খণ্ড ১১
ৰেলৰ গতিবেগ কমি আহি এটা সময়ত ৰৈ
গ’ল।ডবাৰ ষ্পীকাৰটোত ঘোষণা হ’ল – “আমি ইম্ফল ষ্টেছনৰ ১ নং প্লেটফৰ্মত উপস্থিত
হৈছোঁ। এই ষ্টেচনত নামিবলৈ লোৱা যাত্ৰী সকলক বিদায় সম্ভাষণ
জনাইছোঁ। ইম্ফলত ৰে’লখন চাৰি মিনিট পঞ্চাশ ছেকেণ্ড ৰ’ব”।
“আমি ইম্ফল পালোঁ। ট্ৰেইন ১ নং প্লেটফৰ্মত ৰৈছে।তুমি বিচৰা সোৱাদভৰা খাদ্য প্লেটফৰ্মৰ ফুড
পাৰ্লাৰত পাই যাবা”, অংকিতে ক’লে।
“মোৰ পিছে প্লেটফৰ্মত নামি যাবলৈ
ভয় লাগে। বেয়া নোপোৱা যদি তুমি লৈ আহানা”, নিকিতাই কওঁ নকওঁকৈ ক’লে।
অংকিতৰ মুখমণ্ডলত আমনি পোৱাৰ ভাব
ষ্পষ্টকৈ জিলিকি উঠিল।
“তুমি কি খাবা মই কেনেকৈ জানিম”?
“মই স্নেক্স পাৰ্লাৰৰ মেনু চাই
থৈছোঁ। ৰোষ্টেড পপকৰ্ণ আনিবা। মই বৰ ভাল পাওঁ”। নিকিতাই উত্সাহেৰে ক’লে।
নিকিতাই জুমি চাই দেখিলে প্লেটফৰ্মত
খোৱা বস্তুৰ দোকান আছে। অংকিত কোবা কুবিকৈ ওচৰত থকা স্নেক্স পাৰ্লাৰৰ পিনে আগবাঢ়ি
গ’ল।
অংকিত উঠি যোৱাৰ পাছতেই তাই অংকিতৰ
লেপটপৰ স্ক্ৰীণ খনলৈ চালে। অসংখ্য গাণিতিক সমীকৰণ তাত জিলিকি আছে। তাই বুজি নাপায়,
অংকিতে সেইবোৰৰ মাজত ডুবি থাকি কি তৃপ্তি পায়।
ট্ৰেইনখন চলিবলৈ লোৱাৰ
কেইছেকেণ্ডমান আগতে অংকিত আহি পালে। তাৰ হাতত দুটা পপকৰ্ণৰ ঠোঙা। এটা ঠোঙা
নিকিতালৈ আগবঢ়াই দি আনটো ঠোঙা লৈ অংকিত বহিল।
“তুমিও পপকৰ্ণ খাবা? কেলৰী প্লাছ নোখোৱা
নেকি”? নিকিতাই দুষ্টামি ভৰা হাঁহিৰে ক’লে।
“আজি খাই চাবলৈ মন গৈছে। চাওঁচোনতুমি পপকৰ্ণত কি ইমান সোৱাদ পোৱা”। অংকিতে বহি লৈ পপকৰ্ণ দুটামান মুখৰ ভৰাই ক’লে।
“গৰম গৰম ৰোষ্টেড পপকৰ্ণ। তুমিও
সোৱাদ পাবা। তোমাৰ কেলৰী প্লাছতকৈ অন্তত: সোৱাদ”, অংকিতলৈ চাই
নিকিতাই হাঁহিলে।
পপকৰ্ণ চোবাই চোবাই অংকিতে ক’লে,
“কোনোবাদিনা যদি আউটাৰ ষ্পেছলৈ যোৱা হয়, কেলৰী প্লাছ খায়েই দিন কটাব লাগিব”।
“ষ্পেছত যাবলৈ এতিয়াৰ পৰাই
প্ৰেক্টিছ কৰিছা নেকি? গ’লে মোকো লৈ যাবা দেই”, নিকিতাই ধেমালিৰ সুৰত ক’লে।
“বেছি দিন নালাগে। মানুহে বেলেগ
গ্ৰহ বা উপগ্ৰহত বসতি স্থাপন কৰিবই লাগিব। পৃথিৱী আৰু বেছিদিন বাসযোগ্য হৈ নাথাকে।
চন্দ্ৰত মানুহৰ কল’নী নিৰ্মাণৰ পৰিকল্পনা চলিছেই। আন গ্ৰহ বা উপগ্ৰহত থাকিবলৈ
খোৱাবস্তুৱেই মূল সমস্যা হ’ব। সেইকাৰণে টেবলেট ফুডৰ ওপৰতে নিৰ্ভৰ কৰিবলগীয়া হ’ব”।
“মানুহে এলিয়েন থকা গ্ৰহ এটা
বিচাৰি লৈ তাতেই থাকিলে হ’ল। এলিয়েনেতো তেওঁলোকৰ গ্ৰহত হয়তো খোৱাবস্তু উত্পাদন
কৰেই। মানুহেও পাৰিব”। নিকিতাৰ কথাত অংকিতে হাঁহিলে।
“এলিয়েনে মানুহক তাত থাকিবলৈ দিব
জানো? তুমি এনেকৈ কৈছা যেন, মানুহে গৈ এলিয়েনক ক’ব আমাক তোমালোকৰ গ্ৰহটো এৰি দিয়া
আৰু এলিয়েনে সুৰ সুৰকৈ গ্ৰহটো এৰি পলাব”, অংকিতে ধেমালি কৰিলে।
“এলিয়েন সঁচাকৈয়ে আছেনে অংকিত? আছে
যদি তেওঁলোক কিজানি মানুহতকৈও ইণ্টেলিজেণ্ট নহয়নে”? নিকিতাই চিন্তা কৰিলে।
“এতিয়াও এলিয়েন আছে বুলি বিজ্ঞানে
ঘোষণা কৰা নাই। কিন্তু কিছুমান কাৰণত এলিয়েন থাকিব পাৰে বুলি বহুদিনৰ পৰা জল্পনা
কল্পনা চলি আছে। মোৰ কেতিয়াবা এনে লাগে, মানুহৰ জেনেটিক কোডিং অৰিজিনেলি কোনোবা
এলিয়েনেই কৰিছিল। বৰ্হি বিশ্বৰ কোনোবা বুদ্ধিমান জীৱ আহি মানুহৰ সৃষ্টি কৰিছিল।
সেইকাৰণে সেই কোডিং বুজি পোৱাটো ইমান কঠিন”।
“তেনেহ’লে আমি ইমান কষ্ট কৰি
গৱেষণা কৰিছোঁ কিয়? যদিহে বৰ্হিবিশ্বৰ প্ৰাণীয়ে মানুহৰ জেনেটিক কোডিং কৰিছিল,
তেনেহ’লে সেয়া বুজিবলৈও বৰ্হিবিশ্বৰ প্ৰাণী লাগিব”। নিকিতাই খিলখিলাই হাঁহি ক’লে।
ৰে’লখনে ইতিমধ্যে যথেষ্ট গতি
লৈছিল। অংকিতে কোনো উত্তৰ নিদি খিৰীকিৰে বাহিৰৰ আন্ধাৰখিনিলৈ চাই পঠিয়ালে। বাহিৰত
ঘিটমিটিয়া আন্ধাৰ। হয়তো ৰে’লখন সুৰংগ এটাৰ মাজেৰে গতি কৰিছে। সি মাজে মাজে অনুভৱ
কৰে, পৃথিৱীত এলিয়েনৰ প্ৰভাৱৰ বিষয়ে এতিয়াও যথেষ্ট গৱেষণা হোৱা নাই। সেইকাৰণে
বিজ্ঞানে কিছুমান সাঁথৰৰ এতিয়াও ভেদ উলিয়াব পৰা নাই।
কিছুপৰ পাছত অংকিতে নিকিতালৈ চাই
ক’লে, “মোৰ দেউতাই কিন্তু সেই বুজিবলৈ কঠিন জেনেটিক কোডৰ বিষয়ে কোনেও নজনা কথা
আৱিষ্কাৰ কৰিছিল। তেওঁ কেৱল কোড উদ্ধাৰ কৰাই নহয়, সেই কোড ব্যৱহাৰ কৰি মানুহৰ ডি
এন এ ৰিপ্ৰগ্ৰামিং কৰিছিল। ৰিপ্ৰগ্ৰামিং কৰি তেওঁ মানুহক সলনিও কৰি দিছিল”।
“প্ৰগ্ৰামিং কৰিলেই মানুহ সলনি হৈ
যাব পাৰেনে”? নিকিতাই প্ৰশ্নবোধক চাৱনিৰে অংকিতলৈ চালে।
“এতিয়া সেইটোৱেই বিজ্ঞানৰ কাৰণে
ডাঙৰ চেলেঞ্জ। প্ৰগ্ৰামেবল হিউমেন বিং তৈয়াৰ কৰিবলৈ অকল পৃথিৱীতে নহয়,
চন্দ্ৰপৃষ্ঠতো ৰিছাৰ্চ চলি আছে। কিন্তু দেউতাই সেই তাহানিতে এই কাম কৰি দেখুৱাই থৈ
গৈছে। কেৱল কেনেকৈ কৰিছিল, সেই কথা আজিও কোনেও জানিব পৰা নাই”।
“গণপতি ছাৰৰ এই আৱিষ্কাৰৰ কথা
সকলোৱে কয়। কিন্তু সঁচাকৈয়ে তেওঁ ডি এন এৰ ৰিগ্ৰগ্ৰামিং কৰিছিলনে”?
“তেওঁৰ ৰিছাৰ্চৰ যিখিনি তথ্য আছে
তাৰ পৰা তেনে যেনেই লাগে। তুমিতো শুনিছাই, আজি ত্ৰিছ - চল্লিছ বছৰ আগতে বেছিভাগ
অসমীয়া মানুহে কোনো কষ্টৰ কাম কৰিব নোৱাৰিছিল। তেওঁলোকক এলেহুৱা বুলিয়েই সকলোৱে
জানিছিল। অথচ আজি চোৱা বেছিভাগ অসমীয়াক কৰ্মদক্ষতাৰ কাৰণে সমগ্ৰ বিশ্বই চিনি পায়।
কেনেকৈ এনেকুৱা পৰিৱৰ্তন সম্ভৱ হ’ল? দেউতাৰ এক্সপেৰিমেণ্টৰ কথা সকলোৱে জানে। তেওঁ
এই কাম কোনো এলিয়েনৰ সহায় নোলোৱাকৈ কৰিছিল”।
“তুমি ছিয়’ৰ নে? তোমাৰ দেউতাক কোনো এলিয়েনে সহায়
কৰা নাছিল”।
নিকিতাৰ কথাই অংকিতক ভবাই তুলিলে। সি দেউতাকৰ বিষয়ে বহুত কথাই নাজানে। দেউতাকৰ গৱেষণাত কোনোবা বৰ্হি বিশ্বৰ
প্ৰাণীয়ে সঁচাকৈয়ে কিবা সহায় কৰিছিল নেকি
বাৰু?
বৰ্হিবিশ্বৰ প্ৰাণীয়ে বিশ্বৰ
বিভিন্ন ঠাইত অৱতৰণ কৰাৰ প্ৰমাণ পোৱা গৈছে। কিন্তু এতিয়াও তেওঁলোকৰ বুদ্ধিমত্তাৰ
বিষয়ে সবিশেষ জানিব পৰা হোৱা নাই। আচৰিত কথাযে এজনো এলিয়েন এতিয়ালৈ ধৰা পৰা নাই।
সেই প্ৰাণীবোৰে পৃথিৱীৰ ওপৰত কিবা গৱেষণা চলাই আছে বুলি ধাৰণাহে কৰা হৈছে। নাছাই কৈছেযে মানুহৰ শৰীৰত থকা চেন্সৰ বোৰৰ সীমাবদ্ধতাৰ কাৰণে বৰ্হিবিশ্বৰ
প্ৰাণী মানুহৰ চকুত ধৰা নপৰাকৈ থাকিব পাৰে। কিন্তু নাছায়ো প্ৰকাৰন্তৰে মানি লৈছে
যে, এলিয়েনৰ প্ৰভাৱ ইতিমধ্যে অনুভৱ কৰা হৈছে। নাছাই এই বুলিও সতৰ্কবাণী জাৰি
কৰিছেযে অচিৰেই বৰ্হি বিশ্বৰ প্ৰাণীৰ লগত পৃথিৱীৰ মানুহৰ সংঘাট অনিবাৰ্য হ’ব পাৰে।
“নাছাই আশংকা প্ৰকাশ কৰিছেযে
কেইশমান বছৰৰ পাছত পৃথিৱীত এলিয়েনে ৰাজত্ব কৰিব পাৰে। তুমি এই কথা বিশ্বাস কৰানে
নিকিতা”। অংকিতে নিকিতালৈ চালে।
নিকিতাই ভয়াৰ্ত দৃষ্টিৰে অংকিতলৈ
চালে। “এইবোৰ কথা সঁচা জানো। ময়ো কৰবাত পঢ়িছোঁ। কিন্তু এই এলিয়েনবোৰ ক’ৰ পৰা আহে”?
“আমাৰ সৌৰজগতৰে কেইটামান গ্ৰহৰ
উপগ্ৰহত এলিয়েন থাকিব পাৰে বুলি বহুদিনৰ পৰা সন্দেহ কৰা হৈছে। সৌৰজগতৰ বাহিৰৰ
কোনোবা গ্ৰহৰ পৰাও আহিব পাৰে। বৃহস্পতি গ্ৰহৰ উপগ্ৰহ ইউৰোপাত এলিয়েন আছে বুলি
প্ৰমাণ পোৱা গৈছে। আমাৰ চন্দ্ৰতো থাকিব পাৰে হেনো। সেইবোৰেই মাজে সময়ে আহি পৃথিৱীত
নামেহি বুলি সন্দেহ কৰা হয়”। অংকিতে বুজাই দিলে।
“মোৰ মায়েও সদায় কৈ থাকে, বাহিৰৰ
প্ৰাণী আহি এদিন পৃথিৱীখন ধ্বংস কৰিব। তেতিয়া আমি ক’লৈ যাম”? নিকিতাই প্ৰশ্ন
কৰিলে।
“মানুহে ইতিমধ্যে চন্দ্ৰৰ বুকুত বসতি
স্থাপন কৰিছে। বিভিন্ন দেশৰ কেইবাটাও বিজ্ঞানাগাৰ তাত স্থাপন কৰা হৈছে। আমেৰিকাৰ
বিশাল মহাকাশকেন্দ্ৰও আছে। আমাৰ জেনেটিক ৰিছাৰ্ছৰ কাৰণেও চন্দ্ৰপৃষ্ঠ অতি অনুকূল
হ’ব। এতিয়া চন্দ্ৰৰ বুকুত মানুহৰ কল’নী সঁজাৰ পৰিকল্পনা চলিছে”।
“সঁচানে? মানুহ চন্দ্ৰত পৃথিৱীৰ
দৰে গাওঁ চহৰ পাতি বাস কৰিব পাৰিবনে”? নিকিতাই সুধিলে।
“সমস্যা বহুত আছে। অক্সিজেন আৰু
পানীৰ অভাৱ হ’ল মূল সমস্যা। খোৱাবস্তুৰ সমস্যাও আছে। কিন্তু মঙল গ্ৰহত জুলীয়া পানী
আছে। সেই কাৰণে মঙল গ্ৰহ মানুহৰ কাৰণে বেছি উপযোগী হ’ব পাৰে। শেষ মুহূৰ্তত চন্দ্ৰত
নহৈ মঙলতো কল’নী নিৰ্মাণ হ’ব পাৰে”।
“মোৰ বৰ ভয় লাগে। মই মৰিলে ইয়াতেই
মৰিম। বেলেগ গ্ৰহ, উপগ্ৰহলৈ যাবলৈ নাই দেই। সেইবোৰ হ’বলৈ সময় লাগিব, নহয়নে অংকিত”,
নিকিতাই ক’লে।
অংকিতে পাছ মুহূৰ্ততে ক’লে, “ক’ব
নোৱাৰি। এই কাম আমি ভবাতকৈও বহুত সোনকালেও হৈ উঠিব পাৰে। সঁচাকৈয়ে এলিয়েনে আক্ৰমণ
কৰিলে বা এমিয়েনে পৃথিৱীখন দখল কৰিলে মানুহে নিজকে বচোৱাৰ ব্যৱস্থা কৰিবই লাগিব।
আমি হয়তো ভবাতকৈ সোনকালে বেলেগ গ্ৰহলৈ যাবলগীয়া হ’ব পাৰে”।
“মই কিন্তু কেতিয়াও নাযাওঁ দেই।
মৰিব লগা থাকিলে এলিয়েনৰ হাতত ইয়াতেই মৰিম”।
অংকিতে হাঁহিলে। সি বাহিৰলৈ চাই
পঠিয়ালে। বাহিৰত ঘোৰ অন্ধকাৰে আৱৰি ধৰিছিল। নিৰ্দিষ্ট ব্যৱধানত একোটা বিজুলী বাতি
দেখা গৈছিল। ট্ৰেইনখনে হয়তো এটা দীঘল টানেলৰ মাজেৰে আগবাঢ়িছিল। অলপ
পাছতে ৰাতিৰ সাজৰ বিতৰণ আৰম্ভ হৈছিল।
Comments
Post a Comment