খণ্ড ২৪



“অংকিত, অলপ সময় বহা। চাহ আনিবলৈ কওঁ”, যাবলৈ সাজু হৈ থিয় হোৱা অংকিতক চৌধুৰীয়ে আকৌ বহিবলৈ ক’লে। তেওঁ মেজত থকা এটা বুটাম চুই দিয়াৰ লগে লগে ফ্ৰেম এটা ওলাই আহিল আৰু তাত জেনিফাৰৰ মুখখন দেখা গ’ল।
“ছাৰ, মই আপোনাৰ কি সহায় কৰিব পাৰোঁ”? জেনিফাৰে হাঁহি মাৰি ক’লে।
“আমাৰ দুজনলৈ লাইম টি লৈ আহা”। চৌধুৰীয়ে অৰ্ডাৰ কৰিলে।
“আৰু কিবা আদেশ আছে নে ছাৰ” জেনিফাৰে মূৰ দোঁৱাই সুধিলে।
“এতিয়ালৈ আৰু আন আদেশ নাই”। চৌধুৰীয়ে কোৱাৰ লগে লগে জেনিফাৰৰ মুখ অন্তৰ্ধান হ’ল।
“তুমি জানানে অংকিত, তোমাৰ দেউতাই প্ৰথম অসমীয়া কথা পাতিব পৰা ৰব’ট সাজি উলিয়াইছিল। আজি জেনিফাৰে যে অসমীয়াত অৰ্ডাৰ ল’ব পাৰে সেয়া তোমাৰ দেউতাৰ ৰিছাৰ্চৰে ফল”। অংকিতলৈ চাই চৌধুৰীয়ে ক’লে।
“মই সেই বিষয়ে জানো ছাৰ। তেওঁ প্ৰথম অসমীয়া ভাষাটো শিকিয়েই অসমীয়া কথা বুজিব পৰা আৰু অসমীয়াত উত্তৰ দিব পৰা ৰব’ট সাজিছিল”।
“কিন্তু তুমি হয়তো নাজানা, তোমাৰ দেউতাই জেনেটিক ৰিছাৰ্চৰ উপৰিও আন আন দিশতো কিছুমান কাম কৰি গৈছে। আগতে অসমৰ মূল সমস্যা আছিল বানপানী। প্ৰতিবছৰে ফ্লাডে বহুত ডেমেজ কৰিছিল। মথাউৰি বান্ধি ব্ৰহ্মপুত্ৰৰ ফ্লাড কণ্ট্ৰল কৰাটো সম্ভৱ হোৱা নাছিল। ব্ৰহ্মপুত্ৰৰ ফ্লাড কণ্ট্ৰ’ল ডিজানিঙৰ আঁৰৰ মানুহ তেৱেঁই আছিলতেওঁৰ ৰিছাৰ্চৰ কাৰনেই অসম এতিয়া বানপানীৰ পৰা ৰক্ষা পৰিছে”।
অংকিত ৰৈ গ’ল। সি দেউতাকৰ বিষয়ে ককাক আৰু মাকৰ পৰা বহু কথাই শুনিছেকিন্তু তথাপি আকৌ এবাৰ শুনিবলৈ তাৰ মন গ’ল“ফ্লাড কণ্ট্ৰ’লৰ কাৰণে দেউতাই কি কৰিছিল মোক ক’বনে ছাৰ”।
“শুনা, মই কৈছোঁ। ৰিমোট ছেন্সিং ছেটেলাইট মেপিঙেৰে ফ্লাড ক’ত হ’ব এসপ্তাহ আগতেই আগজাননি দি মানুহক সাৱধান কৰি ডেমেজ হোৱাৰ আগতেই আগতিয়াকৈ কেম্পলৈ ছিফট কৰাটো গনপতি ছাৰৰ উপদেশমতেই আৰম্ভ হৈছিল। কিন্তু তেনেকৈও সম্পূৰ্নকৈ ফ্লাড কণ্ট্ৰ’ল সম্ভৱ হোৱা নাছিল। তেওঁ ৰিছাৰ্চ কৰি ব্ৰহ্মপুত্ৰৰ পানী বাই-পাছ কৰিবলৈ অসমৰ কেইবা ঠাইতো তেওঁ কেনেল ডিজাইন কৰিছিল”
সেইসময়তে জেনিফাৰ সোমাই আহি দুয়োকে দুকাপ লেমন টি পৰিৱেশন কৰিলে। দুয়োকে সম্ভাষণ জনাই তাই গ’লগৈ।
“কেনেলৰ কথাটো বুজাই ক’ব নেকি”, চাহকাপ ওচৰলৈ আনি অংকিতে সুধিলে।
“ব্ৰহ্মপুত্ৰৰ পানী অ’ভাৰফ্ল’ হ’লে কেনেলেৰে গৈ মাটিৰ তলত থকা কিছুমান ৰিজাৰ্ভাৰত পৰাৰ ব্যৱস্থা কৰা হৈছিল। তাৰ কাৰণে কিছুমান ৱাটাৰ ডিছপোজেল ৱেল ড্ৰিল কৰা হৈছিল।  এই ৱেল বোৰত হাই ভলিউম পাম্পৰ সহায়ত পানী ভূগৰ্ভৰ ৱাটাৰ ৰিজাৰ্ভাৰ বেডত ডিছপোজ কৰা হৈছিল। ইয়াৰ ফলত এহাতে বানপানী নিয়ন্ত্ৰণ হৈছিল আৰু আনহাতে ডিপিং ৱাটাৰ বেডবোৰৰ ৱাটাৰ বেলেন্স মেইনটেইন হৈছিল। তেওঁৰ এই ডিজাইনটোৰ বাবে চৰকাৰৰ পৰা এৱাৰ্ডো পাইছিল আৰু চৰকাৰে সেই ডিজাইন কাৰ্যক্ষেত্ৰত প্ৰয়োগ কৰিছিল”।
“ব্ৰিলিয়েণ্ট আইডিয়া। ডিছপোজেল ৱেলবোৰ চাগে অইল কোম্পানীবোৰেই খান্দি দিছিল নহয়নে? অসমৰ অইল ফিল্ডত সেই সময়ত বহুত ড্ৰিলিং হৈছিল বুলি মই জানো”।
“হয়, অইল কোম্পানীৰ ৰিগ ব্যৱহাৰ হৈছিলগুৱাহাটীৰ ৱাটাৰ লগিঙৰ সমস্যা সমাধানৰ কাৰণেও তেওঁ ৰিছাৰ্চ কৰি এটা সমাধান উলিয়াইছিল”। চৌধুৰীয়ে কৈ গ’ল।
“মই কথাটো অলপ জানো। তেওঁ গুৱাহাটীৰ কেইবাটাও ডাঙৰ ৰাষ্টাৰ ওপৰেৰে ফ্লাই অভাৰ সাজি তলৰ ৰাষ্টাবোৰ খন্দাই ডাঙৰ ডাঙৰ নলা নিৰ্মাণ কৰিবলৈ পৰামৰ্শ দিছিলচহৰখনৰ সকলো অঞ্চলত বৈজ্ঞানিক পদ্ধতিত নলা নিৰ্মাণ কৰি বৰষুণৰ পানী বোৱাই নি ডাঙৰ নলাবোৰত পেলোৱাৰ ব্যৱস্থা হৈছিলঅংকিতে ক’লে।
“কেৱল নলা নিৰ্মাণ কৰাই নহয়, এই নলাবোৰ বোৱাই নি পেলাবলৈ কৃত্ৰিম বিল নিৰ্মাণ কৰাৰো পৰামৰ্শ দিছিল। গুৱাহাটীৰ আশে পাশে থকা প্ৰাকৃতিক জলাশয়সমূহো ব্যৱহাৰ কৰিবলৈ ব্যৱস্থা কৰাৰ কথা কৈছিল। চৰকাৰে তেওঁৰ পৰামৰ্শ গ্ৰহণ কৰিছিল। প্ৰায় পাঁচ বছৰ ধৰি নিৰ্মাণ কাৰ্য চলাৰ পাছত গুৱাহাটীত বহু কেইখন ফ্লাই অভাৰ আৰু নলাবোৰ তৈয়াৰ হৈ গ’ল। ফলত এফালে গুৱাহাটীৰ ৰাষ্টাত ট্ৰেফিক জাম কমি গ’ল আৰু আনফালে চহৰত কৃত্ৰিম বানপানীৰ সমস্যা নোহোৱা হৈ গ’ল”
“মই মোৰ দেউতাৰ কামবোৰৰ কাৰনে গৌৰৱ কৰোঁ”। চাহৰ কামত শেষ শোহাটো মাৰি অংকিতে ক’লে।
“তুমি ঠিকেই কৈছা অংকিত। আউট অৱ ড্য বক্স ছলিউচন ইয়াকেই কয়। আমাৰ সমাজে ছায়েণ্টিষ্ট আৰু ৰিছাৰ্চাৰ সকলৰ পৰা সমস্যাবোৰৰ সমাধান বিচাৰে। সমাজৰ হিতৰ কাৰণে সমাধান দিব পৰাটোৱেই বিজ্ঞানৰ সফলতা। মই ভাবো, তুমিও জীৱনত তেনে উদ্দেশ্যই আগত ৰাখিব লাগে। তোমাৰ টেলেণ্ট আছে। মোৰ বিশ্বাস তুমি পাৰিবা”চৌধুৰীয়ে ক’লে।
“আপোনাৰ মোৰ ওপৰত থকা বিশ্বাসৰ কাৰণে অশেষ ধন্যবাদ ছাৰ”
“তোমাৰ ককা সুকান্ত চলিহা এই প্ৰতিস্থানটোৰ বৈজ্ঞানিক আছিল। তাৰ পিছত তোমাৰ দেউতা আছিল এটা উজ্জ্বল ৰত্ন আৰু এতিয়া তুমি আহিছা। মই জানো, এদিন তুমিও তোমাৰ ককা আৰু দেউতাৰ দৰে জিলিকি উঠিবা”। চকীৰ পৰা উঠি আহি অংকিতৰ পিঠি চপৰিয়াই চৌধুৰীয়ে ক’লে। অংকিত থিয় হ’ল।
“ময়েই হয়টো লাকীযে মই গ্ৰেণ্ড পা আৰু দেউতাই কাম কৰা প্ৰতিস্থানটোত কাম কৰিবলৈ সুযোগ পাইছোঁ। মই এইটোও জনো, মোৰ দেউতাই কোৱা ‘ডিভাইন কোড’ বিচাৰি উলিওৱা সহজ নহয়।
“তোমাৰ দেউতাই ঠিকেই নামাকৰণ কৰিছেডি এন এ’ৰ কোড হ’ল ডিভাইন কোড। ঈশ্বৰে কৰা প্ৰ’গ্ৰামিং। তুমি যদি ডিভাইন কোড উদ্ধাৰ কৰিব পাৰা, আমি এই জীৱজগত কেনেকৈ সৃষ্টি হ’ল সেই কথাও বুজিব পাৰিম। ইট উইল বি এ ছেনছেচনেল ডিস্ক’ভাৰী। বেষ্ট অৱ লাক অংকিত। মোৰ বিশ্বাস আছে, তুমি পাৰিবা”চৌধুৰীয়ে আৰু এবাৰ অংকিতৰ লগত কৰমৰ্দন কৰিলে।

Comments

Popular posts from this blog

খণ্ড ১