খণ্ড ১৮


নিকিতাই কথা পাতি থোৱা বুলি ক’লে যদিও অংকিতে বাহিৰলৈ ওলাই যোৱাৰ আগতে ভানুমতীক ফোন কৰি বাহিৰলৈ যোৱাৰ কথা ক’লে।
“ছেমিনাৰত উপস্থিত থাকিলে নতুন কথা শিকিব পাৰিবা। অৱশ্যে ইয়াত কোনো ধৰা বন্ধা নিয়ম নাই। তোমালোক ফুৰিবলৈ যাব পাৰিবা। কিন্তু সাৱধানে থাকিবা যাতে পুলিছৰ ঝামেলাত সোমাবলগীয়া নহয়। তেনেকুৱা কিবা ঘটনা হ’লে তোমালোকৰ বদনাম হ’ব। যিমান পাৰি সোনকালে ঘূৰি আহিবা। ৰাতিলৈ মই তোমালোকৰ লগত ডিনাৰ কৰিম” – ভানুমতীয়ে পৰামৰ্শ দিলে।
হোটেলৰ বাহিৰলৈ ওলাই আহি দুয়ো ফুটপাথেৰে খোজকাঢ়ি আগুৱাই গ’ল। বেংককৰ অলিয়ে গলিয়ে মাছাজ পাৰ্লাৰ সমূহ আছে। পৰ্যটকৰ কাৰণে বেংককৰ মালিছৰ বিশেষ আকৰ্ষণ আছে। ফুটপাথত খোজ কাঢ়ি থকা বিদেশী মানুহক পাৰ্লাৰ সমূহলৈ মাতিয়েই থাকে। নিকিতা আৰু অংকিতকো কেইটামান চেঙেলীয়া ল’ৰাই মাছাজ পাৰ্লাৰলৈ মাতি নিবলৈ পিছ ল’লে। অংকিতে ধমক দি সিহঁতক পিছে পিছে আহিবলৈ মানা কৰিলে।
নিকিতাৰ বিশ্ব বিখ্যাত থাই মাছাজৰ অভিজ্ঞতা লোৱাৰ মন আছিল। তাই অংকিতক এবাৰ কৈয়ো চালে। কিন্তু অংকিতে এইবোৰ কাৰবাৰ ভাল নাপায়। সি মাছাজ পাৰ্লাৰত বহাটো সময় আৰু পইছাৰ অপব্যৱহাৰ বুলি ভাবে। এইবোৰ সাময়িক তৃপ্তিৰ প্ৰতি তাৰ কোনো আকৰ্ষণ নাই।
খোজকাঢ়ি গৈ থাকোঁতে এখন পাৰ্লাৰৰ সন্মুখত দুয়ো ৰৈ হ’ল। পাৰ্লাৰখনৰ নাম গামোছা। পাৰ্লাৰখনৰ সাজসজ্জাত অসমীয়া গামোছাৰ আৰ্হি ব্যৱহাৰ কৰা হৈছে। দুৱাৰমুখৰ দুয়োকাষে দুটা অসমীয়া জাপি  ধুনীয়াকৈ সজোৱা আছে। দুয়ো বুজিব পাৰিলে সেইখন হয়তো অসমীয়া মানুহে চলোৱা পাৰ্লাৰ। কৌতূহলবশত: দুয়ো ভিতৰলৈ সোমাই গ’ল।
“প্লিজ ৱেলকাম টু গামোছা, ড্য মাছাজ পাৰাডাইজ অৱ বেংকক” - দুৱাৰমুখত আদৰিবলৈ ৰৈ থকা ছোৱালীজনীয়ে ক’লে। ছোৱালীজনীক দেখাত বেংককৰ স্থানীয় মানুহৰ দৰে
“থেংক ইউ” – দুয়ো সম্ভাষণ গ্ৰহণ কৰিলে।
“ইউ আৰ  ফ্ৰম হুইচ পাৰ্ট অৱ ড্য ৱৰ্ল্ড”? ছোৱালীজনীয়ে সুধিলে।
“ঊই আৰ ফ্ৰম ইণ্ডিয়া” - নিকিতাই ক’লে।
“হুইচ পাৰ্ট অৱ ইণ্ডিয়া”
“আছাম”- অংকিতে গৌৰৱেৰে ক’লে।
লগে লগে ছোৱালীজনীয়ে নমষ্কাৰ কৰি অসমীয়াত ক’বলৈ ধৰিলে - “আপোনালোক অসমৰ পৰা অহা বুলি জানিব পাৰি খুব ভাল লাগিল। আশাকৰোঁ আমাৰ পাৰ্লাৰত আপুনি উত্কৃষ্ট সেৱা লাভ কৰিব”। এই বুলি কৈ ছোৱালীজনীয়ে মিচিকিয়াই হাঁহিলে। তাই অসমীয়াত কোৱা কাৰণে আৰু তাইৰ কোৱাৰ সুৰটোত নিকিতাই আমোদ পালে।
নিকিতাই ৰৈ ছোৱালীজনীলৈ চালে। পিছে পিছে আহি থকা জাপানী মহিলাগৰাকীৰ লগত ছোৱালীজনীয়ে একে সুৰতে জাপানী ভাষাত কথা পাতিছে। তাই আচৰিত হ’ল।
অংকিতে নিকিতাক ছোৱালীজনীৰ ভৰিৰ পিনে মন কৰিবলৈ ক’লে। নিকিতাই দেখিলে ছোৱালীজনীৰ ভৰিত জোতাৰ সলনি দুটা চকা লগোৱা আছে। তাই ইফাল সিফাল কৰিলে চকা দুটা ঘূৰে।
সি তাইৰ কাণত ফুচফুচাই ক’লে, “সেই ছোৱালীজনী ৰব’ট  আমি অসমৰ পৰা বুলি কোৱা কাৰণে অসমীয়াত কথা পাতিছে। তাই পৃথিৱীৰ বিভিন্ন দেশৰ মানুহৰ লগত বেলেগ বেলেগ ভাষাত কথা পাতিব পাৰে”।
নিকিতাই ভাবিলে, এইখন চহৰত কোন আচল মানুহ, কোন ৰব’ট ধৰাই মস্কিল। লাহে লাহে সকলো কামতে ৰব’টৰ ব্যৱহাৰ বাঢ়ি আহিছে। কিন্তু তেজ মঙহৰ মানুহৰ দৰে আন্তৰিকতা ৰব’টে কেতিয়াও প্ৰদৰ্শন কৰিব নোৱাৰে।
মাছাজ পাৰ্লাৰখনৰ ভিতৰলৈ সোমাই দুয়ো আচৰিত হ’ল। শাৰী শাৰীকৈ পাৰি থোৱা এঢলীয়া দীঘল চকীবোৰত বিভিন্ন পুৰুষ মহিলা বহি আছে। প্ৰতিজনৰ লগতে এগৰাকীকৈ মালিছ কৰা ডেকা বা গাভৰু ছোৱালী আছে। প্ৰতিখন এঢলীয়া চকীত অসমীয়া গামোছাৰ আৰ্হি ব্যৱহাৰ কৰা হৈছে। মালিছ কৰা প্ৰতিজনৰ ডিঙিত অসমীয়া গামোছা আছে। তেওঁলোকে তেলবোৰ মচিবলৈও একোখন অসমীয়া গামোছা ব্যৱহাৰ কৰিছে।
অংকিতৰ মনটো ভাল লাগি গ’ল। অসমীয়া গামোছাৰ আৰ্হিত বিদেশত ব্যৱসায় চলিছে। অংকিতেও তাৰ হাতবেগটোৰ পৰা গামোছাখন উলিয়াই ডিঙিত পিন্ধি ল’লে।
দুয়ো ৰৈ থকা দেখি ৰিচেপচনত থকা গাথলু চেহেৰাৰ মানুহজন আগুৱাই আহিল।
“অসমৰ পৰা আহিছে”? মানুহজনে শুদ্ধ অসমীয়াতে ক’লে।
“হয়, এইখন অসমীয়া মানুহৰ পাৰ্লাৰ নেকি? ইয়াত অসমীয়া গামোছাৰ প্ৰয়োগ দেখি খুব ভাল লাগিছে”।
“এইখন অসমীয়া মানুহেই আৰম্ভ কৰিছিল, প্ৰায় পোন্ধৰ বছৰ আগতে। তেতিয়াৰ পৰাই গামোছা নামটো আৰু অসমীয়া গামোছাৰে সজাই ৰখা পৰম্পৰাটো থাকি গ’ল। ইয়াত সৰহভাগ মালিছ কৰা ল’ৰা ছোৱালী অসমৰ। এতিয়া মালিক সলনি হ’ল, লোকেল মানুহৰ হাতলৈ গ’ল যদিও অসমীয়া গামোছাৰ পৰম্পৰাটো ৰাখিছে”, মানুহজনে বুজাই দিলে।
“আপুনিও নিশ্চয় অসমৰ পৰা আহিছে”।
“হয় মই অসমৰে। শিলচৰত ঘৰ, নাম তাপস নাথ। মই বহুত বছৰৰ পৰা ইয়াত ৰিচেপচনিষ্ট আৰু কেছিয়াৰৰ কাম কৰি আছোঁ। অসমৰ মানুহ লগ পালে ভাল লাগে। দুই এষাৰ অসমীয়াত কথা পাতোআপোনালোকক মই খুব ভাল মালিছ কৰা মানুহ দিম। চিন্তাই নকৰিব”
“আমি মালিছ লবলৈ অহা নাই। গামোছা নামটো দেখিহে সোমালোঁ”।
“সোমালে যেতিয়া আমাৰ পাৰ্লাৰৰ ছাৰ্ভিছটো চাই যাওক। আপোনালোক অসমৰ মানুহ। আপোনালোকৰ কাৰণে ডিছকাউণ্ট কৰি দিম’, নাথে মাৰ্কেটিঙত লাগি গ’ল।
অংকিতে ভাবিলে, অসমীয়া গামোছাৰ আৰ্হিত গঢ়ি উঠা পাৰ্লাৰখনৰে দুপইছা উপৰ্জন হওক। নিকিতা আৰু সি এখন একোখন হেলনীয়া চকীত বহি দিলে।
নিকিতাক মালিছ কৰিবলৈ অহা ধুনীয়া চাপৰ ছোৱালীজনীয়ে সম্ভাষণ জনাই নিজৰ পৰিচয় দিলে, “মেডাম, হেভ এ গুড ডে’। আই এম ৰেছমি। আই এম হিয়েৰ টু চাৰ্ভ ইউ”
নিকিতাই ছোৱালীজনীৰ লগত কথা পাতিলে। কথা পাতিহে গম পালে তাই অসমৰ ছোৱালী। কিন্তু পোছাক আৰু প্ৰসাধনৰ আঁৰত পটকৈ তাইক অসমীয়া বুলি ধৰিব নোৱাৰি।
“মোৰ ঘৰ শিৱসাগৰত। আচল নাম ৰশ্মি গগৈ”। তাইৰ নামটো সেইখন চহৰৰ মানুহৰ মুখত ৰেছমী হৈ পৰিল।
নিকিতাৰ ভাল লাগিল। বিদেশত অসমীয়া মানুহ পালে আপোন মানুহ পোৱা যেন লাগে। ৰশ্মিয়ে ইতিমধ্যে  মালিছ কৰিবলৈ হাতত তেল ঘঁহিবলৈ আৰম্ভ কৰিলে।
“মাছাজ পাৰ্লাৰ বোৰত অসমীয়া ল’ৰা ছোৱালী বহুত আছে নেকি”? নিকিতাই সুধিলে। তাই জানে, অসমীয়া ল’ৰা ছোৱালীয়ে এতিয়া দেশে বিদেশে কাম কৰিবলৈ ওলাই আহিছে। কোনেও এতিয়া নিবনুৱা হৈ বহি থাকিব নালাগে।
নিকিতাৰ প্ৰশ্নটো শুনি ৰশ্মিয়ে সৰু মাতেৰে ক’লে, “মেডাম। কাম কৰাৰ সময়ত কাষ্টমাৰৰ লগত বেছিকৈ কথা পতাত মানা আছে। কথা পাতি থকা দেখিলে মেনেজাৰে মই পাবলগীয়া পইছা কাটিব”।
নিকিতাই তাইক লাহে লাহে ক’বলৈ ইংগিত দিলে। প্ৰায় ফুচফুচনিৰ দৰে তাই ৰেছমীক সুধিলে, “তুমি ইয়ালৈ কেনেকৈ আহিলা? কাম বিচাৰি আহিছিলানে”?
ৰেছমীয়ে শুন নুশুনকৈ ক’লে, “মোক ফাঁকি দি ইয়ালৈ আনিলে মেডাম”।
নিকিতা আচৰিত হ’লতাই শুনিছে এইদৰে কিছুমান প্ৰৱঞ্চকে আভুৱা ভাৰি বিদেশত চাকৰি কৰিবলৈ অসমৰ পৰা ল’ৰা ছোৱালী লৈ আহে। সেই ল’ৰা ছোৱালীবোৰক চাকৰি দিয়াৰ নামত নানান অনৈতিক কামতো লিপ্ত কৰায়। তাইৰ ৰশ্মিৰ বিষয়ে অধিক কথা জানিবলৈ মন গ’ল।
“মোক কোৱাচোন ৰশ্মি। তোমাক কোনে কেনেকৈ ফাঁকি দি ইয়ালৈ আনিলে। তুমিতো মোৰ ভণ্টীৰ নিচিনা”।
ৰশ্মিয়ে প্ৰথমতে মুখ খুলিবলৈ টান পালে। অচিনাকী মানুহৰ আগত সকলো কথা ক’ব নোৱাৰি। কিন্তু বহুদিনৰ পাছত কোনোবাই তাইৰ বিষয়ে জানিব খুজিছে। অসমৰ পৰা অহা বাইদেউজনীক তাইৰ আপোন আপোন লাগিল। তাই মেদামৰ সলনি বাইদেউ বুলি ক’বলৈ ধৰিলে।
“বহুত কথা বাইদেউ। মই ছুটিকৈ কওঁ। আজিকালি ইয়াত এইবোৰ কাম লোকেল মানুহে নকৰে। এইবোৰ কামৰ কাৰণে বিদেশৰ পৰা ল’ৰা-ছোৱালী আনে। তাৰ কাৰণে এটা ডাঙৰ চক্ৰ আছে। যিবোৰ দেশৰ মানুহক ফুচুলাব পাৰে, সেইবোৰ দেশৰ ল’ৰা-ছোৱালী আনে। ম্যানমাৰ, ভিয়েটনাম, বাংলাদেশৰ পৰাও আনে। ভাৰতৰ অসম আৰু মণিপুৰৰ পৰা বেছিকৈ আনে”। নিকিতাৰ হাত দুখনত মালিছ কৰি ৰশ্মিয়ে সৰু মাতেৰে কৈ গ’ল।
“কেনেকৈ আনে কোৱাচোন? এই চক্ৰটোৱে কেনেকৈ কাম কৰে”? নিকিতাৰ কথাবোৰ জানিবলৈ মন গ’ল।
“তেওঁলোকে সপোন দেখুৱায় বাইদেউ। মোবাইলত ফটো দেখুৱায়, কিমান ভাল ভাল ঠাইত চাকৰিৰ সুবিধা আছে। বহুত দৰমহাৰ চাকৰিৰ প্ৰলোভন দিয়ে। অসমৰ গাঁৱৰ মানুহ সহজ সৰল। বেছি টকাৰ চাকৰি পাব বুলি আহি যায় বাইদেউ”। নিকিতাৰ কান্ধত মালিছ কৰি থাকোঁতে ৰশ্মিয়ে কৈ গ’ল।
“ইয়ালৈ অহাৰ পাছত কাম নিদিয়ে নেকি”?
“কাম দিয়ে বাইদেউ। কিন্তু একেবাৰে সৰু সুৰা কাম। দৰমহাও খুব কম। মোক মালিছ কৰা কাম দিলে। ঘৰে ঘৰে গৈ টয়লেট চফা কৰা, কেঁচুৱা নিচুকোৱা, চকীদাৰী কৰা এইবোৰ কাম দিয়ে। আৰু কিছুমানক বাইদেউ….” তাই কিবা এটা ক’ব খুজিও ৰৈ গ’ল। তাই ইফালে সিফালে চালে
“কোৱা ৰশ্মি। ভয় নকৰিবা”।
“কিছুমানক গা বেছিবলৈ লগায়। ইয়াৰে পাতপং ৰেড লাইট এৰিয়াত অসমৰ বহুত ছোৱালীয়ে কাম কৰি আছে। হোটেলবোৰতো অসমীয়া ছোৱালীৰ ডিমাণ্ড আছে বাইদেউ”।
নিকিতাৰ গাৰ নোম শিয়ঁৰি উঠিল। উন্নয়নৰ ক’লা দিশটো সাধাৰণতে মানুহৰ চকুত নপৰে।
“পাৰ্লাৰবোৰত কাম কৰা ছোৱালীবোৰেও গ্ৰাহকৰ লগত শুবলগীয়া হয় নেকি”? নিকিতাই ৰশ্মিলৈ চালে।
“এইখন চহৰত জীয়াই থাকিবলৈ সকলো কৰিবলগীয়া হয় বাইদেউ। কেতিয়াবা পইছাৰ খুব নাটনি হ’লে আমিও কাষ্টমাৰ বিচাৰি ৰাষ্টাত থিয় দিওঁগৈ। পাৰ্লাৰতো কেতিয়াবা কাষ্টমাৰে বিচাৰি আহে। কষ্ট কৰি অৰ্জাতকৈ সেইটো কাম কৰি দুপইছা বেছিকৈ পাওঁ। এইখন চহৰত কাষ্টমাৰৰ অভাব নাই”।
ৰশ্মিয়ে নিকিতাক ওলোটাকৈ শুবলৈ কৈ পিঠিখন মালিছ কৰিবলৈ আৰম্ভ কৰিলে। ছোৱালীজনীলৈ নিকিতাৰ দুখ লাগিল। তাই ভাবিলে অসমৰ দুৱাৰ বৰ্হিবিশ্বৰ বাণিজ্যৰ বাবে খুলি দিয়াৰ পাছত কেৱল সামগ্ৰীৰে বেহা হোৱা নাই, তেজ মঙহৰো হৈছে। সেই দুৱাৰেৰে ওলাই আহিছে ৰশ্মিহঁত, নিজৰ সকলো বিক্ৰী কৰিবলৈ।
তাই অংকিতলৈ চালে। কথাখিনি তাকো জনাবলৈ তাইৰ মন গ’ল। তাই দেখিলে কেইখনমান হেলনীয়া চকীৰ আঁতৰত সিও তাক মালিছ কৰা ডেকাজনৰ লগত সৰু মাতেৰে কথা পাতিছে। 
নিকিতাই মন কৰিলে অংকিতক এজন পাহুৱাল ডেকাই মালিছ কৰিছে।
অংকিতে মালিছ কৰা যুৱকজনৰ লগত চিনাকী হ’ল। তেওঁ অসমৰে। কিন্তু দেহৰ গঠন দেখিলে হৃষ্ট পুষ্ট যুৱকজনক উত্তৰ ভাৰতীয় যেন লাগে।
অংকিতৰ লগত অসমীয়াত কথা পাতিবলৈ পাই যুৱকজনে ভাল পালে। “মোৰ নাম মুকুন্দ ডেকা। নলবাৰীত ঘৰ। বেংককত দহ বছৰমানৰ পৰা আছোঁ”। ভৰিৰ তলুৱাখন মালিছ কৰি কৰি তেওঁ ক’লে।
“মুকুন্দ, অসমৰ পৰা ইয়ালৈ কাম কৰিবলৈ কিয় আহিলা? অসমতো এতিয়া বহুত কাম আছে”, অংকিতে প্ৰশ্ন কৰিলে।
“ইয়াতে ভাল ছাৰ, কম সময়তে বেছি পইছা ঘটিব পাৰি। পইছা ঘটাৰ বহুত উপায়ো আছে এই চহৰখনত”।
“এই কামটো তুমি অসমতো কৰিব পাৰা। আজিকালি অসমলৈও বহুত টুৰিষ্ট যায়। এনেকুৱা মাছাজৰ ডিমাণ্ড অসমতো আছে”, মুকুন্দলৈ চাই অংকিতে ক’লে।
ভৰিৰ গোৰোহাটো মালিচ কৰি কৰি মুকুন্দই সৰু মাতেৰে ক’লে, “মালিছ কৰাটো মোৰ পাৰ্ট টাইম কাম। আচল বিজনেছ বেলেগ আছে”। এই বুলি সি ৰহস্যময় হাঁহি এটা মাৰিলে।
“কি বেলেগ বিজনেছ আছে”?
এইবাৰ মুকুন্দৰ মুখখন গোমোঠা হ’ল। “আমাৰ ইয়াত কাষ্টমাৰৰ লগত কথা পতাত মনা আছে। আপুনি মনে মনে থাকি মালিছ উপভোগ কৰক”।
অংকিতে বুজিলে, মুকুন্দই সকলো কথা ক’ব খোজা নাই। কিন্তু তাৰ জানিবলৈ মন গ’ল। “কাষ্টমাৰে যদি টিপছ দিয়ে তেতিয়াতো কথা পাতিব পাৰি”। অংকিতে মুকুন্দলৈ চাই বেঁকা হাঁহি এটা মাৰি দহ ভাটৰ নোট এখন উলিয়াই তাৰ হাতত দিলে। তাৰ মুখখন ফৰকাল হ’ল।
“ছাৰ, কথা এটা কওঁ। আপোনাৰ যদি কিবা প্ৰয়োজন আছে মোক ক’ব পাৰে। যি লাগে মই আপোনৰ হোটেলত যোগান ধৰিম” – এই বুলি কৈ মুকুন্দই চকু টিপিয়ালে। সি আচল বিজনেছলৈ আহি গ’ল।
“কি কি যোগান ধৰিব পাৰা”?
“মেৰিজুৱানা, ব্ৰাউন ছুগাৰ, আফিং, ভাং আপোনাক যি লাগে সকলো পাব। ৰাতিৰ কাৰণে সংগিনী বিচাৰিলেও মই যোগাৰ কৰি দিম”। তাৰ কথা শুনি অংকিতে কিছুপৰ তাৰ মুখৰ পিনে চাই ৰ’ল।
অংকিতে অলপ সময় মুখেৰে একো নামাতিলে। অসমৰ পৰা কিছুসংখ্যক যুৱক বেংককলৈ আহি কি বিজনেছ কৰি আছে সি তাৰ উমান পালে। ট্ৰান্স এছিয়ান চুপাৰ হাইৱে’ হোৱাৰ পৰা ড্ৰাগছ আৰু নাৰী সৰবৰাহ এটা ডাঙৰ ব্যৱসায় হৈ পৰিছে। ম্যানমাৰৰ বিস্তৃত অঞ্চলত এতিয়াও আফিঙৰ খেতি হয়। উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ পৰা দেখনিয়াৰ ছোৱালীবোৰ দক্ষিণ মূব এছিয়াৰ বৃহৎ চহৰ সমূহলৈ চালান দিয়া হয়। দেহৰ লগতে মানৱ অংগৰো ব্যৱসায় এই পথেৰেই চলি আছে। চৰকাৰে অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰিও এইবোৰ আদিম ব্যৱসায় বন্ধ কৰিব পৰা নাই। এইবোৰ কথাই তাক চিন্তিত কৰি তোলে।
অংকিতে মুখেৰে নমতা দেখি মুকুন্দও মনে মনে থাকিল। সি বুজিলে, এইজন সি বিচৰা ধৰণৰ গ্ৰাহক নহয়।
“ছাৰ, বডীটো একেবাৰে ৰিলাক্স কৰি দি দকু দুটা মুদি দিয়ক। তেতিয়াহে মাছাজৰ আচল মজাটো পব”। মুকুন্দই কান্ধ দুখন মালিছ কৰিবলৈ ল’লে।
“তোমাৰ ব্যৱসায়টোত অসমীয়া ল’ৰা ছোৱালী কিমান আছে”? অংকিতে চকু মুদিয়েই মুকুন্দক সুধিলে।
“আছে ছাৰ। আগতে সিমান নাছিল, এতিয়া ভালেমান হ’ল। এতিয়া পিছে আগৰ দৰে ইনকাম নহয়”। অংকিতৰ শৰীৰৰ ওপৰত হাতৰ কলাবাজি চলাই থাকি মুকুন্দই ক’লে।
“কিয়”?
মুকুন্দই হাঁহিলে, “কিনো কম ছাৰ। কাষ্টমাৰে নিবিচাৰিলে ক’তনো ব্যৱসায় চলিব। মানুহে নিচা নকৰা হৈছে। ধৰা পৰিলেও বিপদ। পিছে অসমীয়া ছোৱালীবোৰৰ ইনকাম ভাল ইয়াত। বেংককত এতিয়া অসমৰ ল’ৰাতকৈ ছোৱালীহে বেছি আছে”।
“ছোৱালী? কিয়?”
“আপোনাৰ লগতযে আহিছে, সেয়া আপোনাৰ মিছেছ নেকি ছাৰ”? অলপ দূৰত থকা নিকিতালৈ আঙুলিয়াই ফুচফুচাই কোৱাৰ দৰে মুকুন্দই ক’লে। অংকিতে তালৈ ঘোপাকৈ চালে।
“নহয়, তাই মোৰ সহকৰ্মী। আমি একেলগে কাম কৰোঁ”।
“তেনেহ’লে ছাৰ, আপুনি যদি বিচাৰে আপোনাৰ ৰুমলৈ আজি ধুনীয়া অসমীয়া ছোৱালী এজনী লৈ আহিম। আপুনি ভাল পাব”। চকুৰ ইংগিতেৰে দুষ্টামি ভৰা হাঁহি মাৰি মুকুন্দই আৰু এবাৰ চেষ্টা কৰি চালে।
“হৈ যাব, তুমি আৰু মালিছ কৰিব নালাগে। এনে কথা ক’বলৈ তুমি সাহস কেনেকৈ পালা”? অংকিত উঠি বহিল। তাৰ মাতটো অলপ ডাঙৰকৈ ওলাল। নিকিতায়ো উঠি বহিল
“ছাৰ, বেয়া নাপাব। বহুত কাষ্টমাৰে অসমীয়া ছোৱালী বিচাৰে কাৰণেহে কৈ চালোঁ। এইটো বিজনেছ কৰিয়েই ইয়াত চলি আছোঁ”, মুকুন্দই অনুনয়ৰ সুৰত ক’লে
“ব’লা নিকিতা। আমাৰ অন্য জৰুৰী কাম আছে”। এই বুলি অংকিত উচাত মাৰি ওলাই আহিল। পাছে পাছে নিকিতা।

Comments

Popular posts from this blog

খণ্ড ১