খণ্ড ২
বেলতলাৰ আণ্ডাৰ গ্ৰাউণ্ড মেট্ৰ’ ষ্টেছনত নামি চলিহাই দেখিলে
প্লেটফৰ্মত থকা ডাঙৰ ডাঙৰ স্ক্ৰীণবোৰত বতৰৰ সকীয়নি দি আছে। সোনকালেই ধুমুহা এজাক
অহাৰ সম্ভাৱনা আছে।
চলমান চিৰিৰে চলিহা ওপৰলৈ উঠি আহিল। প্ৰৱেশদ্বাৰৰ কাষত থকা
ৱেইটিং এৰিনাত মানুহৰ ভীৰ। হয়তো বতৰ বেয়া হৈ অহাৰ বাবে মানুহে ওলাই নগৈ সেইখিনিতে
ভীৰ কৰিছে। ধুমুহাৰ সময়ত এই ঠাইবোৰ মুকলিতকৈ বহুত নিৰাপদ।
চলিহা নৰ’ল। তেওঁ বাহিৰলৈ ওলাই আহিল। ওখ ওখ অট্টালিকাবোৰে
ঢাকি ৰখা আকাশেও দক্ষিণ পশ্চিম দিশত চমকি থকা বিজুলীক ঢাকি ৰাখিব পৰা নাই। ওলাই
আহোঁতে সেইঠাইত কৰ্তব্যৰত মহিলা সুৰক্ষাকৰ্মী এগৰাকীয়ে তেওঁক সাৱধান কৰি দিলে, “এই
সময়ত বাহিৰলৈ ওলাই যোৱাটো নিৰাপদ নহয়। আপুনি ভিতৰতে কিছুসময় অপেক্ষা কৰা উচিত”।
চলিহাই হাঁহি মাৰি মানুহগৰাকীলৈ চালে। তেওঁৰ কথাৰ ঠাঁচৰ পৰা
বুজিব পাৰিলেযে তেওঁৰ পূৰ্ব পুৰুষ হয়তো বাংলাদেশৰ পৰা আহিছিল। বাংলাদেশৰ পৰা কামৰ
সন্ধানত মানুহ অসমলৈ আহে। তেওঁৰ মনত পৰিল এসময়ত বাংলাদেশীৰ বিৰুদ্ধে হোৱা গণ
জাগৰণৰ কথা। কিন্তু পাছলৈ সেই মানুহখিনিয়েই অসমৰ বিকাশৰ কাৰণে সম্পদ হৈ পৰিল।
“মোৰ ঘৰ ওচৰতে। ধুমুহাজাক অহাৰ আগতেই ঘৰ পাই যাম”, এই বুলি
কৈ তেওঁ ফুটপাথৰ দাঁতিত থকা কেব পইণ্টলৈ আগবাঢ়ি গ’ল।
কেব পইণ্টত সাধাৰণতে কেইবাখনো কেব যাত্ৰীৰ কাৰণে ৰৈ থাকে।
কিন্তু চলিহাই ইফালে সিফালে চাই এখনো নেদেখিলে।
অংকিতে সাৱধান কৰি থোৱা ধুমুহাজাক আহিবলৈ ধৰিছে। বতাহৰ বেগ
যথেষ্ট বৃদ্ধি হৈছে। গছৰ শুকান পাত আৰু ঠানি উৰি আহি বাটত পৰিছে।
ষ্টেছনৰ পৰা চলিহাই বাস কৰা ‘গুড লাইফ এপাৰ্টমেণ্ট
কম্প্লেক্স’লৈ প্ৰায় ডেৰ কিল’মিটাৰ বাট। আন দিনা এইখিনি বাটতেওঁ খোজ কাঢ়িয়েই যায়।
কিন্তু বতৰ বেয়া হৈ অহা বাবে তেওঁৰ খোজ কাঢ়ি যাবলৈ অলপ শংকা হ’ল। মুষলধাৰ বৰষুণ
এজাক আহোঁ আহোঁ কৰিছে। তিতি বুৰি ঘৰ সোমালে গীতিৰ গালি খাব লাগিব।
সাধাৰণতে তেওঁ বৰষুণৰ সম্ভাৱনা থাকিলে লগত ৰেইন চেফ
কাভাৰ-অল এটা লৈ আহে। মাইক্ৰ’ ছাইজ পলিথিনেৰে বনোৱা কাভাৰ-অলটো তেওঁ পকেটতে কঢ়িয়াই
লৈ ফুৰে। কিন্তু ৰাতিপুৱা বতৰৰ সবিশেষ লৈ নাহিল কাৰণে কাভাৰ-অলটো অনা নহ’ল।
চলিহাই এঠাইত ৰৈ হাতঘড়ীটোৰ ডায়েল খনৰ সোঁকাষে থকা বুটাম এটা
টিপি ঘড়ীটো মুখৰ ওচৰলৈ আনি “গীতি” বুলি ক’লে। গীতিৰ নম্বৰটো ডায়েল হোৱাৰ সংকেট
আহিল। অলপ পিছতে ডায়েল খনত গীতিক দেখা গ’ল।
“দেউতা, তুমি ক’ত আছা। মই তোমালৈ ফোন কৰি আছোঁ। নেটৱৰ্ক
বেয়া হৈ আছে নেকি? এবাৰো ফোন যোৱা নাই”। গীতিয়ে উত্কণ্ঠাৰে ক’লে।
“মই টিউবত আহি এইমাত্ৰ পাইছোহি। হয়তো টিউবত নেটৱৰ্ক নাছিল।
এতিয়া বেলতলা মেট্ৰ’ ষ্টেছনৰ বাহিৰত কেব পইণ্টত ৰৈ আছোঁ। কেব এখন লৈ গৈ আছোঁ।
চিন্তা নকৰিবা”।
“সোনকালে আহা। বৰষুণ দিবই এতিয়া”।
চলিহাই কেব এখন বিচাৰিলে। ৰাষ্টাত এখনো দেখিবলৈ নাই। হয়তো
বতৰ বেয়া হোৱা কাৰণে কেববোৰ মানুহে লৈ গ’ল। তেওঁ আকৌ হাতঘড়ীটো উলিয়ালে। বুটাম এটা
টিপি ‘get me a
cab’ বুলি ক’লে। লগে লগে এটা সেউজীয়া লাইট জ্বলি উঠিল। তাৰ মানে কেব পোৱাৰ সম্ভাৱনা আছে।
যান্ত্ৰিক কণ্ঠই সুধিলে, ‘destination’? তেওঁ
ক’লে, ‘গুড লাইফ এপাৰ্টমেণ্ট’।
অলপ সময়ৰ পিচতে ডায়েল খনত এখন মেপ
জিলিকি উঠিল। এটা নীলা কণমানি লাইট দিশপুৰ লাষ্ট গেটৰ দিশৰ পৰা বেলতলা মেট্ৰ’
ষ্টেছনৰ পিনে আগুৱাই অহা দেখা গ’ল।
কেবখন আহি ওচৰ পোৱাৰ লগে লগে কেবৰ নম্বৰটো ডায়েল খনত জিলিকি
উঠিল। চলিহাই নম্বৰটো মিলাই চাই নিশ্চিত হ’ল যে তেওঁ সদস্যভুক্ত হৈ থকা চিটী কেব
নেটৱৰ্ক নামৰ সংস্থাটোৰ পৰা সেই কেবখন আহিছে। তেওঁৰ মুখত হাঁহি বিৰিঙি উঠিল।
“গুড ইভিনিং। আজি হঠাতে বতৰটো বেয়া হৈ গ’ল”, কেবখনত বহি
চলিহাই চালকৰ আসনত বহি থকা মহিলাগৰাকীক সম্ভাষণ জনাই ক’লে।
চলিহাই মহিলাগৰাকীলৈ চালে। প্ৰায় চল্লিশ বছৰ বয়সীয়া এগৰাকী
খাছী মহিলা। তেওঁ খাছীসকলৰ পৰম্পৰাগত পোছাক জেইনছেম পিন্ধিয়েই গাড়ী চলাইছে।
মহিলাগৰাকীয়ে তেওঁৰ পিনে চাই হাঁহিলে। তেওঁ ক’লে - “গুড ইভিনিং ছাৰ। মই গণেশগুৰিৰ
পিনে গৈ আছিলোঁ। তাত এটা ফেমিলি আমাৰ কোম্পানীৰ কেবৰ বাবে ৰৈ আছে। আপুনি আমাৰ
কোম্পানীৰ সন্মানীয় সদস্য হোৱা বাবে মোক ততাতৈয়াকৈ গাড়ী ঘূৰাই ইয়ালৈ আহিবলৈ ক’লে।
আপোনাক নমাই মই আকৌ গণেশগুৰিলৈ যাম”।
“আজি কেব কম নেকি? এনেকুৱাতো সাধাৰণতে নহয়”।
“আপুনি গম পোৱা নাই নেকি ১২০ কিল’মিটাৰ বেগত চাইক্ল’ন
বৰদৈচিলা আহি আছে। চাৰে আঠমান বজাত গুৱাহাটীৰ ওপৰেৰে পাৰ হ’ব। খুব বৰষুণ হ’ব।
টিভিত ৱাৰ্ণিং দি আছে। মানুহক ঘৰৰ ভিতৰত থাকিব কৈছে। সেইকাৰনে কেব কমকৈ চলিছে। ময়ো নেক্সট কাষ্টমাৰক নমাই ঘৰলৈ যাম”। মহিলা গৰাকীয়ে গাড়ী চলাই
থাকোঁতে কৈ গ’ল।
চলিহাই বুজিলে অংকিতে কি কাৰণে তেওঁক সোনকালে ঘূৰি আহিবলৈ
কৈছিল। কথা গুৰুতৰ নহ’লে সি এইদৰে সাৱধান কৰি নিদিয়ে। কেবখনৰ এফ এম ৰেডিঅ’তো বাবে
বাৰে কৈ আছে আহিবলগীয়া ধুমুহাজাকৰ কথা।
বাহিৰলৈ চাই যাওঁতে চলিহাই দেখিলে ধুমুহা জাকৰ আগতীয়া
ৱাৰ্ণিং আহি থকাৰ বাবে সদাব্যস্ত গুৱাহাটী মহানগৰী হঠাতে যেন থমকি ৰৈছে। দোকান
পোহাৰবোৰ সোনকালে বন্ধ হৈছে। মানুহৰ আহ-যাহ কমিছে। আগতেও ধুমুহা আহিছিল। কিন্তু
ধুমুহাৰ আগতেই সকলো থমকি ৰোৱা নাছিল। এতিয়া বিজ্ঞানৰ যুগত মানুহক যেন প্ৰয়োজনতকৈ
অধিক ভীতিগ্ৰস্থ কৰা হয়। চলিহাই ভাবিলে।
তিনি মিনিটমানৰ ভিতৰতে চলিহা তেওঁৰ এপাৰ্টমেণ্ট থকা
অট্টালিকাটোৰ চৌহদত উপস্থিত হ’ল।দশম মহলাত আছে তেওঁৰ তিনিটা বেডৰুম থকা ফ্লেটটো। তেওঁ কেবৰ পৰা নমাৰ সময়ত অলপ অলপ বৰষুণ আৰম্ভ হ’লেই। আকাশৰ বিজুলী চমকিছে।
লগতে গুৰুম গুৰুম শব্দ।
কেবখন বিদায় দি চলিহাই অট্টালিকাটোৰ ভিতৰলৈ সোমাই গ’ল।
প্ৰহৰীজনে তেওঁক সম্ভাষণ জনালে।
“ছাৰ আপুনি একদম ভাল টাইমত আহি পালে। ধুমুহা আৰম্ভ হ’বই”।
অমায়িক, ভদ্ৰ ল’ৰাজনৰ নাম ছুলেইমান। তাৰ ঘৰ হোজাইত। দুবছৰৰ
পৰা গুড লাইফ এপাৰ্টমেণ্টচত প্ৰহৰীৰ চাকৰি কৰিছে।
“তুমি সাৱধানে থাকিবা। ধুমুহা আহিলে ঘৰৰ ভিতৰত থাকিবা”,
চলিহাই ছুলেইমানক সাৱধান কৰি দিলে।
দ্ৰুতগতিৰ লিফটত উঠি কেই ছেকেণ্ড মানতে চলিহা তেওঁৰ ফ্লেট
পালেগৈ। তেওঁ ফ্লেটৰ দুৱাৰৰ সন্মুখত ঠিয় হোৱাৰ লগে লগে ভিতৰত স্বয়ংক্ৰিয় ভাবে কলিং
বেলটো বাজি উঠিল। তেওঁৰ হাতঘড়ীটোৰ পৰা নিৰ্গত হোৱা আলট্ৰাছনিক ৱেভৰ ফ্ৰিকুৱেঞ্চি
কলিং বেলটোৰ লগত টিউনিং কৰি থোৱা আছে। তেওঁক ৰেঞ্জত পালে বন্ধ দুৱাৰৰ কলিং বেলটো
আপোনা আপুনি বাজি উঠে।
গীতিয়ে দুৱাৰ খুলিলে। “দেউতা, তুমি ভাগ্যে বৰষুণ জোৰেৰে
দিয়াৰ আগতেই আহি পালা। চাইক্ল’ন আহিছে। গুৱাহাটীত অহা ২৪ ঘণ্টাত ১০০ মিলিমিটাৰ
বৰষুণ হ’ব”।
“আজি মোৰ বৰষুণত তিতিবৰহে মন গৈছিল। বহুদিন বৰষুণত তিতা
নাই”। চলিহাই ঘৰৰ ভিতৰলৈ সোমাই ধেমালি কৰি ক’লে।
“দেউতা, আজি তুমি ‘চেল ৰিভাইটেলাইজেচন থেৰাপি’ লৈ আহিছাহে।
এই সময়ত তোমাৰ ইমিউনিটি লেভেল কিমান কম হৈ থাকে তুমি নিজেই জানা। আজি বৰষুণত
তিতিলে কি হ’লহেতেন ভাবাচোন। মই ইমানকৈ কৈ থাকোঁ য’লৈকে যোৱা ৰেইন চেফ কাভাৰ-অলটো
লৈ যাবা। সেইটোও ঘৰতে থৈ গৈছা। মোৰ কথা কিয় নুশুনা তুমি”? গীতিয়ে দেউতাকক মৃদু ধমক দিলে।
চলিহাই জোতাযোৰ খুলি ছোফাত আৰামকৈ বহি ল’লে। “ৰাতিপুৱা ওলাই
যাওঁতে বতৰ কেনেকুৱা হ’ব চাই নগ’লোঁ নহয়। সেই কাৰণে কাভাৰ-অলটো নিবলৈ পাহৰি
থাকিলোঁ”।
“তুমি থেৰাপি ল’বলৈ গ’লে এইখিনি সাৱধানতা লবই লাগিব দেউতা।
মইতো সকলোপিনে চকু ৰাখিব নোৱাৰোঁ”। গীতিয়ে অভিযোগৰ সুৰত ক’লে।
“এই থেৰাপি কৰি তোমাৰ দেউতাৰাক আৰু কিমান দিন জীয়াই ৰাখিম
বুলি ভাবিছা? কৃত্ৰিম ভাৱে আৰু কিমান দিন ডেকা হৈ থাকিম কোৱাচোন”? চলিহাই ক’লে।
“যিমান দিন সম্ভৱ তোমাক জীয়াই ৰাখিম দেউতা। অংকিতে কৈছে তাৰ ৰিছাৰ্চৰ বাবেও তুমি জীয়াই থাকিব লাগিব”।
চলিহাই ছোফাত মূৰটো পেলাই চকু দুটা মুদি দীঘলকৈ উশাহ ল’লে।
“বিজ্ঞানে বহুত প্ৰগতি কৰিলেও এতিয়াও মানুহক অমৰত্ব দিব পৰা
নাই। সেয়াই হ’ল বিজ্ঞানৰ সীমাবদ্ধতা। মৃত্যু বিলম্ব কৰিব পাৰি, কিন্তু নাইকীয়া
কৰিব নোৱাৰি”। চলিহাই নিজকে কোৱাৰ দৰে ক’লে।
“দেউতা, এইবোৰ কথা কিয় কৈ আছা? অংকিতে তোমাক সোনকালে মৰিব
নিদিয়ে”।
“কথাটো বৰ ইণ্টাৰেষ্টিং”। আৰামকৈ বহি লৈ চলিহাই ক’লে, “অংকিতে তাৰ গৱেষণাৰ বাবে মোক মৰিবলৈ নিদিয়ে
নহয়নে”?
“দেউতা, ৰিছাৰ্ছ স্কলাৰ হ’বলৈ তুমিয়েইতো তাৰ প্ৰেৰণা
দিছিলা। তুমিয়েই তাক দেউতাকৰ প্ৰজেক্ট কেইটাত গৱেষণা কৰিবলৈ কৈছিলা। মোৰতো একেবাৰে মন নাছিল”। গীতিয়ে অভিযোগৰ সুৰত ক’লে।
“সি দেউতাকৰ দৰে খুব ব্ৰিলিয়েণ্ট ল’ৰা। মই জানো সি তাৰ
ৰিছাৰ্চত সফল হ’বই। মই মোৰ শৰীৰটোকে তাৰ ৰিছাৰ্চৰ কাৰণে সমৰ্পন কৰিছোঁ” চলিহাই
হাঁহি মাৰি ক’লে।
“দেউতা, সি মোক কৈছে, তাৰ ৰিছাৰ্চৰ কাৰণে তোমাৰ কোনো ক্ষতি
নহয়। তুমি ভালেৰেই থাকিবা। সি মাথোন তোমাৰ শৰীৰৰ কোষৰ পৰা ডি এন এ সংগ্ৰহ কৰি তাৰ
পৰা ইনফ’ৰ্মেছন লব”।
“মই আপত্তি কৰা নাই। তুমিতো জানাই, তাৰ দেউতাকৰ দৰে মোৰো
সপোন আছিল সি এদিন এনে এটা বিখ্যাত আৱিষ্কাৰ কৰিব যে সমগ্ৰ বিশ্বই আচৰিত হৈ যাব।
এই সপোন পূৰণৰ বাবে যিকোনো ত্যাগ কৰিবলৈ মই প্ৰস্তুত”। কথাখিনি কৈ চলিহা আবেগিক হৈ
গ’ল।
গীতিয়ে দেউতাকৰ ডিঙিত সাবটি ধৰিলে। “তোমাৰ আৰু অংকিতৰ
বাহিৰে মোৰ আৰু কোন আছে কোৱাচোন? মই তোমালোক দুয়োকে ভালে কুশলে থকাটো বিচাৰোঁ”।
তাইৰ চকু চলচলীয়া হ’ল।
চলিহাৰো চকুযুৰি সেমেকি গ’ল। গীতি আৰু অংকিতৰ বাহিৰে তেওঁৰো
আৰু কোনো নাই।
“অংকিত ক’ত। সি এতিয়াও পোৱাহি নাই নেকি”? চলিহাই সুধিলে।
“ঘৰতে আছে। সি এতিয়া শুইছে। আজি ৰাতি সি সাৰে থাকিব। তাৰ
হেনো বহুত কাম কৰিবলগীয়া আছে। আমেৰিকাৰ প্ৰফেছৰ এজনৰ লগত কিবা আলোচনা কৰিব। সি আজি
ওৰেৰাতি কাম কৰিব বুলি কৈছে”।
“তুমি তাৰ স্বাস্থ্যৰ যত্ন ল’বা। শৰীৰটো ভালে থাকিলেহে সি
ভাল কাম কৰিব পাৰিব”।
“মই তাৰ সকলোখিনি চোৱা চিতা কৰোঁৱেই। কিন্তু সি ইমানেই ব্যস্ত থাকেযে আন কামৰ কাৰণে তাৰ সময়েই নাথাকে। সন্ধিয়া অলপ
খেলা ধূলা কৰিলেও ভাল”।
“সন্ধিয়া মোৰ লগত এক ছেট টেনিছ খেলিলেও হৈ যায়। মই তাক
ক’ম”। চলিহাই ক’লে।
“দেউতা তুমি ফ্ৰেছ হৈ লোৱা”।
গীতিয়ে চাহ, জলপান যতনাই থৈছিল। চলিহাই হাত ভৰি কেইটা ধুই
ডাইনিং টেবুলত বহিল।
“আজি মেট্ৰ’ত অংকিতৰ লগৰ ছোৱালী এজনীক লগ পাইছিলোঁ। মোৰ লগত
নিজে চিনাকী হ’ল। নামটো কি আছিল জানো। অ’ নিকিতা”। চলিহাই মনত পেলাই ক’লে।
“তাৰ মুখত নামটো শুনিছোঁ। কেইবাজনীও ছোৱালীয়ে একেলগে কাম
কৰে বুলি কৈছিল সি”।
“সি হেনো কেতিয়াও কাকো একো নুখুৱায়, ট্ৰীট নিদিয়ে।
ছোৱালীজনীয়ে অভিযোগেই কৰিলে বুজিছানে”? চলিহাই হাঁহি মাৰি ক’লে।
“দেউতা, অংকিত নিজৰ কামত ইমানেই ব্যস্ত হৈ থাকে যে মোৰ
চিন্তা হয়, সি তাৰ একে বয়সৰ ল’ৰা ছোৱালীবোৰৰ লগত মিলিব পাৰিবনে নাই”। গীতিয়ে
চিন্তা কৰি ক’লে।
“নাই নাই। তাক তেনে হ’বলৈ দিব নোৱাৰি। সি এটা নৰ্মেল লাইফ
পাব লাগিব। কেৱল পঢ়া শুনা কৰা, ৰিছাৰ্চ কৰাই মানুহৰ জীৱন হ’ব নোৱাৰে। উই মাষ্ট
হেল্প হিম”। চলিহাযেন অলপ উত্তেজিত হৈ উঠিল।
“দেউতা, তুমি শান্ত হৈ থাকা। তোমাৰ ব্লাড প্ৰেছাৰ বাঢ়িব”,
গীতিয়ে দেউতাকৰ গাত ধৰি ক’লে।
“তাৰ দেউতাক গণপতিয়ে লেবত সোমাই সোমায়েই জীৱন পাৰ কৰিলে।
তুমি ভাবানে গণপতিয়ে এটা নৰ্মেল জীৱন কটাইছিল”? চলিহাৰ উশাহ ঘন হ’ল।
গীতিৰ মুখখন বিবৰ্ণ হ’ল। গণপতি দেউতাকৰ চকুত এজন
পৰীক্ষাগাৰত সোমাই থকা বিজ্ঞানী হ’লেও তাইৰ চকুত এজন তেজ মঙহৰ মানুহেই আছিল। তাই
গণপতিক কেতিয়াও নৰ্মেল নহয় বুলি ভবা নাছিল। মাজে মাজে দেউতাকে গণপতিৰ বিষয়ে কৰা
কিছুমান মন্তব্যই তাইৰ বুকু ভেদি যায়।
“তেওঁৰ কথা এতিয়া নুলিয়াবা দেউতা। তেওঁৰ বহুত কিবা কিবি কৰাৰ সপোন আছিল। কিন্তু ঈশ্বৰে তেওঁক সেই সুযোগ নিদিলে”,
গীতিৰ মাতটো গদগদীয়া হ’ল।
“তুমি ঠিকেই কৈছা গীতি। সেই কাৰণেই মই অংকিতে দেউতাকৰ
আধৰুৱা কামখিনি শেষ কৰাটো বিচাৰোঁ। গণপতিৰ সপোনবোৰ পূৰণ কৰিব খোজো”
গীতিৰ চকু দুটা চলচলীয়া হৈ উঠিল। “অংকিতে পাৰিবনে দেউতা”?
“সি পাৰিব। মই তাৰ দক্ষতাৰ কথা জানো। কিন্তু মই তাক যন্ত্ৰ
হোৱটো নিবিচাৰোঁ । সি প্ৰথমতে এজন মানুহ হ’ব লাগিব, তাৰ পাছতহে সি বিজ্ঞানী হ’ব
পাৰিব”। চলিহাই গীতিৰ কান্ধত হাত থৈ ক’লে।
চলিহাৰ খোৱা শেষ হৈছিল। তেওঁ বিশ্ৰাম কৰিবলৈ নিজৰ কোঠালৈ
খোজ ল’লে।
Comments
Post a Comment