খণ্ড ৭
মালিগাঁওৰ হাইলেণ্ড এপাৰ্টমেণ্টৰ নৱম
মহলাত নিকিতা, চুজানা আৰু এলিজাই ফ্লেট এটা ভাড়া লৈ থাকে। সন্ধিয়া সময়ত তিনিও
বান্ধবীয়ে প্ৰায়ে কথাৰ মহলা মাৰি সময় কটায়।
“নিকিতা, তোৰ হিৰোৰ খবৰ কি”? চুজানাই
নিকিতালৈ চাই সুধিলে।
“কাৰ কথা কৈছ”?
“ইছ তাইৰ নাটক চা। তাই যেন গমেই পোৱা
নাই কাৰ কথা কৈছোঁ”।
“আৰে ক’চোন। এনেয়ে কামুৰি নাথাকিবি”।
আমনি পোৱাৰ সুৰত নিকিতাই ক’লে।
“আৰে, তোৰ অংকিত আকৌ”। চুজানাই দুষ্ট
হাঁহি এটাৰে ক’লে।
“ধেই। অংকিত মোৰ হিৰো হ’ল কেনেকৈ?
আমি দুইটা একেটা প্ৰজেক্টত আছোঁ। একলগে কাম কৰো, বচ সিমানেই”। নিকিতাই মুখ বিকতাই ক’লে।
“So sad। তোক আজিকালি অংকিতে কফি খাবলৈ লগ নধৰে নেকি”?
ধেমালিৰ সুৰত চুজানাই ক’লে।
“কফি খাবলৈ বহিও সি ৰিছাৰ্চৰ বাহিৰে
আন কিবা কথা পাতিব জানিলেহে। এই দুনিয়াত সি কথা পাতিবলৈ বেলেগ আৰু টপিকেই বিচাৰি
নাপায়”। নিকিতাই মুখ বিকটালে।
“তথাপি। অংকিত কিছু টল ডাৰ্ক এণ্ড হেণ্ডচাম
দেই। পিছে আমাকতো অংকিতে
কফি খাবলৈ লগ নধৰে। তোৰ কাৰণে কিবা ফিলিংছ নাথাকিলে কিয় কফি খাবলৈ লগ ধৰিব কচোন”।
“হে ভগবান।
মাত্ৰ দুবাৰ তাৰ লগত কফি খাবলৈ গৈছোঁ। সি মোৰ ৰিছাৰ্ছ পাৰ্টনাৰ। মোৰ লগত সি ৰিছাৰ্চৰ কথাহে পাতিছিল। এটাও বেলেগ কথা পতা নাছিল”।
“হ’ব দে, তই এতিয়া একটিং কৰিব
নালাগে। তই যে মনে মনে অংকিতৰ কাৰণে দিৱানী হৈ আছ, সেই কথা মই গম পাওঁ দেচোন।
অংকিতৰ কথা ক’লে তোৰ মুখৰ ৰঙেই সলনি হৈ যায়”। চুজানাই নেৰিলে।
“মাৰ খাবি দেই। ক’ত মোৰ মুখৰ ৰং সলনি
হোৱা দেখিলি”, নিকিতাই উভতি ধৰিলে।
“তই নিজে কেনেকৈ গম পাবি। আমিহে গম
পাওঁ কাৰ কথা শুনিলে কাৰ মুখৰ ৰং সলনি হয়, নহয়নে এলিজা”, চুজানাই এলিজাৰ সমৰ্থন
বিচাৰিলে।
“কেইদিনমান আগতে অংকিতৰ গ্ৰেণ্ড পাক
লগ পাইছিলোঁ। মেট্ৰ’ত । নৰ্থ গুৱাহাটীলৈ মই
যে ওলাই গৈছিলোঁ তেতিয়া”। লাজকুৰীয়া হাঁহি
এটা মাৰি নিকিতাই ক’লে।
“ৱাও। তই আমাক কোৱাই নাইযে। তই তলে
তলে আগবাঢ়িছ তাৰ মানে। অংকিতৰ ঘৰৰ মানুহৰ লগত চিনাকী হৈছ, ভাল কথা”। চুজানাই
জোকালে।
“মাৰ খাবি কিন্তু। মোৰ সেইবিলাক
ধাণ্ডা নাই দেই। গ্ৰেণ্ডপা জনক পিছে বৰ ভাল লাগিল। এদিন ঘৰত পাৰ্টী দি মাতিব বুলিও কৈছে”। নিকিতাই চকু টিপিয়াই ক’লে।
“পাৰ্টীলৈ আমাকো নিবি দেই। অকলে খাই
আহিলে তোক এপাৰ্টমেণ্টত সোমাবলৈ নিদিওঁ”। বিছনাত বহি টেবলেটত কিবা কিবি কৰি থকা
এলিজাই মাত লগালে।
“এলিজা, তই যে নক’বি আৰু। এইবাৰৰ পৰা
তই নীলৰ লগত ডেটিঙত গ’লে আমাকো লগত নিবি, ফাইভ ষ্টাৰ ছেভেন ষ্টাৰত বহি কি কি খাৱ
আমাকো খুৱাবি। তাৰ পিছত কথা ক’বি”, নিকিতাই চিঞৰি ক’লে।
এলিজা অলপ সময় তলমূৰ কৰি থাকিল।
“তই গম নাপাৱ নেকি নিকিতা, নীলৰ লগত
তাইৰ ব্ৰেক-আপ হ’ল”। চুজানাই ক’লে।
“হা? মই গমেই নাপাওঁ। কেতিয়া? কিয়”? নিকিতাই চিঞৰি উঠিল।
নিকিতা আৰু চুজানা আহি বিছনাত এলিজাৰ
ওচৰতে বহিল।
“ঐ এলিজা, কি
হ’ল কচোন”, নিকিতাই এলিজাক হেঁচুকি দিলে।
এলিজাই তাইৰ
কথা নুশুনাৰ দৰে কিছুসময় টেবলেটটোতে কিবা কিবি টিপি থাকিল। নিকিতাই আকৌ এবাৰ তাইক
ক’লে, “আনৰ মুখত শুনাতকৈ তই নিজেই ক কি হ’ল”?
এইবাৰ
এলিজাই এটা উদাস চাৱনিৰে নিকিতালৈ চালে।
“বাদ দে সেইবোৰ। মোৰ এইবোৰ কথা কবলৈ
মন যোৱা নাই”।
“নীল ইমান ভাল ল’ৰা। তই তাৰ লগত ইমান
সুখী আছিলি”, নিকিতাই ক’লে।
“ভাল ল’ৰা? সি এটা ৰাস্কেল। I hate him”, এলিজাই মুখ ওফন্দালে।
“সি কি
কৰিলে কচোন”, নিকিতাই নেৰিলে।
“সি মোক ইমানদিনে মোক ঠগি আছিল। সি
অন্য ছোৱালীৰ লগতো ডেটিং কৰে”, এলিজাই মুখ বিকটাই ক’লে।
নিকিতা আচৰিত হ’ল। “কেনেকৈ গম পালি।
ভালকৈ ক’চোন”।
“ৰ, মই দেখুৱাই আছোঁ”। এই বুলি
এলিজাই বেছি পোহৰৰ লাইতটো অফ কৰি তাইৰ টেবলেটটোৰ সংলগ্ন প্ৰজেক্টৰৰ পৰা সমুখৰ
বেৰখনত পোহৰ প্ৰজেকশ্যন কৰিলে। বগা বেৰখনত এটা ভিডিঅ’ চলিবলৈ ধৰিলে। ভিডিঅ’টোত
দেখা গ’ল নীলে আন এজনী ছোৱালীৰ লগত অন্তৰংগ অৱস্থাত এটা কোঠাৰ ভিতৰত চুম্বনত মত্ত
হৈ আছে।
“এই বাষ্টাৰ্ডটোক চা। এয়াই তাৰ আচল
ৰূপ”। এলিজাই দাঁত কৰচি ক’লে।
“তই কেনেকৈ পালি এই ভিডিঅ’টো”?
নিকিতাই সুধিলে।
“মই বহুদিনৰ পৰা মন কৰি আছিলোঁ
বুজিছ। সি মোক কেইদিনমান এভইড কৰি আছিল। সদায় ইভিনিঙত সি কামত বিজি বুলি কৈ থাকে। মই
ক’ৰবালৈ লগ ধৰিলে যাব নোৱাৰোঁ বুলি কয়। মোৰ সন্দেহ হ’ল। মই ষ্পাই লগালোঁ বুজিছ”।
“ষ্পাই”? নিকিতা আচৰিত হ’ল।
“সি ভাবিছে নেকি মই সুদাই এৰি দিম?
মই স্পাই কেমেৰা ইউজ কৰিলোঁ”, এলিজাৰ নাকৰ পাহি দুটা ফুলি ফুলি উঠিল।
“স্পাই কেমেৰা ক’ত, কেনেকৈ কামত
লগালি”? নিকিতাই সুধিলে।
“সি সদায় টুপী এটা পিন্ধি আহে মন
কৰিছনে। মূৰত চুলি কম কাৰণে
সি সেইটো নিপিন্ধাকৈ ক’তো নোলায়। টুপীটো পিছে ঘৰৰ ভিতৰত নিপিন্ধে, খুলি থয়”।
“অ’, টুপীটো পিন্ধিলে পিছে তাক পিছে
বৰ ষ্মাৰ্ট লাগে”। চুজানাই ক’লে।
“যোৱাবাৰ লগ
কৰিব আহোঁতে সেই টুপীটোত সি গম নোপোৱাকৈ মই ষ্পাই কেমেৰা ফিক্স কৰি দিলোঁ।
ইডিয়টটোৱে গমেই নাপালে। সি ক’ত গৈছে, কি কৰিছে সৱ মই ডাইৰেক্ট লাইভ নেটকাষ্টত পাই
আছিলোঁ। বেচেৰা ফচি গ’ল। সেইদিনাও সি সেইজনীক লগ কৰিবলৈ গৈছিল, তাইৰ ঘৰলৈ”।
“সেই ছোৱালীজনী কোননো”? নিকিতাই
আগ্ৰহেৰে সুধিলে।
“বহুত ধনী মানুহৰ ছোৱালী। অসমৰ
হেলিকপ্টাৰ টুৰিজম বোলে সিহঁতৰ ফেমিলি বিজনেছ। অহাবছৰ ষ্পেছ হলিডে’ টুৰত ফেমিলীৰ
সৈতে মুনলৈ যাব বুলি এতিয়াৰ পৰাই ছ’ছিয়েল মেডিয়াত আপডেট দি আছে”।
“মুনলৈ যাবলৈ বহুত পইছা লাগে নহয়নে?
জীৱনত এবাৰ নহয় এবাৰ যামেই। চন্দ্ৰৰ বুকুৰপৰা পৃথিৱীখন কেনে লাগে চাবলৈ বৰ মন
আছে”। নিকিতাই ক’লে।
“হ’বদে। আমেৰিকাই মুনত কল’নী
নিৰ্মাণৰ কাম আৰম্ভ কৰিছেই। তাত লেবৰটেৰীত মানুহ আছেই। তই আৰু অংকিত গৈ তাতেই
থাকিবি গৈ”, চুজানাই জোকালে।
“ইয়াত অংকিতৰ কথা ক’ৰ পৰা আহিল”?
নিকিতাৰ কপাল কোঁচ খালে। “এলিজা, তাৰ পিচত কি
হ’ল, ক’চোন”। তাই এলিজাৰ কাষ চাপি বহিল।
“সেই ছোৱালীজনীৰ ঘৰত সোমাই সি টুপীটো
খুলি টেবুলত থ’লে। মই তাৰ কাণ্ড দেখি থাকিলোঁ আৰু সকলোবোৰ ৰেকৰ্ড কৰি থলোঁ”।
“বঢ়িয়া, তই এতিয়া এই ভিডিঅ’ ফ্ৰেণ্ডছ
বুকত আপলোড কৰি দে। তাৰ কথা সকলোৱে গম পাব লাগে। সি মজা পাওক”। চুজানাই ক’লে।
“নকৰোঁ। মই ইমান কেঁচা কাম নকৰোঁ। আই
উইল মেক হিম পে’ ফ’ৰ দিছ”। দাঁত কৰচি এলিজাই ক’লে।
“ব্লেকেমেইল কৰিবি”? চুজানাই আমোদ
পাই সুধিলে।
“চাই থাক মই কি কৰোঁ। এতিয়াই সকলো
কথা কৈ দিলে পাছলৈ মজাই নাথাকিব”। এটা ৰহস্যৰ হাঁহি মাৰি এলিজাই ক’লে।
“তই কি কৰিবি ক’ না। আমিও জানিব
লাগে”। চুজানাই এলিজাক হেঁচুকি দিলে।
“ধেই এতিয়াই
কৈ দিব নোৱাৰি। একদম টপ ছিক্ৰেট”।
“আমি কাকো
নকওঁ। আমাকো তই বিশ্বাস নকৰ নেকি”, নিকিতাই কাণত ধৰিলে।
“উ:। তহঁতে
এনেয়ো গম পাবি। কেইদিনমান ৱেইট কৰ”, এলিজাই নাক কোঁচালে।
“তেনেকৈ
নহ’ব দেই। নকৱ যদি কথাটো উলিয়াবই নালাগিছিল। এতিয়া ক’বই লাগিব। নহ’লে আজি তোক আমি
শুদাই নেৰোঁ”, চুজানাই এলিজাৰ গাত ভাকুত কুটাই দিলে।
এলিজাৰ
হাঁহি উঠি গ’ল। “ৰ ৰ কৈছোঁ। কিন্তু দুয়োজনীয়ে প্ৰমিজ কৰ আৰু যাতে কোনেও গম নাপায়।
একদম টপ ছিক্ৰেট কৰি ৰাখিবি। কোনোবাই গম পালে বিপদ হ’ব”।
“প্ৰমিজ”,
চুজানা আৰু নিকিতাই ডিঙিত হাতেৰে চুই ক’লে।
“তেনেহ’লে
শুন। মোৰ প্লেন হ’ল, তাৰ নতুন গাৰ্লফ্ৰেণ্ডে ফেমিলিৰ লগত মুনলৈ ট্ৰিপত যাওঁতে এইখন
চিনেমা চাই চাই যাব। ফেমিলিৰ সকলোৱে দেখিব। মুন হলিডে’ ট্ৰেভেলত মোৰ বন্ধু এজন
আছে। তাৰ লগত কথা পাতিছোঁ। কামটো হৈ যাব লাগে”। এলিজাই সৰু মাতেৰে ক’লে ক’লে।
“ধুৰ,
সেইবোৰ কৰি কি লাভ হ’ব? তাক এক্সপোজ কৰিব লাগে। আনৰ আগত সি লাজ পাব লাগে।
ছোৱালীজনীক লাজত পেলাই কি হ’ব”? নিকিতাই ক’লে।
“তই এইবোৰ
কৰা বুলি কোনোবাই গম পাব লাগিলে, তয়েই ফচিবি। এইবোৰ কাম নকৰিবি দেই”, চুজানাই
ক’লে।
“এলিজা, তই যি কৰ কৰি থাক। কিন্তু বি
কেয়াৰফুল। আমি তিনিজনী ইয়াত অকলে এপাৰ্টমেণ্ট ছেয়াৰ কৰি আছোঁ। এইবোৰৰ কাৰণে কাৰো
প্ৰব্লেম হ’ব নালাগে”। নিকিতাই ক’লে।
“ড’ণ্ট ৱৰি ডিয়েৰ। তহঁতৰ একো
প্ৰব্লেম নহয়। মই চম্ভালিম”। এলিজাই আত্মবিশ্বাসেৰে ক’লে। “তহঁতে মাথোন কথাটো লিক
নকৰিবি”।
চুজানা আৰু নিকিতাই মূৰ দুপিয়ালে।
“পিছে আজি কোনে কি খাবি? ভোক লগা
নাই”? এলিজাই কথা সলাই ক’লে।
“লাগিছে। পিছে খাবি কি? ৰান্ধিবতো
লাগিব”, নিকিতাই ক’লে।
“ঐ এলিজা, তই টেবলেটত বহি আছই।
অৰ্ডাৰ এটা কৰি দে। ৰান্ধিবলৈ একদম মন নাই দেই। আজি মেক্সিকান ডিছ এটা খাওঁ”।
চুজানাই ক’লে।
“লগতে টাকিলাৰ শ্বট লম। ভাল লাগিব”।
এলিজাই টকালি মাৰি ক’লে।
“মোৰ কাৰণে টাকিলা নালাগে। ন’ এলকহল
টুডে’। মোৰ কাৰণে কিৱি জুছ অৰ্দাৰ কৰ”। চুজানাই ক’লে।
“মোৰ কাৰনে আপেল জুছ”। নিকিতাই ক’লে।
এলিজাই টেবলেটত টিপ টাপ কৰিবলৈ
ধৰিলে। “মোৰ যিদিনা ড্ৰিংক কৰিবলৈ মন যায়, তহঁত দুজনীৰ নাটক আৰম্ভ হয়। সদায় টাকিলা খাব খোজো নেকি? তহঁত দুজনি মহা ব’ৰ”। তাই মুখেৰে ভোৰভোৰালে। তাইৰ মুড ঘনাই সলনি হৈ
থাকে।
চুজানা আৰু নিকিতাই জানে, তাইৰ মুড
আকৌ সলনি হ’বলৈ বেছি সময় নালাগে।
“ঐ চা, এটা নতুন মেক্সিকান চিকেন ডিছ
পাইছো, পোলো পিকাড’। অৰ্দাৰ কৰোঁ”? হঠাতে তাই চিঞৰি দিলে।
“আগতে ফ্লেভাৰটো চাই ল। ফ্লেভাৰ ভাল
হ’লে ট্ৰাই কৰি চাব পাৰি”। চুজানাই ক’লে।
“এৰোমা ছেনচৰ ডাল আনচোন”। এলিজাই নিৰ্দেশ দিলে
নিকিতাই টেবুলৰ ড্ৰয়াৰৰ পৰা এৰোমা
ছেনচৰ ডাল উলিয়াই এলিজাৰ হাতত দিলে। তাই সেইডালেৰে টেবলেটৰ ষ্ক্ৰীণত ওলাই থকা
ছবিখন স্কেন কৰি দিয়াৰ লগে লগে এটা গোন্ধ ছেনচৰ ডালৰ পৰা ওলাই আহিল।
“বঢ়িয়া, টেষ্টি হ’ব যেন লাগিছে”।
উশাহটো দীঘলীয়াকৈ টানি নিকিতাই ক’লে। বাকী দুয়োজনীয়ে শলাগিলে।
এলিজাই টেবলেটৰ পৰাই আদাবাৰীত থকা
ৱৰ্ল্ড ফুড ক’ৰ্টৰ হোম ডেলিভাৰীৰ নম্বৰটো ডায়েল কৰিলে।
“হেল্ল’ মই মালিগাৱঁৰ হাইলেণ্ড
এপাৰ্টমেণ্টৰ ফ্লেট নম্বৰ এফ নাইনৰ পৰা কৈছোঁ। হয় নাইন্থ ফোৰ। এলিজা বৰবৰা। পোলো
পিকাড’ তিনি প্লেট। হয়। লগতে কিৱি জুছ দুটা আৰু আপেল জুছ এটা। সোনকালে। কেছ অন
ডেলিভাৰী”।
“তই টাকিলা অৰ্ডাৰ নকৰিলি যে”?
নিকিতাই ক’লে।
“মোক মদাহী বুলি ভাবিছ নেকি? তহঁতে
নাখালে অকলে অকলে টাকিলা খাই ভাল লাগিব নেকি। টাকিলাৰ এটা এটা শ্বট লগৰবোৰৰ লগত জমাই
চিঞৰ বাখৰ কৰি লৈহে ভাল লাগে।”। এলিজাই আক্ষেপৰ সুৰত ক’লে।
Comments
Post a Comment