খণ্ড ৮


অংকিতে কম দিনৰ ভিতৰতে এজন অতি পৰিশ্ৰমী গৱেষক হিচাপে প্ৰতিস্থানটোত পৰিচিত হৈছে। ৰাতি বহুত সময়লৈ সি অকলেই গৱেষনাগাৰত বহি থাকে। নিকিতা তাৰ প্ৰজেক্ট পাৰ্টনাৰ হিচাপে আছে যদিও তাইৰ বিশেষ কৰিবলগীয়া নাথাকেই। কেৱল মাজে মাজে অংকিতে তাইৰ লগত দুই এটা কথা আলোচনা কৰে, পুৰণি জাৰ্নেলৰ পৰা কিছুমান তথ্য উলিয়াবলৈ কয়।
অংকিতে নিজৰ কামত ব্যস্ত হৈ থাকিলে কাৰো লগত কথা বতৰাও নাপাতে। মাজে সময়ে সুব্ৰত বিশ্বাসে তাৰ কামৰ অগ্ৰগতিৰ খবৰ লয়।
“ডেকাল’ৰা, তুমি এইদৰে কোঠাতে সোমাই থাকিলে সোনকালেই বুঢ়া হৈ যাবা। ইমান পঢ়া শুনা কৰি থাকিলে চকুৰ শক্তিও সোনকালে যাব। মাজে মাজে ওলাই আহি অলপ হাঁহি ধেমালি কৰিবা”, বিশ্বাসে তাৰ ওচৰত বহি কয়।
“মই নিজৰ কাম সদায় খুব মনোযোগেৰে কৰোঁ”, অংকিতে নম্ৰ হৈ উত্তৰ দিয়ে।
বিশ্বাসে অংকিতৰ কাণত ফুচফুচাই কয়, “তোমাক ইমান ধুনীয়া ছোৱালী এজনীক প্ৰজেক্ট পাৰ্টনাৰ কৰি দিছো। তুমি ইমান ব্যস্তযে তাইলৈ চাবলৈও তোমাৰ সময় নাই। এইটো বেয়া কথা”।
অংকিতে মাথোন হাঁহি দিয়ে। সি নিজেও বুজে কিছুমান কামত সি বৰ কেঁচা। কাৰোবাক ইম্প্ৰেছ কৰাৰ কাৰণে কি কৰিব লাগে সি নাজানে।
এদিন তাক প্ৰতিস্থানটোৰ মুৰব্বী সুৰজিত চৌধুৰীয়ে কোঠালৈ মাতি পঠিয়ালে।
“অংকিত, মই জানো তুমি খুব কষ্ট কৰিছা। তুমি এজন ব্ৰিলিয়েণ্ট ইয়ং বয়। যোৱা তিনিমাহত তুমি ৰিছাৰ্চত কিমান প্ৰগ্ৰেছ কৰিলা মই জানিব খোজো”, চৌধুৰীয়ে তাৰ মুখলৈ চাই ক’লে।
“ছাৰ, মই যোৱা তিনিমাহে প্ৰজেক্টটোৰ বিষয়েই ষ্টাডি কৰি আছোঁ। জাৰ্নেলবোৰ পঢ়িছোঁ, ডেটা কালেকচন কৰিছোঁ। নিজকে ৰেডি কৰিছোঁ ৰিছাৰ্ছৰ কাৰণে”।
“তুমি বহুত বেছি সময় ল’ব নোৱাৰিবা অংকিত। সকলোৱে ৰিজাল্ট বিচাৰে। তুমি সোনকালেই এখন পেপাৰ লিখি উলিয়াব লাগিব। তাৰ ওপৰতে তোমাৰ ইভালুৱেচন হ’ব। তোমাৰ কেৰিয়াৰ তোমাৰ আউটপুটৰ ওপৰত নিৰ্ভৰ কৰিব”। চৌধুৰীয়ে সঁকীয়াই দিলে।
“কিন্তু ছাৰ, মই যিটো প্ৰজেক্ট হাতত লৈছোঁ, সেই সেইটোৰ ৰিজাল্ট সোনকালে পোৱাটো অসম্ভৱ। সময় লাগিব”।
“মই জানো অংকিত। তুমি নিজেই প্ৰজেক্ট ‘সঞ্জীৱনী’ বাচনি কৰি লৈছা। মই তোমাক আগতেই সাবধান কৰি দিছিলোঁ। এই প্ৰজেক্টটো হাতত লৈ কোনেও বৰ বেছি আগবাঢ়িব পৰা নাই। হয়তো তুমি এই প্ৰজেক্টটোত তোমাৰ টাইম ৱেষ্ট কৰিছা। আগতে সহজ প্ৰজেক্ট কেইটামান কৰি নিজৰ পাৰ্ফৰমেন্স দেখুওৱা। মনত ৰাখিবা, তোমাৰ লগত নিকিতাও আছে। তোমাৰ কাৰণে তায়ো ছাফাৰ কৰিব”। চৌধুৰীয়ে অংকিতলৈ পোনে পোনে চাই ক’লে।
“ছাৰ আৰু মাত্ৰ অলপ সময় দিয়ক। মই সোনকালেই এক্সপেৰিমেণ্ট আৰম্ভ কৰিম। মই ভাবিছোঁ অহা তিনিমাহৰ ভিতৰত এখন পেপাৰ ৰেডি কৰিব পাৰিম। মোৰ কাৰণে নিকিতাই ছাফাৰ কৰাটো ময়ো নিবিচাৰোঁ”। অংকিতে দৃঢ়তাৰে ক’লে।
“তোমাক মই আকৌ কৈছোঁ। এতিয়াও সময় আছে। প্ৰজেক্ট সলনি কৰা। সোনকালে ৰিজাল্ট দেখুৱাব পাৰিবা”। তীক্ষ্ন দৃষ্টিৰে চৌধুৰীয়ে অংকিতলৈ চাই ক’লে।
“নহয় ছাৰ। দেউতাই জেনেটিক কোডিঙেৰে বহুত কিবা কিবি কৰাৰ সপোন দেখিছিল। তেওঁ কৰা ৰিছাৰ্চৰ বিষয়ে পৃথিৱীৰ মানুহে জানিব পাৰিলে হয়তো জেনেটিক ছায়েন্সৰ গতিয়েই সলনি হ’লহেঁতেন। মই সেই সপোন পূৰণ কৰিব খোজো ছাৰ”। অংকিতৰ দুচকু তিৰবিৰাই উঠিল।
“অংকিত, মই তোমাৰ দেউতাৰ কামক যথেষ্ট ৰেছপেক্ট কৰোঁ। কিন্তু তাৰ আৰু এটা এংগল আছে। তুমি নাভাবানে, জেনেটিক কোডিঙৰ সকলো নলেজ মানুহে লাভ কৰিলে সাংঘাটিক কথা হ’ব। সেইটোৱে মানৱ সভ্যতাকে ধ্বংস কৰি পেলাব পাৰে”।
“মই বুজা নাই ছাৰ”।
“চোৱা অংকিত, মই বিশ্বাস কৰোঁ কিছুমান কোড ভগৱানৰ হাতত থাকিব দিয়াই ভাল। জেনেটিক কোডিং যদি মানুহে ইচ্ছামতে সলনি কৰিব পৰা হয়, কিছুমান মানুহে অসৎ উদ্দেশ্যত এই জ্ঞান ব্যৱহাৰ কৰিব পাৰে। তেতিয়া এনে কিছুমান মানুহ তৈয়াৰ হ’ব, যিবোৰে সকলো ধ্বংস কৰি পেলাব পাৰে”। চৌধুৰীয়ে চিন্তাক্লিষ্ট হৈ ক’লে।
“মই সেইটো বুজি পাইছোঁ ছাৰ। কিন্তু ওলোটাও হ’ব পাৰে ছাৰ। মই যিমানখিনি গম পাইছোঁ, জেনেটিক কোডিঙৰ প্ৰিলিমিনাৰী এক্সপেৰিমেণ্ট দেউতাই অসমীয়া মানুহৰ ওপৰত কৰি থৈ গৈছে। বহুতে বিশ্বাস কৰে অসমীয়া মানুহৰ এই পৰিৱৰ্তন দেউতাৰ ৰিছাৰ্চৰ ফল। মই সেই সত্যকে উদ্ধাৰ কৰিব খোজো, যাতে পাছৰ সময়তো আমি মানুহৰ মাজত পজিটিভ চেঞ্জ আনিব পাৰোঁ। সেই কাৰণেই টান হ’লেও মই এইটো প্ৰজেক্টেই কৰিম ছাৰ”, অংকিতে চৌধুৰীৰ মুখলৈ চাই ক’লে।
অংকিতৰ আত্ম বিশ্বাস দেখি সুৰজিত চৌধুৰী আশ্বস্ত হ’ল।
“তোমাৰ কনফিডেন্স ভাল পাইছোঁ অংকিত। এতিয়া তুমি মোক কোৱা তোমাৰ ৰিছাৰ্ছ কেনেকৈ আগবঢ়াই নিবা”?
“ছাৰ প্ৰথমতে মই বিভিন্ন মানুহৰ ডি এন এ সংগ্ৰহ কৰি বিভিন্ন পৰিৱেশ আৰু পৰিস্থিতিয়ে কেনেদৰে জেনেটিক কোডিঙক প্ৰভাৱিত কৰে, সেই বিষয়ে এক্সপেৰিমেণ্ট কৰিম। এই বিষয়ে কিছু কথা জানিব পাৰিলে কোডিঙৰ লজিক বুজিব পৰা যাব”।
“সেইটো সহজ কাম নহয় অংকিত। পৰিৱেশ আৰু পৰিস্থিতিয়ে পেলোৱা প্ৰভাৱৰ বিষয়ে জানিবলৈ তুমি এজন মানুহৰ ডি এন এ দীৰ্ঘ সময় ধৰি অধ্যয়ন কৰিব লাগিব। এটা প্ৰজেক্টৰ কাৰণে তুমি ইমান সময় নাপাবা”। চৌধুৰীয়ে চিন্তাক্লিষ্ট ভাৱত ক’লে।
“মই জানো ছাৰ। সেইকাৰণে মই প্ৰথমতে মোৰ গ্ৰেণ্ড পাৰ ওপৰতে এক্সপেৰিমেণ্ট কৰিম। তেওঁৰ বয়সে নব্বৈ বছৰ অতিক্ৰম কৰিছে। তেওঁৰ শৈশৱ আৰু যৌৱনকালৰ ডি এন এ ছেম্পল মজুত আছে। দেউতাই এক্সপেৰিমেণ্টৰ বাবে তেওঁৰ ছেম্পল লৈছিল। গ্ৰেণ্ড পাৰ ডি এন এ ষ্টাডি কৰিলে পৰিৱেশ আৰু পৰিস্থিতিৰ প্ৰভাৱৰ বিষয়ে কিছু কথা জানিব পৰা যাব বুলি আশা কৰিছোঁ”। অংকিতে দৃঢ়তাৰে ক’লে ।
“তোমাক ককা সুকান্ত চলিহা নিজেও এজন বিজ্ঞানী আছিল। তোমাৰ দেউতাৰ ৰিছাৰ্ছৰ সময়ত তেওঁ ইয়াতেই আছিল। তেওঁ তোমাক নিশ্চয় সহায় কৰিব পাৰিব”।
“সেইকাৰণে মই এই প্ৰজেক্টটোতে ভালদৰে লাগিছোঁ ছাৰ। মই জানো এইটো সহজ নহয়। কিন্তু মই সম্পূৰ্ণ চেষ্টা কৰিম”।
“মোৰ আপত্তি নাই। কিন্তু অংকিত, মোৰ চিন্তা হৈছে তোমাৰ কেৰিয়াৰক লৈ। তুমি যদি সফল হোৱা, এইটো এটা ডাঙৰ এচিভমেণ্ট হ’ব। হয়তো সমগ্ৰ পৃথিৱীতে এই প্ৰজেক্টটোৰ চৰ্চা হ’ব। কিন্তু বিফল হ’লে?  তোমাই ইমান কষ্ট আৰু চেষ্টা পানী হৈ যাব। তুমি এজন অসফল ৰিছাৰ্ছ স্কলাৰ হৈ পৰিবা”।
“মই সেই কথা চিন্তাই কৰা নাই ছাৰ। সফল নহ’লেও এই প্ৰচেষ্টাত মই বহুত কথা শিকিব পাৰিম। হয়তো কথাবোৰ নতুন ধৰণে ভাবিবলৈ ৰাষ্টা বিচাৰি পাম। বিফল হ’ব বুলি চেষ্টাই নকৰিম। সেইটো মই নামানো ছাৰ”।
“তোমাৰ কথা শুনি মই বৰ ভাল পাইছোঁ অংকিত। মই জানো তোমাৰ এটা উজ্জ্বল ভৱিষ্যত আছে। মোৰ বিশ্বাস হৈছে, গণপতি ছাৰৰ প্ৰজেক্ট কৰিবলৈ তুমিহে উপযুক্ত মানুহ। আমি তোমাৰ দেউতা গণপতি ছাৰক ছিনিয়ৰ হিচাপে পাইছিলোঁতুমি বহুখিনি তেওঁৰ নিচিনাই”। চৌধুৰীয়ে হাঁহি মাৰি ক’লে।
“মই তেওঁৰ উপযুক্ত উত্তৰাধিকাৰী হ’ব খোজো”।
“তোমাৰ আত্মবিশ্বাস দেখি ভাল লাগিছে। কিন্তু এটা কথাত মই তোমাক সাৱধান কৰি দিয়া উচিত”।
“কি কথাত ছাৰ”? অংকিতে মনোযোগেৰে চৌধুৰীলৈ চালে।
“তোমাৰ দেউতা সাংঘাটিক ব্ৰিলিয়েণ্ট আছিল। তেওঁ বহুত কাম কৰিলে। কিন্তু ৰিছাৰ্ছ পেপাৰ সাজু কৰি থৈ নগ’ল। পাছৰ ৰিছাৰ্চাৰসকলে তেওঁৰ কাম আগুৱাই নিব নোৱাৰিলে। তেওঁৰ কামৰ কথা প্ৰচাৰেই নহ’ল। এইবোৰ ক্ষেত্ৰত তেওঁ পৰিপাটী নাছিল। তুমি তেনে কৰিব নোৱাৰা। নিজৰ ৰিছাৰ্চৰ কথা প্ৰচাৰ কৰিবই লাগিব। তোমাৰ ৰিছাৰ্চৰ কাৰণে আমাৰ অৰগেনাইজেচনেও ক্ৰেডিট পাব লাগিব”। চৌধুৰীয়ে অংকিতৰ মুখলৈ চাই ক’লে।
“সেই কথা মই ভালদৰেই বুজি পাওঁ ছাৰ। দেউতাই সকলো কথা ভালদৰে লিখি থৈ গ’লে এই প্ৰজেক্টটোৰ কাৰণে ইমান কষ্ট নহ’লহেঁতেন। আমি আকৌ আৰম্ভণিৰ পৰা কৰিবলগীয়া হৈছে”। অংকিতে মূৰ দুপিয়াই ক’লে।
“এই প্ৰজেন্টটো সম্পূৰ্ণ কৰিবলৈ তোমাক কিমান সময় লাগিব”? এইবাৰ তীক্ষ্নদৃষ্টিৰে চৌধুৰীয়ে অংকিতলৈ চালে।
“সঠিককৈ ক’ব নোৱাৰিম। কিন্তু আন ৰিছাৰ্চ স্কলাৰতকৈ মোক হয়তো কিছু বেছি সময়ৰ প্ৰয়োজন হ’ব”।
“মই তোমাক দুবছৰ সময় দিব পাৰিম। ইয়াতকৈ বেছি তুমি আশা নকৰিবা। এবছৰৰ ভিতৰত মই তুমি এখন প্ৰিলিমিনাৰী পেপাৰ প্ৰেজেণ্ট কৰিব লাগিব। যদি এবছৰত এইখীনিও নহয়গৈ, মই আশা কৰিম যে তুমি এই বিষয়ে নতুনকৈ চিন্তা কৰিবা। ৱৰ্ল্ড ইজ ৱাইড অ’পেন ফ’ৰ ইউ”কঠিন চাৱনি এটাৰে চৌধুৰীয়ে ক’লে।
“মই আপোনাক নিৰাশ নকৰোঁ ছাৰ। মই মোৰ কাম সোনকালে শেষ কৰিবলৈ পূৰা চেষ্টা কৰিমআই উইল ডু মাই বেষ্ট”অংকিতে থিয় হৈ চৌধুৰীৰ লগত কৰমৰ্দন কৰিলে। সি তাৰ কেবিনলৈ যাবলৈ সাজু হ’ল।
“অংকিত, অলপ সময় বহা। চাহ আনিবলৈ কওঁ”, যাবলৈ সাজু হৈ থিয় হোৱা অংকিতক চৌধুৰীয়ে আকৌ বহিবলৈ ক’লে। তেওঁ মেজত থকা এটা বুটাম চুই দিয়াৰ লগে লগে ফ্ৰেম এটা ওলাই আহিল আৰু তাত জেনিফাৰৰ মুখখন দেখা গ’ল।
“ছাৰ, মই আপোনাৰ কি সহায় কৰিব পাৰোঁ”? জেনিফাৰে হাঁহি মাৰি ক’লে।
“আমাৰ দুজনলৈ লাইম টি লৈ আহা”। চৌধুৰীয়ে অৰ্ডাৰ কৰিলে।
“আৰু কিবা আদেশ আছে নে ছাৰ” জেনিফাৰে মূৰ দোঁৱাই সুধিলে।
“এতিয়ালৈ আৰু আন আদেশ নাই”। চৌধুৰীয়ে কোৱাৰ লগে লগে জেনিফাৰৰ মুখ অন্তৰ্ধান হ’ল।
“তুমি জানানে অংকিত, তোমাৰ দেউতাই প্ৰথম অসমীয়া কথা পাতিব পৰা ৰব’ট সাজি উলিয়াইছিল। আজি জেনিফাৰে যে অসমীয়াত অৰ্ডাৰ ল’ব পাৰে সেয়া তোমাৰ দেউতাৰ ৰিছাৰ্চৰে ফল”। অংকিতলৈ চাই চৌধুৰীয়ে ক’লে।
“মই সেই বিষয়ে জানো ছাৰ। তেওঁ প্ৰথম অসমীয়া ভাষাটো শিকিয়েই অসমীয়া কথা বুজিব পৰা আৰু অসমীয়াত উত্তৰ দিব পৰা ৰব’ট সাজিছিল”।
“কিন্তু তুমি হয়তো নাজানা, তোমাৰ দেউতাই জেনেটিক ৰিছাৰ্চৰ উপৰিও আন আন দিশতো কিছুমান কাম কৰি গৈছে। আগতে অসমৰ মূল সমস্যা আছিল বানপানী। প্ৰতিবছৰে ফ্লাডে বহুত ডেমেজ কৰিছিল। মথাউৰি বান্ধি ব্ৰহ্মপুত্ৰৰ ফ্লাড কণ্ট্ৰল কৰাটো সম্ভৱ হোৱা নাছিল। ব্ৰহ্মপুত্ৰৰ ফ্লাড কণ্ট্ৰ’ল ডিজানিঙৰ আঁৰৰ মানুহ তেৱেঁই আছিলতেওঁৰ ৰিছাৰ্চৰ কাৰনেই অসম এতিয়া বানপানীৰ পৰা ৰক্ষা পৰিছে”।
অংকিত ৰৈ গ’ল। সি দেউতাকৰ বিষয়ে ককাক আৰু মাকৰ পৰা বহু কথাই শুনিছেকিন্তু তথাপি আকৌ এবাৰ শুনিবলৈ তাৰ মন গ’ল“ফ্লাড কণ্ট্ৰ’লৰ কাৰণে দেউতাই কি কৰিছিল মোক ক’বনে ছাৰ”।
“শুনা, মই কৈছোঁ। ৰিমোট ছেন্সিং ছেটেলাইট মেপিঙেৰে ফ্লাড ক’ত হ’ব এসপ্তাহ আগতেই আগজাননি দি মানুহক সাৱধান কৰি ডেমেজ হোৱাৰ আগতেই আগতিয়াকৈ কেম্পলৈ ছিফট কৰাটো গনপতি ছাৰৰ উপদেশমতেই আৰম্ভ হৈছিল। কিন্তু তেনেকৈও সম্পূৰ্নকৈ ফ্লাড কণ্ট্ৰ’ল সম্ভৱ হোৱা নাছিল। তেওঁ ৰিছাৰ্চ কৰি ব্ৰহ্মপুত্ৰৰ পানী বাই-পাছ কৰিবলৈ অসমৰ কেইবা ঠাইতো তেওঁ কেনেল ডিজাইন কৰিছিল”।
সেইসময়তে জেনিফাৰ সোমাই আহি দুয়োকে দুকাপ লেমন টি পৰিৱেশন কৰিলে। দুয়োকে সম্ভাষণ জনাই তাই গ’লগৈ।
“কেনেলৰ কথাটো বুজাই ক’ব নেকি”, চাহকাপ ওচৰলৈ আনি অংকিতে সুধিলে।
“ব্ৰহ্মপুত্ৰৰ পানী অ’ভাৰফ্ল’ হ’লে কেনেলেৰে গৈ মাটিৰ তলত থকা কিছুমান ৰিজাৰ্ভাৰত পৰাৰ ব্যৱস্থা কৰা হৈছিল। তাৰ কাৰণে কিছুমান ৱাটাৰ ডিছপোজেল ৱেল ড্ৰিল কৰা হৈছিল। এই ৱেল বোৰত হাই ভলিউম পাম্পৰ সহায়ত পানী ভূগৰ্ভৰ ৱাটাৰ ৰিজাৰ্ভাৰ বেডত ডিছপোজ কৰা হৈছিল। ইয়াৰ ফলত এহাতে বানপানী নিয়ন্ত্ৰণ হৈছিল আৰু আনহাতে ডিপিং ৱাটাৰ বেডবোৰৰ ৱাটাৰ বেলেন্স মেইনটেইন হৈছিল। তেওঁৰ এই ডিজাইনটোৰ বাবে চৰকাৰৰ পৰা এৱাৰ্ডো পাইছিল আৰু চৰকাৰে সেই ডিজাইন কাৰ্যক্ষেত্ৰত প্ৰয়োগ কৰিছিল”।
“ব্ৰিলিয়েণ্ট আইডিয়া। ডিছপোজেল ৱেলবোৰ চাগে অইল কোম্পানীবোৰেই খান্দি দিছিল নহয়নে? অসমৰ অইল ফিল্ডত সেই সময়ত বহুত ড্ৰিলিং হৈছিল বুলি মই জানো”।
“হয়, অইল কোম্পানীৰ ৰিগ ব্যৱহাৰ হৈছিলগুৱাহাটীৰ ৱাটাৰ লগিঙৰ সমস্যা সমাধানৰ কাৰণেও তেওঁ ৰিছাৰ্চ কৰি এটা সমাধান উলিয়াইছিল”। চৌধুৰীয়ে কৈ গ’ল।
“মই কথাটো অলপ জানো। তেওঁ গুৱাহাটীৰ কেইবাটাও ডাঙৰ ৰাষ্টাৰ ওপৰেৰে ফ্লাই অভাৰ সাজি তলৰ ৰাষ্টাবোৰ খন্দাই ডাঙৰ ডাঙৰ নলা নিৰ্মাণ কৰিবলৈ পৰামৰ্শ দিছিল। চহৰখনৰ সকলো অঞ্চলত বৈজ্ঞানিক পদ্ধতিত নলা নিৰ্মাণ কৰি বৰষুণৰ পানী বোৱাই নি ডাঙৰ নলাবোৰত পেলোৱাৰ ব্যৱস্থা হৈছিল”। অংকিতে ক’লে।
“কেৱল নলা নিৰ্মাণ কৰাই নহয়, এই নলাবোৰ বোৱাই নি পেলাবলৈ কৃত্ৰিম বিল নিৰ্মাণ কৰাৰো পৰামৰ্শ দিছিল। গুৱাহাটীৰ আশে পাশে থকা প্ৰাকৃতিক জলাশয়সমূহো ব্যৱহাৰ কৰিবলৈ ব্যৱস্থা কৰাৰ কথা কৈছিল। চৰকাৰে তেওঁৰ পৰামৰ্শ গ্ৰহণ কৰিছিল। প্ৰায় পাঁচ বছৰ ধৰি নিৰ্মাণ কাৰ্য চলাৰ পাছত গুৱাহাটীত বহু কেইখন ফ্লাই অভাৰ আৰু নলাবোৰ তৈয়াৰ হৈ গ’ল। ফলত এফালে গুৱাহাটীৰ ৰাষ্টাত ট্ৰেফিক জাম কমি গ’ল আৰু আনফালে চহৰত কৃত্ৰিম বানপানীৰ সমস্যা নোহোৱা হৈ গ’ল”
“মই মোৰ দেউতাৰ কামবোৰৰ কাৰনে গৌৰৱ কৰোঁ”।চাহৰ কামত শেষ শোহাটো মাৰি অংকিতে ক’লে।
“তুমি ঠিকেই কৈছা অংকিত। আউট অৱ ড্য বক্স ছলিউচন ইয়াকেই কয়। আমাৰ সমাজে ছায়েণ্টিষ্ট আৰু ৰিছাৰ্চাৰ সকলৰ পৰা সমস্যাবোৰৰ সমাধান বিচাৰে। সমাজৰ হিতৰ কাৰণে সমাধান দিব পৰাটোৱেই বিজ্ঞানৰ সফলতা। মই ভাবো, তুমিও জীৱনত তেনে উদ্দেশ্যই আগত ৰাখিব লাগে। তোমাৰ টেলেণ্ট আছে। মোৰ বিশ্বাস তুমি পাৰিবা”চৌধুৰীয়ে ক’লে।
“আপোনাৰ মোৰ ওপৰত থকা বিশ্বাসৰ কাৰণে অশেষ ধন্যবাদ ছাৰ”।
“তোমাৰ ককা সুকান্ত চলিহা এই প্ৰতিস্থানটোৰ বৈজ্ঞানিক আছিল। তাৰ পিছত তোমাৰ দেউতা আছিল এটা উজ্জ্বল ৰত্ন আৰু এতিয়া তুমি আহিছা। মই জানো, এদিন তুমিও তোমাৰ ককা আৰু দেউতাৰ দৰে জিলিকি উঠিবা”। চকীৰ পৰা উঠি আহি অংকিতৰ পিঠি চপৰিয়াই চৌধুৰীয়ে ক’লে। অংকিত থিয় হ’ল।
“ময়েই হয়টো লাকীযে মই গ্ৰেণ্ড পা আৰু দেউতাই কাম কৰা প্ৰতিস্থানটোত কাম কৰিবলৈ সুযোগ পাইছোঁ। মই এইটোও জনো, মোৰ দেউতাই কোৱা ‘ডিভাইন কোড’ বিচাৰি উলিওৱা সহজ নহয়।
“তোমাৰ দেউতাই ঠিকেই নামাকৰণ কৰিছে। ডি এন এ’ৰ কোড হ’ল ডিভাইন কোড। ঈশ্বৰে কৰা প্ৰ’গ্ৰামিং। তুমি যদি ডিভাইন কোড উদ্ধাৰ কৰিব পাৰা, আমি এই জীৱজগত কেনেকৈ সৃষ্টি হ’ল সেই কথাও বুজিব পাৰিম। ইট উইল বি এ ছেনছেচনেল ডিস্ক’ভাৰী। বেষ্ট অৱ লাক অংকিত। মোৰ বিশ্বাস আছে, তুমি পাৰিবা”। চৌধুৰীয়ে আৰু এবাৰ অংকিতৰ লগত কৰমৰ্দন কৰিলে।

Comments

Popular posts from this blog

খণ্ড ১