খণ্ড ১২


ৰাতিৰ আহাৰ খোৱা হোৱাৰ পাছত অংকিতে নিকিতাক ক’লে, “ব’লা অলপ খোজকাঢ়ি আহোঁ”।
‘ক’ত খোজকাঢ়িবলৈ যোৱা। এইখন ৰাণিং ট্ৰেইন”।
“ৰাণিং ট্ৰেইনত গৈ থকা মানুহে ৰেগুলাৰ ৱাক নকৰিব নেকি? ইয়াত সকলো ব্যৱস্থা আছে। ব’লা মই তোমাক দেখুৱাওঁ”।
নিকিতাই আপত্তি নকৰি অংকিতৰ লগত ওলাল। পৰিচাৰকে ব্যৱহাৰ কৰা কৰিড’ৰেৰে দুয়ো দুটা ডবা বগাই ৱাকিং জোন বুলি লিখা থকা ডবাটোত সোমাল। ডবাটোৰ ভিতৰত দীঘলে দীঘলে তিনিটা ৱাকিং ট্ৰেক আছে। ট্ৰেক কেইটা দুয়ো মূৰে সংযোগ কৰা আছে। পৰিৱেশটো প্ৰাকৃতিক কৰি ৰাখিবলৈ ৱাকিং ট্ৰেকৰ মাজে মাজে ফুলৰ বাগিছা সজা হৈছে। দেখিলেই ভাল লাগি যোৱা পৰিৱেশ। কেইবাজনো যাত্ৰীয়ে তাত খোজকাঢ়ি আছে। নিকিতাই ট্ৰেইনৰ ভিতৰত ৱাকিং জোন থাকে বুলি নাজানিছিল।
ডাবটোত সুন্দৰ আবগ সংগীত বাজি আছে। দুয়ো ৱাকিং ট্ৰেকত কেইবাপাকো খোজ কাঢ়িলে। এইখিনি খোজকাঢ়ি দুয়োৰে ভাল লাগিল।
ৱাকিং জোনৰ পৰা উভতি আহি অংকিতে নিকিতাক ক’লে, “মই ইমান সোনকালে নোশোওঁ যদিও আজি শুব লাগিব। ট্ৰেইনত টোপনি নগ’লে ৰাতিপুৱা ছেমিনাৰ এটেণ্ড কৰাত প্ৰব্লেম হ’ব। বিচনা কেইখন সাজু কৰি লওঁ”।
নিকিতাই ভালেই পালে। তাই সোনকালে বিচনাত পৰিব খোজে। এক অৱসাদে তাইক গ্ৰাস কৰি আহিছে। কিন্তু বিচনা কেনেকৈ সাজু কৰিব লাগে নাজানে। তাই আগতে এনে দীঘল ৰেলযাত্ৰা কৰা নাই। তাই বহি থকা আসনখন ইফাল সিফাল কৰি চেষ্টা কৰি চালে।
তাইৰ সমস্যাটোৰ কথা বুজিব পাৰি অংকিতে তাইৰ আসনৰ চুকত থকা বেডমেকাৰ চুইছটো টিপি দিলে। বহা ছীটটো আপোনা আপুনি খোল  খাই এখন বিচনাত পৰিণত হ’ল। বিচনাখন খোল খাই যোৱাৰ পাছত চুকত থকা লিনেন ছিলেক্টৰ ষ্ক্ৰীণখন সক্ৰিয় হৈ পৰিল। সি তাইক দেখুৱাই দিলে কেনেকৈ বিচনাত পৰা কাপোৰ নিৰ্বাচন কৰিব পাৰি। তাই কটন বেডশ্বিট নিৰ্বাচন কৰিলে। লগে লগে কটন বেডশ্বিটেৰে বিচনাখন সাজু হৈ গ’ল। তাইৰ বিচনাখন সাজু কৰি অংকিতে নিজৰখনো সাজু কৰিলে।
অংকিতে বিচনাৰ লগত ব্যস্ত হৈ থাকোঁতে নিকিতাই কোঠালিটোৰ লগতে লাগি থকা ৱাছ ৰূমলৈ গৈ প্ৰসাধন আঁতৰালে। পোচাক সলনি কৰি ৰাতিৰ পোচাক পিন্ধিলে। বান্ধি থোৱা চুলিখিনি মেলি ল’লে।
অংকিতে বিচনাত বহি আকৌ লেপটপ উলিয়াই ল’লে। কিন্তু নেট সংযোগ সঘনে বিচ্ছিন্ন হোৱা বাবে তাৰ মুখত অসন্তুষ্টিৰ ভাব ফুটি উঠিল। নিকিতাই ৱাছ ৰুমৰ পৰা ওলাই তাৰ চেহেৰা দেখিয়েই কথাটো ধৰিব পাৰিলে।
“অংকিত, তোমাৰ ভাগৰ লগা নাইনে? এতিয়া আচলতে শোৱাৰ সময়”তাই ধেমালিৰ সুৰত ক’লে।
“ট্ৰেইনত নেট কনেকশ্বন ইমান বেয়া হ’ব বুলি মই আশাই কৰা নাছিলোঁ। ছিকাগো ইউনিভাৰ্চিটীত এটা লেকচাৰ হৈ আছে, ডি এন এ প্ৰপাৰ্টিৰ ওপৰত। মই লেকচাৰটো ৱেবকাষ্টত চাব বিচাৰিছিলোঁ। নেট ইমান শ্লো। মাত্ৰ ফাইভ মেগাবাইট পাৰ ছেকেণ্ড”অংকিতে মুখ বিকটালে।
“নেট শ্লো কৰি ভগৱানে ইংগিত দিছে, আজি ৰিছাৰ্চৰ কাম বন্ধ কৰিব লাগে”। নিকিতাই মিচিকিয়াই হাঁহিলে।
“মোৰ এতিয়াই টোপনি ধৰা নাই। তুমি শোৱা নেকি”?
“মোৰ ৰুমমেট দুজনীৰ লগত কথা পাতিম। তাৰ পাছত শুই যাম”।
“অ’হ ময়ো মাৰ লগত কথা পতা নাই। গ্ৰেণ্ড পা হয়তো শুয়েই গ’ল”। অংকিতৰ তেতিয়াহে ভাব আহিল মাকৰ লগত কথা পাতিবলৈ আছিল।
অংকিতে মোবাইল ফোনটো হাতত লওঁতেই ফোনটো বাজিল।
“হেই ইয়ং মেন। জাৰ্ণিটো এনজয় কৰিছানে”? ককাকৰ ছবিখন মোবাইলত ষ্ক্ৰীণত জিলিকি উঠিল।
“গ্ৰেণ্ডপা, মই খুব এনজয় কৰিছোঁ। তুমি এতিয়াও শোৱা নাই”?
“হে হে শোৱা নাই অংকিত। তোমাৰ গ্ৰেণ্ড পা এতিয়াও বুঢ়া হোৱা নাই। তোমাৰ ৰিছাৰ্ছ পাৰ্টনাৰ নিকিতাই কি কৰিছে”?
অংকিতে মোবাইলৰ কেমেৰাটো নিকিতাৰ পিনে টোৱালে। “তাই কি কৰিছে নিজেই চাই লোৱা”।
নিকিতাই লাজ কৰিলে। অংকিতলৈ তাইৰ খং উঠিল। ৰাতি শোৱা পোচাকত তাইলৈ কেমেৰা টোওৱা কাৰণে তাই বেয়া পালে। “মই শুবলৈ সাজু হৈছোঁ”, তাই কৃত্ৰিম হাঁহি এটাৰে ক’লে
ককাকে দুই এটা কথা পাতি সামৰিলে। মাক গীতিয়ে খোৱা বোৱাৰ কথা সুধিলে।
অংকিতে ফোন সামৰাৰ পাছত নিকিতাই উষ্মাৰে ক’লে, “মোক কেমেৰাত লোৱাৰ আগতে তুমি মোৰ অনুমতি ল’ব লাগে বুলি নাভাবিলা নেকি”?
অংকিত হতভম্ব হ’ল। “তুমি কথাটোত মাইণ্ড কৰিছা? আই এম ভেৰী ছৰি”।
“ছোৱালীৰ প্ৰাইভেচিৰ কথা থাকে, তুমি এইখিনি কথাও নাজানা নেকি”?
অংকিতে মুখেৰে নামাতি লেপটপটোত মনোনিৱেশ কৰিলে। কিছুমান কথা সি সঁচাকৈয়ে নাজানে।
অংকিতে তাইৰ কথাত অলপ লাজ পোৱা যেন দেখি নিকিতাৰ বেয়া লাগিল। একেবাৰে সৰু ল’ৰাৰ দৰে তাৰ স্বভাৱ। সেইকাৰণেই তালৈ তাইৰ বৰ মৰম লাগে।
“অংকিত, গান শুনিবানে”? তাৰ কাষত বহি তাই মৰমলগাকৈ ক’লে।
“গান? ট্ৰেইনৰ ষ্পীকাৰতচোন মিউজিক বাজিয়েই আছে। শুনিয়েইতো আছোঁ”। সি গহীনকৈ ক’লে।
“এইবোৰ মিউজিক মোৰ ভাল লগা নাই। এতিয়া মোৰ নিজৰ পচণ্ডৰ গান শুনিবলৈহে মন গৈছে”।
“নিজৰ পচণ্ডৰ গান শুনিবা? এই ৰাতিখন”? সি আচৰিত হ’ল।
“গানৰ বাবে কোনো সময় নাথাকে অংকিত। মই যেতিয়াই মন যায়, তেতিয়াই গান শুনো, এনজয় কৰোঁসেইকাৰণে মই সদায় ভালপোৱাগানবোৰ লগত লৈ ফুৰোঁ”
সি তাইলৈ চাই মিচিকিয়াই হাঁহিলে। “মই পিছে গান শুনি কেতিয়াও এনজয় কৰা নাই”।
নিকিতাৰ চেলাউৰিজোৰ কোঁচ খালে। তাই ভাবিলে গান ভাল নোপোৱা মানুহো থাকিব পাৰেনে?
“ইফ ইউ ড’ণ্ট মাইণ্ড, মই এটা ধুনীয়া গান বজাব পাৰোঁনে মোৰ মিউজিক পেডৰ পৰা”?
“ছিয়’ৰআই থিংক ইট উইল বি জাষ্ট ফাইন কিন্তু ট্ৰেইনত বাজি থকা মিউজিকটো বন্ধ কৰি দিলে ভাল লাগিব”। এই বুলি কৈ সি চুকৰ টেবুলত থকা ফোনটো ডাঙি আদেশ কৰিলে, “কোচ জি ওৱান, কেবিন নম্বৰ ফাইভ। প্লিজ পুট অফ ড্য মিউজিক”।
নিকিতাৰ মুখত সন্তুষ্টিৰ হাঁহি বিৰিঙি উঠিল। তাই মিউজিক পেডটো বেগৰ পৰা উলিয়াই ভাল পোৱা গান এটা বিচাৰি উলিয়াই বজাই দিলে। মিউজিক পেডৰ কণমানি ষ্পীকাৰত কম ভলিউমত গানটো বাজিবলৈ ধৰিলে। অংকিতে চকু দুটা মুদি সুৰটো উপভোগ কৰিবলৈ চেষ্টা কৰিলে। নিকিতাই লাইটটো ডিম কৰি দিলে।
গানবোৰ এটাৰ পাছত এটাকৈ বাজি থাকিল। নিকিতা আৰু অংকিত দুয়ো দুয়ো যেন গানৰ সুৰত তন্ময় হৈ ৰ’ল।অংকিতে প্ৰথম বাৰলৈ অনুভৱ কৰিলে গানে কেনেদৰে মনলৈ প্ৰশান্তি আনিব পাৰে।
ট্ৰেইনখনে কেইটামান দীঘল উকি মাৰিলে। গতিবেগ কিছু হ্ৰাস হ’ল। সাৰ পোৱাৰ দৰে অংকিতে চকু মেলিলে, “আমি হয়তো ব’ৰ্ডাৰ পাইছোঁহি। ব’ৰ্ডাৰত চেকিং হ’বপাছপোৰ্ট পৰীক্ষা কৰিব”
নিকিতাই চকু মেলিলে। লাইটটো ব্ৰাইট কৰি তাই অংকিতলৈ চালে। “গান শুনি শুনি মোৰ টোপনি আহি গৈছিল। তোমাৰ ভাল লাগিলনে অংকিত”?
“খুব ভাল লাগিল। মই ৰিলাক্স ফিল কৰিছোঁ। তুমি মোক আজি এটা নতুন এক্সপেৰিয়েন্স দিলা”।
“তুমি যদি বিচাৰা, মোৰ কালেকচন খিনি তোমাক দিম। তুমি নিজেই শুনিব পাৰিবা”নিকিতাই ক’লে।
“হোৱাই নটআই উইল ট্ৰাই”সি মিচিকিয়াই হাঁহিলে।
ট্ৰেইনখনৰ গতিবেগ কমি আহি লাহে লাহে ৰৈ গ’ল। বাহিৰত লাইটৰ পোহৰ দেখা গ’ল। অংকিতে হাতঘড়ীত থকা নেভিগেটৰটো উলিয়াই ল’লে।
“মোৰে’ ষ্টেছন। ইয়াতেই পাছপোৰ্ট চেক কৰা হ’ব। তাৰ পিছত ট্ৰেইনখনে ম্যানমাৰত এণ্ট্ৰি কৰিব। এই ষ্টেছনটোৰ পিছত আমি শুব লাগিব। পূবলৈ গৈ থকাৰ বাবে আমি ৰাতি শুবলৈ সময় বহুত কম সময় পাম।  কাইলৈ ৰাতিপুৱা থাইলেণ্ডৰ ব’ৰ্ডাৰত আকৌ এবাৰ পেপাৰখিনি চেক কৰিব”, অংকিতে ক’লে।
হাতে হাতে পাম টপ লৈ চাৰিজন ইমিগ্ৰেছন অফিচাৰে ট্ৰেইনৰ যাত্ৰীসকলৰ কাগজ পত্ৰ পৰীক্ষা কৰিলে। পাছপ’ৰ্ট বোৰ পাম টপৰ লগত সংযুক্ত সৰু স্কেনাৰ এটাৰে স্কেন কৰি গ’ল আৰু প্ৰতিজন যাত্ৰীৰ চেহেৰা পাছপ’ৰ্টৰ চেহেৰাৰ লগত মিলাই গ’ল। গোটেই কামটোত আধা ঘণ্টামান সময় লাগিল।
মোৰে’ ষ্টেচন এৰাৰ পিছত অংকিত আৰু নিকিতা নিজৰ নিজৰ বিছনাত শুই পৰিল। অংকিতে এয়াৰ কণ্ডিছনাৰটো এডজাষ্ট কৰিলে যাতে ৰাতি খুব বেছি ঠাণ্ডা হৈ নাযায়।
অংকিতৰ বাবে এটা অসাধাৰণ সন্ধিয়া পাৰ হ’ল। কেতিয়াও সি একো নকৰাকৈ কেৱল গানত মগন হৈ সময় কটাই পোৱা নাই। সৰুৰে পৰা কেৱল পঢ়া শুনা আৰু নিজৰ অতি প্ৰয়োজনীয় বুলি ভবা কামৰ মাজতে সি সময় অতিবাহিত কৰিছে। সি কেতিয়াও মনোৰঞ্জনৰ বাবে কোনো কাম কৰা নাই, কেতিয়াবা কৰিলেও তাৰ মনত নাই। কামৰ মাজত ডুবি থকাটোৱেই যেন তাৰ জীৱন হৈ পৰিছিল।
অংকিতে চকু মুদি ভাবিলে, সি দেখি থকা পৃথিৱীখনৰ বাহিৰেও অন্য এখন জগত আছে। সেই জগত খনৰ লগত তাক কোনেও কেতিয়াও পৰিচয় কৰাই নিদিলে। সি নিজেও সেই জগতখনত খোজ পেলোৱাৰ অকণো ইচ্ছা অনুভৱ নকৰিলে। তাৰ বাবে জ্ঞানৰ নতুন নতুন দিগন্ত পাৰ হোৱাই যেন হৈ পৰিছে জীৱনৰ অৰ্থ। তাৰ এই পৃথিৱীখনত বাস কৰি সি অনুভৱেই কৰা নাছিল, গান শুনিও ইমান ভাল লাগে, সংগীতৰ মাজতো ইমান প্ৰশান্তি আছে
নিকিতাৰ বাবেও সন্ধিয়াটো অসাধাৰণ আছিল। তাই কেতিয়াও ভাবিবই পৰা নাছিল যে অফিছত সদায় গহীন হৈ থকা মানুহজনৰ মাজত ইমান সৰল মানুহ এজন লুকাই আছে। শিশুৰ দৰে পৱিত্ৰ মনৰ এইজন মানুহক যেন কোনেও চিনি নাপায়, কোনেও বুজিব নোৱাৰে। অফিছত অংকিতৰ লগত কথা পাতিবলৈ সকলোৱে সংকোচ কৰে। নিজৰ কামৰ মাজত ডুবি থকা মানুহজনৰ মাজত যেন নাই কাৰো প্ৰতি মৰম, সহানুভূতি। কামৰ কথাৰ বাহিৰে যেন নাই কাৰো লগত কোনো সম্পৰ্ক। কিন্তু সেইজন মানুহে আজি নিজৰ সকলো কাম এৰি তাইৰ লগত মন খুলি কথা পাতিছে, গান শুনিছে। তাইৰ মনটো ভাল লাগি গ’ল।
নিজৰ নিজৰ মনৰ অৰণ্যত বিচৰণ কৰি এসময়ত দুয়ো টোপনি গ’ল। কাহিলি পুৱাতে ম্যানমাৰৰমাণ্ডালয় চহৰতৰে’লখনে প্ৰৱেশ কৰিলে। সেই ষ্টেচনটোত বহুতো যাত্ৰীয়ে উঠা নমা কৰিলে। অংকিতৰ টোপনি ভাগিল। সি উঠি বহিল। সি দেখিলে নিকিতাৰ গাত লোৱা কাপোৰখনৰ এটা ফাল মজিয়াত পৰি গৈছে। সি কাপোৰখন তাইৰ গাত ভালদৰে উৰাই দিলে। সি তেনে কৰাৰ উমান পাই নিকিতাৰ ওঁঠত কোমল হাঁহি এটা বিৰিঙি উঠিল।
ৰাতিপুৱা সাত বজাত ৰে’লৰ পৰিচাৰক এজনে ব্ৰেকফাষ্ট খাবলৈ সকলোকে জগাই দিলে। অংকিতে সাৰ পাই খিৰিকীৰে চাই গৈ আছিল। জগাই দিয়াৰ পাছত নিকিতাই এঙামুৰি কাঢ়ি উঠি বহিল।
“আমি কি পালোঁ? আৰু কিমান সময় লাগিব”?
“আমি আৰু কিছুসময় পাছতে থাইলেণ্ডৰ ব’ৰ্ডাৰ পাৰ হ’ম। ব’ৰ্ডাৰৰ পৰা বেংকককলৈ অন্তত: আৰু তিনিঘণ্টা লাগিব”। অংকিতে ক’লে।
নিকিতাৰ আৰু শুবলৈ মন গৈছিল। কিন্তু ব্ৰেকফাষ্ট চাৰ্ভ কৰাৰ কাৰণে তাই শুব নোৱাৰিলেদুয়ো মুখ হাত ধুই ব্ৰেকফাষ্ট সাজু কৰি ৰখা কোঠাটোত প্ৰৱেশ কৰিলে। 
থাইলেণ্ডৰ ব’ৰ্ডাৰৰ পায়থনজু নামৰ ষ্টেচনটোত প্ৰৱেশ কৰাৰ পাছত আকৌ এবাৰ কাগজ পত্ৰ পৰীক্ষা কৰিবলৈ দুজন বিষয়া ট্ৰেইনত উঠিল। তেওঁলোকে আন আন যাত্ৰীৰ লগতে অংকিত আৰু নিকিতাৰ টিকেট আৰু পৰিচয়পত্ৰ তন্ন তনাকৈ চালে।
দুয়ো নিজৰ নিজৰ পাছপ’ৰ্ট আগবঢ়াই দিলে। বেংককলৈ কি কামত আহিছে, ক’ত থাকিব, কিমান দিন থাকিব আদি প্ৰশ্ন সুধিলে। তেওঁলোকৰ ইংৰাজীৰ উচ্চাৰণ ভালদৰে ধৰিব নোৱৰি অংকিতে কাণত স্পীচ ট্ৰান্সলেটৰটো লগাই ল’লে। পাছপোৰ্টদুখন হেণ্ড স্কেনাৰেৰে চেক কৰি তথ্যবোৰ ভালদৰে চালে
“ছেমিনাৰৰ গেষ্ট লিষ্টত মিষ্টাৰ অংকিতৰ নামহে আছে। মিছ নিকিতা কিয় বেংককলৈ আহিছে। তেওঁ আপোনাৰ ৱাইফ বা গাৰ্ল ফ্ৰেণ্ড নেকি”? গাথলু চেহেৰাৰ মানুহজনে ক’লে।
“নহয় নহয়, তেওঁ মোৰ ৰিছাৰ্চ এছোছিয়েট”। অংকিতে উত্তৰ দিলে।
অংকিতৰ উত্তৰত নিকিতালৈ এবাৰ কেৰাহিকৈ চাই তেওঁলোক গ’লগৈ। মানুহজনৰ চাৱনিটো নিকিতাৰ ভাল নালাগিল।
“মোক তুমি এনেয়ে আনিলা অংকিত। মোক কামত সহায় হ’বলৈ আনিলা আৰু মই তোমাক কামেই কৰিবলৈ দিয়া নাই”। নিকিতাই  ক’লে।
“নো, প্ৰব্লেম। বেংকক পাই ল’বলৈ দিয়া। তোমাক মই নিশ্চয় কামত লগাম”।
“মই আৰু তোমাৰ কামত বাধা নিদিওঁ। যি কৰিবলৈ কোৱা তাকেই কৰিম। প্ৰমিজ”।
“বেংকক পাবলৈ আৰু তিনিঘণ্টা আছে। এইখিনি সময় আমি এটেণ্ড কৰিবলগীয়া ছেমিনাৰখনৰ বিষয়েই অলপ কথা জানি লওঁ আহা”অংকিতে নিকিতালৈ চাই হাঁহি মাৰি ক’লে। তাই মূৰ দুপিয়ালে।
“এই ছেমিনাৰখনলৈ বিশ্বৰ সকলো প্ৰান্তৰৰ পৰা জেনেটিক ইঞ্জিনিয়াৰিঙৰ বিশেষজ্ঞসকল আহিব। তদুপৰি পৃথিৱীৰ বাহিৰৰ প্ৰতিনিধিও আহিব”।
“পৃথিৱীৰ বাহিৰৰ প্ৰতিনিধি”? নিকিতা আচৰিত হ’ল।
“চন্দ্ৰপৃষ্ঠত থকা গৱেষণাগাৰত কেইবাখনো দেশৰ বিজ্ঞানী আছে। ভাৰতীয় বিজ্ঞানীও আছে। তাৰ পৰাও ৰিছাৰ্ছাৰ এই ছেমিনাৰখনলৈ আহিব”। অংকিতে বুজাই দিলে।
“বঢ়িয়া হ’ব। তেওঁলোকক লগ পালে মই চন্দ্ৰত থাকি কেনেকুৱা লাগে সুধিম দেই। মোৰ বৰ মন আছে দুদিনমান চন্দ্ৰত থাকি আহিবলৈ”। নিকিতাই ৰং পাই ক’লে
“চন্দ্ৰৰ পৰা অহা বিজ্ঞানীক সম্পূৰ্ণ আচুতীয়াকৈ ৰখা হ’ব। কাকো সাক্ষাৎ কৰিবলৈ নিদিয়ে হেনো। তেওঁলোক যিহেতু আকৌ চন্দ্ৰলৈ উভতি যাব, সেয়েহে কম সময়ৰ এই আগমণৰ বাবে যাতে তেওঁলোকৰ কোনো সমস্যা যাতে নহয়, তাৰ বাবেই এই ব্যৱস্থা কৰা হৈছে। তুমি চাগে’ তেওঁলোকক লগ কৰিব নোৱাৰিবা”। অংকিতে বুজাই দিলে।
“জিৰো গ্ৰেভিটিৰ পৰা পৃথিৱীৰ গ্ৰেভিটিত খাপ খাবলৈকো চাগে’ তেওঁলোকৰ কিছু কষ্ট হ’ব”, নিকিতাই ক’লে।
“তুমি ঠিকেই বুজিছা। চন্দ্ৰপৃষ্ঠত কাম কৰি থকা বিজ্ঞানীয়ে যেতিয়া মাজে সময়ে পৃথিৱীত থকা তেওঁলোকৰ পৰিয়ালৰ ওচৰলৈ আহে, তেতিয়াও কিছুদিনৰ কাৰণে বৰ সমস্যা হয়। চন্দ্ৰপৃষ্ঠৰ পৰা অহাৰ পাছত  সম্পূৰ্ণ সাধাৰণ হ’বলৈ তেওঁলোকক দুসপ্তাহমান সময় লাগে”। 
নিকিতাৰ টোপনি পূৰ হোৱা নাছিল। তাই চকুৰ পতা আকৌ জাপ খাই আহিল।
“তুমি শোৱা নিকিতা। মই অলপ পঢ়ো”, এইবুলি অংকিতে আউজি বহি ল’লে। কোঠাৰ লাইটটো অফ কৰি দি পৰ্দাবোৰ আঁতৰাই দিলে বাহিৰত তেতিয়া উজ্জ্বল পোহৰ। পোহৰ সোমাই অহা খিৰীকিখনৰ ওচৰত বহি সি কিতাপ এখন হাতত তুলি ল’লে।
চকু মুদি নিকিতাই ভাবিলে, যদি সুবিধা পায়, নিজৰ সৰ্বস্ব আৰ্জন খৰছ কৰি হ’লেও তাই এদিন নহয় এদিন চন্দ্ৰপৃষ্ঠলৈ যাবই। সৰুৰে পৰা আকাশত দেখি মন্ত্ৰমুগ্ধ হোৱা জোনটিৰ কোলাত সময় কটাবলৈ তাইৰ বৰ মন যায়। অলপ পাছতে তাই টোপনি গ’ল।

Comments

Popular posts from this blog

খণ্ড ১