খণ্ড ১৬
“এমিলি এই হোটেলৰে টাপ ফ্ল’ৰত বিশেষভাৱে তৈয়াৰ কৰা ছ্যুট
এটাত আছে। কেৱল তাইৰ পেপাৰখনৰ কাৰণে নামি আহিছিল। তাই কোঠাত বহিয়েই ছেমিনাৰৰ
ৰিছাৰ্ছ পেপাৰবোৰৰ প্ৰেজেণ্টেছন চাই আছে”, খোজকাঢ়ি লিফ্টৰ পিনে গৈ থাকোঁতে ডক্তৰ
ভানুমতীয়ে কৈ গ’ল।
“আমি তেওঁক লগ কৰিবলৈ যোৱা কাৰণে তেওঁ আমনি পাব নেকি”?
অংকিতে সোধো নোসোধোকৈ সুধিলে।
ভানুমতীয়ে তালৈ কেৰাহিকৈ চালে। “তাই সাধাৰণতে কাকো লগ নকৰে।
কিন্তু
মই অনুৰোধ কৰা কাৰণে তাই না কৰিব নোৱাৰিলে। তোমাক কৈছোঁৱেই,
তাইক ইউনিভাৰ্ছিটিত ষ্টুডেণ্ট হিচাপে পাইছিলোঁ। তাই তোমাৰ ৰিচাৰ্ছৰ
ওপৰতো আগ্ৰহ প্ৰকাশ কৰিছে। সেইকাৰণেও হয়তো তাই না নকৰিলে”।
লিফ্টৰ ভিতৰত সোমাই ভানুমতীয়ে ২৪ লিখা থকা বুটামটো টিপি
দিলে। সেইটো পিছে হোটেলখনৰ টপ ফ্ল’ৰ নহয়।
“আমি টপ ফ্ল’ৰলৈহে যোৱাৰ কথা আছিল”, নিকিতাই মাত লগালে।
“আমি টপ ফ্ল’ৰত এমিলিক লগ কৰাৰ আগতে ২৪ নং ফ্ল’ৰতেক
বিশেষভাৱে তৈয়াৰী পোছাক পিন্ধিব লাগিব। আমাৰ শৰীৰৰো স্কেনিং হ’ব যাতে আমি কোনো
বীজাণু কঢ়িয়াই লৈ নাযাওঁ। তাৰ পৰা আমাক এখন বিশেষ কেপছুল লিফ্টেৰে টপ ফ’ৰলৈ পঠিয়াই
দিব”, ভানুমতীয়ে বুজাই দিলে।
২৪ নং ফ্ল’ৰত তিনিওকে এটা কোঠালৈ লৈ যোৱা হ’ল। প্ৰথমতে
আটাইৰে পৰিচয় পত্ৰ স্কেন কৰা হ’ল। নিকিতাৰ পৰিচয় পত্ৰখন স্কেন কৰি পৰীক্ষকজনে ক’লে, “এইখন পৰিচয় পত্ৰ টপ ফ্ল’ৰলৈ যাবলৈ যথেষ্ট নহয়। এইখন মেনুৱেল ছিষ্টেমত
কৰা হৈছে। এইখনত কিছুমান সুবিধা নাই”।
মৰিয়মে কোৱা কথাখিনি দুয়োৰে মনত পৰিল। নিকিতাৰ কাৰ্ডখনত
কিছুমান সুবিধা নাথাকিব। তাইৰ মনটো সেমেকি গ’ল। চন্দ্ৰপৃষ্ঠৰ পৰা অহা এমিলিক দেখা
কৰিব পাৰিব বুলি তাই উত্তেজিত হৈ আছিল।
“এওঁ মোৰ ৰিছাৰ্চ পাৰ্টনাৰ। আপোনালোকে অনুগ্ৰহ কৰি এওঁকো
যাবলৈ দিয়ক। আয়োজন সমিতিৰ ভুলৰ কাৰণে তেওঁৰ কাৰ্ডখন মেনুৱেল ছিষ্টেমত কৰিবলগীয়া
হ’ল”, অংকিতে অনুনয়ৰ সুৰত ক’লে।
পৰীক্ষকজনে অংকিতলৈ চাই ক’লে, “মহাশয় ইয়াত নিয়মৰ হেৰ ফেৰ
নহয়। মই আপোনাক সহায় কৰিব নোৱাৰিম”।
ডক্তৰ ভানুমতীয়ে অংকিতক একাষলৈ মাতি নিলে। “অনুৰোধ কৰি লাভ
নাই অংকিত। পৰীক্ষকজন এটা ৰব’ট। তেওঁৰ পৰা ছিম্পেথি আশা নকৰিবা। তেওঁ নিয়মৰ হেৰ
ফেৰ নকৰে”।
অংকিতে ভালকৈ চাই দেখিলে, হয় মানুহজনৰ চকুৰ মণি স্থিৰ, অকণো
লৰ চৰ নাই। মুখত ভাবৰ সাল সলনিৰ প্ৰভাৱ নাই। সি ভাবিলে, সঁচাকৈয়ে বিজ্ঞানে যিমানেই
প্ৰগতি নকৰক কিয়, ঈশ্বৰৰ সৃষ্টিৰ ওচৰ চাপিব পৰা নাই। তাৰ নিকিতালৈ বেয়া লাগিল। তাই
এমিলিক লগ পাবলৈ বৰ আশা কৰিছিল।
“অংকিত, মোক যাবলৈ নিদিয়ে। মই ইয়াতেই তোমালোকৰ অপেক্ষা
কৰিম”, মুখত হাঁহি বিৰিঙাই নিকিতাই ক’লে।
“নিকিতা, তুমি যাব নোৱৰাটোত মোৰ বেয়া লাগিছে। তুমিও লগত
থাকিলে মোৰ ভাল লাগিলহেঁতেন”।
নিকিতাৰ মুখখন উজ্বলি উঠিল। অংকিতৰ কথা কেইটাই তাইৰ যাব
নোৱৰাৰ দুখখিনি যেন বহুপৰিমাণে পাতলাই দিলে।
নিকিতাক বহুৱাই থৈ ভানুমতী আৰু অংকিত ভিতৰ সোমাল। তাত
তেওঁলোকৰ শৰীৰৰ বিভিন্ন অংশত কিছুমান ছেন্সৰ লগাই এজন এজনকৈ শুৱাই লৈ স্কেনিং
মেছিনৰ ভিতৰলৈ সুমুৱাই দিয়া হ’ল। দুয়োৰে শৰীৰ বীজাণুমুক্ত কৰাৰ উপৰিও বীজাণু
বিয়পাব পৰা বিসংগতি আছে নেকি পৰীক্ষা কৰা হ’ল। দুয়ো পৰীক্ষাত উত্তীৰ্ণ হ’ল। তাৰ পাছত তেওঁলোকে পিন্ধি থকা পোছাক সলাই
বিশেষভাৱে বীজাণুমুক্ত কৰি ৰখা পিছাক পিন্ধিবলৈ দিয়া হ’ল। নাকে মুখ ঢাকিবলৈ মাস্ক
পিন্ধাই দিলে। এটা বিশেষ কেপছুলেৰে তেওঁলোকক আটাইতকৈ ওপৰ মহলালৈ পঠিয়াই দিয়া হ’ল।
ওপৰ মহলাত দুয়োকে আদৰণি জনোৱা হ’ল। তাত আকৌ এবাৰ তেওঁলোকে
স্কেনাৰৰ মাজেৰে পাৰ হ’বলগীয়া হ’ল। তেওঁলোকক দেখা কৰাৰ সেউজ সংকেতলৈ অপেক্ষা
কৰিবলৈ কোৱা হ’ল। দুয়ো অভ্যৰ্থনা কক্ষত বহিল।
“মেডাম, আপুনি মগত নাথাকিলে মোৰ কাৰণে এমিলিক লগ কৰাটো
কেতিয়াও সম্ভৱ নহ’লহেঁতেন। আপুনি যিখিনি কৰিছে, আন কোনেও নকৰে”, কৃতজ্ঞতাত গদ গদ
হৈ অংকিতে ভানুমতীলৈ চাই ক’লে।
“ময়ো সকলোৰে কাৰণে ইমানখিনি নকৰোঁ অংকিত।
কিন্তু
তুমি গণপতি ছাৰৰ ল’ৰা। সেইকাৰণে তোমাক এইখিনি সহায় কৰি দিবলৈ মন গ’ল।
তোমাৰ কাৰণে এইখিনি কৰিব পাৰি মোৰো ভাল লাগিছে”।
“আপুনি মোৰ দেউতাক হয়তো ভালদৰেই পাইছিল । তেওঁৰ আশীৰ্বাদতে
মই ইয়াত আপোনাক লগ পালোঁ। আপোনাৰ পৰা দেউতাৰ কথাবোৰ জানিবলৈ মন গৈছে”।
“মই তোমাৰ লগত ভালদৰে বহি কথা পাতিম অংকিত। আজি ডিনাৰৰ সময়ত
লগ পাম”। ভানুমতীয়ে হাঁহি মাৰি ক’লে।
এনেতে তেওঁলোকে যাবলৈ সেউজ সংকেট আহিল। সুৰক্ষা বিষয়া এজনে
দুয়োকে এমিলি থকা ছ্যুটটোলৈ লৈ গ’ল।
কোঠাটোৰ দুৱাৰমুখত থকা
সুৰক্ষা বিষয়াজনে দুয়োকে কেইবাটাও প্ৰশ্ন সুধিলে। “মাত্ৰ পোন্ধৰ মিনিট”, বুলি কৈ
তেওঁ দুৱাৰ এখন খুলি দিলে।
শোৱনি কোঠা নৌপাওঁতে এটা
বহা কোঠা আছে। সুৰক্ষা কৰ্মী এজনে দুয়োকে সেই কোঠাটোত থকা ছোফাত বহিবলৈ ক’লে।
ক্ষন্তেক পাছতে হুইল
ছেয়াৰত বহি এমিলি ওলাই আহিল। ভানুমতীয়ে উঠি গৈ তাইক সাৱটি ধৰিলে। “তোমাক বহুদিনৰ
মূৰত লগ পাই খুব ভাল লাগিছে এমিলি”।
অংকিতে মন কৰিলে, সোণালী
চুলিৰে গাখীৰৰ ৰঙৰ দৰে ঢকঢকীয়া বগা এমিলি দেখিবলৈ ধুনীয়া। ভানুমতীয়ে অংকিতক পৰিচয়
কৰাই দিলে। তাই বহি থকাৰ পৰাই অংকিতৰ লগত কৰমৰ্দন কৰিলে।
“এমিলি, অংকিতে তোমাৰ
গৱেষণাপত্ৰৰ বিষয়ে কথা পাতিব খুজিছে। সেইকাৰণে সি তোমাক লগ কৰিবলৈ আহিছে”।
ভানুমতীয়ে ক’লে।
“মই তোমাৰ গৱেষণাপত্ৰৰ
ওপৰত হোৱা আলোচনা চাইছোঁ। তুমিতো বৰ সাংঘাটিক গৱেষণা কৰি আছা। মোৰ গৱেষণাৰ বিষয়ে
কি কথা পাতিব খুজিছা”, এমিলিয়ে ধেমালিৰ সুৰত ক’লে।
এমিলিৰ কণ্ঠস্বৰে অংকিতক
আকৰ্ষিত কৰিলে। সি মিচিকিয়াই হাঁহিলে।
“মই সাংঘাটিক গৱেষণা কৰা
নাই। এই বিষয়ত আগতে বহুতে গৱেষণা কৰিছে। এতিয়াও কৰি আছে। কোনো সমাধান নোহোৱা বিষয়
এটাত লাগি আছোঁ”।
“তুমি জানানে অংকিত,
সমাধান নোহোৱা সমস্যা এটাত এনেদৰে লাগি থকাটোহে আচল কথা। তুমি ভাবাচোন, তুমি যদি
মানুহৰ ডি এন এৰ কোডিং উদ্ধাৰ কৰিব পাৰা, সেয়া কিমান ডাঙৰ আৱিষ্কাৰ হ’ব। এতিয়ালৈ
হোৱা সকলো আৱিষ্কাৰতকৈ গুৰুত্বপূৰ্ণ আৱিষ্কাৰ হ’ব। তেতিয়া প্ৰগ্ৰামিং কৰি নিজে
বিচৰা ধৰণৰ মানুহ সৃষ্টি কৰিব পৰা হ’ব”। এমিলিয়ে ক’লে।
“এইটো খুব কষ্টসাধ্য
গৱেষণা। এতিয়ালৈ সাফল্য পাম বুলিয়েই আশা কৰি আছোঁ। মই তোমাৰ গৱেষণাৰ বিষয়েহে জানিব
খোজো। তোমাৰ গৱেষণাপত্ৰত তুমি এলিয়েনৰ কথা লিখিছা। অন্য গ্ৰহৰ প্ৰাণী থকাৰ কিবা
বৈজ্ঞানিক প্ৰমাণ আছেনে? মই এইটো দিশৰ কথা কেতিয়াও ভবা নাই”। অংকিতে ক’লে।
“তোমাৰ এলিয়েনক লগ পাবলৈ
মন আছে নেকি”? ভানুমতীয়ে কথাত যোগ দি ধেমালিৰ সুৰত ক’লে।
“আছে। কিয় নাথাকিব? কিন্তু মই এতিয়াও এলিয়েনৰ কথা বিশ্বাস কৰিবলৈ
টান পাওঁ। বহুবছৰ আগৰে পৰাই এলিয়েনৰ বিষয়ে বহুতো গৱেষণা চলি আহিছে।
এই বিষয়ত বহুতে কিতাপ লিখিছে, বহুত চিনেমা নিৰ্মাণ হৈছে। কিন্তু তথাপিওবিশ্ব
ব্ৰহ্মাণ্ডৰ কোনো ঠাইতে মানুহৰ সমান বুদ্ধিমান কোনো প্ৰাণী থাকিব নোৱাৰে বুলি
ভাবো”।
“কথাটো ইমান প্ৰত্যয়ৰে
কেনেকৈ ক’ব পাৰিছা। কোনো এটা বস্তু আছে বুলি প্ৰমাণ কৰিবলৈ সহজ। কিন্তু নাই বুলি
প্ৰমাণ কৰাটো সহজ নহয়”, এমিলিয়ে ক’লে।
“এশ বছৰৰো অধিক হ’ল,
বৰ্হিজগতৰ অস্থিত্ব বিচাৰি ‘ছাৰ্চ ফ’ৰ এক্সট্ৰা টেৰেষ্ট্ৰিয়েল ইণ্টেলিজেন্স’ নামৰ
প্ৰজেক্টটো চলি আছে। এই প্ৰজেক্টটোত কেইবা বিলিয়ন ডলাৰ খৰছ কৰা হ’ল। কিন্তু
এতিয়ালৈ বৰ্হিজগতৰ অস্তিত্ব বিচাৰি পোৱাৰ কোনো বৈজ্ঞানিক ঘোষণা হোৱা নাই। তেনেহ’লে
মই কেনেকৈ বিশ্বাস কৰিমযে পৃথিৱীত বৰ্হিজগতৰ প্ৰাণীৰ অস্থিত্ব আছে”? অংকিতে প্ৰশ্ন
কৰিলে।
“এনেকুৱাওটো হ’ব পাৰেযে
আমাৰ যিবোৰ ছেন্সৰ আছে, বা আমি তেওঁলোকৰ অস্তিত্ব অনুভৱ কৰিবলৈ যিবোৰ প্ৰযুক্তি
ব্যৱহাৰ কৰিছোঁ, সেইবোৰেৰে তেওঁলোকক ধৰা পেলাব নোৱাৰি। তেওঁলোকে নিজে ইচ্ছা
কৰিলেহে আমাক ধৰা দিব পাৰে। অন্যথা আমাৰ কাৰণে তেওঁলোকৰ অস্তিত্ব অনুভৱ কৰাটো
সম্ভৱ নহয়”, এমিলিয়ে ক’লে।
কথাটোৱে অংকিতই কিছু
চিন্তাত পেলালে। “তুমি কিবা প্ৰমাণ পাইছা নেকি? সঁচাকৈয়ে পৃথিৱীলৈ এলিয়েন আহে
নেকি”? সি আগ্ৰহেৰে সুধিলে।
“প্ৰমাণ আছে অংকিত।
এতিয়া এই বিষয়ত এটা গভীৰ অধ্যয়ন চলি আছে।এই বিষয়ত মই বিতংকৈ তোমাক ক’ব নোৱাৰিম।
তুমি চন্দ্ৰপৃষ্টত থকা আমেৰিকান গৱেষণাগাৰলৈ গ’লে তোমাৰ বহুতো প্ৰশ্নৰ উত্তৰ পাবা।
অচিৰেই হয়তো এলিয়েনৰ বিষয়ত এটা ডাঙৰ ঘোষণা হ’বলৈ গৈ আছে”, এমিলিয়ে ক’লে।
“অচিৰেই এলিয়েনৰ
উপস্থিতিৰ বিষয়ে বৈজ্ঞানিক ঘোষণা কৰা হ’ব নেকি”?
এমিলিয়ে মিচিকিয়াই
হাঁহিলে। “ঘোষণা হোৱালৈ অপেক্ষা কৰা অংকিত। তুমিতো জানাই, বিজ্ঞানী সকলেও
কিছুপৰিমাণে গোপনীয়তা ৰক্ষা কৰি চলিব লাগে”।
“তুমিযে তোমাৰ
গৱেষণাপত্ৰত কৈছা, অদূৰ ভৱিষ্যতে এলিয়েনে পৃথিৱীৰ মানুহৰ ওপৰত প্ৰভাৱ বিস্তাৰ
কৰিব, সেয়া কেনেকৈ সম্ভৱ হ’ব? তেওঁলোকে মানুহৰ জেনেটিক কোডিঙতো হাত দিব নেকি”?
“মই ভাবো, এইবোৰ কথাৰ
উত্তৰ পাবলৈ তুমিও আমেৰিকান গৱেষণাগাৰলৈ যাব লাগিব অংকিত”, ভানুমতীয়ে হাঁহি মাৰি
ক’লে।
“কিন্তু আমেৰিকান
গৱেষণাগাৰলৈ মই কেনেকৈ যাম। তালৈ যাবলৈ মোৰতো অনুমতি নাই”।
“তুমি মন কৰিলে মই সহায়
কৰি দিব পাৰোঁ। আমাৰ গৱেষণাগাৰবোৰত তোমাৰ দৰে বুদ্ধিদীপ্ত যুৱ বিজ্ঞানীৰ খুব
প্ৰয়োজন আছে”, এমিলিয়ে অংকিতৰ পিনে চাই ক’লে।
অংকিত বিমোৰত পৰিল। সি
ভানুমতীৰ পিনে চালে।
“মই তোমাক কৈছিলোঁ
অংকিত, অসমৰ গৱেষণাগাৰত সীমিত সুবিধাৰ মাজত তুমি গৱেষণাত বেছিদূৰ আগুৱাব নোৱাৰিবা।
ৰেজিষ্ট্ৰেচনত তুমি দিয়া তথ্যৰ পৰা মই জানিব পাৰিছোঁ, তুমি এজন অতি তীক্ষ্নবুদ্ধিৰ
প্ৰতিভাশালী বিজ্ঞানী। তুমি ইয়াতো গৱেষকসকলক কৰা প্ৰশ্নই তোমাৰ অসাধাৰণ
বুদ্ধিমত্তাৰ উমান দিছে। পৃথিৱীৰ বিভিন্ন দেশে এনে বিজ্ঞান প্ৰতিভাৰ সন্ধান কৰিয়েই
থাকে। তুমি ইচ্ছা কৰিলে আমেৰিকাতো গৱেষণা কৰিব পাৰিবা। তোমাৰ প্ৰতিভাৰ উমান
পালে তোমাক চন্দ্ৰপৃষ্ঠৰ গৱেষণাগাৰৰ কাৰণে নিৰ্বাচিত কৰিবও পাৰে”, ভানুমতীয়ে ক’লে।
অংকিতৰ চকুৰ আগত বহুত সপোন ভাঁহি উঠিল। সিও বিশ্বৰ
শ্ৰেষ্ঠ গৱেষণাগাৰত গৱেষণা কৰিব খোজে। তাৰো চন্দ্ৰপৃষ্ঠৰ গৱেষণাগাৰত গৱেষণা কৰাৰ
সপোন আছে। কিন্তু সেয়াযে সম্ভৱ নহয়। দেউতাকে এৰি থৈ যোৱা আধৰুৱা কামবোৰ শেষ
নোহোৱালৈকে সি এনে কথা ভাবিবও নোৱাৰে। মাক আৰু ককাকেও তাক অসমতে থকাটো বিচাৰে। সি
কাম কৰি থকা প্ৰতিস্থানটোৰ প্ৰতিও তাৰ দ্বায়িত্ব আছে। এইবোৰ কাৰণেতে সি অসমতে
থকাটো প্ৰয়োজনীয়।
“কি
ভাবিছা অংকিত? জীৱনলৈ অহা সুযোগবোৰ ল’ব
পৰা মানুহেহে সফল হ’ব পাৰে”। ভানুমতীয়ে ক’লে।
“মই জানো। কিন্তু এই সিদ্ধান্ত ল’বলৈ মোৰ অসুবিধা হৈছে। মই কাম কৰি থকা প্ৰতিস্থানটোৰ মুৰব্বীৰ লগত কথা
পাতিব লাগিব। মোৰ মা আৰু ককাৰ পৰামৰ্শও ল’ব লাগিব”, অংকিতে চিন্তাক্লিষ্ট ভাবেৰে ক’লে।
“তোমাৰ ককা, মানে চলিহা ছাৰৰ কথা কৈছা নহয়নে? তেওঁ এতিয়াও জীয়াই আছেনে”? ভানুমতীয়ে আগ্ৰহেৰে সুধিলে।
“আছে। আৰু খুব তজবজীয়া হৈ আছে। আমি প্ৰথম এক্সপেৰিমেণ্টটো ককাৰ ওপৰতে
কৰিছোঁ। পুৰণি কথাবোৰ মনত থকা আৰু পুৰণি ডি এন এ ছেম্পল থকা মানুহ এজনৰ প্ৰয়োজন
হৈছিল। আপুনি চাগে মোৰ মাকো ভালদৰে চিনি পায়”।
“মোৰ মনত আছে। বৰ নিৰ্জু, লাজকুৰীয়া ছোৱালী আছিল তাই। গীতি – নামটো মোৰ মনত পৰিছে। মোৰ লগত ভাল বন্ধুত্বই
আছিল। মোৰ কথাও নিশ্চয় তোমাৰ মাৰ মনত থাকিব। যদি তুমি নাছা বা চন্দ্ৰপৃষ্ঠত থকা
লুনাৰ লেবৰেটৰিত গৱেষণা কৰিবলৈ নিৰ্বাচিত হোৱা, মই ভাবো তেওঁলোকে আপত্তি নকৰে। দুয়ো জনা বুজা
মানুহ”।
দুয়ো ব্যক্তিগত
কথা আৰম্ভ কৰি দিয়া কাৰণে এমিলিয়ে মিচিকিয়া হাঁহি মাৰি দুয়োৰে মুখলৈ চাই থাকিল। “তোমালোক দুয়ো আগৰ পৰাই চিনাকি যেন লাগিছে। একেবাৰে ঘৰুৱা কথা পতা যেন
লাগিছে। মোৰো মন যায় এই পৃথিৱীতে চিনাকি মানুহবোৰৰ মাজত থাকি যাবলৈ। কিন্তু নিজৰ
কৰ্তব্যতো কৰিবই লাগিব”।
“অংকিত মোৰ বহুত দিনৰ আগৰ ছিনিয়ৰ কলিগ এজনৰ ল’ৰা। আজি প্ৰথমবাৰ তাক লগ পাইছোঁ। তাৰ পৰিয়ালৰ
লগত মোৰ বৰ মধুৰ সম্পৰ্ক আছিল। আচলতে তাৰ দেউতাক গণপতি আয়েংগাৰ আৰু মই একেখন চহৰৰ
পৰা আহিছিলোঁ। চেন্নাই চহৰৰ পৰা। গণপতি আয়েংগাৰো এজন বিখ্যাত বিজ্ঞানী আছিল। তেওঁ
জেনেটিক কোডিঙৰ ওপৰত বহুত কাম কৰিছিল। কিন্তু তেওঁ গৱেষণা পত্ৰ প্ৰকাশ কৰাৰ আগতে
তেওঁৰ মৃত্যু হৈছিল”, ভানুমতীয়ে এমিলিলৈ চাই ক’লে।
“আপোনাৰ পৰা মই হয়তো দেউতাৰ বিষয়ে আৰু বহুত কথাই জানিব পাৰিম। দেউতাৰ আধৰুৱা
কামবোৰ কৰিম বুলিয়েই মই আমেৰিকাত পঢ়া-শুনা কৰিও অসমলৈ ঘূৰি গৈছিলোঁ। সেইকাৰনে মোৰ
সিদ্ধান্ত ল’বলৈ সমস্যা
হৈছে। হাতত থকা গৱেষণাখিনি এৰি আন গৱেষণাত জড়িত হ’বলৈ মোৰ সংকোচ হৈছে”। অংকিতে ক’লে।
“তোমাৰ দেউতাৰ প্ৰতি এই শ্ৰদ্ধা দেখি মোৰ খুব ভাল লাগিছে অংকিত। মই বৰ
দু:খিত যে তেওঁৰ মৃত্যু হ’ল”। এমিলিয়ে ক’লে।
“তুমি যে গৱেষক হিচাপে নিৰ্বাচিত হ’বাই সেয়া এতিয়াও খাটাং হোৱা নাই। মই ভাবো তুমি
নিজেই কথাটো ভালদৰে চিন্তা কৰি চোৱা। যদি অফাৰ আহে তুমি ল’বানে নাই সেয়া তোমাৰ কথা। মই ভাবিছোঁ, আমাৰ হাতত বেছি সময় নাই। তুমি এমিলিৰ লগত কি
কথা পাতিবলগীয়া আছে সোনকালে পাতা”, ভানুমতীয়ে খৰধৰ কৰিলে।
“এমিলি, মই মাত্ৰ এটা
কথাই জানিব খুজিছোঁ, তোমাৰ গৱেষণাপত্ৰত এলিয়েনে আমাৰ পৃথিৱীৰ মানুহৰ জেনেটিক কোড সলনি কৰিবলৈ
চেষ্টা কৰিছে বুলি যে ইংগিত দিছা, তাৰ কি বৈজ্ঞানিক ভিত্তি আছে”? সি এমিলিলৈ চাই প্ৰশ্ন কৰিলে।
“আছে অংকিত। কোনো প্ৰমাণ নোহোৱাকৈ গৱেষণাপত্ৰত একো কথাই লিখিব নোৱাৰি। তুমি
হয়তো কথাটো মানি লবলৈ টান পাবা। এটা কথা তোমাক ব্যক্তিগত পৰ্যায়ত কৈছোঁ, তুমি হয়তো আচৰিত হ’বাযে ইতিমধ্যে এলিয়েনে আমাৰ পৃথিৱীৰ মানুহক
প্ৰভাৱিত কৰাৰ কাম আৰম্ভ কৰিছেই। সাধাৰণ মানুহ আতংকিত হ’ব বুলি এতিয়ালৈকে কোনো আনুস্থানিক ঘোষণা হোৱা
নাই”, এমিলিয়ে ক'লে।
“অহ মাই গড। সঁচানে? এলিয়েনে পৃথিৱীৰ মানুহৰ ওপৰত কেনে প্ৰভাৱৰ সৃষ্টি কৰিছে”। অংকিত শংকিত হ'ল।
“আমি সন্দেহ কৰিছোঁ, তেওঁলোকে লাহে লাহে পৃথিৱীৰ মানুহক ধোদ আৰু অকামিলা কৰাৰ চেষ্টা কৰিব, যাতে ভৱিষ্যতে তেওঁলোকৰ গ্ৰহৰ মানুহে পৃথিৱীত
উপনিৱেশ পাতিব পাৰে। সেইকাৰণে জেনেটিক কোড সলনি কৰাটো তেওঁলোকৰ কাৰণে কম ব্যয়ৰ আৰু
সোনকালে কৰিব পৰা উপায় হ’ব পাৰে"।
এমিলিৰ কথাৰ পৰা
অংকিতে বুজিলে, তাৰ গৱেষণাৰ
মূল্য কিমান বেছি। দেউতাকে জেনেটিক কোড সলনি কৰি এচাম পাৰ্গত আৰু কৰ্মক্ষম মানুহৰ
সৃষ্টি কৰিছিল। এতিয়া এলিয়েনে হয়তো একেটা উপায়েৰে মানুহক ধোদ আৰু অকামিলা কৰি
পেলাব। কিন্তু এয়া হ’বলৈ দিব নোৱাৰি। যিকোনো মূল্যৰ বিনিময়ত এলিয়েনে
পৃথিৱীৰ মানুহক প্ৰভাৱিত কৰাটো বন্ধ কৰিব লাগিব।
“We must stop
this. আমি পৃথিৱীৰ মানুহক ৰক্ষা কৰিব লাগিব। আমি কি
কৰিব পাৰোঁ এমিলি”?
“আমি হাত সাৱটি বহি থাকিলে নহ’ব। এলিয়েনে আমাৰ মানুহক প্ৰভাৱিত কৰাৰ আগতেই জেনেটিক কোড সলনি কৰাৰ উপায়
পৃথিৱীৰ মানুহে উলিয়াবই লাগিব। সেইকাৰণে জেনেটিক কোড সংক্ৰান্তীয় গৱেষণাবোৰ
শেহতীয়াকৈ খুব দৰকাৰী হৈ পৰিছে। মই ভাবো তোমাৰ গৱেষণাৰ বিষয়ে বৈজ্ঞানিক সমাজে গম
পালে তোমাক এই বিষয়ত গৱেষণা কৰিবলৈ আদৰি লৈ যাব”, এমিলিয়ে ক’লে।
“চোৱা অংকিত, ময়েই তোমাক কৈছিলোঁ, এইটো বিষয়ৰ গৱেষণা আন্তৰ্জাতিক পৰ্য়ায়ত অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে। তুমি
অসমতে বহি গৱেষণা কৰি থাকিলে হয়তো সুফল নাপাবা। মোৰ পৰামৰ্শ হ’ল, যদি জীৱনলৈ সুযোগ আহে সেয়া গ্ৰহণ কৰিব লাগে। কাৰণ সোণালী সুযোগ বাৰে বাৰে
নাহে”। ভানুমতীয়ে ক’লে।
“কিন্তু মই সুযোগ পাম বুলি এতিয়াও নিশ্চিত হোৱা নাই”।
“মই তোমাক সহায় কৰিম। তোমালোকে কথা পাতি থাকোঁতেই মই তোমাৰ বিষয়ে সকলো তথ্য
নাছালৈ প্ৰেৰণ কৰিছোঁ। তেওঁলোকে তোমাৰ গৱেষণাৰ বিষয়ে চালি জাৰি চাব। যদি তেওঁলোকে
তোমাক বাচনি কৰে, অনতিপলমে খবৰ দিব”। ভানুমতীয়ে ক’লে।
“কিন্তু মোৰ প্ৰতিস্থানটোৱেও মোক আনত গৱেষণা কৰিবলৈ অনুমতি দিব লাগিব”।
“সেইবিষয়ে তুমি চিন্তা নকৰিবা। তুমি আন্তৰ্জাতিক পৰ্যায়ত গৱেষণা কৰিবলৈ
নিৰ্বাচিত হ’লে তোমাৰ
প্ৰতিস্থানৰ মুৰব্বীয়ে তোমাক অনুমতি নিদিয়াকৈ থাকিব নোৱাৰে”। ভানুমতীয়ে
প্ৰত্যয়েৰে ক’লে।
অংকিতে কিছুসময়
তভক মাৰি থাকিল। সি কথাবোৰ যেন বিশ্বাস কৰিবলৈ টান পালে। তাৰ সন্দেহ হ’ল, কেনেবাকৈ ভানুমতী আৰু এমিলিয়ে তাৰ লগত এনেয়ে ধেমালি কৰা নাইতো।
“আমাৰ যাবলৈ সময় হ’ল অংকিত। নাছাৰ পৰা খবৰ আহিলেই মই তোমাক জনাম। তুমি সিদ্ধান্ত লোৱাৰ আগতে
চিন্তা কৰি লোৱা”। এমিলিলৈ চাই
ভানুমতীয়ে পুনৰ ক'লে, "পোন্ধৰ মিনিট পাৰ হোৱাৰ সংকেত দিছে এমিলি। আমি যাব লাগিব। অলপ সময়ৰ কাৰণে হ'লেও তোমাক লগ পাই ভাল লাগিল। যোগাযোগ
ৰাখিবা"।
এমিলিক বিদায় দি
ভানুমতীয়ে অংকিতক লৈ ওলাই আহিল। অংকিতে সেই সময়ত চিন্তাৰ এখন বেলেগ জগতত বিচৰণ
কৰিছে।
Comments
Post a Comment