খণ্ড ২০


পানী যুৱলীৰ পৰা তীব্ৰ বেগেৰে চলা দুজনীয়া ৱাটাৰ স্কুটাৰ এখনত উঠি দুয়ো সোনকালেই ফ্লোটিং মাৰ্কেট পালেগৈ। দূৰৰ পৰাই মাৰ্কেটখনৰ আলোকসজ্জা চকুত পৰে। লেজাৰেৰে পানীৰ ওপৰতে বিভিন্ন আকৃতি গঢ়ি তোলা হৈছে। লগতে আছে পানীৰ ওপৰতে বিভিন্ন কোম্পানীৰ লেজাৰেৰে সৃষ্টি কৰা বিজ্ঞাপন। 
বজাৰখনত নাৱৰ ওপৰত বিভিন্ন সামগ্ৰীৰ বেহা বহিছে। ফল মূল, শাক পাচলিৰ পৰা ঘড়ী, কম্পিউটাৰ সকলো পোৱা যায়। স্কুটাৰৰ চালকজনে দুয়োকে এখন সুসজ্জিত নাৱত নমাই দিলে। সেইখন নাৱেৰে বিভিন্ন নাওত থকা বজাৰবোৰ চাই ঘূৰি ফুৰিব পাৰি। দুয়ো এখনৰ পাছত এখন নাওত বিক্ৰী কৰা বস্তুবোৰ চাই গ’ল। বিভিন্ন প্ৰকাৰৰ বস্তু। জোতা, ছাতিৰ পৰা লেপটপ, মোবাইললৈকে হৰেক ৰকমৰ বস্তু। মাজে মাজে মছলাৰ দোকান, ফুলৰ দোকান। বেছিভাগ দোকানীয়েই মহিলা। এনে বজাৰ এতিয়া সমগ্ৰ পৃথিৱীতে বিৰল। বেংককৰ ফ্লোটিং মাৰ্কেট ৱৰ্ল্ড হেৰিটেজ ছাইট হৈ পৰিছে। দেশী বিদেশী পৰ্যটকে এই প্ৰাচীন বজাৰখন এনেয়ে চাবলৈ আহে।
বজাৰ চাই ফুৰোতে অংকিতৰ ফোনটো বাজিল। অংকিতে চাই দেখিলে নম্বৰটো অচিনাকী। সি ফোনটো ধৰিলে। আনপিনৰ পৰা এটা মধুৰ নাৰীকণ্ঠ ভাঁহি আহিল, “অংকিত, মই এমিলি”।
“এমিলি, কোৱা। মই এতিয়া ফ্লোটিং মাৰ্কেটত আছোঁ”। অংকিতৰ মুখত এমিলিৰ নামটো শুনি নিকিতাই আগ্ৰহেৰে অংকিতলৈ চালে।
“তোমাৰ সিদ্ধান্তটো সোনকালে জনোৱা। তোমাৰ সিদ্ধান্তটোৰ লগত মোৰ উভতি যোৱা দিনটো সাঙোৰ খাই পৰিছে”, এমিলিয়ে ক’লে।
“মই একো সিদ্ধান্ত ল’ব পৰা নাই। কিন্তু মোৰ যোৱাৰ সিদ্ধান্তৰ ওপৰত তোমাৰ উভতি যোৱা দিনটো কেনেকৈ সাঙোৰ খাইছে”? অংকিতে প্ৰশ্ন কৰিলে।
“মই জনাত তোমাক পোনে পোনে চন্দ্ৰপৃষ্ঠৰ গৱেষণাগাৰলৈ নিয়া হ’ব। মোক কোৱা হৈছে, যদিহে তুমি যোৱা, হিউষ্টনত এমাহ প্ৰশিক্ষণ ল’ব লাগিব। সেই প্ৰশিক্ষণখিনি মই তদাৰকী কৰিব লাগিব। এমাহ পাছত এখন ষ্পেছ ছাটল লৈ আমি দুয়ো চন্দ্ৰলৈ যাম”।
“মোক কোৱা হৈছিল যে বেংকক এৰাৰ আগতে মই সিদ্ধান্ত দিব লাগিব। মই ভাবিছিলোঁ মোৰ হাতত সময় আছে। মই কাৰো লগত কথা পতাই নাই। আৰু কিছুমান কথা মোৰ জানিবলৈ আছে। মোক অলপ সময় দিয়া”, অংকিতে অনুৰোধ কৰিলে।
“আজি ডিনাৰত ডক্তৰ ভানুমতীৰ লগত তোমাক ডিনাৰত লগ পাম। মই জনাত তোমাৰ বান্ধবী এগৰাকীও লগত আছে। দুয়ো আমাৰ হোটেললৈ আহিবা। ঠিক চাৰে সাত বজাত। সকলো কথা তেতিয়াই পাতিম”।
“তাইৰ নাম নিকিতা। মোৰ ৰিছাৰ্ছ পাৰ্টনাৰ। আমি নিশ্চয় যাম। তেনেহ’লে ডিনাৰৰ সময়ত লগ পাম”, এই বুলি অংকিতে ফোন কাটিলে।
নিকিতাই গোটেই কথাখিনি বুজি পালে। তাই অংকিতৰ মুখত আকৌ চিন্তাৰ ৰেঙণি দেখিলে।
“ডিনাৰৰ সময়ত কথা পাতিম বুলি ক’লাই চোন। আকৌ কিয় চিন্তাৰ সাগৰত পৰিলা? সকলো কথা গম পাই পাছত আৰামত সিদ্ধান্ত ল’বা। আহা এতিয়া আমি বজাৰখনকে চাওঁ”, নিকিতাই হাঁহি মাৰি ক’লে।
দুয়ো নাও এখনত উঠি বেলেগ বেলেগ নাওত থকা বজাৰবোৰৰ মাজত ঘূৰি ফুৰিলে।

Comments

Popular posts from this blog

খণ্ড ১