খণ্ড ২১



পিছে নিকিতাই বিচাৰি থকা ধৰণৰ বস্তু তাত নাপালে। তাই চুজানা আৰু এলিজাৰ কাৰণে অলপ নতুন ফেছনৰ কাপোৰ নিব খুজিছিল। কিন্তু ফ্ল’টিং মাৰ্কেটত তেনে কাপোৰ নাপালে। তেনে কাপোৰ বিচাৰি থাকোঁতে এগৰাকী মহিলাই পানীৰ মাজতে থকা এখন ডাঙৰ নাওলৈ আঙুলিয়ালে।
সেইখন এখন বিশেষ বজাৰ। মাটিৰ তলৰ বজাৰ। ফ্লোটিং মাৰ্কেটলৈ অহা বিদেশী পৰ্যটকৰ আকৰ্ষণৰ কাৰণে মাটিৰ তলত আন এখন আধুনিক বজাৰ গঢ়ি তোলা হৈছে। নাৱৰ পৰাই খটখটীৰে নামি পানীৰ তললৈ যাব পাৰি। দুয়ো সেই নাওখনৰ পৰা পানীৰ তলত থকা বিশাল বজাৰ এখনত প্ৰৱেশ কৰিলে।
সেইখন পানীৰ তলত থকা এখন অত্যাধুনিক ছপিং মল। কাপোৰ, অলংকাৰ, পুতলা, ইলেক্ট্ৰনিক সামগ্ৰীৰে উপচি আছে। এটা বিপনীত নিকিতাই চুজানা আৰু এলিজাৰ বাবে পোছাক বিচাৰিলে। দোকানীজনে নিকিতাৰ মোবাইল ফোনৰ পৰা চুজানা আৰু এলিজাৰ দুখন ডিজিটেল ফটো সংগ্ৰহ কৰিলে। সেই ফটো এটা বিশেষ বাকচৰ ভিতৰত থকা মেনেকুইন দুটালৈ ৱাই ফাইৰে ট্ৰান্সফাৰ কৰিলে। অলপ সময়ৰ ভিতৰতে সেই মেনেকুইন দুটাৰ এটা চুজানাৰ আৰু এটা এলিজাৰ প্ৰতিমূৰ্তিলৈ পৰিৱৰ্তিত হ’ল। নিকিতা আচৰিত হ’ল। গুৱাহাটীত এই ব্যৱস্থা এতিয়াও হোৱা নাই।
নিকিতাই পচণ্ড হোৱা পোছাক হাতত তুলি ল’লেই সেই পোছাকটো প্ৰতিমূৰ্তিৰ গাত দেখিবলৈ পোৱা গ’ল। পোছাকটো চুজানা আৰু নিকিতাই পিন্ধিলে কেনে দেখাব নিকিতাই প্ৰতিমূৰ্তি দুটা চায়েই বুজিব পাৰিলে। তাই নিজেও দুযোৰমান ট্ৰায়েল ৰুমত পিন্ধি চালে।
বিভিন্ন পোছাকৰ ছবি সেই প্ৰতিমূৰ্তি দুটাৰ গাত প্ৰ’জেক্ট কৰি চাই অৱশেষত তাই দুযোৰ ড্ৰেছ পচন্দ কৰিলে। নিজৰ কাৰণেও পোচাক এজোৰ ল’লে। অংকিতে নিকিতাৰ কাপোৰ পচন্দ কৰা কামটো চাই বৰ আমোদ পালে।
অংকিতে মাকৰ কাৰণে জোতা এজোৰ আৰু ককাকৰ কাৰণে এটা কপাহী চাৰ্ট ল’লে।
“তুমি নিজৰ কাৰণে একো নোলোৱা অংকিত”? নিকিতাই সুধিলে।
“মোৰ প্ৰয়োজন নাই। প্ৰয়োজনীয় সকলো বস্তু মোৰ লগত আছেই”। অংকিতে ক’লে।
“যদি আমেৰিকালৈ যোৱা, তোমাক এটা ভাল গৰম জেকেট লাগিব অংকিত। মই তোমালৈ এটা জেকেট লওঁ। সেইটো পিন্ধিলে অন্তত: মোৰ কথা কেতিয়াবা মনত পৰিব”, নিকিতাৰ মুখখন হঠাতে কৰুণ হৈ গ’ল।
অংকিতে কিছুসময় নিকিতাৰ মুখলৈ চাই থাকিল। সি অনুভৱ কৰিলে, নিকিতা নাথাকিলে তাৰো কষ্ট হ’ব। তাই তাৰ ৰিছাৰ্চ পাৰ্টনাৰেই নহয়, তাৰ বিষয়ে সকলো কথা অনুভৱ কৰা এগৰাকী ভাল বান্ধবীও হৈ পৰিছে। তেনে এগৰাকী বান্ধবীৰ তাৰ জীৱনত প্ৰয়োজন আছে।

Comments

Popular posts from this blog

খণ্ড ১