খণ্ড ৪
আছাম জেনেটিক ৰিছাৰ্ছ চেণ্টাৰৰ বিশাল চৌহদটো গুৱাহাটীৰ
ফটাশিল পাহাৰৰ ওপৰত অৱস্থিত। তাত কেইবাটাও গৱেষণাগাৰৰ উপৰিও স্থায়ী গৱেষকসকলৰ
আবাসিক অঞ্চল আছে। ওপৰলৈ উঠি যোৱা ৰাস্তাটো বৰ ধুনীয়া। ওপৰৰ পৰা ভৰলু নদীখনে
ব্ৰহ্মপুত্ৰ ষ্পৰ্শ কৰা অঞ্চলটো বৰ ধুনীয়াকৈ দেখা পায়।
অংকিতে
ৰিছাৰ্চ স্কলাৰ হিচাপে যোগদান কৰিলেও অতি কম সময়ৰ ভিতৰতে তাৰ বুদ্ধিমত্তা আৰু
কৰ্মদক্ষতাই আছাম জেনেটিক ৰিছাৰ্ছ চেণ্টাৰৰ সকলো বৈজ্ঞানিককে আকৰ্ষিত কৰিছে।
প্ৰতিস্থানটোত আগতে কাম কৰা এজন প্ৰখ্যাত বৈজ্ঞানিক গণপতি আয়েংগাৰৰ পুত্ৰ বুলিও
সকলোৱে তাক চিনি পায়।
ৰিছাৰ্চ
স্কলাৰ হিচাপে যোগদান কৰাৰ এমাহমান পাছতে প্ৰতিস্থানটোৰ মুৰব্বী সুৰজিত চৌধুৰীয়ে
অংকিতক নিজৰ কোঠালৈ মাতি নিছিল। অংকিতে অনুমতি লৈ কোঠাত প্ৰৱেশ কৰি চৌধুৰীৰ
সন্মুখত বহিছিল।
চৌধুৰী
দীৰ্ঘদেহী, বগা বৰণৰ প্ৰভাৱশালী ব্যক্তিত্বৰ মানুহ। বেকব্ৰাছ কৰা চুলিৰে তেওঁৰ সাজ
পোচাক দামী আৰু পৰিপাটী। ডাঠ চশমাৰ ফ্ৰেমৰ মাজেৰেও তেওঁৰ বুদ্ধিদীপ্ত চকু দুটা
জিলিকি থাকে।
“গণপতি ছাৰৰ
ল’ৰা বুলি তুমি ইয়াত বিশেষ সুবিধা পাবা বুলি আশা নকৰিবা। তোমাৰ নিজৰ টেলেণ্ট আৰু
ডেডিকেচনেহে তোমাক জীৱনত প্ৰতিস্থিত কৰিব”,
খাৰাংখাচকৈ সুৰজিত চৌধুৰীয়ে কৈছিল।
“মই মোৰ
হাণ্ড্ৰেড পাৰ্চেণ্ট দিম ছাৰ। দেউতাৰ আধৰুৱা কামবোৰ মই শেষ কৰিব খোজো”।
আত্মবিশ্বাসেৰে অংকিতে মুখ খুলিছিল।
“তোমাৰ
দেউতাৰ আধৰুৱা প্ৰজেক্টকেইটাত হাত দিবলৈ তোমাৰ সময় হোৱা নাই অংকিত। সেইবোৰ কিছু
কঠিন আৰু জটিল। আমি আগতেও বহুত বাৰ সেই প্ৰজেক্ট কেইটাত হাত দিবলৈ চেষ্টা কৰিছোঁ।
কিন্তু বিশেষ প্ৰগ্ৰেছ হোৱা নাই”।
“মোক এবাৰ
সুযোগটো দি চাওক ছাৰ। মই এবাৰ চেষ্টা কৰি চাব খোজো”।
“তুমি ডক্তৰ
গণপতি আয়েংগাৰৰ প্ৰজেক্ট ধেমালি বুলি ভাবিছা নেকি? এতিয়াও বিভিন্ন আন্তৰ্জাতিক
বিজ্ঞান সংস্থাই তেওঁৰ প্ৰজেক্টৰ ডিটেইল বিচাৰি যোগাযোগ কৰি থাকে। কিন্তু আমি আমাৰ
গোপনীয়তা ৰক্ষা কৰিছোঁ। কাৰণ জেনেটিক বিজ্ঞানৰ আৱিষ্কাৰসমূহ অতি সংবেদনশীল। এই
প্ৰজেক্টবোৰৰ বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ ডাটা বেয়া মানুহৰ হাতত পৰিলে সৰ্বনাশ
হ’ব”। চৌধুৰীয়ে বুজাই দিলে।
“মই সেই কথা
বুজি পাওঁ ছাৰ। আপুনি মোৰ ওপৰত সম্পূৰ্ণ আস্থা ৰাখিব পাৰে। মোৰ বিশ্বাস আছে, মই
দেউতাৰ প্ৰজেক্ট শেষ কৰিব পাৰিম”।
অংকিতৰ মনৰ
দৃঢ়তা দেখি সুৰজিত চৌধুৰীৰ ভাল লাগিল। গণপতি আয়েংগাৰক চৌধুৰীয়ে কেইবছৰমান ছিনিয়ৰ
হিচাপে লগ পাইছিল। গণপতি ছাৰৰ কামৰ প্ৰতি থকা সমৰ্পন অংকিতে উত্তৰাধিকাৰী সূত্ৰে
পাইছে।
“অংকিত। মই
তোমাক নিৰাশ কৰিব খোজা নাই। তুমি চেষ্টা কৰি চোৱা। কিন্তু মই বহুত বেছ সময় তোমাক
দিব নোৱাৰিম। গতিকে তুমি কাম
সোনকালে আৰম্ভ কৰিব লাগিব”।
অংকিতৰ মুখত
হাঁহি বিৰিঙিল। তাৰ চকু দুটা আনন্দত চলচলীয়া হ’ল।
“আৰু এটা
কথা কৈ থওঁ অংকিত। তোমাৰ দেউতাৰ প্ৰজেক্ট কেইটা আৰম্ভ কৰিলে সকলোখিনি তুমি নিজেই
কৰিব লাগিব। সেই প্ৰজেক্ট কেইটাত তোমাক গাইড দিবলৈ কোনো যোগ্য ব্যক্তি এই
প্ৰতিস্থানটোত নাই। গতিকে চিন্তা কৰি চোৱা”। বুজনিৰ সুৰত চৌধুৰীয়ে ক’লে।
“আপুনি মোক
মাজে সময়ে পৰামৰ্শ দি থাকিলেই হ’ল। মোক আৰু বেলেগ গাইড নালাগে। মই সকলোখিনি কাম
নিজেই কৰিম। আপুনি মাথোন মোক অনুমতি দিয়ক”।
চৌধুৰীয়ে
অংকিতৰ দুচকুলৈ চালে। তাৰ চকু দুটা তিৰবিৰাই জ্বলি উঠিছে। এই তিৰবিৰনি তেওঁ চিনি
পায়। তেওঁৰ মনত বিশ্বাস জন্মিল এই ল’ৰাজন কোনো সাধাৰণ ল’ৰা নহয়। সি জীৱনত বহুদূৰ
আগুৱাই যাব। হয়তো গণপতি আয়েংগাৰতকৈও আগুৱাই যাব।
“তুমি তোমাৰ
দেউতাৰ প্ৰজেক্টৰ বিষয়ে কি জানা অলপ কোৱাচোন”, জেৰা কৰাৰ সুৰত চৌধুৰীয়ে ক’লে।
“দেউতাৰ এটা
বিশেষ প্ৰজেক্টৰ কথা মই ককাৰ মুখত শুনিছোঁ যিটো প্ৰজেক্টে অসমৰ পৰিস্থিতিয়েই সলনি
কৰি দিলে। আজি ত্ৰিশ বছৰমানৰ আগলৈ অসম এখত অশান্তি জৰ্জৰিত, নানান সমস্যাৰে
ভাৰাক্ৰান্ত ৰাজ্য আছিল। অসমীয়া মানুহে কষ্টকৰ কাম নকৰিছিল। আনন্দ উত্সৱতে বেছি
সময় খৰছ কৰিছিল। আন্দোলন, বিক্ষোভ
কৰিও মূল্যবান সময়ৰ অপব্যয় কৰিছিল। সেইকাৰণে অসমীয়া মানুহে বহিৰাগতৰ সন্মুখত
তিস্থিব পৰা নাছিল”।
চৌধুৰীয়ে
বিমুগ্ধ নয়নেৰে অংকিতৰ মুখলৈ চাই থাকিল। অংকিতৰ মুখৰ কথা কাঢ়ি তেওঁ ক’লে, “আৰু সেই
অৱস্থাৰ পৰা সম্পূৰ্ণ পৰিবৰ্তন হৈ মাত্ৰ ত্ৰিশটা বছৰতে অসমীয়া জাতি দেশৰ ভিতৰতে
এটা প্ৰভাৱশালী জাতি হৈ পৰিছে। সেইটো সম্ভৱ হৈছিল তোমাৰ দেউতাৰ এটা প্ৰজেক্টৰ
বাবে। সেই প্ৰজেক্টটো কৰি থাকোঁতেই ৰহস্যজনক ভাৱে তেওঁৰ মৃত্যু হৈছিল”।
অংকিতে
তলমূৰ কৰিলে। চৌধুৰীয়ে কৈ গ’ল, “এই
প্ৰজেক্টটোৱে যে সমগ্ৰ পৃথিৱীত জোকাৰণি তুলিব পাৰে সেই কথা তোমাৰ দেউতাই ভালদৰে
উপলব্ধি কৰিছিল। সেইকাৰেণে এই বিষয়ৰ সকলো কাগজ পত্ৰ তেওঁ কোনোবা গোপন ঠাইত
ৰাখিছিল। সেইখিনি আজিও উদ্ধাৰ হোৱা নাই। কিন্তু প্ৰজেক্টটোৰ কাৰণে কৰা লেবৰেটৰী
পৰীক্ষাবোৰৰ সবিশেষ আছে। সেই পৰীক্ষাৰ ডেটাবোৰৰ পৰা আমি তেওঁ উদ্ভাৱন কৰা জেনেটিক
ইঞ্জিনিয়াৰিঙৰ নতুন সুত্ৰটোৰ পাঠোদ্ধাৰ কৰিবলৈ বহুত চেষ্টা কৰিলোঁ। কিন্তু আমি
কোনেও নোৱাৰিলোঁ”।
“এইটো
প্ৰজেক্টতে মই কাম কৰিব খোজো ছাৰ। দেউতাই হয়তো একাংশ অসমীয়া মানুহৰ জেনেটিক কোড
সালসলনি কৰিছিল। কিন্তু সেয়া কেনেদৰে কৰিছিল মই জানিব খোজো। মোক আপুনি এই
প্ৰজেক্টটো কৰিব দিয়ক”, অনুনয়ৰ সুৰত অংকিতে ক’লে।
“ঠিক আছে
অংকিত। তুমি গণপতি ছাৰৰ প্ৰজেক্টটোত কাম কৰিব পাৰিবা। যিহেতু প্ৰজেক্টটোৰ সফলতাৰ
ওপৰত তোমাৰ ভৱিষ্যতৰ কেৰিয়াৰ নিৰ্ভৰ কৰিছে, গতিকে তুমি সাৱধানে কাম কৰিব লাগিব। মই
এতিয়াও কওঁ, আন এটা সহজ প্ৰজেক্ট লোৱা। এইটো প্ৰজেক্ট আগবঢ়াবলৈ গৈ আমি সদায়েই বিফল
হৈছোঁ। তুমি এনেকুৱা ৰিক্স নোলোৱাই ভাল”।
অংকিতে
মিচিকিয়াই হাঁহিলে। “মই পাৰিম ছাৰ। অসম্ভৱক সম্ভৱ কৰাটো এতিয়া মোৰ দ্বায়িত্ব”।
অংকিতৰ
আত্মবিশ্বাস দেখি চৌধুৰীৰ ভাল লাগিল। তেওঁৰ বিশ্বাস হ’লযে গণপতি আয়েংগাৰৰ সেই
বিশেষ প্ৰজেক্টটো অংকিতে আগবঢ়াই নিব পাৰিব।
তেওঁ বহি
থকা মেজৰ সোঁহাতে থকা পেনেলখনৰ এঠাইত সোঁহাতৰ আঙুলিটো লগালে। তেওঁ ষ্পৰ্শ কৰা
অংশটোত নীলা পোহৰ জিলিকি উঠিল। “ইযেছ ছাৰ। মই আপোনাৰ কি সহায় কৰিব পাৰোঁ”। এগৰাকী
মহিলাৰ কণ্ঠস্বৰ শুনা গ’ল।
“জেনিফাৰ,
তুমি মোৰ কোঠালৈ আহা, এতিয়াই”।
অংকিতে
প্ৰশ্নবোধক চাৱনিৰে চৌধুৰীলৈ চালে। সি অফিছত জেনিফাৰ নামৰ কাৰো লগত পৰিচিত হোৱা
নাই।
“জেনিফাৰ
মোৰ পাৰ্ছনেল এছিষ্টেণ্ট। কিন্তু তাই এজনী ৰব’ট। যন্ত্ৰ-মানৱী। তুমি হয়তো তাইক লগ
পোৱা নাই। অসম ৰব’টিক্স লিমিটেডত তাইকবছৰেকীয়া ছাৰ্ভিছিঙৰ কাৰণে পঠিয়াইছিলোঁ”,
চৌধুৰীয়ে ক’লে।
অলপ পাছতে
জেনিফাৰ সোমাই আহিল। জেনিফাৰে দুয়োকে সুপ্ৰভাত জনালে।
“জেনিফাৰ,
মিট ডিছ ইয়ং জেণ্টেলমেন। অংকিত আয়েংগাৰ। আমাৰ নতুন ৰিছাৰ্ছ স্কলাৰ”। চৌধুৰীয়ে
চিনাকী কৰি দিলে।
“হেল্লো’
অংকিত আয়েংগাৰ। আপোনাৰ লগত চিনাকী হৈ সুখী হ’লোঁ। মোৰ নাম জেনিফাৰ”। জেনিফাৰে
অংকিতৰ লগত কৰমৰ্দন কৰিলে।
চৌধুৰীয়ে
জেনিফাৰক আদেশ কৰিলে, “জেনিফাৰ, গণপতি আয়েংগাৰৰ ‘সঞ্জীৱনী’ প্ৰজেক্টটো বিচাৰি
উলিওৱা। তাৰ পাছত প্ৰজেক্টটো অংকিত আয়েংগাৰৰ নামত এল’ট কৰি দিয়া। লগতে সহায় কৰিবলৈ
নতুনকৈ অহা ৰিছাৰ্চ স্কলাৰ এজনক অংকিত আয়েংগাৰৰ সহযোগী কৰি দিয়া”।
“ৰিছাৰ্ছ
স্কলাৰ বোৰৰ নাম – সুলেখা, এলিজা, নিকিতা, চুজানা, প্ৰীতম, জেকব। কাক সহযোগী কৰি
দিম ছাৰ”? এটা যান্ত্ৰিক কণ্ঠেৰে জেনিফাৰে ক’লে।
“নিকিতা
বৰুৱাৰ নাম দিয়া”। অলপ ভাবি চৌধুৰীয়ে ক’লে।
“তোমাক সহায়
কৰিবলৈ নিকিতা বৰুৱা নামৰ ছোৱালীজনী থাকিব। তাই খুব ছিনচিয়াৰ ছোৱালী। লগতে আমাৰ
লেবৰেটৰী আৰু অফিছ ষ্টাফ আছেই। তুমি আজিৰ পৰাই কাম আৰম্ভ কৰিব পাৰিবা। ডেপুটি চীফ
ৰিচাৰ্ছ ছায়েণ্টিষ্ট সুব্ৰত বিশ্বাসৰ পৰা তুমি প্ৰজেক্টটোৰ খুতি নাতি জানি ল’বা।
অল দ্য বেষ্ট”। চৌধুৰীয়ে অংকিতক শুভেচ্ছা জনালে।
চৌধুৰীক
ধন্যবাদ জনাই কোঠাৰ পৰা ওলাই অংকিত তৃতীয় মহলাত থকা বিশ্বাসৰ কোঠালৈ গ’ল। ইতিমধ্যে
জেনিফাৰৰ পৰা অংকিত আহিব বুলি তেওঁ বাৰ্তা পালেই। অংকিতে অনুমতি লৈ সোমোৱাৰ লগে
লগে তেওঁ তাক আদৰণি জনাই বহিবলৈ দিলে।
শকতকৈ তপা
মানুহজনে ডাঠ মোঁচকোচাৰ তলেৰে হাঁহি মাৰি ক’লে, “তুমি কিন্তু ভাল সিদ্ধান্ত লোৱা
নাই অংকিত। পাছত পস্তাবা”। বিশ্বাসে নাক কোঁচাই ক’লে।
“পস্তাম?
কিন্তু কিয়”?
“এই
প্ৰজেক্টটো কালিকা লগা। যিয়েই কামটো হাতত লয়, তেওঁৰে কিবা নহয় কিবা অঘটন হয়েই।
আয়ংগাৰ ছাৰৰ কি হ’ল তুমি জানাই। এই প্ৰজেক্টটো আৰম্ভ কৰাৰ পাছতে তেওঁ ছুইছাইড কৰিলে। ছাৰৰ পাছত শ্ৰীনিবাস ৰাও
নামৰ এজনে প্ৰজেক্টটো লৈছিল। তিনিমাহৰ পাছতে তেওঁ হাৰ্ট এটেক হৈ ঢুকাল। তাৰ পাছত
বিভাস মাথুৰ আহিছিল। তেওঁৰ গোটেই ফেমিলি এক্সিডেণ্ট হৈ শেষ হৈ গ’ল। তাৰ পাছত অহা
সুকুমাৰ বেনাৰ্জীৰ পেৰালাইছিছ হ’ল। তাৰ পাছত আহিল ৰাহুল গগৈ, তেওঁৰ কেঞ্চাৰ হ’ল।
ময়ো কেইদিনমান আছিলোঁ। সেই কেইদিনতে মোৰ
শ্ৰীমতী ঢুকাল। সেইবোৰ কাৰণতে এই প্ৰজেক্টটোত কোনেও হাত নিদিয়ে। মোৰ কথা শুনা,
অন্য প্ৰজেক্ট লোৱা। আৰু বহুত প্ৰজেক্ট আছে। মই তোমাক সহায় কৰিম”। তেওঁ অনৰ্গল কৈ গ’ল।
“কিন্তু
ছাৰ। মই মন ঠিক কৰিছোঁ, দেউতাৰ প্ৰজেক্ট কেইটাহে কৰিম। যিমানেই বিপদ নহওক কিয়”।
অংকিতে দৃঢ়তাৰে ক’লে।
“তোমাক
সাৱধান কৰাটো মোৰ ডিউটি। গতিকে কথাখিনি ক’লোঁ। এতিয়া তোমাৰ কথা। ব’লা মই তোমাক
যিখিনি বস্তু আছে দেখুৱাই দিওঁ। তোমাৰ লগত নিকিতাক দিছে। তাইকো মাতি দিওঁ”। এই
বুলি মানুহজন খপজপকৈ কোঠাৰ পৰা ওলাই গ’ল পাছে পাছে অংকিত।
অংকিতক
প্ৰজেক্টটোৰ ইটো সিটো দেখুৱাই বিশ্বাসে ক’লে, “এইখন চকীতে বহি তোমাৰ দেউতাই কাম
কৰিছিল। আৰু এইখিনি ঠাইতে তেওঁৰ মৃত্যু হৈছিল”। অংকিতে চকীখনত হাত ফুৰাই চালে। যেন
সেই সৰুতে হেৰুওৱা দেউতাকৰ দেহৰ পৰশ অনুভৱ কৰিবলৈ চেষ্টা কৰিলে।
Comments
Post a Comment