলৈ মাতি
আনিছোঁ। তোমালোকৰ পেপাৰৰ এবষ্ট্ৰেক্ট
ইণ্টৰনেচনেল কমিউনিটিয়ে খুব এপ্ৰিচিয়েট কৰিছে। মই কেইবাটাও মেইল পাইছোঁ।
এতিয়া পেপাৰখনৰ প্ৰেজেণ্টেচনৰ কাৰণে সকলোৱে আগ্ৰহেৰে বাট চাই আছে। কংগ্ৰেচুলেছনচ”।
“থেংক ইউ ছাৰ”, দুযো প্ৰায় একে সময়তে ক’লে।
“এতিয়া তোমালোকে পেপাৰ প্ৰেজেণ্ট কৰিবলৈ সাজু হ’বৰ হ’ল। মই
আশা কৰিছোঁ এই পেপাৰখনে জেনেটিক ইঞ্জিনিয়াৰিঙক এটা নতুন বাট দেখুৱাব। সেই কাৰণে
পেপাৰ প্ৰেজেণ্টেচন খুব পাৰ্ফেক্ট হ’ব লাগিব। যিকোনো প্ৰশ্নৰ উত্তৰ দিবলৈ তোমালোক
সাজু হ’ব লাগিব। তাৰ কাৰণে মই তোমালোক দুয়োকে সাজু কৰিব লাগিব”।
অংকিত আৰু নিকিতাই ইজনে সিজনলৈ চালে। চৌধুৰীয়ে কি ক’ব
খুজিছে দুয়ো যেন বুজি নাপালে।
“ইণ্টাৰনেচনেল কমিউনিটিৰ আগত প্ৰেজেণ্টেচন দিয়াৰ আগতে
তোমালোকে শিকিবলগীয়া বহুত কথা আছে। মনত ৰাখিবা, তোমালোকৰ ৰিছাৰ্চ কৰিলেই নহ’ব,
ভালকৈ প্ৰেজেণ্ট কৰিবও লাগিব। বেংককত জেনেটিক ইঞ্জিনিয়াৰিঙৰ শেহতীয়া গৱেষণাৰ ওপৰত
এখন ছেমিনাৰ আছে। মই সেইখনলৈ অংকিতৰ নাম ৰিকমেণ্ড কৰিছোঁ”। চৌধুৰীয়ে অংকিতলৈ চাই
ক’লে।
“ছাৰ, মই কোনো ছেমিনাৰৰ কাৰণে ইণ্টাৰেষ্টেড নহয়। প্ৰজেক্টৰ বহুত কাম বাকী আছে”।
অংকিতে ক’লে।
“অংকিত, আই থিংক ইউ মাষ্ট গ’। তোমাৰ কেৰিয়াৰৰ কাৰণে ইণ্টাৰনেচনেল এক্সপোজাৰ খুব প্ৰয়োজনীয় । মাত্ৰ দুদিনৰ ছেমিনাৰ। পৃথিৱীৰ প্ৰায় সকলো টপ জেনেটিক ছায়েণ্টিষ্ট আৰু ৰিচাৰ্চাৰক লগ পাবা। বহুত কথা
শিকিব পাৰিবা”। চৌধুৰীয়ে তীক্ষ্ন দৃষ্টিৰে অংকিতলৈ চালে।
“কিন্তু ছাৰ। মোৰযে কৰিবলগীয়া বহুত কাম আছে। ব্ৰেক ল’লে এই
সপ্তাহটোত কৰিবলগীয়া কামবোৰ বহুত পিছুৱাই যাব”। অংকিত চিন্তিত হ’ল।
“মই জানো, তুমি প্ৰজেক্টটোৰ কাৰণে
খুব ছিৰিয়াছ। কিন্তু এইখন খুব নামথকা ছেমিনাৰ। তুমি দেশ বিদেশৰ
বহুত ডাঙৰ ডাঙৰ ছায়েণ্টিষ্টক লগ পাবা। তুমি তেওঁলোকৰ প্ৰেজেণ্টেছনৰ পৰা বহুত কথা
জানিবা। তুমি নিজৰ প্ৰজেক্টৰ বিষয়েও ডিছকাছ কৰিব পাৰিবা। এয়া তোমাৰ বাবে এটা
সুযোগ। এই চিনাকী আৰু সংযোগবোৰে গৱেষণাত বহুত সহায় কৰে। ইউ মাষ্ট গ’ ”। চৌধুৰীয়ে
তাক বুজালে।
গৱেষণাৰ বাহিৰে আন বিষয়ত সময় খৰছ
কৰিবলৈ অংকিতৰ তিলমানো আগ্ৰহো নাই। সেয়ে সি পৰাপক্ষত ছেমিনাৰ বা এনে বিজ্ঞান
সমাৰোহবোৰলৈ নোযোৱাকৈ থাকে।
তাতে আগৰ পৰা কোনো মানসিক
প্ৰস্তুতি নোহোৱাকৈ ভ্ৰমণ কৰিবলৈ সি বেয়া পায়। তাৰ বাবে সকলো কথা সুপৰিকল্পিত হ’ব
লাগে। কিন্তু প্ৰতিস্থানৰ মুৰব্বীজনৰ এনে আগ্ৰহক সি নেওচা দিব নোৱাৰে।
“ছেমিনাৰ কেতিয়া আছে ছাৰ”?
“কাইলৈৰ পৰা”।
“কাইলৈৰ পৰা? সময়েই নাইচোন? ট্ৰেভেল বুকিং কৰাই নাই”? উদ্বিগ্নতাৰে
অংকিতে সুধিলে।
“ফ্লাইটৰ টিকেট একেবাৰে নাই। বেংককত এই সময়ত কেইবাটাও
ইভেণ্ট একেলগে হৈ আছে। তুমি আজি সন্ধিয়া ট্ৰেইনত যোৱা। গুৱাহাটীৰ পৰা বেংককলৈ
মাত্ৰ এৰাতিৰ জাৰ্ণি”। চৌধুৰীয়ে ক’লে।
বিমানতকৈ ৰে’লত ভ্ৰমণ কৰিবলৈ
অংকিতে ভাল পায়। পঢ়া শুনাৰ লগতে কিছু কামো কৰিব পাৰি। তদুপৰি গুৱাহাটীৰ পৰা
বেংককলৈ ৰে’লযাত্ৰা আৰামদায়ক। মান্দালয় হৈ পোন্ধৰ ঘণ্টাৰ বাট।
“ছাৰ, ট্ৰেইনত যাবলৈকে মই ভাল পাম।
কিছু কাম ট্ৰেইনতো কৰি থাকিব পাৰিম। জাৰ্ণেলৰ পৰা ডেটা কালেকচনৰ কামখিনি ট্ৰেইনতে
হ’ব। নিকিতাও মোৰ লগত গ’লে সুবিধা হ’ব”।
“নিকিতাক লৈ যোৱা। তাই তোমাক কামত
সহায় কৰি দিব। তোমাৰ আপত্তি নাইতো নিকিতা”, চৌধুৰীয়ে নিকিতালৈ চাই
সুধিলে।
“ছাৰ, মোৰ আপত্তি নাই। কিন্তু মই যাম জানো”? নিকিতাই থেৰোঁ গেৰো কৰিলে।
“তুমি ওলোৱা নিকিতা। তুমি ওলালে মই
ভাল পাম। আমি দুয়ো পেপাৰখন একেলগে লিখিছোঁ”। অংকিতে তাইলৈ চাই ক’লে।
“হয়, হয়। তোমালোক দুয়ো যোৱা উচিত। কোনো চিন্তা নকৰিবা। মই ট্ৰেভেল বুকিঙৰ ব্যৱস্থা কৰি
দিম”।
চৌধুৰীয়ে জেনিফাৰক অংকিত আৰু নিকিতাৰ বাবে প্ৰথম শ্ৰেণীৰ টিকেট
দুটা কাটিবলৈ দিলে। দুয়োৰে বাবে ভিছা অন এৰাইভেলৰ ব্যৱস্থা কৰা হ’ল। নিকিতাক সাজু
হ’বলৈ তাইৰ এপাৰ্টমেণ্টলৈ যাবলৈ ক’লে। অংকিতে মাকলৈ ফোন কৰিলে তাৰ বেগটো পেক
কৰিবলৈ।
সন্ধিয়া পাঁচ বজাৰ আলপ পাছতে অংকিত
আৰু নিকিতা নাৰেংগীত থকা লাচিত বৰফুকন ইণ্টাৰনেছনেল ৰে’লৱে টাৰ্মিনাছত উপস্থিত
হ’ল। মাটিৰ তলত থকা এই টাৰ্মিনাছৰ পৰা দক্ষিণ পূব এছিয়াৰ কেইবাখনো দেশলৈ অতি
দ্ৰুতবেগী ৰে’ল চলে। গুৱাহাটীৰ পৰা ম্যানমাৰৰ মাণ্ডালয় হৈ থাইলেন্ডৰ বেংকক আৰু
আগলৈ কম্বোডিয়াৰ নম পেন হৈ ভিয়েটনামৰ হো চি মিন চিটীলৈ পোনপেটীয়া সংযোগ আছে।
তদুপৰি গুৱাহাটীৰ পৰা আগৰতলা হৈ বাংলাদেশৰ ঢাকা আৰু ছিটাগং বন্দৰলৈ থকা ৰে’লপথটো
অসমৰ মূল বাণিজ্যিক পথ হৈ পৰিছে। এই ৰে’লপথটোৰে উত্তৰ পূৰ্বাঞ্চলৰ সামগ্ৰীয়ে
আন্তৰ্জাতিক বজাৰ বিচাৰি পাইছে।
নিকিতাক ষ্টেচনলৈ আগবঢ়াই থবলৈ
চুজানা আৰু এলিজাও আহিল। অংকিতৰ লগত মাক আৰু ককাক দুয়ো আহিল।
অংকিতে বিশাল মণিটৰত ৰে’লখন
আহিবলগীয়া প্লেটফৰ্ম নম্বৰ বিচাৰিলে। সি জানিব পাৰিলে, ১৭ নং প্লেটফৰ্মত গুৱাহাটী
ঢাকা পেছেঞ্জাৰ ৰে’লগাড়ীখন ৰৈ আছে। সেইখন ওলাই যোৱাৰ পাছতে গুৱাহাটী বেংকক
ছুপাৰফাষ্ট ৰে’লখন প্ৰৱেশ কৰিব। ঠিক ছয় বজাৰ লগে লগে ৰে’লখনে যাত্ৰা আৰম্ভ কৰিব।
হাতত আধা ঘণ্টাতকৈ অলপ বেছি সময় আছে।
বিশাল ৰে’লৱে’ ষ্টেচনটোত এটা
প্লেটফৰ্মৰ পৰা আনটোলৈ যাবলৈ দ্ৰুতবেগী ৱাক ৱে’ আছে। আটায়ে ৱাক ৱে’ৰে খোজকাঢ়ি
নিৰ্দিষ্ট প্লেটফৰ্মৰ পিনে আগবাঢ়িল। ৱাক ৱে’ৰ দুয়োপিনে বিভিন্ন প্ৰকাৰৰ সামগ্ৰীৰ
দোকানবোৰ আছে। সেইবোৰত বিশ্বৰ বিভিন্ন টপ ব্ৰেণ্ডৰ সামগ্ৰী পোৱা যায়। ১৭ নং
প্লেটফৰ্মৰ ওচৰলৈ গৈ পোৱাৰ পাছত অংকিতে সকলোৱে একেলগে কফি একাপ একাপ খোৱাৰ কথা
ক’লে।
সেইখিনিতে থকা কেফে কফি ডে’ত
তেওঁলোক সোমাল।
কেফে কফি ডে’ত মাজত এখন দীঘল টেবুল
লৈ আটাইবোৰ বহিল।
অংকিতে নিকিতা, এলিজা, চুজানাক মাক
আৰু ককাকৰ লগত চিনাকী কৰাই দিলে।
“নিকিতা, তুমি অংকিতৰ খেয়াল ৰাখিবা। সি খোৱা বোৱাত একেবাৰে অমনোযোগী। কামত লাগি থাকিলে খোৱা শোৱা সকলো পাহৰে”। গীতিয়ে নিকিতালৈ চাই ক’লে।
“চিন্তা নকৰিব আণ্টি। নিকিতাই খোৱা-বোৱাৰ
দ্বায়িত্ব লোৱাত খুব ভাল। এপাৰ্টমেণ্টত আমাৰ খোৱা বোৱাৰ খেয়াল তায়েই ৰাখে”। এলিজাই দুষ্টামি ভৰা হাঁহিৰে ক’লে। নিকিতাৰ লাজ লাগি গ’ল।
“তোমালোকে বেংককলৈ গৈ কিতাপ পত্ৰ,
গৱেষণাৰ মাজতে সোমাই নাথাকিবা। বেংকক ইজ এ লাইভলি চিটী। বেংককৰ আমেজ নোলোৱাকৈ
নাথাকিবা”, ককাকে মাত লগালে।
নিকিতাই মূৰ দুপিয়ালে। তাই মুখেৰে
নামাতিলে। তাই জানে এলিজা আৰু ছুজানাই পাছলৈ এইবোৰ কথাকে লৈ তাইক জোকাব, আমোদ ল’ব।
কফি খাই অটাই মানে ৰে’লৰ সময় হ’ল।
খোৱা টেবুলত জ্বলি থকা ফ্লেছাৰটোত মেছেজ আহিল, ১৭ নং প্লেটফৰ্মত আপোনাৰ নিৰ্ধাৰিত
ৰে’লখন অলপ সময়ৰ পাছতে আহি পাবহি। কাউণ্টাৰত টিকটটো দেখুৱাই থলে এনে মেছেজৰ সুবিধা
আছে, যাতে কোনেও অমনোযোগিতাৰ কাৰণে নিৰ্দিষ্ট ৰে’লখনত উঠিব নোৱৰা অৱস্থা নহয়।
গুৱাহাটী ঢাকা ৰে’লখন যোৱাৰ দুই মিনিটমানৰ পাছতে গুৱাহাটী
বেংকক ৰে’লখন প্লেটফৰ্মত প্ৰৱেশ কৰিলে। অংকিত আৰু নিকিতাৰ নিৰ্দিষ্ট প্ৰথম শ্ৰেণীৰ
দবাটো বিচাৰি উলিয়াবলৈ বেছি সময় নালাগিল।
ৰে’লত উঠিবলৈ লৈ অংকিতে মাকক ক’লে, “মা, চিন্তা কৰি
নাথাকিবা। আমি সোনকালেই উভতি আহিম”।
গীতিয়ে তাৰ গালত চুমা খালে। সি ক’ৰবালৈ যাবলৈ ওলালে মাকৰ
বুকুখন অজান কাৰণত হাহাকাৰ কৰি উঠে। ককাকে তাক আঁকোৱালি ধৰিলে। ৰে’লখনৰ দুৱাৰমুখত
পৰিচাৰক এজনে দুয়োকে সম্বাষণ জনালে আৰু নিৰ্দিষ্ট আসন দেখুৱাই দিলে।
নিৰ্ধাৰিত সময়ত তীব্ৰ গতিৰ
‘ছুপাৰষ্পীড ইণ্ডিয়া’ৰ তীব্ৰবেগীবুলেট ট্ৰেইনখনৰ যাত্ৰা আৰম্ভ হ’ল। অলপ সময়ৰ পাছতে ট্ৰেইনখনে মাটিৰ তলৰ পৰা ওপৰকৈ ওলাল। লাহে লাহে ৰে’লখনে ইমানেই
গতি ল’লে যে বাহিৰৰ দৃশ্যবোৰ ধুসৰ হৈ পৰিল। বন্ধ খিৰিকীৰ আইনাখনত বাহিৰত হোৱা
বৰষুণৰ টোপালবোৰ পানীৰ ধাৰ হৈ বৈ আহিবলৈ ধৰিলে। অংকিত আৰু নিকিতা দুযো কিছু সময়
কথা নপতাকৈ বাহিৰৰ দৃশ্য চাই গৈ থাকিল।
দুজনীয়া কোঠাটো কোনোবা বিলাসী হোটেলৰ কেবিনৰ দৰে। কম শব্দত
ইন্সট্ৰুমেণ্টেল মিউজিক বাজি আছে। মাজৰ মেজখনত খাওঁতে ব্যৱহাৰ হোৱা চামুচ, নেপকিন,
টমেট’ ছচ, ছল্ট আদি ধুনীয়াকৈ সজাই থোৱা আছে। লগত আছে দুখন ৰংচঙীয়া মেনু কাৰ্ড।
অলপ সময়ৰ পাছতে পৰিচাৰক এজনে আহি দুৱাৰত নক কৰিলে। দুৱাৰখন
খোলাই আছিল।
“ৱেলকাম ড্ৰিংক কি ল’ব ছাৰ আৰু মেডাম? মেনুখন চাই লওঁক,
বহুত ভেৰাইটি আছে”।
নিকিতাই অংকিতলৈ চালে। সি তাইলৈ মেনুখন আগবঢ়াই দিলে।
“আপেল জুছ”? নিকিতাই অংকিতলৈ চালে। সি মূৰ দুপিয়ালে। তাৰ
আপত্তি নাই।
অৰ্ডাৰ লৈ পৰিচাৰকজন গ’লগৈ।
“নিকিতা, আমি কাম আৰম্ভ কৰিবলৈ হ’ল। সময়খিনি ব্যৱহাৰ কৰিব
লাগিব”। অংকিতে নিকিতালৈ চালে।
সেই মুহূৰ্তত কামৰ কথা, গৱেষণাৰ নিৰস জাৰ্ণেলৰ কথা ভাবিবলৈ
তাইৰ মন যোৱা নাই। ভ্ৰমণত কামত ব্যস্ত হৈ থকাটো তাইৰ স্বভাৱ নহয়।
“অংকিত কাম কৰিবলৈ বহুত সময় আছে। আমি প্ৰায় আঢ়ৈ হাজাৰ
কিল’মিটাৰ যাত্ৰা কৰিব লাগিব”।
“আমাৰ হাতত এতিয়াও পোন্ধৰ ঘণ্টা সময় আছে। ইয়াৰে ছয় ঘণ্টা
শুবও লাগিব। গতিকে কামৰ কাৰণে বেছি সময় নাই। আমি যাত্ৰাৰ সময়ত কাম কৰিম বুলি ছাৰক
কৈ আহিছোঁ”।
ঘণ্টাত প্ৰায় দুশ কিল’মিটাৰ বেগেৰে যোৱা বুলেট ট্ৰেইনত বহি
মগজু খটুৱাই কাম কৰিবলৈ নিকিতাৰ অলপো মন নাযায়। দ্ৰুতগতিৰ ৰে’লত বহিলে তাইৰ মগজুটো
কাম নকৰা হয়। তাই মাজে মাজে ভাবে, অংকিত কি ধাতুৰে গঢ়া বাৰু? তাৰ কেতিয়াও ভাগৰ
নালাগেনে?
নিকিতাই কাম কৰিবলৈ আগ্ৰহ প্ৰকাশ নকৰিলে যদিও অংকিতে তাৰ
লেপটপটো উলিয়াই ল’লে। মাজৰ মেজখনত লেপেটপটো থৈ সি জাৰ্ণেল এখন মেলি ল’লে। নিকিতাই
সহযোগ নকৰিলেও সি অকলেই কাম কৰিব।
অলপ পাছতে জুছ পৰিৱেশন কৰিলে।
“অংকিত জুছ খাই লোৱাচোন”।
অংকিতে গিলাছটো হাতত ল’লে।
“ইমান ধুনীয়া মিউজিক বাজি আছে। শুনাচোন সেয়া জুবিন গাৰ্গৰ
গান। এসময়ত তেওঁ অসমৰ খুব ফেমাছ ছিংগাৰ আছিল। মোৰ মায়ে এতিয়াও জুবিন গাৰ্গৰ গান
শুনে”। নিকিতাই অংকিতলৈ চাই ক’লে।
“মই জুবিনৰ কথা জানো। মোৰ ককাও
তেওঁৰ ফেন। ককাই জুবিনক লগো পাইছিল। তেওঁ সমাজৰ ভালৰ কাৰণে বহুতো সামাজিক উন্নয়নৰ
কাম কৰি থৈ গৈছে। হি ইজ এ লিজেণ্ড”।
“তুমি গান শুনি ভাল পোৱানে অংকিত? তোমাৰ প্ৰিয় ছিংগাৰ কোন”?
নিকিতাৰ প্ৰশ্নটো শুনি অংকিত কিছুপৰ ৰ’ল। গানৰ লগত তাৰ
সম্পৰ্ক নাই বুলিবই পাৰি। মিউজিক এটা বাজি থাকিলে তাৰ ভাল লাগে। কিন্তু গান
কেতিয়াও সি মন দি শুনা নাই। সি নাজানে তাৰ প্ৰিয় গায়ক কোন। আনকি বহুতো গায়কৰ সি
নামেই শুনা নাই।
“নিকিতা মই গান একেবাৰে নুশুনো। মোৰ কোনো প্ৰিয় ছিংগাৰ
নাই”। কিছুপৰ চিন্তা কৰি অংকিতে ক’লে।
“সঁচানে? মই যে গান নুশুনাকৈ থাকিবই নোৱাৰোঁ। ভাল লাগে। গান
শুনি সকলো পাহৰি থাকিব পাৰোঁ”।
অংকিতৰ আচৰিত লাগে, নিকিতাহঁতে কেনেকৈ মনোৰঞ্জনৰ মাজত বুৰি
থাকি সকলো পাহৰি থাকিব পাৰে। তাৰ কাৰণে সেয়া অসম্ভৱ। মগজু ব্যৱহাৰ কৰিব নলগা কাম
সি বেছিসময় কৰিব নোৱাৰে। চিনেমা চোৱা, গান শুনা আদিৰ দৰে কামত সি সময় খৰছ কৰিবলৈ
টান পায়।
“গান শুনি কি পোৱা নিকিতা”? অংকিতৰ প্ৰশ্নটোত নিকিতা যেন
থতমত খালে।
“গানৰ মাজত আবেগ থাকে, অনুভূতি থাকে। প্ৰেম, ভালপোৱা, বিৰহ,
সংঘাত সকলো ধৰণৰ অনুভূতি গানৰ মাজেৰে প্ৰকাশ পায়। সেই অনুভুতিবোৰে মোক চুই যায়। সেইকাৰণে গান মোৰ খুব ভাল লাগে। মই খুব চিনেমাও চাওঁ। তুমি চিনেমা চোৱানে”?
অংকিত উচপ খাই উঠিল। একেবাৰে সৰু হৈ থাকোঁতে মাক দেউতাকৰ
লগত এখন ডাইন’ছৰৰ কাহিনী থকা চিনেমা চোৱাৰ কথা ৰিণিকি ৰিণিকি তাৰ মনত পৰে। কিন্তু
দেউতাকৰ মৃত্যুৰ পাছত তাৰ কেতিয়াও চিনেমা চোৱা হোৱা নাই। কেৱল প্ৰয়োজনীয়
জানিবলগীয়া কথাৰ ভিডিঅ’ বিচাৰি বিচাৰি চাইছে।
“এইবোৰ কথা পাতি থাকিলে আমাৰ কাম কৰা নহ’ব। তুমি গান শুনা,
মই কাম কৰোঁ”, অলপ টান মাতেৰে অংকিতে ক’লে।
নিকিতাই লাজ পালে। তাই খিৰিকীৰ পিনে মূখ ঘূৰালে।
কিছুপৰ কোনেও কথা নক’লে। কি পেডত অংকিতৰ আঙুলিৰ টক টক
শব্দহে শুনা গ’ল।
“আমাৰ ৰে’লখনে কোনোবা এখন চহৰ ক্ৰছ কৰিছে, লাইটবোৰ ইমান
ধুনীয়া লাগিছে। ঘৰ গাড়ী সকলো ইমান তীব্ৰ গতিত পিছলৈ দৌৰিছে”। নিকিতাই নিজকে কোৱাৰ দৰে ক’লে।
অংকিতে বাহিৰলৈ চালে। আন্ধাৰৰ মাজে মাজে লাইটবোৰে সঁচাকৈয়ে
এক সুন্দৰ দৃশ্যৰ অৱতাৰণা কৰিছে।
অংকিতে বাহিৰলৈ চোৱা দেখি নিকিতাই
উত্সাহ পালে।
“আমি কি পালোঁ বাৰু। আমি কিমান ষ্পীডত গৈ
আছোঁ”? নিকিতাই অংকিতলৈ চাই সুধিলে।
“আমি এয়া ডিমাপুৰ চহৰ পাৰ হৈছোঁ। কিছুসময়ৰ পাছতে আমি ইম্ফল
পাম। তাৰ পাছত ম্যানমাৰ ব’ৰ্ডাৰ। ট্ৰেইনখনৰ ষ্পীডে ঘণ্টাত দুশ কিল’মিটাৰ অতিক্ৰম
কৰিছে”। অংকিতে লেপটপৰ স্ক্ৰীণলৈ চাই অংকিতে ক’লে।
“অংকিত, তোমাৰ ভোক লগা নাইনে? জাৰ্ণিত মোৰ কিন্তু ভোক লাগে।এতিয়া
কিবা খাবলৈ মন গৈছে”। নিকিতাই ক’লে।
“মোৰ ভোক লগা নাই। কেল’ৰী প্লাছ টেবলেট মোৰ বেগত আছে। খাই
লোৱা। ভোক নালাগিব”। মূৰ নোতোলাকৈয়ে অংকিতে ক’লে।
“মোৰ কেল’ৰী প্লাছ টেবলেটেৰে পেট ভৰাবলৈ মন যোৱা নাই। কিবা
সোৱাদ ভৰা খাদ্য খাবলৈ মন গৈছে”।
নিকিতাই হাঁহি মাৰি ক’লে।
“ইমান সোৱাদভৰা খাদ্য খাবলৈ মন
থাকিলে গুৱাহাটী ষ্টেচনৰ ফুড এক্সপ্ৰেছতে কিনি ল’ব লাগিছিল। ট্ৰেইনত ক’ত সোৱাদভৰা
খাদ্য পাবা? মেনুখন চাই লোৱা, তোমাৰ পচন্দৰ কিবা থাকিবও পাৰে”।
নিকিতাই মেনুখন পিতপিতাই চালে।
“চোৱা মেনুত ছি ফুড আছে। লবষ্টাৰ
খাম দেই। মই খুব ভাল পাওঁ। তুমি খাবানে”? নিকিতাই উত্সাহেৰে ক’লে।
“এজ ইউ লাইক। মোৰ কোনো কথা নাই।
তুমি নিজৰ পচন্দ মতে অৰ্ডাৰ কৰা”। এইবুলি কৈ অংকিতে মেজৰ এচুকত থকা ফোনটো উঠাই
ক’লে, “কোচ নাম্বাৰ জি ওৱান, কেবিন নাম্বাৰ ফাইভ। মে’ আই অৰ্ডাৰ ফৰ ডিনাৰ”?
সিফালৰ পৰা উত্তৰ পোৱাৰ পাছত সি
ফোনটো নিকিতালৈ আগবঢ়াই দি ক’লে, “তুমি অৰ্ডাৰ কৰা”।
নিকিতাই মেনুখন চাই চাই কেইবাবিধো
সাগৰীয় খাদ্যৰ অৰ্ডাৰ কৰিলে।
ফোনটো থৈ তাই অংকিতলৈ চাই ক’লে,
“এই ট্ৰেইনখন ক’তো নৰয় নেকি? অলপ নামি যাবলৈ মন গৈছে”।
অংকিতে লেপটপৰ স্ক্ৰীণলৈ চাই ক’লে,
“আৰু এঘণ্টাৰ পাছতে ইম্ফল পাম।
তাত ট্ৰেইন পাঁচ মিনিট ৰখিব। তুমি
নামি গৈ খোজকাঢ়ি আহিবা”।
অলপ পাছতে আকৌ পৰিচাৰকজন আহিল।
এইবাৰ দুয়োকে কফি, বিস্কুট আৰু কেক খাবলৈ দিলে।
“চোৱা, ভোক লগা বুলি কৈছিলা। খোৱা
বস্তু আহিয়েই গ’ল”। অংকিতে ক’লে।
দুযো কফিৰ কাপ হাতত ল’লে।
“ট্ৰেইনত জাৰ্ণি কৰিলে মোৰ কিবা কিবি
খাই খাই কথা পাতি গৈ থাকিব পালে ভাল লাগে। তোমাৰ কথা পাতিবলৈ মন নাযায় নেকি”?
নিকিতাই বিস্কুট চোবাই চোবাই অংকিতলৈ ক’লে।
“কি কথা আছেনো? কিবা ইম্পৰ্টেণ্ট
কথা আছে য’দি কোৱা”। অংকিতে গহীন ভাৱত ক’লে।
নিকিতাই অংকিতলৈ পেন্দোৱাকৈ চালে।
কথা পাতিবলৈ টান পোৱা ইমান ছিৰিয়াছ মানুহো তাইৰ ভাল নালাগে।
তাই মনে মনে বহি ৰ’ল। তাই
ৰেফাৰেন্স পেপাৰ এখন উলিয়াই পঢ়িবলৈ ল’লে। অংকিতে তাইক সেইখন পঢ়ি মূল কথাকেইটা লিখি
থবলৈকৈ থৈছে। কিছুসময় দুয়ো কথা বতৰা নপতাকৈ নিজৰ নিজৰ কামত মগ্ন হৈ থাকিল।
লাহে লাহে ৰে’লখনৰ গতিবেগ কমিল।
ট্ৰেইনখনৰ ষ্পীকাৰত ঘোষণা কৰিলেযে আৰু অলপ সময়ৰ পাছতে ৰে’লখন ইম্ফল ষ্টেছনত প্ৰৱেশ
কৰিব। অংকিতে ঘড়ীৰ সময় চালে, চাৰে নটা বাজিছে । ইতিমধ্যে ৰে’লখনে চাৰে তিনিঘণ্টাত
প্ৰায় ছয়শ কিল’মিটাৰ পথ অতিক্ৰম কৰিলে।
Comments
Post a Comment