খণ্ড ৬
বহুসময় নিজৰ
কোঠাত দুৱাৰ মাৰি সোমাই থকা কাৰণে গীতিয়ে অংকিতৰ কোঠাৰ দুৱাৰত টুকুৰিয়ালে।
“অংকিত
দুৱাৰখন খোলা। অলপ ওলাই আহা। মুকলিলৈ গৈ ফুৰি আহাগৈ”।
দুবাৰমান
টুকিৰিওৱাৰ পাছত অংকিতে দুৱাৰখন খুলিলে। ‘আহ মা, প্ৰিন্সটন ইউনিভাৰ্চিটিত জেনেটিক
কোডিঙৰ ওপৰত এখন ছেমিনাৰ চলি আছে। মই তাকেই চাই আছোঁ”।
“হ’ব,
ছেমিনাৰ চাবলৈ বহুত সময় পাবা। অনবৰত কোঠাত সোমাই থাকিলে শৰীৰটো কেনেকৈ ভালে থাকিব?
অলপ খোজকাঢ়ি আহা। নহ’লে জগিং কৰা”।
অংকিতে মাকক
সাৱটি ধৰিলে। “অহ মা, তুমি মোৰ কাৰণে ইমান চিন্তা কিয় কৰা। মই ঠিকেই আছোঁ। মই সদায়
ৰাতিপুৱা উঠি আধা ঘণ্টা ই-এক্সাৰচাইজ কৰোঁ”।
“ই-এক্সাৰচাইজ
আকৌ কি”? বিজ্ঞান প্ৰযুক্তিৰ নতুন নতুন কথাবোৰ গীতিয়ে বুজি নাপায়।
“আমাৰ শৰীৰৰ
সকলো মাংসপেশীকে ব্লাড চাৰ্কুলেচন নিয়মীয়া কৰি ৰাখিবলৈ কিছু এক্সাৰচাইজৰ প্ৰয়োজন
হয়। শৰীৰটোৰ বিভিন্ন ঠাইত কিছুমান ছেন্সৰ লগাই কোনটো অংশত কিমান এক্সাৰ্চাইজৰ
প্ৰয়োজন জানিব পাৰি। ই-এক্সাৰচাইজে বিভিন্ন অংশৰ প্ৰয়োজন অনুসৰি কি কি এক্সাৰচাইজ
কৰিব লাগিব সেয়া নিৰ্দেশ দিয়ে। সেইমতে কৰিলে কম সময়তে সুফল পাব পাৰি”। অংকিতে
বুজাই দিলে।
“ইমান
যন্ত্ৰ পাতি লগাই এক্সাৰচাইজ কৰাৰ কি দৰকাৰ। আধাঘণ্টা দৌৰি আহিলে এনেয়ো গোটেই
শৰীৰৰ এক্সাৰচাইজ হ’ব”। গীতিয়ে এইবোৰ প্ৰযুক্তি বুজি নাপায়।
“অহ মা,
তুমি বুজিবলৈ চেষ্টাই নকৰা। তুমিতো জানাই মই কামত কিমান ব্যস্ত। তাৰ মাজতে
এক্সাৰচাইজ কৰিবলৈ যিকণ সময় পাওঁ, সেই সময়খিনিৰ সম্পূৰ্ণ ব্যৱহাৰ কৰিবলৈ
ই-এক্সাৰচাইজ লাগিবই”। অংকিতে মাকক বুজাবলৈ চেষ্টা কৰিলে।
“তোমাৰ কিনো
ইমান কাম থাকেযে তুমি নিজৰ কাৰণে অলপো সময় উলিয়াব নোৱৰা। অকল কামেই জীৱন নহয়।
জীৱনটো উপভোগ কৰিবলৈ আৰু বহুত কিবা কিবি লাগে”। মাকে ক’লে।
“মোৰযে
সঁচাকৈয়ে সময়েই নাই মা। দেউতাৰ প্ৰজেক্ট কেইটা সম্পূৰ্ণ কৰাৰ কাৰণে চেষ্টা কৰিছোঁ।
এবছৰৰ ভিতৰত মই কিবা এটা কৰি দেখুৱাব লাগিব। নহ’লে মোক হয়তো বিদায়েই দিব। সেইকাৰণে
মই সকলো সময় ৰিছাৰ্ছকে দিবলৈ চেষ্টা কৰিছোঁ”।
“তোমাৰ
দেউতায়ো এইদৰে কেৱল নিজৰ কামৰ কথাই ভাবি থাকিছিল। কিন্তু শেষত কি হ’ল? কামবোৰ
সম্পূৰ্ণ হোৱাৰ আগতেই তেওঁ গুচি গ’ল। মোক কোৱাচোন দেউতাৰাৰ কি প্ৰজেক্ট তুমি
কৰিবলৈ লৈছা। মোক বুজাই দিয়া”, বহাকোঠাৰ ছোফাত বহি লৈ গীতিয়ে সুধিলে।
গীতিয়ে অসীম
আগ্ৰহেৰে অংকিতৰ মুখলৈ চাই থাকিল। তেওঁ জানিব খোজে অংকিতে কৰিব খোজা দেউতাকৰ
প্ৰজেক্টৰ বিষয়ে।
“দেউতাই সেই
তাহানিতেই কিছুমান কথা ভাবি উলিয়াইছিল, যিবোৰ আজিৰ বিজ্ঞানীসকলৰ কাৰণেও আচহুৱা
কথাৰ দৰেই হৈ আছে। সেই কাৰণে তেওঁৰ কিছুমান কাম কাজক মানুহে বলিয়ালি বুলিও ক’ব
খোজে। মই তেওঁৰ সেই আধৰুৱা প্ৰজেক্টকেইটা শেষ কৰিব খোজো যাতে দেউতাৰ কষ্ট সাৰ্থক
হয়”।
“গণপতিয়ে
মোক তেওঁৰ কামৰ বিষয়ে একোকে নকৈছিল। ৰাতিপুৱাৰ পৰা নিশা এপৰলৈকে তেওঁ কামতে ডুব গৈ
আছিল। মই জানিছিলোঁ তেওঁ খুব কঠিন কিবা কামত ব্যস্ত আছিল। কিন্তু সেই কামটোনো কি
আছিল? কি প্ৰজেক্ট আছিল”?
“মই তোমাক
এতিয়া এটা প্ৰজেক্টৰ কথাই কওঁ। এটা জাতিৰ কিছুমান সমূহীয়া বৈশিষ্ট আৰু স্বভাৱ
থাকে। কেতিয়াবা সেই সমূহীয়া কাৰকবোৰৰ কাৰণে জাতিটো আগুৱাব নোৱৰা হৈ পৰে। সেই
সমূহীয়া কাৰকসমূহ নিজে নিজে সলনি হ’বলৈ হয়তো কেইবা শ বছৰৰ প্ৰয়োজন হয়। দেউতাই সেই
পৰিৱৰ্তন অতি কম সময়তে কৰাৰ উপায়ৰ কথা চিন্তা কৰিছিল”, অংকিতে বুজাই দিলে।
“তুমি মোক
ভালকৈ বুজাই দিয়াচোন”, গীতিয়ে আগ্ৰহেৰে ক’লে।
“তুমিতো
জানাই, এসময়ত আমাৰ অসমীয়া জাতিটোক সকলোৱে এলেহুৱা আৰু আমোদপ্ৰিয় জাতি বুলি উপলুঙা
কৰিছিল। অসমীয়া মানুহে কষ্টকৰ কাম আনলৈ ঠেলি নিজে আমোদ প্ৰমোদত মত্ত হৈ আছিল।
দেউতাই বুজি পাইছিলযে এনেদৰে থাকিবলৈ হ’লে অসমীয়া জাতি বেছিদিন নাথাকে। অসমতে
অসমীয়া মানুহে নিজৰ অধিকাৰ সাব্যস্ত কৰিব নোৱাৰিলে বাহিৰৰ মানুহে অসমীয়াৰ ওপৰত
ৰাজত্ব কৰিব”। অংকিতে বিজ্ঞ ব্যক্তিৰ দৰে কৈ গ’ল।
“কথাটো ময়ো
জানো। গণপতিয়ে অসমীয়া মানুহৰ ওপৰত কিবা এটা এক্সপেৰিমেণ্ট কৰিছিল। সেই
এক্সপেৰিমেণ্টৰ ফলত মানুহবোৰ সলনি হৈছিল বুলি কোৱা শুনিছোঁ। আগৰ এলেহুৱা মানুহবোৰে
কষ্টকৰ কাম কৰিবলৈ আগ্ৰহী হৈ পৰিছিল”।
“দেউতাৰ এই
প্ৰজেক্টটোকেই মই আকৌ আৰম্ভ কৰিব খুজিছোঁ। দেউতাই জীৱিত অসমীয়া মানুহৰ ডি এন এ
সলনি কৰি মানুহক কৰ্মোদ্যমী আৰু পৰিশ্ৰমী কৰি তুলিছিল, যিটো কাম এতিয়াও অসম্ভৱ
বুলি ভবা হয়। যি কাম প্ৰাকৃতিক গতিত হ’বলৈ হয়তো কেইবা শ বছৰ লাগিলহেঁতেন সেয়া দেউতাই
কেইবছৰমানতে কৰি দেখুৱাইছিল”। অংকিতে ক’লে।
“মই
বিজ্ঞানৰ কথাবোৰ সিমান বুজি নাপাওঁ। কথাবোৰ ভালকৈ বুজাই দিয়াচোন ”। গীতি অংকিতৰ
কাষ চাপি বহিল।
“আমাৰ দেহৰ
প্ৰতিটো কোষত কিছুমান তথ্য জমা হৈ থাকে। সেই তথ্যবোৰেই সেই কোষবোৰৰ কাম পৰিচালিত
কৰে। এই তথ্যবোৰ আকৌ থাকে কিছুমান চেইনৰ দৰে আকাৰৰ অণুৰ সমষ্টিত। এই চেইনবোৰকে
ডিঅ’ক্সিৰাইবো নিউক্লিক এচিড বা চমুকৈ ডি এন এ বুলি কয়”।
“ডি এন এৰ
কথা শুনিছোঁ। কিন্তু এই বিষয়ে বেছি কথা মই নাজানো”।
“কম্পিউটাৰ
এটা চলাবলৈ যেনেকৈ এটা ছফটৱেৰ থাকে সেইদৰে মানুহৰ শৰীৰৰ কোষবোৰ পৰিচালনা কৰিবলৈ ডি
এন এ নামৰ এবিধ ৰাসায়নিক পদাৰ্থ থাকে। ডি এন এত থকা তথ্য অনুসৰিয়েই মানুহ এজনৰ
স্বভাৱ চৰিত্ৰ গঢ় লয়। ডি এন এত মানুহৰ জীৱনকালৰ বিভিন্ন ঘটনাৰ তথ্যও সংৰক্ষিত হৈ
থাকে। এই ডি এত থকা তথ্য পিতৃ মাতৃৰ পৰা সন্তানৰ দেহলৈযো যায়। সেইকাৰণে সন্তানৰ
গাত মাক দেউতাকৰ গুণ দেখা যায়”। অংকিতে বুজাই দিলে।
“বুজিছোঁ
বাৰু। কিন্তু ডি এন এ সলনি কৰাৰ কথাটো বুজি নাপালোঁ। ডি এন এ কেনেকৈ সলনি কৰিব
পাৰি”? মাকৰ প্ৰশ্ন শেষ হোৱা নাছিল।
“কম্পিউটাৰত
ছফটৱেৰ লিখিবলৈ যিদৰে কোড ব্যৱহাৰ কৰা হয়, একেদৰে ডি এন এৰ তথ্যবোৰো কোডত থাকে।
ইয়াকে জেনেটিক কোড বুলি কোৱা হয়। কম্পিউটাৰৰ কোড জানিলে যিদৰে ছফটৱেৰ সলনি কৰিব
পাৰি, সেইদৰে জেনেটিক কোড মানুহে জানিব পাৰিলে ডি এন এৰ সলনি কৰাটোও সম্ভৱ হ’ব।
দেউতাই হয়তো এই জেনেটিক কোডৰ সম্ভেদ পাইছিল”। অংকিতে ক’লে।
“তুমি
জেনেটিক কোডৰ সম্ভেদ পালে কি কৰিবা”?
“আমাক
পৃথিৱীখনত বহুতো ভাল মানুহ লাগে মা, যিবোৰে পৃথিৱীখনেই সলনি কৰি দিব পাৰে। জৈৱিক
প্ৰক্ৰিয়াত আজিৰ সময়তকৈ উন্নত এচাম মানুহ সৃষ্টি হ’বলৈ হয়তো আৰু কেইবা হাজাৰ বছৰ
লাগিব। কিন্তু জেনেটিক কোডৰ বিষয়ে জানিব পাৰিলে আমি এতিয়াই কিছুমান উন্নত মানুহৰ
সৃষ্টি কৰিব পাৰোঁ, যিটো এক্সপেৰিমেণ্ট দেউতাই অসমীয়া মানুহৰ ওপৰত কৰিছিল। দেউতাই
এচাম ভাল মানুহ সৃষ্টি কৰিলে ঠিকেই কিন্তু সময়ত সকলো আকৌ আগৰ দৰে হ’বলৈ ধৰিলে।
সেইকাৰণে আমি মাজে সময়ে এইদৰে ভাল মানুহ সৃষ্টি কৰি থাকিব লাগিব। তেতিয়াহে অসমীয়া
জাতি বহু যুগ গৌৰৱেৰে থাকিব পাৰিব। এইটো কাৰণতে মোক জেনেটিক কোডৰ সন্ধান লাগে”।
অংকিতে ক’লে।
গীতিৰ ভাল
লাগিল। দেউতাকৰ দৰে তাৰো অসমীয়া মানুহৰ কাৰণে, অসমীয়া জাতিটোৰ কাৰণে কিবা এটা কৰাৰ
গভীৰ হাবিয়াস আছে। তেওঁ বুজিলে, এই হাবিয়াস গণপতিৰ ডি এন এৰ জৰিয়তেই অংকিতলৈ আহিছে। কথাটো বুজিব পাৰি তেওঁৰ মুখত হাঁহি বিৰিঙি উঠিল।
“মই এদিন
তোমালোকৰ ৰিছাৰ্ছ চেণ্টাৰলৈ যাম। দিনৰ দিনটো কিনো ৰিচাৰ্ছ কৰি থাকা চাবলৈ মন আছে”।
গীতিয়ে ধেমালিৰ সুৰত ক’লে।
“সঁচাকৈয়ে
যাবানে মা। খুব ভাল লাগিব। মই তোমাক দেউতাই কাম কৰা লেবৰেটৰী, দেউতাই বহা কোঠা,
দেউতাই বহা চকী সকলোবোৰ দেখুৱাব পাৰিম”। অংকিতে উত্ফুল্লিত হৈ ক’লে।
“গণপতিৰ
স্মৃতি এতিয়াও তাত আছেনে”?
“আছে মা।
এতিয়াও সকলোৰে মুখে মুখে দেউতাৰ নাম শুনিবলৈ পাওঁ। দেউতা থকা সময়তে আমাৰ ৰিছাৰ্ছ
চেণ্টাৰটোৰ নাম আন্তৰ্জাতিক পৰ্যায়ত জনাজাত হৈ পৰিছিল। দেউতাৰ গৱেষণাৰ বিষয়ে
জানিবলৈ আমেৰিকা, ৰাছিয়াৰ পৰাও বিজ্ঞানী আহিছিল। দেউতাৰ পাছত কোনেও সেই মানদণ্ড
ৰাখিব পৰা নাই”। অংকিতে কিছু গৰ্বেৰে ক’লে।
“ৰিছাৰ্চ
চেণ্টাৰটো দেউতাৰাই বহু দিনৰ আগতে মোক দেখুৱাবলৈ নিব খুজিছিল। তেওঁ নিজৰ কামতে
দিনটোৰ অধিক সময় কটাইছিল। মই এক কথাটোক লৈ তেওঁৰ লগত কাজিয়াও কৰিছিলোঁ। কেতিয়াবা
খঙতে কৈছিলোঁ, ঘৰলৈ কিয় আহিব লাগে, বিচনা এখন কৰি তাতেই থাকিব পাৰা দেখোন। তেওঁ
মোক তেওঁৰ কামবোৰ দেখুৱাব খুজিছিল। তেতিয়া মোৰহে আগ্ৰহ নাছিল। লেবৰেটৰীৰ যন্ত্ৰ
পাতিবোৰ চাবলৈ মন যোৱা নাছিল। সেইবোৰক মোৰ সতিনী যেন লাগিছিল। এতিয়া কিন্তু
হাবিয়াস হৈছে এবাৰ চাই আহিবলৈ”, গীতিয়ে ক’লে।
“মই তোমাক কাইলৈয়ে
লৈ যাম। মই তোমাক দেউতাই কৰি থৈ যোৱা কামবোৰো কিছু পৰিমাণে বুজাই ক’ব পাৰিম। তুমি
মোৰ প্ৰজেক্ট টীমটোক লগ পাই খুব ভাল পাবা”।
“তোমাৰ
প্ৰজেক্ট টীমত কোন কোন আছে”? গীতিয়ে আগ্ৰহেৰে সুধিলে।
“মোৰ লগত
এজনী ৰিভাৰ্ছ স্কলাৰ আছে। তাইৰ নাম নিকিতা। ইয়াৰ উপৰিও লেব এছিষ্টেণ্ট, ছফটৱেৰ
ডেভেলাপাৰ, ডাটা এনালাইজাৰ, ক্লাৰ্ক সকলো মিলি আমাৰ টীমটো দহজনীয়া”, অংকিতে
উত্সাহেৰে ক’লে।
“নিকিতা?
তাইৰ কথা সিদিনা তোমাৰ গ্ৰেণ্ড পাই কৈছিল”।
“গ্ৰেণ্ড
পাই কৈছিল? তাইক তেওঁ চিনি পায় নেকি”?
“সেইদিনা
উত্তৰ গুৱাহাটীত চেল ৰিভাইটেলাইজেচন থেৰাপি লৈ উভতি আহোঁতে টিউবত তাইক লগ
পাইছিল। নিকিতাক হেনো তেওঁৰ খুব ভাল
লাগিল। কেতিয়াবা তাইক ঘৰলৈ লৈ আহিবাচোন। ময়ো চিনাকী হ’ম”। গীতিয়েও উত্সাহেৰে ক’লে।
“তুমিওযে
মা। অফিছৰ সহকৰ্মীৰ লগত ঘৰুৱা সম্পৰ্ক ৰক্ষা কৰাৰ প্ৰয়োজন আছে জানো। মই ভাবো
প্ৰফেছনেল ৰিলেচনছিপ সদায় প্ৰফেছনেল হৈ থকাটো ভাল”।
“সকলো সময়তে
প্ৰফেচনেল ৰিলেচনছিপ ৰখাটোৱেই জীৱন নহয় অংকিত। মানুহৰ জীৱনত ব্যক্তিগত সম্পৰ্কৰো
প্ৰয়োজন হয়। তুমি কেৱল এজন বৈজ্ঞানিক হ’ব নালাগে, এজন ভাল মানুহো হ’ব লাগিব। তুমি
নিজৰ কাৰণে এজনী জীৱন সংগী নিৰ্বাচন কৰিব লাগিব। তুমি ঘৰ সংসাৰ কৰিব লাগিব”।
গীতিয়ে উপদেশৰ সুৰত ক’লে।
অংকিতে মাকৰ
হাতদুখন নিজৰ হাতত লৈ ক’লে, “বিশ্বাস কৰা মা। আৰু এবছৰলৈ মোৰ আৰু কোনো কামৰ কাৰণে
সময় নাই। মই দেউতাৰ আধৰুৱা প্ৰজেক্ট সম্পূৰ্ণ কৰিবলৈ এবছৰৰ সীমা বান্ধি লৈছোঁ। তেতিয়ালৈ
ঘৰ সংসাৰ কৰাৰ কথা মোক নক’বা”।
“আৰু যদি এবছৰত
সম্পূৰ্ণ কৰিব নোৱৰা”?
“মই সকলো
কাম বাদ দি তুমি যিহকে কোৱা তাকেই কৰিম মা”, অংকিতে হাঁহি মাৰি ক’লে।
গীতিৰ মনটো
ভাল লাগি গ’ল। তেওঁ হয়তো মনে মনে তাকেই কামনা কৰে। গণপতিৰ দৰে গৱেষণাৰ নামত দিন
ৰাতি লাগি সি নিজৰ জীৱনটোকে সমৰ্পন কৰাটো তেওঁ কেতিয়াও নিবিচাৰে। সি এটা সাধাৰণ জীৱন কটাব লাগে, য’ত পৰিয়ালৰ লগত
সি অধিক সময় কটাব পাৰে।
Comments
Post a Comment