খণ্ড ২৩
সুৰজিত চৌধুৰীৰ পাছতে
মাক আৰু ককাকৰ লগত কথা পাতি অংকিতৰ ভাল লাগিল। মনটো বহুত মুকলি লাগিল। সি চৌপাশে
থকা পানী আৰু চৰি ফুৰা নাওবোৰ চাবলৈ ধৰিলে। পৃথিৱীৰ বাহিৰে আন ক’তোৱে কোনো ঠাইতে
যেন ইমান সৌন্দৰ্য নাই। প্ৰকৃতিৰ পৰা দীৰ্ঘসময় দূৰত থাকিবলৈ কিমানযে কষ্ট হ’ব তাৰ,
সি যেন অনূভৱ কৰিব পাৰিলে।
দুযো ফ্লোটিং মাৰ্কেটৰ
পৰা পোনে পোনে হোটেললৈ ঘূৰিবলৈ টেক্সী ল’লে। হোটেলত ফ্ৰেছ হৈহে দুয়ো ডক্তৰ ভানুমতী
আৰু এমিলিৰ লগত ডিনাৰৰ কাৰণে ওলাই যাব বুলি মন ঠিৰাং কৰিলে।
আচাম ৰাইনো হোটেলত
উপস্থিত হোৱাৰ লগে লগেই ডক্তৰ ভানুমতীৰ ফোন আহিল, “তোমালোকৰ আজিৰ ডিনাৰটোৰ কথা মনত
আছে নহয়। যিমান পাৰি সিমান সোনকালে লা বেলা হোটেললৈ আহিবা। এমিলিয়েও আমাৰ লগত
ডিনাৰ কৰিব। এমিলি ঠিক আঠ বজাত ডিনাৰ কৰিবলৈ আহিব আৰু আধাঘণ্টামানহে থাকিব। সেয়েহে
তোমালোকে দেৰী নকৰিবা। মনত পেলাই দিবলৈহে ফোন কৰিছোঁ”।
অংকিতে নিকিতাক ক’লে,
“আমি ফ্ৰেছ হ’বলৈ বেছি সময়েই নাপাম। সোনকালে ওলাব লাগিব”।
নিকিতাই বজাৰৰ
পেকেটকেইটা হাতত লৈ তাই কোঠাত সোমোৱাৰ লগে লগেই চুজানাৰ ফোন আহিল, “ঐ ভাল খবৰ এটা
আছে শুন না। এলিজা আৰু নীলৰ আকৌ ভাল হৈছে। অহা মাহত সিহঁতে মুনলৈ ফুৰিবলৈ যাব।
মোৰহে একো নহ’ল”।
নিকিতাই বুজনিৰ সুৰত
ক’লে, “আহিব, তোলৈও সুযোগ আহিব। এলিজা আৰু নীলৰ সম্পৰ্কটো আকৌ ভাল হোৱাৰ খবৰটো পাই
ভাল লাগিল। আৰু এটা ভাল খবৰ আছে, অংকিতে হয়তো সোনকালেই মুনলৈ ৰিছাৰ্চ কৰিবলৈ যাব।
কথাবতৰা চলি আছে”।
চুজানাই আনপিনৰ পৰা
ক’লে, “ৱাও ইমান ভাল খবৰ। আমাক পাৰ্টী খুৱাবি দেই”।
“পাৰ্টী অংকিতেহে দিব
লাগিব। মই যাবলৈ পালে ময়েই দিলোঁহেতেন। তয়ে ময়ে কেতিয়াবা যাম দে মুন চাবলৈ”, এই
বুলি নিজৰ ৰসিকতাত নিকিতাৰ নিজৰে হাঁহি উঠিল।
Comments
Post a Comment