Posts

খণ্ড ১

২০৭১ চনৰ ১৫মে ’ উত্তৰ গুৱাহাটী ‘লুইতৰে পানী যাবি অ’ বৈ, লুইতৰে পানী যাবি অ’ বৈ’। ৰূপকোৱঁৰ জ্যোতিপ্ৰসাদ আগৰৱালাই সেই তাহানিতে কৈ যোৱাৰ দৰে যুগ যুগান্তৰ ধৰি লুইতৰ পানী বৈ আছে। একেদৰে, নিৰন্তৰ। লুইতৰ পাৰলৈ আহি আজিও অন্তৰত পৰম তৃপ্তি লাভ কৰে সুকান্ত চলিহাই। সৰুতেই শুনা জ্যোতি সংগীতৰ কলি তেওঁৰ মনলৈ আহে।পৰিবৰ্তনশীল জীৱনত এনে খুব কম বস্তু আছে, যিবোৰে মানুহক চিৰকাল আনন্দ দিব পাৰে। লুইতৰ পানীতো যেন আছে তেনে এক অমোঘ শক্তি। আন সকলো সলনি হ’লেও লুইতৰ পানীক জানো কোনোবাই সলনি কৰিব পাৰিব? চলিহাৰ মনত পৰে, উত্তৰ গুৱাহাটীৰ এইখিনিতে তাহানিতে এটা ফেৰীঘাট আছিল। এই ফেৰীঘাটটোৰে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত ফেৰী চলিছিল । গুৱাহাটীৰ পৰা মানুহ দৌল গোবিন্দ মন্দিৰলৈ আহিছিল। এতিয়া এই ঠাইত মাটি আৰুপানীৰ তলেৰে যোৱা ৰে’লৰ আণ্ডাৰগ্ৰাউণ্ড ষ্টেচন আছে। লগতে গঢ়ি উঠিছে এখন ৱাটাৰ ষ্পোৰ্টচ পাৰ্ক। পানীৰ ওপৰত আৰু তলত খেল ধেমালিৰ এখন বেলেগ জগত। ৱাটাৰ স্কুটাৰ, আণ্ডাৰ ৱাটাৰ ৱাকিং, স্কুবা ডাইভিং, ষ্পীড বোটিং সকলো ব্ৰহ্মপুত্ৰৰ পানীতে হয়। কৃত্ৰিম ভাৱে পানীৰ গভীৰতা বৃদ্ধি কৰি এইখিনিতে গঢ়ি তোলা হৈছে সাগৰ সদৃশ পৰিৱেশ। চ

খণ্ড ২

বেলতলাৰ আণ্ডাৰ গ্ৰাউণ্ড মেট্ৰ’ ষ্টেছনত নামি চলিহাই দেখিলে প্লেটফৰ্মত থকা ডাঙৰ ডাঙৰ স্ক্ৰীণবোৰত বতৰৰ সকীয়নি দি আছে। সোনকালেই ধুমুহা এজাক অহাৰ সম্ভাৱনা আছে । চলমান চিৰিৰে চলিহা ওপৰলৈ উঠি আহিল। প্ৰৱেশদ্বাৰৰ কাষত থকা ৱেইটিং এৰিনাত মানুহৰ ভীৰ। হয়তো বতৰ বেয়া হৈ অহাৰ বাবে মানুহে ওলাই নগৈ সেইখিনিতে ভীৰ কৰিছে। ধুমুহাৰ সময়ত এই ঠাইবোৰ মুকলিতকৈ বহুত নিৰাপদ। চলিহা নৰ’ল। তেওঁ বাহিৰলৈ ওলাই আহিল। ওখ ওখ অট্টালিকাবোৰে ঢাকি ৰখা আকাশেও দক্ষিণ পশ্চিম দিশত চমকি থকা বিজুলীক ঢাকি ৰাখিব পৰা নাই। ওলাই আহোঁতে সেইঠাইত কৰ্তব্যৰত মহিলা সুৰক্ষাকৰ্মী এগৰাকীয়ে তেওঁক সাৱধান কৰি দিলে, “এই সময়ত বাহিৰলৈ ওলাই যোৱাটো নিৰাপদ নহয়। আপুনি ভিতৰতে কিছুসময় অপেক্ষা কৰা উচিত”। চলিহাই হাঁহি মাৰি মানুহগৰাকীলৈ চালে। তেওঁৰ কথাৰ ঠাঁচৰ পৰা বুজিব পাৰিলেযে তেওঁৰ পূৰ্ব পুৰুষ হয়তো বাংলাদেশৰ পৰা আহিছিল। বাংলাদেশৰ পৰা কামৰ সন্ধানত মানুহ অসমলৈ আহে। তেওঁৰ মনত পৰিল এসময়ত বাংলাদেশীৰ বিৰুদ্ধে হোৱা গণ জাগৰণৰ কথা। কিন্তু পাছলৈ সেই মানুহখিনিয়েই অসমৰ বিকাশৰ কাৰণে সম্পদ হৈ পৰিল। “মোৰ ঘৰ ওচৰতে। ধুমুহাজাক অহাৰ আগতেই ঘৰ পাই যাম”, এই বুলি কৈ তেওঁ

খণ্ড ৩

ৰাতি দুপৰ হৈছে। অংকিতৰ কোঠাৰ পৰা ধাতৱ শব্দ কিছুমান আহি আছে। হয়তো সি তাৰ গৱেষণাৰ সৰঞ্জামবোৰৰ লগত কিবা কাম কৰিছে। মাজে মাজে তাৰ মাত শুনা গৈছে। সি হয়তো আমেৰিকাৰ প্ৰফেছৰজনৰ লগত কথা পাতিছে। গীতিৰ টোপনি অহা নাই। তেওঁ ৰুম চাইলেঞ্চাৰটো ইচ্ছা কৰিয়েই অন কৰি থোৱা নাই। শব্দহীন কোঠা এটাত তেওঁ শুই থাকিব খোজা নাই। অংকিতে কাম কৰি থাকোতে হোৱা শব্দবোৰে তেওঁক এক অবুজ আনন্দ দিয়ে। নিজান ৰাতি তাৰ কোঠাৰ পৰা   অহা খুটুং খাটাং শব্দবোৰে তেওঁৰ বুকুখন ভৰাই তোলে। সেই শব্দবোৰ তেওঁৰ হৃদয়ৰ ষ্পন্দন যেন লাগে। আজি তেওঁ বিচাৰিছে সি সোনকালে কাম শেষ কৰি বিছনালৈ যাওক। এই বয়সতে ইমান কষ্ট সি কৰিব নালাগে। নালাগে সি বিখ্যাত বিজ্ঞানী হ’ব। সি তেওঁৰ আচলৰ তলত সোমাই থকা ল’ৰাটো হৈয়েই থাকক। অদ্ভূত কৰ্মশক্তি আছে অংকিতৰ। কেতিয়াবা কেইবাদিনো টোপনি নমৰাকৈ সি দিনে নিশাই কাম কৰি থাকে। কিন্তু গীতিয়ে তাৰ এক স্বভাৱটো ভাল নাপয়। তেওঁৰ মতে,   দিনটো কষ্ট কৰাৰ পিছত সি ৰাতি ভালকৈ শুব লাগে । টোপনি নহাকৈ বিছনাখনত পৰি থাকিলে তেওঁৰ মনলৈ অতীতৰ বহু কথাই ভিৰ কৰেহি। তেনে সময়ত তেওঁৰ বৰকৈ গণপতিৰ কথা মনলৈ আহে। “অংকিত আন দহজনৰ দৰে সাধাৰণ ল’ৰা নহয়। স