খণ্ড ১৫
দ্বিতীয় অধিৱেশন আৰম্ভ
হোৱাৰ সময় হ’ল। তিনিও কেফেটেৰিয়াৰ পৰা যাবলৈ উঠিল। ডক্তৰ ভানুমতীয়ে ক’লে, “তোমালোক
ছেমিনাৰ হললৈ যোৱা। মোৰ অন্য এটা কাম আছে”।
“আপোনাক পুনৰ কেতিয়া লগ
পাম”, নিকিতাই সুধিলে।
“মই আছোঁৱেই। লান্সত লগ
পাম। মোৰ ফোন নাম্বাৰটো অংকিতৰ ওচৰত আছে। প্ৰয়োজন হ’লে ফোন কৰিবা”।
তেওঁ
অংকিতলৈ চাই ক’লে, “অংকিত মোৰ কথা শুনা। মই জানো তুমি এজন খুব
টেলেণ্টেড বিজ্ঞানী। কিন্তু অসমতে সীমাবদ্ধ থাকিলে তোমাৰ টেলেণ্টখিনি পুৰ্ণ বিকাশ
নহ’ব। তোমালোকৰ নিচিনা চোকা ডেকা গৱেষকসকলে ওলাই আহিব লাগে। আমেৰিকাত গৱেষণা
কৰিবলৈ আগ্ৰহ কৰা যদি মই সহায় কৰিব পাৰোঁ”।
“মই এতিয়ালৈ ভবা নাই। মই
দেউতাৰ আধৰুৱা কামখিনি কৰিম বুলিয়েই বিদেশৰ পৰা ঘূৰি আহিছিলোঁ”, অংকিতে ক’লে।
“মই ভাবো তুমি আকৌ এবাৰ
ভাবি চোৱা উচিত। জেনেটিক কোডিঙৰ প্ৰজেক্টটোত তুমি নিৰাশ হ’বা। তদুপৰি এই
প্ৰজেক্টটোত কাৰোবাৰ অভিশাপ আছে। গৱেষণা সম্পূৰ্ণ হোৱাৰ আগতেই গৱেষকজনৰ মৃত্যু
হয়”। ভানুমতীয়ে ক’লে।
“মোক ভাবি চাবলৈ অলপ সময়
লাগিব”, অংকিতে ক’লে।
ডক্তৰ ভানুমতীৰ পৰা
বিদায় লৈ অংকিত আৰু নিকিতাই আকৌ সভাঘৰত প্ৰৱেশ কৰিলে। অংকিতৰ মনত বাৰে বাৰে ডক্তৰ
ভানুমতীয়ে কোৱা কথাকেইটা আহি থাকিল। দেউতাকৰ আধৰুৱা প্ৰজেক্ট শেষ কৰাৰ সপোন আধৰুৱা
হৈ ৰ’ব নেকি? অসমত থাকি সীমিত সুবিধাৰ মাজেৰে সি আন্তৰ্জাতিক প্ৰেক্ষাপটত খলকনি
তোলা গৱেষণা কৰিবলৈ সক্ষম নহ’ব নেকি?
ইতিমধ্যে সভাঘৰত দ্বিতীয়
অধিৱেশনৰ গৱেষণা পত্ৰ পাঠ আৰম্ভ হ’ল। নিকিতাই অংকিতৰ মুখলৈ চাই তাৰ মনত চলি থকা
ধুমুহাৰ কথা অনুমান কৰিব পাৰিলে। ডক্তৰ ভানুমতীৰ সকীয়নিয়ে তাইকো চিন্তাত পেলালে।
তাই ফুচফুচাই ক’লে,
“অংকিত। মই ভাবো, ডক্তৰ ভানুমতীয়ে আমাক ভালৰ কাৰণেই উপদেশ দিছে। আমি
এইটো প্ৰজেক্ট এৰি পেলোৱাই ভাল হ’ব”।
“তুমি কি কৈছা নিকিতা।
এইটো প্ৰজেক্টৰ কাৰণে মই দিন ৰাতি একাকাৰ কৰি কাম কৰিছোঁ। মই ভাবো, মই ইতিমধ্যে
কিছুদূৰ আগবাঢ়িছোঁ। এনে অৱস্থাত কিছুমান ষ্টুপিড অন্ধবিশ্বাসৰ কাৰণে প্ৰজেক্টটো
এৰি দিম নেকি? সঁচাকৈয়ে যদি প্ৰজেক্টটোত বিপদ আছে, মই সেই বিপদৰ সন্মুখীন হ’বলৈ
সাজু হৈ আছোঁ। মই জানিব খোজো, এই প্ৰজেক্টটো কৰাৰ কাৰণেই দেউতাৰ মৃত্যু হ’ল নেকি”?
অনুচ্চ স্বৰত ক’লেও
নিকিতাই অনুভৱ কৰিলে অংকিত উত্তেজিত হৈ পৰিছে। তাই অলপ নিৰৱে থকাই ভাল হ’ব বুলি
ভাবিলে। ভানুমতীৰ কথা শুনাৰ পাছৰে পৰা তাইৰ মনটোও ভাল লাগি থকা নাই। তাইৰ আশংকা
হৈছে, এই প্ৰজেক্তটোত আকোঁৰগোজকৈ লাগি থাকি অংকিতে নিজৰ কাৰণে বিপদ মাতি অনা নাইতো?
মঞ্চত আন এজন গৱেষকে
গৱেষণা পত্ৰ পাঠ কৰি আছে। অংকিত আৰু দুয়ো নিজৰ নিজৰ ভাবৰ মাজত এনেকৈ বুৰ গৈ আছেযে,
গৱেষণা পত্ৰখনত কিনো ক’ব বিচাৰিছে সেই কথা দুয়োৰে মূৰত নোসোমাল।
সেইখন গৱেষণা পত্ৰ পাঠ
হৈ যোৱাৰ পাছত হঠাতে ঘোষণা কৰা হ’লযে চন্দ্ৰপৃষ্ঠৰ গৱেষণা কেন্দ্ৰৰ পৰা অহা
আমেৰিকান বিজ্ঞানী এমিলি জৰ্ডানে গৱেষনাপত্ৰ পাঠ কৰিব। এই ঘোষণা শুনাৰ পাছত
সভাগৃহত এটা মৃদু আলোড়নৰ সৃষ্টি হ’ল। চন্দ্ৰপৃষ্ঠৰ গৱেষণাগাৰত গৱেষণা আৰম্ভ হোৱা
বেছিদিন হোৱা নাই। সেয়েহে সেই গৱেষণাগাৰৰ বিষয়ে মানুহৰ কৌতূহল অতি বেছি। সেই
গৱেষণাগাৰৰ পৰা অহা গৱেষকগৰাকীক চাবলৈ মানুহৰ আকৰ্ষণ সৃষ্টি হ’ল। নিকিতায়ো মৃদু
উত্তেজনা অনুভৱ কৰিলে। তাইৰ মনটো ফৰকাল হ’ল।
“চোৱা অংকিত। মই চাবলৈ আশা কৰি থকা চন্দ্ৰপৃষ্ঠৰ পৰা অহা গৱেষকে ভূমুকি মাৰিছে।
তেওঁক চাবলৈ বৰ মন আছিল”। নিকিতাই উচ্ছাহেৰে ক’লে।
“ময়ো জানিব খোজো
চন্দ্ৰপৃষ্ঠত তেওঁলোকে কি গৱেষণা কৰিছে। তাত গৱেষণাৰ কি কি সুবিধা আৰু টেকনল’জী
আছে। আমি গৱেষকগৰাকীক লগ পাব পাগিব”।
অংকিতে নিকিতাৰ উচ্ছাহত সঁহাৰি জনালে।
এখন বিশেষ হুইল ছেয়াৰত
বহি বিজ্ঞানীগৰাকীয়ে মঞ্চত প্ৰৱেশ কৰিলে। “তেওঁ হুইল ছয়াৰত আহিছেয়ে? তেওঁ খোজ
কাঢ়িব নোৱাৰে নেকি”? কিনিতাই সুধিলে।
“চন্দ্ৰপৃষ্ঠৰ পৰা
পৃথিৱীত অৱতৰণ কৰাৰ পাছত মাধ্যাকৰ্ষণৰ লগত অভ্যস্থ হ’বলৈ কিছুদিন সময় লাগে।
তেওঁলোকে আকৌ খোজ কাঢ়িবলৈ শিকিব লাগে। লগতে শৰীৰটোৱেও বায়ুমণ্ডলীয় পৰিৱেশত সুকলমে
কাম কৰিবলৈ কিছু সময়ৰ প্ৰয়োজন হয়। পৃথিৱীত থকা বেক্টেৰিয়াবোৰ চন্দ্ৰত নাথাকে কাৰনে
তেওঁলোকৰ ইমিউনিটিও কম হৈ থাকে। সেইকাৰণে চন্দ্ৰপৃষ্ঠৰ পৰা অহাৰ পাছত তেওঁলোকক
বহুত সাৱধানে ৰখা হয়। আমাৰ ভাগ্য ভালযে আমি তেখেতৰ ভাষণ শুনিবলৈ পাম”, চকীখনত
আৰামকৈ বকি লৈ অংকিতে ক’লে।
এমিলো জৰ্ডানক সকলোৰে
লগত চিনাকী কৰি দিয়া হ’ল। সভাঘৰত জাউৰিয়ে জাউঅৰিয়ে হাতচাপৰি পৰিল।
অলপ পাছতে এমিলি জৰ্ডানে
তেওঁৰ গৱেষণাপত্ৰ পাঠ কৰিবলৈ আৰম্ভ কৰিলে। অংকিতে মন কৰিলে গৱেষকগৰাকী সুন্দৰী
যুৱতী। বয়সত হয়তো অংকিতৰ সমানেই হ’ব। সি ভাবিলে,
ইমান কম বয়সতে চন্দ্ৰপৃষ্ঠৰ গৱেষণাকেন্দ্ৰত স্থান পোৱাটো সহজ কথা নহয়। মেধাশক্তিত
তাই হয়তো আনতকৈ বহুত আগবঢ়া। চন্দ্ৰপৃষ্ঠৰ গৱেষণাগাৰত সুবিধাও পাইছে বহুত । সি মন দি গৱেষণাপত্ৰৰ কথাবোৰ শুনিলে।
এমিলি জৰ্ডানে হুইল
ছেয়াৰত বহিয়েই গৱেষণা পত্ৰ পাঠ কৰিলে। তেওঁৰ কথা বতৰা ৰসাল। আৰম্ভণিতে তেওঁ ক’লে,
“চন্দ্ৰপৃষ্ঠলৈ যাওঁতে তেওঁ দুখন ভৰিৰে খোজকাঢ়িয়েই গৈছিল, কিন্তু আহোঁতে হুইল
ছেয়াৰত বহি আহিবলগীয়া হ’ল। গতিকে ওপৰৰ মহাকাশত থকা সকলো বস্তুৱেই ভাল নহয়”, তেওঁৰ
কথাত সভাঘৰত হাঁহিৰ ৰোল উঠিল।
এমিলিৰ গৱেষণাৰ বিষয়টোৱে
সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে। তেওঁৰ বিষয়টো হ’ল, ভৱিষ্যতে পৃথিৱীৰ মানুহৰ গঠন, আকাৰ
প্ৰকাৰ সকলোবোৰ বৰ্হি বিশ্বৰ প্ৰাণীয়ে নিৰ্ধাৰণ কৰিব নেকি? তেওঁ গৱেষণাৰ পৰা জানিব
খুজিছে কোনোবা বৰ্হিগ্ৰহৰ প্ৰাণী বা কোনোবা বৰ্হি শক্তিয়ে পৃথিৱীৰ মানুহৰ ওপৰত
প্ৰভাৱ বিস্তাৰ কৰিছে নেকি? এমিলিয়ে চন্দ্ৰপৃষ্ঠৰ পৰা বৰ্হিজগতৰ বা আন কোনো গ্ৰহ
বা উপগ্ৰহৰ প্ৰাণীৰ পৃথিৱীত সাম্ভাব্য উপস্থিতিৰ বিষয়ে অধ্যয়ন কৰিছে। সকলোকে আচৰিত
কৰি তেওঁ ক’লেযে কিছুমান পৰিঘটনাৰ পুংখানুপুংখ পৰীক্ষাৰ পৰা এই কথা অনুমান কৰা
হৈছেযে পৃথিৱীত ইতিমধ্যে বৰ্হিজগতৰ প্ৰাণীয়ে প্ৰভাৱ বিস্তাৰ কৰিছে। বৰ্হিজগতৰ
প্ৰাণীয়ে পৃথিৱীত কিছুমান অপ্ৰাকৃতিক আৰু অলৌকিক ঘটনা সংঘটিত কৰোৱাব পৰে বুলিও তেওঁ
অনুমান কৰিছে। তেওঁ এই বুলিও ক’লেযে কিছুমান
বিজ্ঞানীয়ে এলিয়েনক সহায় কৰিছে বুলিও সন্দেহ কৰা হৈছে।তেওঁ
কিছুমান গাণিতিক সমীকৰণেৰে বুজালেযে পৃথিৱীৰ ওপৰত বৰ্হিজগতৰ এই প্ৰভাৱে এসময়ত
মানুহৰ অস্তিত্বই বিপন্ন কৰি তুলিব।
এমিলি জৰ্ডানৰ
গৱেষণাপত্ৰই সভাগৃহৰ চৌদিশে আলোড়নৰ সৃষ্টি কৰিলে। অংকিতে অৱশ্যে তেওঁ কোৱা কিছুমান
কথাৰ লগত সন্মত হ’ব নোৱাৰিলে। বৰ্হিগতৰ প্ৰাণী বা এলিয়েনৰ ওপৰত নানান কল্পকাহিনী
তাহানিৰ দিনৰ পৰাই চলি আহিছে। এই বিষয়টোৰ ওপৰত কেইবাখনো কালজয়ী উপন্যাস, কেইবাখনো চিনেমা নিৰ্মাণ হৈছে। এই বিষয়টোৰ ওপৰত পৃথিৱীৰ বিভিন্ন দেশত বহুদিন
ধৰি গৱেষণাও চলি আছে। কিন্তু নিশ্চিতকৈ কোনেও এলিয়েনৰ বিষয়ে চূড়ান্ত সিদ্ধান্তত
উপনীত হ’ব পৰা নাই। গৱেষণাপত্ৰৰ পাঠ শেষ হোৱাৰ পাছত প্ৰশ্নোত্তৰ শিতানত বহুতে
বিজ্ঞনীগৰাকীক প্ৰশ্ন কৰিবলৈ ধৰিলে। বিজ্ঞানীগৰাকীয়ে সকলো প্ৰশ্নৰ উত্তৰ ধীৰে
সুস্থিৰে দিলে।
এমিলিয়ে কোৱা এলিয়েনৰ
কথাটো শুনাৰ পৰা অংকিতৰ মনত চিন্তাই তোলপাৰ লগালে। সঁচাকৈয়ে পৃথিৱীৰ বাহিৰত কোনোবা
গ্ৰহ বা উপগ্ৰহত মানুহতকৈ বুদ্ধিমান প্ৰাণী আছে নেকি? এলিয়েন বা বৰ্হিজগতৰ
প্ৰাণীয়ে সঁচাকৈয়ে যদি পৃথিৱীৰ মানুহৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিছে, সেয়া অতি
চিন্তনীয় কথা। এই বিষয়ে তাৰ বিতংকৈ জানিবৰ মন গ’ল। সেয়েহে সি এমিলিক আছুতীয়াকৈ লগ ধৰি কিছু কথা
সোধাৰ কথা ভাবিলে। সি আয়োজক সমিতিৰ লগত যোগাযোগ কৰিলে আৰু বিজ্ঞানীগৰাকীক
আছুতীয়াকৈ লগ কৰাৰ অনুমতি বিচাৰিলে। কিন্তু তাক জনাই দিয়া হ’লযে নিৰাপত্তা আৰু
সুৰক্ষাজনিত কাৰণত এমিলি জৰ্দানক কোনেও ব্যক্তিগতভাৱে লগ পাব নোৱাৰে।
আয়োজন সমিতিৰ এই
সিদ্ধান্তই অংকিত আৰু নিকিতাক হতাশ কৰিলে। তেনেতে ক’ৰবাৰ পৰা মৰিয়ম সেইখিনি
পালেহি। মৰিয়মক দেখি অংকিতৰ ভাল লাগি গ’ল। সি মৰিয়মৰ কাষ চাপি ক’লে, “আমি এমিলি
জৰ্ডানৰ লগত আছুতীয়াকৈ মাত্ৰ পাঁচ মিনিট কথা পাতিবলৈ অনুমতি বিচাৰিছোঁ। কিন্তু
আয়োজক সমিতি সন্মত হোৱা নাই”।
মৰিয়মে লগে লগে ক’লে,
“সেইটো সম্ভৱ নহয়। তোমালোকে আশা নকৰাই ভাল। চন্দ্ৰপৃষ্ঠৰ পৰা আহিছে কাৰণে তেওঁলোকৰ
সোনকালে ইনফেকচন হোৱাৰ সম্ভাৱনা থাকে। পৃথিৱীৰ বীজাণুৱে সোনকালে তেওঁলোকক আক্ৰমণ
কৰে। সেইকাৰণে তেওঁলোকক লগ ধৰিবলৈ সাধাৰণ মানুহক অনুমতি দিয়া নহয়”।
“আমিতো সাধাৰণ মানুহ
নহয়। আমিও গৱেষক। তেওঁক লগ কৰিবলৈ যিখিনি সাৱধানতাৰ প্ৰয়োজন আমি ল’ম।
মাথোন
পাঁচ মিনিট কথা পাতিব খোজো”। অংকিতে ক’লে
নিকিতায়ো কাকূতি কৰাৰ
সুৰত ক’লে, “প্লিজ এবাৰ লগ পাবলৈ দিয়ক। অলপ ওচৰৰ পৰা চাম। আমি একো ডিষ্টাৰ্ব
নকৰোঁ, কথাও নাপাতো”।
“তোমালোকে এমিলিক কিয় লগ
কৰিব খুজিছা”? মৰিয়মে অংকিতৰ চকুলৈ চাই সুধিলে।
“তেওঁৰ গৱেষনাপত্ৰত একে
কিছুমান কথাৰ উল্লেখ কৰিছে, যিবোৰ বিষয়ত তেওঁৰ লগত কথা পতাৰ মন আছে। বিশেষকৈ
এলিয়েন সম্পৰ্কত। তেওঁ কৈছে এলিয়েনে ইতিমধ্যে কোনেও গম নোপোৱাকৈ পৃথিৱীৰ মানুহৰ
ওপৰত প্ৰভাৱ বিস্তাৰ কৰিবলৈ আৰম্ভ কৰিছে। মোৰ প্ৰশ্ন হ’ল, এলিয়েনবোৰ যদি আমাতকৈ
অধিক বুদ্ধিমান হয়, পোনপেটিয়াকৈ আক্ৰমণ নকৰি তেওঁলোকে লুকাই চুৰকৈ মানুহক প্ৰভাৱিত
কৰিবলৈ চেষ্টা কৰিব জানো? পৃথিৱীৰ বিজ্ঞানীয়ে কিয় এলিয়েনক সহায় কৰিবলৈ যাব? তেনে
এলিয়েন বা বৰ্হিজগতৰ প্ৰাণীৰ লগত মানুহৰ সংযোগ হোৱাৰ কি প্ৰমাণ আছে। এইবোৰ কথাই
পাতিবলগীয়া আছে”, অংকিতে মৰিয়মলৈ চাই ক’লে।
“চোৱা, মই আয়োজক সমিতিৰ
এগৰাকী সদস্য। নিয়ম ভঙাৰ অধিকাৰ মোৰ নাই। মই এটা পৰামৰ্শহে দিব পাৰোঁ। তোমালোকে
এবাৰ ডক্তৰ ভানুমতীক কৈ চোৱা। তেওঁ এগৰাকী ছিনিয়ৰ ছায়েণ্টিষ্ট। মই জনাত এমিলি
জৰ্ডান ডক্তৰ ভানুমতীৰ ভাল চিনাকী। হয়তো তেওঁ তোমালোকক সহায় কৰিব পাৰে। কিন্তু
সোনকাল কৰা। মই জনাত এমিলি জৰ্ডান সোনকালেই উভতি যাব”, এই বুলি কৈ মৰিয়ম লৰালৰিকৈ
আন এফালে খোজ ল’লে।
অংকিতে ডক্তৰ ভানুমতীলৈ
ফোন কৰিলে। এই বিশাল সভাঘৰত কোনোবা এজনক বিচাৰি পোৱাটো সম্ভৱ নহয়। কিন্তু তেওঁৰ
ফোনটো ব্যস্ত হৈ থকাৰ সংকেট আহিল।
অলপ সময় পাছতে ডক্তৰ
ভানুমতীয়ে অংকিতক বিচাৰি নিজেই ওলালহি। এমোকোৰা হাঁহিৰে তেওঁ অংকিতৰ ওচৰলৈ আহি
ক’লে, “অংকিত, তোমাৰ গৱেষণাপত্ৰৰ আলোচনা বহুতেই ভাল পাইছে। এই বিষয়টো পুৰণি হ’লেও
তুমি আগ্ৰহেৰে গৱেষণা কৰিবলৈ আগবাঢ়িছা, এটা নতুন এপ্ৰ’ছ সকলোৱে দেখিবলৈ পাইছে।
বিষয়টোতকৈও তুমি কুৱেছন আনছাৰ ছেছনত খুব সুন্দৰকৈ সকলোৰে প্ৰশ্নৰ উত্তৰ দিয়া কাৰণে
কেইবাজনো বিজ্ঞানীয়ে ভাল পাইছে”।
নিজৰ প্ৰশংসা শুনাৰ
অভ্যাস অংকিতৰ নাই। তথাপিও ডক্তৰ ভানুমতীৰ কথা কেইটা তাৰ ভাল লাগিল।
“তুমি শুনি ভাল পাবা, মই
অলপ আগতে চন্দ্ৰপৃষ্ঠৰ পৰা অহা এমিলি জৰ্ডানৰ লগত কথা পাতিছিলোঁ। এমিলিয়েও তোমাৰ
খুব প্ৰশংসা কৰিছে। জেনেটিক কোডিঙৰ বিষয়ে গৱেষণা কৰিবলৈ তায়ো আগ্ৰহী”।
“আমি এমিলি জৰ্দানৰ
বিষয়েই কথা পাতি আছিলোঁ। তেওঁৰ লগত কিছুমান কথা মোৰো পাতিবলৈ মন আছিল”।
অংকিতে
ক’লে।
“হয় নেকি? তুমি এমিলিৰ
লগত কি বিষয়ত কথা পাতিব খোজা”?
“তেওঁ গৱেষণাপত্ৰত
এলিয়েনৰ বিষয়ে তেওঁ যিবোৰ কথা কৈছে, সেইবোৰ মই বিশ্বাস কৰিব পৰা নাই। ভৱিষ্যতে
বৰ্হি বিশ্বৰ প্ৰাণীয়ে আমাক নিয়ন্ত্ৰণ কৰিব নেকি? এই বিষয়ে মই তেওঁৰ পৰা জানিব
খোজো, তেওঁ কোৱা কথাবোৰৰ কিবা বৈজ্ঞানিক প্ৰমাণ আছেনে”?
“চোৱা অংকিত, কোনো
বিজ্ঞানীয়ে প্ৰমাণ নোহোৱাকৈ গৱেষনাপত্ৰত একো কথা নিলিখে। এই কথাটো তুমি হয়তো
জানা”। ভানুমতীয়ে যেন এমিলিৰ গৱেষণাৰ বিষয়ে অংকিতে কৰা মন্তব্য ভাল নাপালে।
“সেইকাৰণে মই তেওঁৰ লগত
কথা পাতিব খুজিছোঁ। মই মোৰ গৱেষণাত বৰ্হিজগতৰ প্ৰাণীৰ এংগলটো ভবাই নাছিলোঁ।
মই এই বিষয়টো ষ্পষ্টকৈ জানিব খোজোঁ”। অংকিতে
ক’লে।
“তেওঁক লগ পাবলৈ মোৰো বৰ
মন আছে। চন্দ্ৰপৃষ্ঠত থকা মানুহ মই কেতিয়াও লগ পোৱা নাই। সেইকাৰণে তেওঁৰ লগত কথা
পাতিবলৈ মন আছে”। নিকিতাই ক’লে।
“কিন্তু তেওঁক লগ পাবলৈ
অনুমতি লব লাগিব। অনুমতি সহজতে নিদিয়ে। কাৰণ তেওঁলোকক খুব সাৱধানে ৰখা হয়, যাতে
পৃথিৱীৰ পৰা বেমাৰৰ বীজাণু চন্দ্ৰপৃষ্ঠলৈ লৈ নাযায়”, ডক্তৰ ভানুমতীয়ে ক’লে।
“আমি মিছ মৰিয়মকো কথাটো
কৈছিলোঁ। তেওঁ আপুনি সহায় কৰিব পাৰিব বুলি ক’লে,” অংকিতে ক’লে।
ভানুমতীয়ে হাঁহিলে।
“এমিলি মোৰ ষ্টুডেণ্ট। সেইকাৰণে মোৰ লগত তাইৰ ভাল। কিন্তু মই কথা পাতিব লাগিব। তাই
মান্তি হ’ব লাগিব। তাই মান্তি হ’লেই নহ’ব। তোমালোকে তাইক লগ কৰিবলৈ অ’ৰ্গেনাইজাৰৰ
অনুমতি পাব লাগিব”।
“মেডাম প্লিজ কিবা এটা
কৰকনা। ইমান ওচৰত পায়ো তেওঁক লগ নকৰাকৈ যাবলৈ ভাল নালাগিব”। নিকিতাই অনুৰোধ কৰিলে।
“তোমালোক ইয়াতে ৰোৱা, মই
কথা পাতি লওঁ:, এই বুলি ভানুমতীয়ে অলপ আঁতৰলৈ গৈ ফোনত কথা পাতিলে। অংকিত আৰু
নিকিতাই তেওঁৰ কথা পতা শেষ হোৱালৈ উত্কণ্ঠাৰে অপেক্ষা কৰিলে।
কথা শেষ হোৱাৰ পাছত
ভানুমতীয়ে ওচৰলৈ আহি ক’লে, “বহুত অনুৰোধ কৰাৰ পাছত মাত্ৰ পোন্ধৰ মিনিটৰ কাৰণে
এমিলিক লগ কৰাৰ অনুমতি পাইছোঁ। কিন্তু আমি এতিয়াই ওলাব লাগিব। আধাঘণ্টা পাছত
এপইণ্টমেণ্ট আছে। আমি এমিলি থকা ঘৰটোত সোমোৱাৰ আগতে পোছাক সলাব লাগিব, আমাৰ শৰীৰৰ
পৰীক্ষা কৰা হ’ব যাতে আমি বেক্টেৰিয়া কঢ়িয়াই লৈ নাযাওঁ। ব’লা মোৰ লগত এতিয়াই
ওলোৱা”।
অংকিত আৰু নিকিতাৰ মুকত
হাঁহি বিৰিঙি উঠিল। দুয়ো ডক্তৰ ভানুমতীৰ পিছে পিছে খোজ ল’লে।
Comments
Post a Comment