খণ্ড ৫


অংকিতে তাৰ জীৱনত দেউতাকৰ অভাৱ অনুভৱ কৰে। দেউতাক জীয়াই থাকিলে তাক হাতত ধৰি বহুদূৰ আগুৱাই দিব পাৰিলেহেঁতেন। সি অনুভৱ কৰে দেউতাকৰ প্ৰজেক্টত সোমাই পৰিলে সি সৰুতে হেৰুওৱা দেউতাকক পুনৰ বিচাৰি পাব। তাৰ এনে লাগে দেউতাকৰ হঠাতে হোৱা মৃত্যুৰ ৰহস্যও যেন ক’ৰবাত এই প্ৰজেক্ট কেইটাৰ মাজতে লুকাই আছে।
সুব্ৰত বিশ্বাসে নিকিতাকো মতাই আনিলে
“অংকিত, তুমি নিকিতাক লগ পাইছাই। তোমালোক দুয়ো এই প্ৰজেক্টটোত একেলগে কাম কৰিবা”। এই বুলি লৈ তেওঁ নিজৰ কোঠাৰ পিনে খোজ ল’লে।
অংকিতে নিকিতাৰ লগত প্ৰজেক্টটোৰ কৰিবলগীয়া কামবোৰ আলোচনা কৰিলে। দেউতাকে কৰা বিভিন্ন পৰীক্ষাৰ ফলাফল সমূহক লৈয়েই আগবাঢ়িব লাগিব। সেই ফলাফলবোৰ ব্যৱহাৰ কৰি তেওঁ কি কাম কৰিছিল সেইখিনি ৰহস্যজনকভাৱে কোনেও হেনো বিচাৰি নাপালে। এই প্ৰজেক্টটোৰ মূল প্ৰত্যাহ্বান সেইখিনিয়েই।
অংকিতে নিকিতাক কফি একাপ খাবলৈ লগ ধৰিলে। অফিছৰ ওপৰ মহলাত থকা কেফেটেৰিয়ালৈ গৈ দুয়ো একাপ একাপ কফি লৈ বহিল।
“নিকিতা, এই প্ৰজেক্টটোৱেই মোৰ সপোন। আমি যিকোনো উপায়েৰে দেউতাই আৱিষ্কাৰ কৰা জেনেটিক কোড বিচাৰি উলিয়াবই লাগিব। এইটো এটা চেলেঞ্জ”।
“অংকিত, জেনেটিক কোড উলিয়াই কি লাভ হ’ব। এইটো বহুত পুৰণি প্ৰজেক্ট”। নিকিতাই অংকিতলৈ চালে।
“তুমি এই প্ৰজেক্টটোৰ গুৰুত্ব বুজাই নাই নিকিতা।  এই প্ৰজেক্টটোৰে দেউতাই এটা জাতিৰ ভাগ্য সলনি কৰি দিছিল। এলেহুৱা, নিষ্কৰ্মা অসমীয়া জাতিক দেশৰ ভিতৰতে প্ৰভাৱশালী জাতিত পৰিণত কৰিছিল। কিন্তু কেনেকৈ এয়া সম্ভৱ হৈছিল”?
কফিত শোহা মাৰি নিকিতাই সুধিলে, “মই বুৰঞ্জী ইমান নাজানো। কি হৈছিলনো অলপ কোৱানা”।
“মই জনামতে অসম এটা সময়ত দেশৰ ভিতৰতে অতি পিছপৰা ৰাজ্য আছিল। স্থানীয় মানুহে কাম বন নকৰি বিভিন্ন উত্সৱ পাৰ্বন, আন্দোলন বিক্ষোভ কৰিয়েই সময় কটাইছিল। সেই সুবিধাতে অসমৰ অৰ্থনীতি সম্পূৰ্ণভাৱে অনা অসমীয়াই নিয়ন্ত্ৰণ কৰিবলৈ লৈছিলঅসমীয়া মানুহ আৰ্থিক ভাৱে দৰিদ্ৰ হৈ গৈ আছিল। তেওঁলোকে নিজৰ ভাষা সংস্কৃতিও ৰক্ষা কৰিব নোৱৰা হৈছিল। মুঠতে এসময়ত অসমত অসমীয়া মানুহৰ অৱস্থা খুব বেয়া হৈ গৈছিল। তেনেদৰে চলিলে অসমীয়া মানুহৰ হয়তো আজি অস্তিত্বই নাইকীয়া হৈ গ’লহেঁতেন”
“ময়ো মোৰ আইতাৰ মুখত শুনিছোঁ। সেইসময়ত বোলে মানুহে অসমীয়া ভাষাটোকে পাহৰিবলৈ ধৰিছিল। অসমীয়া কিতাপ নপঢ়া হৈছিল। অসমীয়া মানুহ নিজৰ ঠাই এৰি আন ৰাজ্যলৈ যাবলগীয়া অৱস্থা হৈছিল”। নিকিতাই ক’লে।
“তেনে সময়তে দেউতাই উপলব্ধি কৰিছিল, ভাষা সংস্কৃতিত ইমান চহকী জাতি এটা এইদৰে নি:শেষ হৈ যাব দিব নোৱাৰি। তেওঁ এচাম অতি কৰ্মোদ্যমী আৰু পৰিশ্ৰমী অসমীয়া ডেকা গাভৰু তৈয়াৰ কৰিব খুজিলে যিসকলে অসমৰ ভৱিষ্যত সলনি কৰি দিব পাৰিব। তেওঁ দেখিলেযে অসমীয়া মানুহে কষ্টকৰ কাম নকৰাৰ আঁৰত জেনেটিক কাৰণো থাকিব পাৰে। এই বিষয়ত তেওঁ গৱেষণা আৰম্ভ কৰিলে। বহুতো মানুহৰ ডি এন এ পৰীক্ষা কৰিলে। সেইসময়তে হয়তো তেওঁৰ মনলৈ ডি এন এ ম’ডিফিকেচনৰ কথাটো আহিল”।
“ডি এন এ ম’ডিফিকেচন? ইণ্টাৰেষ্টিং” – নিকিতাই মন্তব্য কৰিলে।
“অ’ নিকিতা। সেইসময়লৈ হয়তো ডি এন এ ম’ডিফিকেচনৰ দিশত বিজ্ঞান ইমান আগবঢ়াই নাছিল। এনে এটা প্ৰজেক্ট সমগ্ৰ বিশ্বতে বিৰল। বিশ্বৰ বহুতো দেশত জেনেটিক ইঞ্জিনিয়াৰিঙৰ সহায়ত এচাম উচ্চ গুণসম্পন্ন মানুহ সৃষ্টি কৰিবলৈ বহু বছৰ ধৰি চেষ্টা চলি আছে। কিন্তু এতিয়াও এনে পৰ্যায়ত সফলতা লাভ কৰা নাই”
“সঞ্জীৱনী প্ৰজেক্টটো সফল হৈছিল নহয়নে”? নিকিতাই অংকিতলৈ চালে।
“হৈছিল নিকিতা। অসমীয়া মানুহক নি:শেষ হোৱাৰ পৰা ৰক্ষা কৰি এক প্ৰভাৱশালী জাতিত পৰিণত কৰাটো এই প্ৰজেক্টটোৰ এক অভাৱনীয় সাফল্য। আজিৰ সময়তো এই কথা মানুহে বিশ্বাস কৰিবলৈ টান পায়। যি পৰিৱৰ্তনৰ কাৰণে মানুহৰ কেইবাটাও প্ৰজন্মৰ আৰু কেইবা শ বছৰৰ প্ৰয়োহন হয়, সেই পৰিৱৰ্তন মাত্ৰ কেইটামান দশকতে সম্ভৱ হ’ল। এয়া এক অবিশ্বাস্য সাফল্য। দেউতাই তেওঁৰ ৰিছাৰ্চ পেপাৰখন প্ৰকাশ কৰিব পাৰিলে হয়তো নোবেল পুৰষ্কাৰ পালেহেঁতেন”অংকিতৰ দুচকু তিৰবিৰাই উঠিল।
“তেওঁ কিয় পেপাৰখন পাব্লিছ নকৰিলে”?                                                
“প্ৰজেক্টটো চলি থকাৰ সময়তে তেওঁৰ হঠাতে মৃত্যু হ’ল”, অংকিতে তলমূৰ কৰিলে।
“অহ, আই এম ছ’ ছৰী। মই নাজানিছিলোঁ”নিকিতাই সান্তনাৰ সুৰত ক’লে।
“এটা কথা সুধিব পাৰোঁনে”? নিকিতাই কওঁ নকওঁকৈ ক’লে।
“সোধা”।
“তোমাৰ দেউতাৰ কেনেদৰে মৃত্যু হৈছিল? স্বাভাৱিক মৃত্যু আছিলনে তেওঁক হত্যা কৰা হৈছিল”?
অংকিতে চকু দুটা মুদি দিলে। অলপ সময় সি মনে মনে থাকিল।
“ফৰেন্সিক ৰিপ’ৰ্ট মতে দেউতাই আত্মহত্যা কৰিছিল। কিন্তু মায়ে এই কথা কেতিয়াও মানিব নোখোজে। তেওঁৰ মতে দেউতাই আত্মহত্যা কৰাটো কেতিয়াও সম্ভৱ নহয়। তেওঁ এতিয়াও বিশ্বাস কৰে দেউতাৰ হত্যা হৈছিল”।
“হত্যা? কিন্তু কিয়? কোনে হত্যা কৰিলে”? নিকিতা উচপ খাই উঠিল।
“সেই কথা আজিও ৰহস্য হৈয়েই থাকিল নিকিতা। মোৰ এনে লাগে দেউতাৰ এই প্ৰজেক্টটোৰ  লগত তেওঁৰ হত্যাৰ কিবা সংয়োগ আছে”।
“মোকো বিশ্বাস ছাৰে ভয় খুৱাইছে। এই প্ৰজেক্টটোত হেনো ভূত আছে। যিয়েই এই প্ৰজেক্টটোৰ কামত আগবাঢ়ে তেওঁৰে কিবা নহয় কিবা অঘটন হয়”।
“সেইবোৰ কথা মই বিশ্বাস নকৰোঁ। কিন্তু কিবা এটা ৰহস্য আছে। গ্ৰেণ্ড পাই কোৱা মতে দেউতাই এই প্ৰজেক্টটো খুব অকলশৰে কৰিছিল। তেওঁৰ দলৰ সদস্য সকলেও কেৱল এক্সপেৰিমেণ্ট বোৰৰ কথাহে জানিছিল। এক্সপেৰিমেণ্টৰ পৰা কি কথা উদ্ঘাটন হ’ল, সেই বিষয়ে দেউতাই কাকো জনোৱা নাছিল। হয়তো প্ৰজেক্টটো খুব ছেনছিটিভ হোৱাৰ কাৰণে দেউতাই কাকো জানিব দিব খোজা নাছিল”।
“মই বুজিছোঁ খুব ইম্পৰ্টেণ্ট প্ৰজেক্ট আছিল, কিন্তু ইমান ছেনছিটিভ কিয় আছিল বাৰু”?
“তুমি জানানে মানুহে ভগৱানক কিয় ইমান বিশ্বাস কৰে? কাৰণ আমি ভগৱানৰ সৃষ্টিৰ ৰহস্য এতিয়াও নাজানো। কিন্তু সেই সৃষ্টিৰ ৰহস্য যদি মানুহৰ হাতলৈ আহে, তেতিয়া কি হ’ব কল্পনা কৰাচোন। দেউতাই মানুহৰ জেনেটিক কোড ম’ডিফাই কৰা কামত হাত দিছিল। এইকামটো অতি বিপদজনক। কাৰণ জেনেটিক ম’ডিফিকেচনৰ জৰিয়তে এচাম গুণগতভাৱে উন্নত মানুহ সৃষ্টি কৰাটো সম্ভৱ হ’লে কোনোবা অসাধু বিজ্ঞানীয়ে এচাম গুণগতভাৱে নিকৃষ্ট দৈত্য দানৱৰ দৰে মানুহৰো সৃষ্টি কৰিব পাৰেসেইকাৰণেই এই বিষয়টো খুব ছেনছিটিভ। বহুতে এনে গৱেষণা কৰা উচিত নহয় বুলিও ক’ব খোজে”অংকিতে বুজাই দিলে।
‘ময়ো ভাবিছোঁ, এই প্ৰজেক্টটো হাতত লোৱা উচিত নহয়। আমাৰ কাৰণে খুব বিপদজনক হ’ব পাৰে”, নিকিতাই ভয়ে ভয়ে ক’লে।
“আমি ভয় খাবলগীয়া একো কথা নাই। আমি মাথোঁন জানিব খোজো সঁচাকৈয়ে দেউতাই জেনেটিক কোড সলনি কৰি অসমীয়া মানুহক সলনি কৰি দিছিলনে মানুহবোৰ নিজে নিজেই সলনি হৈছিল। দেউতাই যদি সঁচাকৈয়ে তেনে কৰিছিল, কেনেকৈ কৰিছিল”।
“মই কিন্তু একো বুজিব পৰা নাই। মই ভাবো, তুমি আন কাৰোবাক প্ৰজেক্ট পাৰ্টনাৰ কৰি ল’লে ভাল হ’ব”, নিকিতাৰ ভয় ভগা নাই।
কফি মাগত শেষ শোহাটো মাৰি অংকিতে ক’লে, “ছাৰে মোক কৈছে তুমি খুব ছিনছিয়াৰ ছোৱালী। মই এতিয়া আন পাৰ্টনাৰ বিচাৰিব নোৱাৰোঁ। আমি একেলগে কাম কৰিম। আমি দুয়ো কষ্ট কৰিব লাগিব। মই ভাবো, আমি কিবা নহয় কিবা নতুন কথা জানিব পাৰিম”।
অংকিতৰ আত্মবিশ্বাস দেখি নিকিতাৰ ভাল লাগিল। তাই অনুভৱ কৰিলে, অংকিতৰ লগত কাম কৰিলে তায়ো বহুত কথাই শিকিব পাৰিব। অংকিতৰ কামৰ প্ৰতি থকা সমৰ্পনক তাই শ্ৰদ্ধা কৰে।
“মোৰ লগত কষ্ট কৰিবলৈ তোমাৰ একো অসুবিধা নহয়তো নিকিতা”? অংকিতে হাঁহি মাৰি সুধিলে।
“নাই নাই, একো অসুবিধা নাই। কেৱল ৰাতি দেৰী হ’লে অসুবিধা হ’বমই আমাৰ ৰিছাৰ্ছ স্কলাৰ চুজানা আৰু এলিজাৰ লগত মালিগাঁওত এপাৰ্টমেণ্ট এটা ছেয়াৰ কৰি থাকোঁ। আমি তিনিও সন্ধিয়াটো একেলগে কটাবলৈ পালে ভাল পাওঁ”। নিকিতাই ক’লে।
“চিন্তা নকৰিবা। মই তোমাক বছি সময় ৰাখি নথওঁ। কেৱল যিখিনি কাম কৰিবা ভালকৈ কৰিবা”। অংকিতে আশ্বাসৰ সুৰত ক’লে।
“তোমাৰ মা – দেউতা ক’ত থাকে নিকিতা? তুমি পৰিয়ালৰ লগত নাথাকা নেকি”? নিকিতাই মন কৰিলে অংকিতে প্ৰথমবাৰৰ কাৰণে তাইক এটা ব্যক্তিগত প্ৰশ্ন কৰিছে।
“মোৰ ঘৰ নলবাৰীত। দেউতা ঢুকাইছে। মা আইতাৰ লগত নলবাৰীত থাকে। ভাইটী এটা আছে। সি পঢ়া শুনাত বেছি আগুৱাব নোৱাৰিলে। এতিয়া গুৱাহাটীত টেক্সী চলায়। পৰিয়ালৰ লগত থকাৰ সৌভাগ্য মোৰ হোৱা নাই”। নিকিতাই হুমুনিয়াহ কাঢ়ি ক’লে।
“বঢ়িয়া। তোমাৰ ভাইটীক কেতিয়াবা লগ পোৱাই দিবা। জীৱনে তোমাক যি দিছে সেইখিনিকে উপভোগ কৰিবলৈ শিকা নিকিতাজীৱনটো বৰ সুন্দৰ”, অংকিতে দাৰ্শনিকৰ দৰে ক’লে।
কেফেটেৰিয়া খনৰ পৰা ওলাই আহোঁতে চুজানা আৰু এলিজাই দুয়োকে লগ পালে। অংকিতে দুয়োকে চিনি পায় যদিও ফৰ্মেলি চিনাকী হোৱা নাই।
“হাই নিকিতা, হাই অংকিত”, চুজানাই নিজেই মাত লগালে।
চুজানা আৰু এলিজাক নিকিতাইঅংকিতৰ লগত পৰিচয় কৰাই দিলে।
“এই দুজনী, চুজানা আৰু এলিজা। আমি তিনিওটা একেটা এপাৰ্টমেণ্টতে থাকোঁ”।
‘তোমালোকৰ লগত চিনাকী হৈ ভাল লাগিল। মই আশা কৰিছো তোমালোকে ইয়াতে কাম কৰি খুব এনজয় কৰিছা”। অংকিতে দুয়োৰে লগত কৰমৰ্দন কৰি ক’লে।
“নিকিতাৰ দৰে নহয় পিছে। তাইহে কাম কৰি খুব এনজয় কৰিছে”, এই বুলি কৈ এলিজাই খিকখিকাই হাঁহিলে। নিকিতাই তাইলৈ চকু পকাই চালে।
“কাম এনজয় কৰিলে জীৱনটোৱেই সুন্দৰ হৈ যায়”, অংকিতে ক’লে। সি আৰু দুটামান সৌজন্যমূলক দুটামান কথা পাতিলে।
“নিকিতা, তুমি যদি তোমাৰ ফ্ৰেণ্ডচৰ লগত অলপ সময় কটাব খোজা মোৰ আপত্তি নাই। আধা ঘণ্টা পাছত মোক দেখা কৰিবা”। নিকিতালৈ চাই সি ক’লে।
তাৰ কথা শুনি নিকিতাই মিচিকিয়াই হাঁহি মূৰ দুপিয়ালেঅংকিতে তাইৰ ইংগিত বুজিলে। তাই আধা ঘণ্টা পাছত যাবলৈ পালে ভালেই পাব। সি তিনিওকে বিদায় দি নিজৰ কেবিনৰ পিনে খোজ ল’লে।
কেফেটেৰিয়াখনত এখত ঘূৰণীয়া টেবুলৰ চাৰিওপিনে তিনিও বহিল।
“নিকিতা, তই পাৰ্টী দিব লাগিব। অংকিতৰ লগত ডেটিং মাৰিছতাতে অফিছতে”, চুজানাই নিকিতাক জোকালে।
“চুপ। ইমান ইয়াত চিঞৰ বাখৰ নকৰিবি। মানুহে শুনিলে কি ভাবিব। মই অংকিতৰ লগত একো ডেটিং মাৰিবলৈ অহা নাই। আমি কামৰ কথাহে আলোচনা কৰিছিলোঁ”, নিকিতাই ক’লে।
তাইৰ কথা শুনি চুজানা আৰু এলিজাই একেলগে শব্দ কৰি হাঁহিলে। “কেফেটেৰিয়াত বহি কামৰ কথা পতাটো পিছে বৰ ভাল আইডিয়া”, এলিজাই ক’লে।
“আমাৰো যদি অংকিতৰ দৰে হেণ্ডছাম প্ৰজেক্ট পাৰ্টনাৰ থাকিলহেঁতেন, আমিও কামৰ কথা কেফেটেৰিয়াতে পাতিলোঁহেঁতেন, নে কি কৱ এলিজা”, চুজানাই খিলখিলাই হাঁহি ক’লে।
“নিকিতা, ইউ আৰ এ লাকী গাৰ্ল। তই পিছে তাক পটাব পাৰিছনে নাই”? এলিজাই সুধিলে।
“কি যে কথা কৱ। অংকিত প্ৰজেক্ট পাৰ্টনাৰ হোৱা কাৰণে মোৰ ভয়হে লাগিছে। কামৰ কাৰণে যিহে ছিৰিয়াছ সি। কোনোবাদিনা কিবা ভুল হ’ব লাগিলে মোৰ বাৰ বজাই দিব” নিকিতাই ক’লে।
তিনিও বহি থকা টেবুলখনৰ সোমাজত এখন ৰূপালী ৰঙৰ সৰু পৰ্দা আছে। একেবাৰে টেবলেট কম্পিউটাৰৰ আকাৰৰ।হঠাতে সেই পৰ্দাখনত এজনী ছোৱালীৰ ছবি জিলিকি উঠিল। “এই প্ৰতিস্থানৰ কেফেটেৰিয়ালৈ আপোনালোক তিনিওকে স্বাগতম জনাইছোঁ। মই আপোনালোকৰ কি সেৱা কৰিব পাৰোঁ”?
“সেৱা কৰিব খুজিছা যদি মোৰ মূৰটো পিটিকি দিয়াহি। মোৰ মূৰটো ইমান বিষাইছে”, চুজানাই ধেমালি কৰি ক’লে।
“তেনে সেৱা আমাৰ কেফেটেৰিয়াত উপলব্ধ নহয়। আমাৰ সেৱাৰ বিষয়ে জানিবলৈ আপুনি মেনু কাৰ্ড চাব পাৰে “। পৰ্দাত জিলিকি উঠা ছোৱালীজনীয়ে কৈ গ’ল।
“মেনু চাবলৈ নাই। কেপচিন্নো উইথ চকলেট টপিং। তিনিকাপ। হ’বনে”? এলিজাই ক’লে।
“নিশ্চয় হ’ব। অৰ্দাৰ কৰিবলৈ হ’লে আপোনাৰ ক্ৰেডিট কাৰ্ড ছোৱাইপ কৰাওক”, পৰ্দাৰ ছোৱালীজনীয়ে নিৰ্দেশ কৰিলে।
“নিকিতা, কাৰ্ড উলিয়া। আজি তই ডেটিঙৰ পাৰ্টী দিব লাগিব”, এলিজাই আদেশৰ সুৰত ক’লে।
“মই বাৰু পে’ কৰিম। কিন্তু ডেটিং পাৰ্টী বুলি নকবি। মই তেনেকুৱা পাৰ্টী দিব পৰা হোৱাগৈ নাই”। নিকিতাই চেঁপা হাঁহি এটাৰে ক’লে।
এলিজা আৰু চুজানাই কিবা কোৱাৰ আগতেই তাই পৰ্দাৰ তলতে থকা বিন্ধাটোৰে নিজৰ কাৰ্ডখন সুমুৱাই দিলে। কাৰ্ডখন সুমুৱাই পৰ্দাত জিলিকি উঠা নিৰ্দেশমতে তাই দিবলগীয়া পইছাৰ পৰিমাণ ভৰাই বাওঁহাতৰ বুঢ়া আঙুলিটোৰে সেউজীয়া পোহৰ ওলাই থকা ঠাইডোখৰত হেঁচা এটা মাৰিলে।
টিং টংকৈ কেইবাটাও শব্দ হ’ল। অলপ পাছতে পৰ্দাৰ ছোৱালীজনীয়ে ক’বলৈ ধৰিলে, “দহ মিনিট অপেক্ষা কৰক। আপোনালোকৰ টোকেন নম্বাৰ থ্ৰি জিৰো ফাইভ। ৰেডি হোৱাৰ লগে লগে মই আকৌ আহিম সংকেট দিবলৈ। ছেলফ চাৰ্ভিছ কাউণ্টাৰৰ পৰা সংগ্ৰহ কৰি ল’ব”। এই বুলি কৈ ছোৱালীজনী অন্তৰ্ধান হ’ল।
দহ মিনিট নৌহওঁতেই ছোৱালীজনীয়ে আকৌ ভূমুকি মাৰি ক’লে, “গো এণ্ড গেট ইয়’ৰ অৰ্ডাৰ”তিনিও ছেল্ফ ছাৰ্ভিছ কাউণ্টাৰৰ পিনে আগুৱাই গ’ল।

Comments

Popular posts from this blog

খণ্ড ১