খণ্ড ২৫


 প্ৰায়েই সন্ধিয়া সুকান্ত চলিহাই খানাপাৰত থকাছেকেণ্ড ইনিংছনামৰ অৱসৰ প্ৰাপ্ত মানুহৰ ক্লাবটোলৈ যায় এই ক্লাবটোত দুটা মহলাত মুঠ চাৰিখন ইনড’ৰ টেনিছ কোৰ্ট আৰু দুখন ইনড’ৰ বেডমিণ্টন কোৰ্ট আছে। তদুপৰি সংগী নাপালেও অকলে খেলিবলৈ টেনিছৰ গেম ছিমুলেটৰ হল এটা আছে। নিজৰ পাৰদৰ্শিতা অনুসৰি বিভিন্ন লেভেল নিৰ্বাচন কৰি এজন ভাৰ্চুৱেল খেলুৱৈৰ লগত খেলিব পাৰি। 
সময় পালেই ক্লাৱলৈ গৈ দুই ছেট টেনিছ খেলাটো চলিহাৰ বহুদিনৰ অভ্যাসক্লাবটোলৈ অহা সকলোবোৰ মানুহেই তেওঁতকৈ বয়সত সৰু। তেওঁৰ বয়সত টেনিছ খেলিবলৈ অহা দেখিলে মানুহ আচৰিত হয়।
গীতিয়েই তেওঁক জোৰ কৰি কয়, “দেউতা এনেয়ে ঘৰত নহি থকাতকৈ ক্লাবলৈকে যোৱা। খেলি আহিলে গাটো ভাল লাগিব”।
খেলাৰ পাছত তেওঁৰ ভাগৰ লাগে। সেয়েহে কিছুসময় তেওঁ জিৰণি কোঠাত আৰাম কৰে। সেইসময়ত মনৰ লগত মিলা মানুহ পালে কিছু সময় তেওঁ আড্ডা মাৰে কফি খায়।
এনে সময়ত দ্বিজেন পাঠকে তেওঁক প্ৰায়ে সংগ দিয়ে। পাঠক উচ্চ পদস্থ প্ৰশাসনীয় বিষয়া আছিল। অৱসৰ লোৱাৰ পাছত এই ক্লাবটোৰ সদস্য হৈছে। তেওঁ প্ৰায় ৰেগুলাৰ ক্লাবলৈ আহে।
এদিন চলিহাই জিৰণি কোঠাৰ ছোফাত বহি থাকোঁতে পাঠক আহি ওলাল,
“দাদা, এইকেইদিন ভাৰত আৰু পাকিস্তানৰ মাজত তামাম জমি আছে কিন্তু”, দেশ বিদেশৰ খবৰ ৰখাটো পাঠকৰ স্বভাৱ। সেইবোৰৰ বিষয়ে কথা পাতি তেওঁ ভাল পায়।
“ভাৰত আৰু পাকিস্তানৰ আকৌ কি হ’ল। সেই আমি সৰু থকা দিনৰ পৰাই টিভিত ভাৰত পাকিস্তানৰ ওপৰতে চৰ্চা চলি আছে। ভাৰত পাকিস্তানৰ ক্ৰিকেট খুব পপুলাৰ আছিল। নতুনকৈ আকৌ কি হ’ল”? চলিহাই নিয়মীয়াকৈ টেলিভিছনৰ নিউজ নাচায়। সেইকাৰণে শেহতীয়া কিছুমান কথা তেওঁ গম নাপায়।
“এহ, আপুনি গমকে নাপায় নেকি দাদা। চন্দ্ৰত থকা ভাৰতীয় মাটি পাকিস্তানে দখল কৰি ল’লে নহয়”। পাঠকে উত্তেজিত হৈ ক’লে।
“এহ কেনেকৈ দখল কৰিব হে? চন্দ্ৰপৃষ্ঠত ভাৰতীয় ভূমিৰ সীমা নিৰ্ধাৰণ হৈ গৈছে। তাতচোন এতিয়া ভাৰতীয় বিজ্ঞানীও আছেগৈ, তদুপৰি পাকিস্তানী মহাকাশচাৰীয়ে সৌ সিদিনাহে চীনৰ মহাকাশযানত ওলমি চন্দ্ৰপৃষ্ঠ পাইছেগৈ।”, পাঠকৰ সকলো কথা চলিহাই বিশ্বাস নকৰে।

“কিন্তু সেই মহাকাশচাৰী কেইজনেই মাটি দখল অভিযান আৰম্ভ কৰি দিছে। ভাৰতীয় মাটিত পাকিস্তানী পতাকা পুতিছে। তেওঁলোকৰ ধান্দা হ’ল, ভাৰতৰ মাটি দখল কৰি পাকিস্তানৰ বিজ্ঞানীৰ কাৰণে লেবৰটৰী নিৰ্মাণ কৰিব”।
“তাত থকা ভাৰতীয় কেইজনে কি কৰিছে। তেওঁলোকে বাধা দিয়া নাইনে”?
“তাত ভাৰতীয় বিজ্ঞানী কেইজনমানহে আছে। ভাৰতীয় লেবৰটৰীটো উন্নত মানদণ্ডৰ হোৱাগৈ নাই। তেওঁলোকো প্ৰায়েই লেবৰটৰীত সোমাই কিবা কিবি নতুন সংযোজনৰ কামত ব্যস্ত হৈ থাকে। ৰাছিয়া আৰু আমেৰিকাৰ লেবৰটৰীতো কাম কৰেগৈ। এই সুযোগতে পাকিস্তানীয়ে মনে মনে ভাৰতীয় মাটি দখল কৰিছে”। পাঠকে ৰস লগাকৈ ক’লে।
চলিহাৰ মনত পৰিল তেওঁ সৰু থকা সময়ৰ কথা। সেইসময়তো কাশ্মীৰৰ কাৰ্গিলত ভাৰতীয় সেনাৰ অলক্ষিতে পাকিস্তানী সেনা বহুদূৰ আগুৱাই আহি কাৰ্গিল প্ৰায় দখল কৰিছিলেই। পাছত যেনিবা ভাৰতীয় সেনাই যুদ্ধ কৰি কাৰ্গিল পুনৰ দখল কৰিলে। তদুপৰি ভাৰত আৰু বাংলাদেশৰ খোলা সীমান্তৰে কিমান মানুহ অসমত সোমাল তাৰ লেখ জোখ নাই। চলিহাৰ মনত পৰিল সেইসময়ত অবৈধ বাংলাদেশীৰ বিৰুদ্ধে সৃষ্টি হোৱা আন্দোলনবোৰলৈ।
“ভাৰত চৰকাৰে মনে মনে বহি আছেনে? কিবা এটাটো কৰিব লাগিব। চন্দ্ৰপৃষ্ঠৰ ভাৰতীয় মাটিত কোনো বৰ্ডাৰ ছিকিউৰিটি নাই নেকি”? চলিহাই সুধিলে।
“নাই দাদা। ভাৰত চৰকাৰে হয়তো ভাবি আছি, পৃথিৱীত কৰিলেও পাকিস্তানীবোৰে চন্দ্ৰপৃষ্ঠত ইমান গণ্ডগোল নকৰে। তাতনো মাটি কাঢ়ি কিডাল কৰিব। কাশ্মীৰখনেই নিও নিওকৈ এতিয়াও নিব নোৱাৰিলেযে। আচলতে কি জানে দাদা, পৃথিৱীত নোৱাৰি চন্দ্ৰপৃষ্ঠত তাৰে পোতক তুলিছে”, পাঠকে মতামত দিলে।
“এতিয়া চন্দ্ৰপৃষ্ঠতো যুদ্ধ এখন হ’ব তেনেহ’লে”।  চলিহাই আমোদ পাই ক’লে।
“নিউজত পাইছোঁ, চন্দ্ৰপৃষ্ঠলৈ ভাৰতে আৰু বহুত মানুহ পঠিয়াব। তাত বহুতো বিজ্ঞানী, ডাক্তৰ, ইঞ্জিনিয়াৰ, মেকানিকৰ প্ৰয়োজন হৈছে। এখন কল’নি নিৰ্মাণ কৰিব। তাতো বৰ্ডাৰ ছিকিউৰিটিৰ ফৌজ ৰাখিব। পিছে তাৰ কাৰণে বহুত দিন লাগিব। পৃথিৱীৰ দৰে সুবিধাবোৰ গঢ়ি উঠা নাই কাৰণে ভাৰতীয় মানুহে এতিয়াও তালৈ যাবলৈ টান পায়”।
“আমাৰ বুঢ়াবোৰকে পঠিয়াই দিব লাগে বুজিছা পাঠক। দেশৰ কাৰণে তাতেই কিবা এটা কৰিব পাৰিম। আমিতো এনেয়ো বেছি দিন নাথাকোঁ”, চলিহাই ৰসিকতা কৰি ক’লে।

Comments

Popular posts from this blog

খণ্ড ১