খণ্ড ১৭

ডক্তৰ ভানুমতীৰ লগত অংকিত কেপছুল লিফ্টেৰে ওপৰলৈ উঠি যোৱাৰ পাছত নিকিতাৰ মনটো বৰ উদাস উদাস লাগিল। তাই জানে মানুহৰ সকলো ইচ্ছাই পূৰ্ণ নহয়। কিন্তু চন্দ্ৰপৃষ্ঠৰ গৱেষকক লগ পোৱাৰ সুযোগ সহজতে নাহে। তাই হাততে পায়ো যেন সুযোগ হেৰুৱালে। কিন্তু তাইৰ ভাবি ভাল লাগিলযে তাই নাপালেও অংকিতে সেই সুযোগ লাভ কৰিছে।
অপেক্ষা কক্ষত বহি সময় কটাবলৈ তাই ফোনটো হাতত ল’লে। বেংককত পদাৰ্পন কৰাৰ পাছত তাইৰ কাকো খবৰ দিয়াই হোৱা নাই। তাইৰ মাকৰ লগত কথা পাতিবলৈ মন গ’ল।
“মা, মই ভালে ভালে বেংকক পালোঁহি। চিন্তা কৰি নাথাকিবি। তহঁত কেনে আছ”?
“তই খোৱা বোৱা ভালকৈ কৰিছনে? তাত অসমীয়া খাদ্য পায়নে”? সহজ সৰল মাকৰ প্ৰশ্ন।
“পায়, পায়। আমি অসম চৰকাৰৰ হোটেলতে আছোঁ। তাত অসমৰ ঘৰুৱা খাদ্য সকলোবোৰ পোৱা যায়। আলু পিটিকা, পাতত দিয়া মাছ, পোৰা মাছ, বাহঁৰ গাজেৰে ৰন্ধা কুকুৰাৰ মাংস সকলো আছে। তই খোৱা বোৱাৰ কাৰণে চিন্তাই নকৰিবি”, তাই মাকক আশ্বাস দিলে।
“তই ভালকৈ থাকিবি। ডাঙৰ চহৰৰ কথা। তোৰ লগত যোৱা ল’ৰাটো ভালে আছেনে?  দুয়ো একেলগে থাকিবি। পইছা পাতি খৰছ কৰোঁতে সাৱধান হ’বি”। মাজে মাজে নিকিতাৰ ভাৱ হয়, মাকে তাইক একেবাৰে সৰু ছোৱালী বুলিয়েই ভাবি থাকে। কিন্তু মাকৰ সৰলতাখিনিয়ে তাইৰ মন ভৰাই তোলে।
“তই একেবাৰে চিন্তা নকৰিবি। মোৰ পইছা জমা হ’লে পাছত তোক আৰু ভাইটিকো বিদেশলৈ ফুৰাবলৈ নিম। বিদেশৰ আদব কাইদাবোৰ আমাৰ তাতকৈ বেলেগ। ইয়াত ইমান একো চিন্তা কৰিবলগীয়া নাথাকে”। সৰু চহৰৰ ছোৱালী হ’লেও তাইৰ সপোন আছে এদিন মাক আৰু ভায়েককো পৃথিৱীখন দেখুৱাব।
মাকৰ লগত কথা পাতি থাকোঁতে তাই ইংগিত পালে চুজানাই ফোন কৰি আছে। মাকৰ লগত কথা সামৰি তাই চুজানাৰ ফোনটো ল’লে।
“তোক মানিছো দেই। বেংকক পাই খবৰ খাতি একো নাইযে। ফোন এটাও কৰা নাই। অংকিতৰ লগত থাকি আমাক পাহৰিয়েই গ’লি নেকি”? চুজানাই অভিযোগৰ সুৰত ক’লে।
“ধেৎ কি যে কৈছ। ৰাতিপুৱাৰ পৰা সময়েই পোৱা নাই। হঠাতে পেপাৰখন প্ৰেজেণ্টেছনৰ কাৰণে ৰেডি কৰিবলগীয়া হ’লআমৰতো পেপাৰ দিয়াৰ কথাই নাছিল। পাছত যেনিবা অংকিতে চম্ভালিলে। ৰাতিপুৱাৰ পৰা ছেমিনাৰতে আছোঁ। এতিয়া আকৌ অংকিতে লুনাৰ লেবৰেটৰীৰ বিজ্ঞানী এগৰাকীক লগ কৰিব গৈছে। মুঠৰ ওপৰত সময়েই পোৱা নাই অ’? নিকিতাই কৈফিয়ৎ দিলে।
“বঢ়িয়া। অংকিতৰ লগত প্ৰজেক্ট পাৰ্টনাৰ হ’বলৈ সুযোগ পাইছ, বিদেশত ঘূৰিব পাৰিছ। তোক আৰু কি লাগে। আমাৰ কিন্তু ঈৰ্ষা হৈছে”, চুজানাই ধেমালিৰ সুৰত ক’লে।
“ঈৰ্ষা নকৰিবি। তহঁতেও কেতিয়াবা সুযোগ পাবি। অংকিতৰ পেপাৰ ডিছকাছন খুব ভাল হ’ল। আন দেশৰ বিজ্ঞানীসকলেও খুব ভাল পাইছে। আমাৰ ইন্সষ্টিটিউটত বহুদিন আগতে কাম কৰা বিজ্ঞানী মেডাম এগৰাকীক পাইছোঁ। তেওঁ আমাক বহুত সহায় কৰিছে”। নিকিতাই কৈ গ’ল।
“খুব ভাল কথা। কিন্তু আমাক নাপাহৰিবি দেই। আমাৰ কাৰণে উপহাৰ আনিব লাগিব কিন্তু”, চুজানাই দাবী কৰিলে
“বজাৰলৈ যাবলৈ সময় উলিয়াব পাৰিলে নিশ্চয় হতঁতৰ কাৰণে উপহাৰ ল’ম। কিন্তু মই ধৰিবই পৰা নাই কেতিয়া সময় উলিয়াব পাৰিম। অংকিতৰ বজাৰ কৰাত একেবাৰে চখ নাই। তথাপিও চেষ্টা কৰিম সময় উলিয়াবলৈ”।
“বেংককৰ ফ্লোটিং মাৰ্কেট বিখ্যাত বুলি শুনিছোঁ। তালৈ নোযোৱাকৈ নাহিবি। তালৈ গৈ অংকিতেও হয়তো ভাল পাব”চুজানাই পৰামৰ্শ দিলে।
“হ’ব, হ’ব। ফ্লোটিং মাৰ্কেট যাব নোৱাৰিলেও এয়াৰপোৰ্টৰ পৰা হ’লেও মই তহঁতলৈ উপহাৰ নিমেই। চিন্তা কৰিব নালাগে”।
নিকিতাৰ ভাল লাগে। এই সৰু সৰু দাবীবোৰৰ মাজত সোমাই থকা মৰমবোৰ তাই অনুভৱ কৰে। মনৰ কথা পাতিবলৈ সঁচা বন্ধু পোৱাই আজিকালি মস্কিল হৈ পৰিছে। নিকিতাই তাৰ পাছত এলিজাত লগতো দীঘলীয়া কথা পাতিলে।
নিকিতাই ফোন সামৰাৰ সময়তে অংকিত আৰু ডাক্তৰ ভানুমতী আহি পালেতাই মন কৰিলে অংকিত খুব চিন্তিত হৈ আছে।
অংকিতৰ ওচৰ চাপি নিকিতাই সুধিলে, “লগ পালা? চন্দ্ৰৰ মানুহ কেনেকুৱা লাগিল”?
অংকিতে যেন তাইৰ কথা নুশুনিলে। সি সাৰ পাই উঠাৰ দৰে চকু দুটা পিৰিকিয়াই তাইলৈ চালে।
“চন্দ্ৰপৃষ্ঠৰ মানুহক লগ পাই পৃথিৱীৰ মানুহৰ কথা নুশুনা হ’লা নেকি”? তাই ধেমালিৰ সুৰত ক’লে। ভানুমতীয়ে কাপোৰ সলাবলৈ আন এটা কোঠালৈ গ’ল।
“নাছাৰ অধীনত গৱেষণা কৰাৰ সুযোগ এটা পাইছোঁ নিকিতা”। অংকিতে নিজকে কোৱাৰ দৰে ক’লে।
নিকিতা আচৰিত হ’ল। “বা: , ইমান কম সময়তে নতুন চাকৰি যোগাৰ কৰি আহিলা”, তাই ধেমালি কৰি ক’লে।
“ভানুমতী মেডামে কৈছে মই হেনো নাছাৰ অধীনত চন্দ্ৰপৃষ্ঠত গৱেষণা কৰাৰো সুযোগ পাব পাৰোঁ। এমিলিয়ে কৈছে চন্দ্ৰপৃষ্ঠতো তেওঁলোকে মানুহৰ জেনেটিক কোডৰ ওপৰত গৱেষণা কৰি আছে। ইতিমধ্যে মোৰ সকলো তথ্য তেওলোকে নাছালৈ পঠিয়াই দিলেই”
এইবাৰহে নিকিতাই বুজিলে কথাটো ছিৰিয়াছ। তাই অংকিতে ধেমালি কৰি থকা বুলি ধৰি লৈছিল। অংকিত চন্দ্ৰপৃষ্ঠলৈ যাব বুলি অনুভৱ কৰি তাইৰ গাটো হঠাতে জিকাৰ খাই উঠিল।
“তুমি সঁচাকৈয়ে চন্দ্ৰলৈ যাবাগৈ নেকি”? তাইৰ মাতটো কঁপি উঠিল।
“নাজানোমোৰ গৱেষণাৰ বিষয়ে সকলো কথা চালি জাৰি লৈ তেওঁলোকে সিদ্ধান্ত ল’ব”। 
“কিমান দিনৰ কাৰণে যাবা”?
“এতিয়াই ক’ব নোৱাৰোঁ। মা আৰু গ্ৰেণ্ড পাক কথাটো জনাব লাগিব। তেওঁলোকে বা কি কয়”।
নিকিতাৰ বুকুখন খালি খালি লাগিল। অংকিতে তাইক খবৰটো জনাইছে, কিন্তু তাইৰ মতামত লোৱাটো প্ৰয়োজনীয় বুলি ভবা নাই। কিন্তু সি গুচি গ’লে তাই যেন খুব অকলশৰীয়া হৈ যাব, এনে লাগিল তাইৰ।
ডক্তৰ ভানুমতীৰ পাছত অংকিতেও কাপোৰ সলাই পিন্ধি অহা পোছাকজোৰ পিন্ধি ল’লে।
“লান্সৰ সময় হ’ল। তোমালোকে লান্স কৰাগৈ। মই মোৰ কোঠাৰ পৰা অলপ ফ্ৰেছ হৈ আহি লান্সলৈ যাম”, ভানুমতীয়ে ক’লে। তিনিও একেলগে লিফ্টেৰে নামি আহিলদশম মহলাত ভানুমতীয়ে অংকিত আৰু নিকিতাক বিদায় দি সেইটো মহলাত থকা তেওঁৰ কোঠালৈ গ’ল।
সভাঘৰৰ বাহিৰত থকা মুকলি ঠাইখিনিত খোৱাৰ আয়োজন কৰা হৈছিল। সভাঘৰৰ পৰা ওলাই মানুহবোৰে হাতে হাতে প্লেট, চামুচ লৈ খোৱাবস্তু ল’বলৈ শাৰী পাতিছিল। অংকিত আৰু নিকিতাও শাৰীত থিয় হ’ল।
লান্স কৰি থাকোঁতে হঠাতে কৰবাৰ পৰা খৰধৰকৈ মৰিয়ম অংকিত আৰু নিকিতাৰ ওচৰ পালেহি।
“ডক্তৰ ভানুমতী ক’লৈ গ’ল? তেওঁ তোমালোকৰ লগতে আছিল নহয়জানো? তেওঁক নাছাৰ পৰা ভিডিঅ’ কনফাৰেন্সত বিচাৰিছে। মই তেওঁৰ ফোনটো লগাব পৰা নাই”।
“তেওঁ নিজৰ কোঠালৈ ফ্ৰেছ হ’বলৈ গৈছে। সোনকালেই লান্সৰ কাৰণে আহিব বুলি কৈছে”। নিকিতাই ক’লে।
“মই এতিয়া তেওঁক বিচাৰি তেওঁৰ কোঠালৈকে যাব লাগিব”, এই বুলি মৰিয়মে খৰধৰকৈ লিফ্টৰ পিনে খোজ ল’লে। কিন্তু ইতিমধ্যে ভানুমতীয়ে লিফ্টৰ পৰা ওলাই লান্স পৰিৱেশন কৰা ঠাইডোখৰলৈ আগুৱাই আহিল। ভানুমতীয়ে ফোনত কথা পাতি আছে। মৰিয়মে তেওঁৰ লগে লগে খোজ কাঢ়ি কথাটো জনাবলৈ চেলু বিচাৰিলে।
মৰিয়মলৈ চাই তেওঁ ইংগিত কৰিলেযে তেওঁ ইতিমধ্যে কথাটো গম পাইছে আৰু সেই বিষয়েই কথা পাতি আছে। মৰিয়মে তেওঁৰ পৰা বিদায় লৈ আন এফালে খোজ ল’লে। ভানুমতীয়ে ফোনত কথা পাতি পাতি অংকিত আৰু নিকিতাৰ ওচৰলৈ আহিল।
“অংকিত, অভিনন্দন। প্ৰি স্ক্ৰিনিঙত নাছাই তোমাক বাচনি কৰিছে। তুমি সোনকালেই তোমাৰ ই-মেইলত সকলো ইনফৰমেচন পাবা। ভিডিঅ’ কনফাৰেন্সৰ যোগেদি তোমাৰ লগতো তেওঁলোকে পোনপেটীয়াকৈ কথা পাতিব। যদি এইবাৰ বাচনিত উঠা, তুমি বিদেশলৈ বা চন্দ্ৰপৃষ্ঠলৈ গৱেষণাৰ কাৰণে যাবলৈ সাজু হোৱা”। ফোন সামৰি উল্লাসেৰে তেওঁ ক’লে।
অংকিতৰ আচৰিত হ’ল। “মই বিশ্বাসেই কৰিব পৰা নাই। ইমান কম সময়তে কেৱল মোৰ বায়’ ডাটা চাই মোক বাচনি কৰিলেনে”?
“আৰে, মই জানিছিলোঁৱেই, তোমাক বাচনি কৰিবই। তেওঁলোকে গৱেষণাৰ পদ্ধতি, একাডেমিক কেৰিয়াৰ আদিৰ পৰাই টেলেণ্টবোৰ চিনি পায়। আফটাৰ অল, তুমি গণপতি ছাৰৰ ল’ৰাগণপতি ছাৰ কোমান চোকা আছিল, আমি জানো নহয়”। ভানুমতীয়ে উত্সাহেৰে ক’লে।
 “মই কিন্তু এতিয়াও সিদ্ধান্ত ল’ব পৰা নাই”, অংকিতে লাহেকৈ ক’লে।
“আৰে, যিটো সুবিধা পাবলৈ গোটেই পৃথিৱীৰ হেজাৰ হেজাৰ গৱেষকে দিনে ৰাতিয়ে চেষ্টা কৰি থাকে, সেইটো তুমি হাতৰ মুঠিত পাইছা। ভুল নকৰিবা। সুযোগ সদায় নাহে”, ভানুমতীয়ে উত্সাহ দি ক’লে।
“মোক যদি বাচনি কৰে, নিকিতাও মোৰ লগত যাব পাৰিবনে”? অংকিতৰ কথাত নিকিতা উচপ খাই উঠিলভানুমতীয়েও আচৰিত হোৱাৰ দৰে তালৈ চালে।
“তুমি বাইকত বহি চন্দ্ৰলৈ যাম বুলি ভাবিছা নেকি যে পিচপিনে কাৰোবাক উঠাই লৈ যাবা”?  ভানুমতীয়ে ধেমালিৰ সুৰত ক’লে।
নিকিতাই জানে, তাইৰ অংকিতৰ লগত যোৱাৰ যোগ্যতা নাই, তাই ইমান আশাও নকৰে। কিন্তু অংকিতে তাইক লগত লৈ যোৱাৰ কথা যে ক’লে, তাইৰ ভাল লাগি গ’ল। তাইৰ চকুজুৰি সেমেকি গ’ল।
“নিকিতা আৰু মই একেলগে গৱেষণা কৰি আছোঁ। তাইক মোৰ সহযোগী হিচাপে পালে মোৰ বহুত সুবিধা হয়। মোৰ বহুত এক্সপেৰিমেণ্টৰ ডেটা তাই এনালাইছিছ কৰিছে। মই তাইক লগত নিব খুজিছোঁ”।
অংকিতৰ কথাত ভানুমতী বিবুধিত পৰিল। “এই বিষয়ে মই এতিয়াই একো ক’ব নোৱাৰোঁ। নাছাত এনেকুৱা নিয়ম নাই যে কোনো বিজ্ঞানীয়ে লগত গাৰ্ল ফ্ৰেণ্ডক লৈ ৰিছাৰ্চ কৰিব। তোমাৰ কাৰণে বেলেগ নিয়ম কিয় হ’ব”?
“নিকিতা মোৰ গাৰ্ল ফ্ৰেণ্ড নহয়। তাই মোৰ ৰিচাৰ্ছ কলিগ। আমি একেলগে গৱেষণা কৰোঁ। ৰেজিষ্ট্ৰেচনত তাইৰ বিষয়ে সকলো ডেটা পায়েই যাব। আপুনি এবাৰ চেষ্টা কৰি চাওকহয়তো অনুমতি পাবও পাৰে”, অংকিতে অনুৰোধৰ সুৰত ক’লে।
“ঠিক আছে। মই চেষ্টা কৰি চাম। কিন্তু বেছি আশা নকৰিবা”। এই বুলি ভানুমতীয়ে লান্সৰ কাৰণে প্লেট ল’বলৈ আগবাঢ়িল।
“তুমি মিছাতে মোক টানিছা। এইবোৰ কথা ক’লে এতিয়া তোমাকো বাচনি নকৰিব। তুমি কৈ দিয়া মই নাযাওঁ”, নিকিতাই অংকিতৰ ওচৰ চাপি ক’লে।
“নাই নিকিতা। ইমান দিনে আমি একেলগে কাম কৰিছোঁ। একেলগে এক্সপেৰিমেণ্ট কৰিছোঁ। তুমিও মোৰ সমানেই কষ্ট কৰিছা। এতিয়া মই তোমাক কেনেকৈ যাওঁ”।
নিকিতাই মনৰ মাজত এক অজান পুলক অনুভৱ কৰিলে। কামৰ কাৰণেই হওক, অংকিতে তাইৰ প্ৰয়োজনীয়তা অনুভৱ কৰা কাৰণে তাইৰ ভাল লাগিল। এইখিনি আন্তৰিকতাৰ কাৰণেই হয়তো প্ৰয়োজন হ’লে তাই তাৰ লগত চন্দ্ৰপৃষ্ঠলৈও যাব পাৰিব।
দুয়ো বেছি কথা নপতাকৈ খোৱা শেষ কৰিলে। নিকিতাৰ মনটো উদাস উদাস লাগিল। মানুহে জীৱনলৈ কেতিয়া কি পৰিৱৰ্তন আহে কোনেও ক’ব নোৱাৰে। কিছুসময় আগলৈকে তাই ভাবিব পৰা নাছিল, অংকিত কেতিয়াবা আন দেশলৈ গৱেষণা কৰিবলৈ যাব। অকল আন দেশলৈকে নহয়, একেবাৰে পৃথিৱী এৰি চন্দ্ৰলৈ যোৱাৰ কথা ওলাইছে। অংকিত চন্দ্ৰলৈ গ’লে তাই যেন অকলশৰীয়া হৈ পৰিব, এনে লাগিল তাইৰ
“চন্দ্ৰত থকা মানুহৰ লগত ফোনত কথা পাতিব পাৰিনে অংকিত”? হঠাতে নিকিতাই সুধিলে।
“ইমান সহজতে হয়তো নোৱাৰি নিকিতা। মই জনাত ব্যক্তিগত ফোনকলৰ ক্ষেত্ৰত কিছুমান নিয়ম আছে। অনুমতি লৈ নিৰ্দিষ্ট সময়ৰ কাৰণেহে কথা পাতিব পাৰি”। অংকিতে ক’লে।
“তুমি চন্দ্ৰলৈ গ’লে মইতো চাগে’ তোমালৈ ফোন কৰিব নোৱাৰিম। তুমি চন্দ্ৰৰ পৰা মোলৈ ফোন কৰিবানে”? তাইৰ চকুজুৰি চলচলীয়া হ’ল।
অংকিতেও বুকুত বেদনা অনুভৱ কৰিলেতাৰ চন্দ্ৰলৈ যোৱাটো ঠিৰাং হোৱা নাই। তথাপিও এই পৃথিৱীৰ মানুহবোৰ, পৰিচিত মানুহবোৰৰ লগত থকা আবেগ অনুভূতিবোৰ এৰি আন এখন পৃথিৱীলৈ যোৱাটোযে কষ্টকৰ সি প্ৰথমবাৰৰ কাৰণে উপলব্ধি কৰিলে।
“মই যদি অকলে যাবলগীয়া হয়, তোমাৰ লগত সংযোগ নিশ্চয় ৰাখিম নিকিতা”। তাৰ কথাখিনিত তাই যেন বহুত সকাহ পালে।
দুয়ো গৈ লান্স এৰিয়াৰ কাষত সজাই থোৱা চোফাবোৰত বহিলগৈ।
“নভবাকৈয়ে কথাবোৰ হয় যায় নহয়নে অংকিত। চৌধুৰী ছাৰে হয়তো এই কথাটো গমেই পোৱা নাই”, আৰামকৈ বহি লৈ নিকিতাই ক’লে।
“মই চৌধুৰী ছাৰৰ লগত কথা পাতিম। ছাৰৰ পৰামৰ্শ অনুসৰিহে সিদ্ধান্ত ল’ম”চিন্তাক্লিষ্ট হৈ অংকিতে ক’লে।
নিকিতাৰ মুখখন হঠাতে উজ্বলি উঠিল। “নিশ্চয়, ইমান ডাঙৰ সিদ্ধান্ত তুমি অকলে নল’বা অংকিত। তাতে এদিনৰ চিনাকী মানুহৰ ওপৰত ইমান ভাৰসা নকৰিবা। চৌধুৰী ছাৰ, তোমাৰ মা, ককা, সকলোৰে লগত কথা পাতি, তেওঁলোকৰ অনুমতি পালেহে যাবা”, নিকিতাই বুজনি দিলে।
অংকিতে নিজৰ ভাৱত বুৰ গৈ থাকিল। সি মুখেৰে নামাতিলে।
ভানুমতীয়ে প্লেটত খোৱাবস্তু ভৰাই অংকিত আৰু নিকিতাৰ ওচৰলৈ আহিল।
“অংকিত, মই কথা পাতিম। তোমাৰ যদি বাচনি হয়, তুমি জেনেটিক কোডৰ ওপৰত কৰি থকা গৱেষণাটোকে কৰিবলৈ মই সুবিধা কৰি দিম। তুমি সাজু হৈ থাকা। যিকোনো মুহূৰ্ততে তোমাক তেওঁলোকে ভিডিঅ’ কলত বিচাৰিব পাৰে”। চামুচখনেৰে ভজা আলু এটুকুৰা মুখত ভৰাই ভানুমতীয়ে ক’লে।
“নিকিতাক মোৰ লগত নিয়াৰ বিষয়েও পাতিব”, সি সোঁৱৰাই দিলে।
“মই মোৰ পিনৰ পৰা সম্পূৰ্ণ চেষ্টা কৰিম। তুমি কেৱল ইণ্টাৰভিউটো ভালকৈ দিবা”
ভানুমতীয়ে কৈ থাকোঁতেই অংকিতৰ ফোনটো বাজিল। আমেৰিকাৰ পৰা অহা ফোন। সি বুজিব পাৰিলে ভানুমতীয়ে আহিব বুলি কৈ থকা ফোনটো আহিলেই। ফোনটো ধৰাৰ আগতে সি ভানুমতীক ইংগিতেৰে বুজালে, সেইটো ভানুমতীয়ে কোৱা ফোনটো হ’ব পাৰে। ভানুমতীয়ে তাক আওহতীয়া চুক এটালৈ গৈ কথা পাতিবলৈ ক’লে।
অংকিতে ফোনটো লৈ চুক এটালৈ যোৱাৰ পাছতে ভানুমতীয়ে নিকিতাৰ কাষত বহি লৈ ক’লে, “অংকিতে তোমাক লগত নিবলৈ ইমান জোৰ কৰি আছে কিয়”?
“আৰম্ভণিৰ পৰা আমি একেলগে গৱেষণা কৰিছোঁ। সেই কাৰণেই হয়তো সি মোক যাবলৈ কৈ আছে। কিন্তু মই নগ’লেও কথা নাই। মোৰ কাৰণে সি সুযোগ হেৰুওৱাটো মই নিবিচাৰোঁ”।
ভানুমতীৰ মুখত হাঁহি বিৰিঙি উঠিল। “মই তোমাৰ অনুভুতিখিনি বুজিব পাৰিছোঁ। কিন্তু মই পৰামৰ্শ দিওঁ, অংকিতক তুমি বুজাবা। তাৰ একাডেমিক কেৰিয়াৰ আৰু পাৰ্ফৰমেন্স চাইহে তাক স্ক্ৰিণিং কৰা হৈছে। মই অনুৰোধ কৰি চাব পাৰোঁ। কিন্তু নাছাই তোমাক লগত নিয়াৰ কথাটোত হয়তো সন্মত নহ’ব”
নিকিতাই জানে, অংকিতৰ দৰে যোগ্যতা তাইৰ নাই। তাক অৱলম্বন কৰিয়েই তাই বগাই আছে। কিন্তু আৰু বগাবলৈ হয়তো তাইৰ কাৰণে সম্ভৱ নহ’ব। তাই ভানুমতীৰ কথাৰ পৰা বুজিলে, অংকিতে তাইক লগত নিব খোজা কথাটোত তেওঁ ভাল পোৱা নাই। তাই
ভানুমতীয়ে তাইৰ ঘৰৰ কথা, পঢ়া শুনাৰ কথা সুধিলে। এটা নিম্ন মধ্যবিত্ত পৰিয়ালৰ পৰা অহা ছোৱালী জনীৰ সৰলতাখিনি ভানুমতীৰ ভাল লাগিল।
ভিডিঅ’ কলযোগে কথা পাতি অংকিত উভতি আহিল। তেতিয়ালৈ ভানুমতীয়ে তেওঁৰ খোৱা শেষ কৰিলে। ভানুমতী আৰু নিকিতাই আগ্ৰহেৰে তাৰ মুখলৈ চালে।
“কথা পাতিলোঁ। তেওঁলোক সন্তুষ্ট হোৱা যেন লাগিছে। মোক যাবলৈ সাজু হ’বলৈ কৈছে”।
“কংগ্ৰেছুলেশ্যন অংকিত। মই জানিছিলোঁৱেই তোমাক বাচনি কৰিবই”, ভানুমতীয়ে উল্লাসেৰে ক’লে।
“অংকিত তাৰ মানে তুমি যাবলৈ সাজু হ’বৰ হ’ল”, নিকিতাই মিচিকিয়া হাঁহিৰে ক’লে।
“তুমিও মোৰ লগত নাযাবা জানো নিকিতা”? সি তাইলৈ চাই ক’লে
“মই এইবাৰ হয়তো যাব নোৱাৰিম অংকিত। তুমি ঠাইবোৰ চাই চিতি আহা। মই ভালদৰে গৱেষণা কৰিলে মোকো হয়তো কোনোবাদিনা বাচনি কৰিব। তেতিয়া মই তোমাৰ লগ লাগিমগৈ”, নিকিতাই আবেগ মিহলি মাতেৰে ক’লে।
“আপুনি নিকিতাৰ বিষয়ে কথা পাতিলেই নেকি”? অংকিতে ভানুমতীলৈ চালে।
“নাই পতা। কিন্তু এয়া হয়তো সম্ভৱ নহয় অংকিত। নিকিতা তোমাৰ পত্নী হিচাপে লগত যাব পাৰে, কিন্তু গৱেষক হিচাপে যাব নোৱাৰিব। এয়াই তেওঁলোকৰ নিয়ম। মই অনুৰোধ কৰিলে নিয়ম কিয় ভাঙিব কোৱাচোন”। ভানুমতীয়ে ক’লে।
অংকিতৰ মুখখন নিষ্প্ৰভ হ’ল। “কিন্তু মই এতিয়াও সিদ্ধান্ত লোৱা নাই। মা, ককা আৰু চৌধুৰী ছাৰৰ লগত কথা পাতিহে সিদ্ধান্ত ল’ম”, অংকিতে ভানুমতীলৈ চাই ক’লে।
“তোমাৰ হাতত বেছি সময় নাই। বেংকক এৰাৰ আগতে তুমি তোমাৰ সিদ্ধান্তৰ বিষয়ে জনাব লাগিব। মই এতিয়া তোমালোকক এৰিছোঁ। পাছত লগ পাম”, এই বুলি ভানুমতীয়ে খোৱা প্লেট সামৰি আন এপিনে খোজ ল’লে।
ভানুমতী যোৱাৰ পাছত অংকিতে ক’লে, “মই একো সিদ্ধান্ত ল’ব পৰা নাই নিকিতা”।
“অংকিত, ব’লানা অলপ ফুৰিবলৈ যাওঁ। তোমাৰ মনটোও ভাল লাগিব। মনটো ফ্ৰেছ হ’লে তুমি সঠিক সিদ্ধান্ত ক’ব পাৰিবা”, নিকিতাই ক’লে।
“ক’লৈ যাবা নিকিতা? ছেমিনাৰ এটেণ্ড নকৰাকৈ ঘূৰি ফুৰিলে বেয়া কথা হ’ব”।
“একো নহয়। মই ৰেজিষ্ট্ৰেচনৰ সময়ত কথা পাতিয়েই থৈছোঁ। আটাইকেইটা ছেছন এটেণ্ড নকৰিলেও হয়”, নিকিতাই ক’লে।
অংকিতে ভাবিলে, তাকো এচাটি মুকলি বতাহ লাগে। সভাঘৰত বহি আনৰ ভাষণ শুনিবলৈ তাৰ মন যোৱা নাই। নিকিতাৰ প্ৰস্তাৱটো তাৰ বেয়া নালাগিল।  

Comments

Popular posts from this blog

খণ্ড ১