Posts

Showing posts from January, 2020

খণ্ড ৬১

এমিলিৰ কোঠাৰ দুৱাৰমুখত ঠিয় হৈ বেলটো বজোৱাৰ আগমুহূৰ্তত অংকিতৰ ভাৱ হ’ল, ডক্তৰ ভানুমতী লগত থাকিলে সি সহজ অনুভৱ কৰিলে হয়। বেলটো বজাই দিয়াৰ ক্ষন্তেক পছতেই এমিলিয়ে দুৱাৰ খুলিলে। “মোৰ কোঠালৈ তোমাক স্বাগতম অংকিত”, এই বুলি   তাই অংকিতক ভিতৰলৈ লৈ গ’ল। এমিলিৰ কোঠাটো বৰ পৰিপাটীকৈ হৈ আছে। তায়ো ক’ৰবালৈ ফুৰিবলৈ ওলোৱাৰ দৰে ভাল পোছাকত আছে। “তুমি ছেমিনাৰলৈ নগ’লা কিয়”? ছোফা এখনত বহি লৈ অংকিতে সুধিলে। “ছেমিনাৰৰ বক্তৃতা মই ইয়াত বহিয়েই চাব পাৰোঁ। তালৈ গ’লে বহুত মানুহে মোক আগুৰি ধৰে। বিভিন্ন প্ৰশ্নৰ উত্তৰ দি থাকিব লাগে। সেই কাৰণে পৰাপক্ষত মই জনসমাগমৰ পৰা আঁতৰি থাকোঁ”, বিচনাখনত আৰামকৈ বহি লৈ এমিলিয়ে ক’লে। “এমিলি, তোমাৰ বিষয়ে মই একেবাৰে নাজানো। তুমি ক’ত ডাঙৰ দীঘল হৈছা, চন্দ্ৰপৃষ্ঠত গৱেষণা কৰিবলৈ কেনেকৈ সুযোগ পালা, এতিয়া কি কি বিষয়ত গৱেষণা কৰি আছা মোৰ জানিবলৈ মন গৈছে”- অংকিতে তাইলৈ চাই ক’লে। “মোৰ জন্ম ডালাছত। তাতেই ডাঙৰ দীঘল হৈছোঁ। সৰুৰে পৰা মহাকাশচাৰী হ’বলৈ মন আছিল। সেই কাৰণে মহাকাশ বিজ্ঞানৰ ছাত্ৰী হৈছিলোঁ। যোৱা বছৰৰ পৰা গৱেষক হিচাপে মুনত থকা লেবৰেটৰীত আছোঁ। আমি মূলত: এতিয়া চন্দ্ৰপৃষ্ঠক সাধাৰণ ম

খণ্ড ৬২

“নিকিতাক কেইটামান প্ৰয়োজনীয় কাম কৰিবলৈ দিছোঁ। দেউতাৰ গৱেষণাৰ ডেটা নতুনকৈ এনালাইছিছ কৰিবলৈ আছিল। তাই আজি হোটেলতে থাকি এই কামটো কৰি আছে”। অংকিতে ক’লে। “নিকিতাই তোমাৰ গৱেষণাৰ বিষয়ে সকলো কথাই জানে নেকি”? এমিলিয়ে প্ৰশ্ন কৰিলে। “নিকিতা মোৰ গৱেষণাৰ সহযোগী। পঢ়া শুনাৰ কামখিনি ময়েই বেছিকৈ কৰোঁ। তাই এক্সপেৰিমেণ্ট বোৰত মোক সহায় কৰে। ডেটা এনালাইছিছতো তাই ভাল”। এমিলিয়ে কিবা এটা চিন্তা কৰিলে। “তুমি পাছলৈ নিকিতাৰ নাম প্ৰস্তাৱ কৰিব পাৰিবা। তায়ো নাছাত গৱেষণা কৰাৰ সুযোগ পাব”। “মই তাইকো মোৰ লগতে গৱেষণা কৰাৰ সুযোগ দিবলৈ অনুৰোধ কৰিছিলোঁ। কিন্তু সেয়া সম্ভৱ নহ’ল”। ফলৰ ৰসৰ গিলাছটোত শোহা মাৰি অংকিতে ক’লে। “মই কথাটো গম পাইছোঁ। সহকৰ্মীৰ কাৰণে তোমাৰ এই সহমৰ্মিতাৰ মই শলাগ লৈছোঁ”, এমিলিয়ে হাঁহিলে। অংকিতে অলপ সময় চিন্তা কৰি ক’লে, “চন্দ্ৰপৃষ্ঠলৈ গৱেষণা কৰিবলৈ যোৱাৰ কথা মই সপোনতো ভবা নাছিলোঁ। কিন্তু চন্দ্ৰপৃষ্ঠৰ পৰিৱেশৰ বিষয়ে জানিবলৈ মন আছে।   চন্দ্ৰত মানুহৰ বসতি হ’লে আমিয়ো হয়তো তালৈ গৈ থাকিবলগীয়া হ’ব পাৰে” । “এতিয়াও বহুতো প্ৰত্যাহ্বান আছে অংকিত। আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হ’ল, চন্দ্ৰপৃষ্ঠত বসতি কৰা ম

খণ্ড ৬৩

ডক্তৰ ভানুমতী আৰু এমিলিৰ সহযোগত অংকিতে কণ্ট্ৰেক্টত চহী কৰিলে। চহী কৰাৰ আগতে সি   তাৰ প্ৰতিস্থানটোৰ মুৰব্বী সুৰজিত চৌধুৰীৰ লগত কথা পাতিলে। চৌধুৰীয়ে তাক উত্সাহ দিলে, এই সিদ্ধান্তই তাৰ কেৰিয়াৰত নাটকীয় পৰিৱৰ্তন আনিব। নাছাই দিব পৰা সকলো সুবিধা অসমৰ গৱেষণা প্ৰতিস্থানত উপলব্ধ নহয়। চহী কৰাৰ পাছত তাত উপস্থিত থকা সকলোৱে তাক হাত চাপৰি বজাই অভিনন্দন জনালে। ভানুমতীয়ে এটা পেকেট তাৰ হাতত দিলে। পেকেটটোত সি যোগদান কৰাৰ পাছত ক’ত কেনেকৈ প্ৰশিক্ষণ ল’ব লাগিব, কি কি বিষয়ৰ অধ্যয়ন কৰিব লাগিব সকলো কথা থকা বুলি ভানুমতীয়ে তাক জনালে। সি এঠাইত বহি পেকেটটো খুলি ভিতৰত থকা কাগজ পত্ৰবোৰত চকু ফুৰালে। সেইবোৰ চাই থাকোঁতে সি লাহে লাহে অনুভৱ কৰিলে অচিৰেই তাৰ জীৱন সলনি হ’ব। এটা অনিশ্চিত ভৱিষ্যতে তাক হাত বাউল দি মাতিছে। সি মাক আৰু ককাকৰ লগতো কথা পাতিলে। মাকে সকলোবোৰ ইমান সোনকালে হ’ব বুলি আশা কৰা নাছিল। কথাটো শুনি তেওঁৰ বুকুখন উদং উদং লাগিল। বৰ মৰমেৰে বুকুৰ মাজত ৰাখি থোৱা চৰাইটোৱে যেন এতিয়া তেওঁৰ বুকু উদং কৰি মুকলি আকাশৰ বুকুলৈ উৰা মাৰি যাব। এমিলিয়ে তাক বিদায় দি নিজৰ কোঠালৈ যোৱাৰ পাছত ভানুমতী তাৰ কাষত বহিল। তেওঁ ক’

খণ্ড ৬৪

ভানুমতীৰ পৰা বিদায় লৈ অংকিতে ছেমিনাৰ হোটেলৰ লবীত বহি নাছাৰ বিষয়ে থকা তথ্যসমূহ ইণ্টাৰনেটৰ পৰা সংগ্ৰহ কৰিলে। কিন্তু চলি থকা গৱেষণাবোৰৰ বিষয়ে সবিশেষ তথ্য সি বিচাৰি নাপালে। নিকিতাই ফোন কৰিলে। তাই এনালাইছিছৰ কামখিনি সম্পূৰ্ণ কৰিলে। নিকিতাই তাক মনত পেলাই দিলে, “আমি সন্ধিয়া এয়াৰপোৰ্টলৈ ওলাব লাগিব। ৰাতি ন বজাত বেংককৰ পৰা গুৱাহাটীলৈ ফ্লাইট আছে। তোমাৰ পেকিং কৰিবলৈ আছে। সোনকালে আহিবা”। নিকিতাই তাৰ কাৰণে চিন্তা কৰে। তাই লগত থাকিলে তাৰ বৰ সুবিধা হয়। গৱেষণাগাৰত কাম কৰি থকা সময়তো তাই বুজি পায়, কোন সময়ত তাৰ কফিৰ প্ৰয়োজন হৈছে। তায়েই তাক সোঁৱৰাই দিয়ে, তাৰ চুলি কটাবলৈ হৈছে। নখবোৰ দীঘল হ’লে তায়েই কেতিয়াবা কাটি দিয়ে। সি ঠিকমতে খোৱা বোৱা কৰিছেনে নাই তাৰো তাই খবৰ ৰাখে। সি জানে, পেকিঙৰ সময়তো তাই তাক সহায় কৰিবলৈ আহিব। সি অনুভৱ কৰে, সি নিজে হয়তো কেতিয়াও তাইৰ কাৰণে তাই বিচৰা ধৰণে চিন্তা কৰা নাই। এটা বিষাদৰ ভাৱে অংকিতক আগুৰি থাকিল। নিজৰ আত্মীয়, বন্ধুবৰ্গ আৰু নিকিতাৰ দৰে সহকৰ্মীৰ পৰা আঁতৰত অকলশৰীয়া জীৱনৰ কাৰনে সি কেতিয়াও প্ৰস্তুত নাছিল। দিনে ৰাতিয়ে গৱেষণাৰ কথাই চিন্তা কৰি থকা তাৰ দৰে মানুহৰ কাৰণে এটা ভা

খণ্ড ৬৫

অংকিতে কৰিবলৈ দিয়া কামখিনি শেষ হোৱাৰ পাছত নিকিতাই হোটেলতে ইফালে সিফালে ঘূৰি সময় কটালে। হোটেলত থকা বিভিন্ন সুবিধাবোৰ ঘূৰি পকি চালে। হোটেলৰ প্ৰথম মহলাৰ এটা কোণত মিউজিক অৱ আছাম নামৰ এটা হল আছে। তাত অসমৰ বিখ্যাত গায়কসকলৰ সৃষ্টিসমূহ সংৰক্ষণ কৰি থোৱা আছে। ভিতৰলৈ সোমাই গৈ হেডফোন কাণত লৈ যিকোনো গান নিৰ্বাচন কৰি শুনিব পাৰি। গোলাকাৰ হলটোৰ দেৱালত অসমৰ বিখ্যাত গায়কসকল আৰু তেওঁলোকৰ সৃষ্টিৰাজিৰ বিষয়ে ভিডিঅ’ ক্লিপ প্ৰদৰ্শিত হৈ থাকে। নিৰ্দিষ্ট ক্লিপটোৰ ওচৰলৈ গৈ হেডফোন কাণত লৈ ক্লিপ উপভোগ কৰিব পাৰি। নিকিতাই হেডফোন কাণত লৈ আটাইবোৰ ক্লিপ এফালৰ পৰা চালে। তাইৰ মিউজিক পেডৰ কাৰণেও কেইটামান গান কিছু মূল্যৰ বিনিময়ত ডাউনলোড কৰি ল’লে। ঘূৰা পকা শেষ কৰি তাই ফোনত মাক আৰু ভায়েকৰ লগত কথা পাতিলে। হোটেলতে থকা গিফ্ট কাউণ্টাৰৰ পৰা ঘৰৰ মানুহৰ কাৰণে কেইটামান সৰু সৰু উপহাৰ কিনিলে। ক’ৰবালৈ গ’লে সকলোৰে কাৰণে দুই এপদ সামগ্ৰী উপহাৰ হিচাপে লৈ আনিবলৈ তাই ভাল পায়। অংকিত অহালৈ অপেক্ষা কৰি তাই হোটেলৰ লবীতে বহুত সময় বহি থাকিল। সি আমনি পাব বুলি তাই ফোনো নকৰিলে। অংকিতে হোটললৈ সোমাই আহি লবীতে নিকিতাক দেখিলে। “তুমি যাবলৈ সাজু হৈ

খণ্ড ৬৬

নিকিতাই ভালদৰেই জানে বিজ্ঞানৰ জগতখনৰ ভিতৰচৰাত বৈজ্ঞানিকসকলৰ মাজত চলি থকা প্ৰতিযোগিতাৰ কথা। এটা নতুন আৱিষ্কাৰৰ কাৰণে এজন বিজ্ঞানীয়ে আন এজন বিজ্ঞানীক গোৰ মাৰি বগৰাই আগুৱাই যাবলৈও কুণ্ঠাবোধ নকৰে। কিন্তু তাই অনুধাৱন কৰিব পৰা নাছিলযে এনালাইছিছ কৰা ডেটাখিনি ক্লাউডত থলেও সেয়া বিপদজনক হ’ব পাৰে। তাই বুজি পালে জেনেটিক কোডিঙৰ ৰহস্য জানিবলৈ এতিয়া বিজ্ঞানী সকলৰ মাজত তুমুল প্ৰতিযোগিতা চলিছে। “জেনেটিক কোডিঙৰ উপায় এতিয়াও আৱিষ্কাৰ নোহোৱাটো আচৰিত কথা নহয়নে অংকিত”? হঠাতে নিকিতাই অংকিতলৈ চাই সুধিলে। “বহুতো বিজ্ঞানীয়ে এতিয়াও বিশ্বাস কৰে মানুহে জেনেটিক কোডিঙৰ ৰহস্য কেতিয়াও উলিয়াব নোৱাৰে, তেওঁলোকে এই বুলিও ক’ব খোজে এয়া হেনো ঈশ্বৰৰ অধিকাৰ। ঈশ্বৰৰ এই কোড মানুহে পাবলৈ হ’লে সমগ্ৰ বিশ্বত তোলপাৰ লাগি যাব। মানুহে নিজৰ মতেই নিজৰ আৰু আনৰ প্ৰ’গ্ৰামিং কৰিব পাৰিব” । “ভালহে হ’ব। কাপোৰৰ ডিজাইনৰ দৰে মানুহৰো ডিজাইন কৰিব পৰা হ’ব”। নিকিতাই মিচিকিয়া হাঁহি মাৰি ক’লে। “ডিজাইন কৰি মানুহ সৃষ্টি কৰাৰ কথাটোৱে এতিয়া খুব গুৰুত্ব পাইছে। জেনেটিক কোড সলনি কৰিব পাৰিলে মানুহৰ আয়ুস হয়তো পাঁচশ বছৰলৈ বৃদ্ধি কৰিব পৰা হ’ব। বৰ্তমান

খণ্ড ৬৭

আমেৰিকাৰ হিউষ্টন চহৰত থকা নাছাৰ জনছন ষ্পেছ চেণ্টাৰত নতুন গৱেষক নিযুক্তিৰ দ্বায়িত্বত থকা মুৰব্বী বিষয়া মাইকেল ব্ৰেভোৱে বিভিন্ন দেশৰ পৰা নিৰ্বাচন কৰি অনা নতুন গৱেষক সকলৰ নামৰ তালিকাখনত চকু ফুৰাইছে। কম্পিউটাৰ ষ্ক্ৰীনত প্ৰতিজন নতুন গৱেষকৰ বিষয়ে, তেওঁলোকৰ যোগ্যতাৰ বিষয়ে তেওঁ চাই গৈছে। তেওঁ মাজে মাজে সন্তুষ্টিৰ হাঁহি মাৰিছে আৰু মাজে মাজে চকু ঘোপা কৰি আকৌ ভালকৈ চাইছে। চাই থাকোঁতে তালিকাৰ কোনোবা এটা নামত তেওঁ ৰৈ গ’ল। তেওঁ লগে লগে নিযুক্তিৰ প্ৰাৰম্ভিক প্ৰক্ৰিয়াত জড়িত তেওঁৰ কনিষ্ঠ সহকৰ্মীলৈ ফোন লগালে, “মিছ ৰে’। ইণ্ডিয়াৰ পৰা নিৰ্বাচন কৰা অংকিত আয়েংগাৰৰ অভিজ্ঞতা অতি কম। তেওঁৰ বিশেষ কোনো গৱেষণা গ্ৰন্থও প্ৰকাশ পোৱা নাই। তেওঁক কিহৰ ভিত্তিত নিৰ্বাচন কৰা হ’ল?” “মাইকেল, ইণ্ডিয়ান গৱেষকজনক ডক্তৰ ভানুমতী আৰু আমাৰ লুনাৰ প্ৰজেক্টৰ ৰিছাৰ্ছাৰ এমিলি জৰ্ডানৰ অনুমোদনক্ৰমে নিৰ্বাচন কৰা হৈছে। ডক্তৰ ভানুমতীৰ মতে অংকিত আয়েংগাৰ খুব প্ৰতিভাশালী। তেওঁ আমাৰ প্ৰতিস্থানৰ কাৰণে এক সম্পদ হ’ব”। “ডক্তৰ ভানুমতী আৰু এমিলি জৰ্ডানে কি যুক্তি আগবঢ়াইছে, সেইখিনি মোলৈ পঠোৱা । পাৰিলে ডক্তৰ ভানুমতীৰ লগত মোৰ কনফাৰেন্সৰ ব্যৱস্থা ক

খণ্ড ৬৮

ডক্তৰ ভানুমতীয়ে সংযোগ বিচ্ছিন্ন কৰাৰ পাছত মাইকেলে কিছু সময় নিজৰ মেজতে তভক মাৰি ৰ’ল। তেওঁৰ এতিয়াও মনত আছে, দুফালে দুডাল বেণী গাঁথি ভাৰতৰ পৰা নাছাত গৱেষণা কৰিবলৈ অহা সেই ক্ষীণ মীণ সুগঢ়ী ছোৱালীজনীৰ কথা। তেতিয়া তেওঁ নাছাত প্ৰশাসন বিভাগৰ কনিষ্ঠ বিষয়া আছিল। প্ৰথম দৰ্শনতে তেওঁৰ তাইক ভাল লাগিছিল। তেওঁলোকৰ প্ৰেম হৈছিল আৰু সেই প্ৰেমৰ পৰিণতিত এদিন ভানুমতীয়ে তেওঁৰ এটা কোঠাৰ এপাৰ্টমেণ্ট এৰি মাইকেলৰ দুটা কোঠাৰ এপাৰ্টমেণ্টলৈ থাকিবলৈ আহিছিল। মাইকেল আৰু ভানুমতীয়ে বেছ কিছুবছৰ স্বামী স্ত্ৰী হিচাপে থাকিল । কিন্তু তেওঁলোকৰ মাজলৈ কোনো সন্তান নাহিল। দুয়ো নিজৰ নিজৰ কামত সাংঘাতিকভাৱে ব্যস্ত থাকিবলগীয়া হোৱা কাৰণে তেওঁলোকৰ পাৰিবাৰিক জগতখনত লাহে লাহে তিক্ততা আহিল। সন্তান নোহোৱাৰ কাৰণে মাইকেলে হতাশাত ভূগিবলৈ ল’লে আৰু অত্যাধিক মদ্যপান কৰিবলৈ আৰম্ভ কৰিলে। ভানুমতীয়ে মাইকেলক প্ৰথমতে অত্যাধিক মদ্যপান কৰিবলৈ বাধা দিছিল যদিও এই কথাটোক লৈ দুয়োৰে মাজত সদায় কন্দল হ’বলৈ ধৰিলে। মাইকেলে ভানুমতীক সন্তান জন্ম দিবলৈ ক্ষমতা নোহোৱা মাইকী বুলি তাচ্ছিল্য কৰিবলৈ তাইৰ সন্মুখতে আন ছোৱালীৰ লগত হলি গলি কৰিবলৈ ল’লে। ভানুমতীয়ে সংসাৰখ

খণ্ড ৬৯

মাইকেলে কথাবোৰ ভাবি থাকোঁতে ভানুমতীয়ে ফোন কৰিলে, “অতি সোনকালে অংকিত আয়েংগাৰৰ ভিছাৰ ব্যৱস্থা কৰা। তেওঁৰ ট্ৰেইনিং সোনকালে আৰম্ভ হ’ব লাগে। এমিলিক সেইটো কামৰ কাৰণে ৰখাই থোৱা আছে। এতিয়া আৰু অংকিতক কিয় বাচনি কৰা হ’ল, সেই বিষয়ে মূৰ ঘমাই লাভ নাই”। “হৈ যাব। মই আজিয়েই গুৱাহাটীত থকা আমেৰিকান দূতাবাসলৈ চিঠি প্ৰেৰণ কৰিম। অংকিতক তিনি দিনৰ ভিতৰত আবেদন কৰিবলৈ নিৰ্দেশ দিয়া। ভিছাৰ কাৰণে চিন্তা কৰিব নালাগে”। মাইকেলে ভানুমতীৰ কথা সাধাৰণতে পেলাব নোৱাৰে। ভানুমতীৰ কাৰণে কিবা এটা কৰিব পাৰিলে সি সকাহ অনুভৱ কৰে । বিবাহ বিচ্ছেদ হোৱাৰ পাছতো দুয়ো দুয়োৰে লগত বন্ধুত্ব সুলভ সম্পৰ্ক বজাই ৰাখিছে। মাজে সময়ে ফোন কৰি দুয়ো দুয়োৰে খবৰ লয়। মাইকেলে ভানুমতীয়ে তুলি লোৱা জীয়ৰী আৰ্মাণ্ডাৰো খবৰ ৰাখে। কিন্তু অংকিত আয়েংগাৰৰ প্ৰতি ভানুমতী যেন অধিক সদয় হৈ পৰিছে। আগতেও ভানুমতীয়ে নাছাৰ কাৰণে বিজ্ঞানী নিৰ্বাচনত সহযোগ কৰিছে। কিন্তু কেতিয়াও ইমান তত্পৰতা প্ৰদৰ্শন কৰা নাই। এই কথাটোৱে মাইকেলৰ মনত খুদুৱনি তুলিলে। তেওঁ ভাবিলে এই কাৰণটো জানিবই লাগিব। সেইদিনাই সন্ধিয়া এমিলিয়ে ভানুমতীলৈ ফোন কৰিলে, “মেডাম, অংকিতৰ নিৰ্বাচনক লৈ ওপৰ মহলত ক

খণ্ড ৭০

গুৱাহাটী আন্তৰ্জাতিক বিমান বন্দৰত নিৰপত্তাজনিত কাৰণত কিছু সময়ৰ বাবে এঘাৰটা ৰাণৱে’ৰ আটাইকেইটাই বন্ধ কৰি দিয়া হৈছে। লুফটহান্সাৰ বিমান এখনত বোমা থকা বুলি এয়াৰলাইন্সৰ অফিছলৈ ফোন অহাৰ পাছত উগ্ৰপন্থীৰ আক্ৰমণৰ সন্দেহত আৰক্ষীয়ে বিমান বন্দৰটোত তালাচী চলাইছে। ভাৰতৰ অন্যতম ব্যস্ত গুৱাহাটী বিমান বন্দৰত থকা ৰাণৱে ' সমূহ বন্ধ কৰি দিলে যাত্ৰীসকলৰ মাজত হুৱাদুৱা লাগে। উত্তৰ পূৰ্বাঞ্চলৰ কিছুমান ঠাইত এতিয়াও উগ্ৰপন্থীৰ তত্পৰতা চলি আছে।ছিংগাপুৰ এয়াৰলাইন্স , এয়াৰ চাইনা আৰু থাই এয়াৰলাইন্সৰ তিনিখন বিমানে অৱতৰণ কৰিব নোৱাৰি কিছু সময় আকাশমাৰ্গত ঘূৰি থাকিবলগীয়া হ’ল। থাই এয়াৰলাইন্সৰ বিমানখনত আছে অংকিত আৰু নিকিতা। যাত্ৰাৰ শেষত উপনীত হৈ নিকিতাৰ মনটো কিবা এটা ভাল লগা নাই। বিমানত বহি থাকোঁতে তাই প্ৰায় নিৰৱেই আছে। অংকিতে কিতাপ এখন পঢ়ি আহিছে। পাইলটে ঘোষণা কৰিছে , " নিৰাপত্তাজনিত কাৰণত আমাৰ বিমানখন্ত গুৱাহাটীত অৱতৰণ কৰিব পৰা নাই। যাত্ৰীসকলক ধৈৰ্য ধৰিবলৈ অনুৰোধ কৰিলোঁ"। বেছিভাগ যাত্ৰীয়ে ইচ আচ কৰিছে। বিমানখন অৱতৰণ কৰিব নোৱৰাৰ কাৰণে চিন্তিত হৈছে। নিকিতাই ভাবিছে , বিমানখন সোনকালে অৱতৰণ নকৰক। যাত

খণ্ড ৭১

ষ্ট্ৰীট লাইটেৰে আলোকিত ৰাতিৰ গুৱাহাটীৰ ৰাস্তাৰে গাড়ী আগবাঢ়িল। এয়াৰপোৰ্টৰ পৰা জালুকবাৰীলৈ এই সমগ্ৰ অঞ্চলটোত কেইবাটাও মাল্টি নেশ্যনেল কোম্পানীৰ অফিছ আৰু কল ’ নি আছে। গুৱাহাটীৰ এই অঞ্চলটো দক্ষিণ-পূব এছিয়াৰ দেশ সমূহৰ লগত বেহা বেপাৰৰ কেন্দ্ৰ হৈ পৰিছে। অংকিত গহীন ভাৱত নিৰৱে আছে। নিকিতাই গাড়ীৰ ভিতৰত অলপ ছাফোকেশ্যন অনুভৱ কৰিলে। তাই গ্লাছখন সামান্য নমাই দিলে। সোঁহাতে দূৰলৈ দীপৰ বিল ৱাটাৰ পাৰ্কত কিবা ফেষ্টিভেল চলি আছে। সেইপিনে আকাশখন বিভিন্ন ৰঙৰ আলোকেৰে আলোকিত হৈ আছে। সেই দিশৰ পৰা সংগীতৰ শব্দ ৰিণি ৰিণি ভাঁহি আহিছে। “ শুনাচোন অংকিত। সুৰটো ফোক মিউজিকৰ দৰে লাগিছে ” । অংকিতে কাণ পাতি শুনিবলৈ চেষ্টা কৰিলে। “ মই ভালদৰে শুনাই নাই" , এই বুলি কৈ সি মোবাইল ফোনটোৰ পৰা সৰু এণ্টেনা এডাল টানি উলিয়ালে। অলপ টিউনিং কৰি সি সেই সংগীতৰ উত্স বিচাৰি উলিয়াব পাৰিলে। অলপ সময়ৰ পিছতে ৰিণি ৰিণি শুনিবলৈ পোৱা সংগীত মোবাইলৰ স্পীকাৰত ষ্পষ্টকৈ বাজি উঠিল। “ সুৰটো সঁচাকৈয়ে ধুনীয়া। অসমীয়া সুৰ যেন লগা নাইযে ” । নিকিতাই ক ’ লে। অংকিতে মোবাইলটোতে ছাউণ্ড এনালাইজাৰ এপটো খুলিলে। কেইবাডালো ৰেখা মোবাইলৰ পৰ্দাত উঠা নমা

খণ্ড ৭২

ড্ৰাইভাৰক ৰৈ থাকিবলৈ কৈ দুয়ো কেবল কাৰত বহি ৰোপ ৱেৰে নীলাচল হিলটপলৈ ৰাওনা হ’ল। উঠি গৈ থাকোঁতে ক্ৰমে উদ্ভাসিত হৈ অহা ৰাতিৰ ৰূপহী গুৱাহাটীখনলৈ চকু ফুৰাই অংকিতৰ বৰ ভাল লাগিল। ককাকে তাক সদায় চৌপাশৰ পৃথিৱীখনলৈ চকু ফুৰাবলৈ উপদেশ দিয়ে। সি অনুভৱ কৰিলে কিতাপ আৰু গৱেষণাৰ মাজত ডুব গৈ থাকি সি বাস্তৱ জীৱনৰ কিছুমান অনুভৱৰ পৰা সদায় বঞ্চিত হৈ থাকিল। “অংকিত এইদৰে কেবল কাৰত বহি যদি চন্দ্ৰলৈ যাব পৰা হ’লহেঁতেন”, নিকিতাৰ কথা শুনি অংকিতে হাঁহিলে। “তুমি ঠিকেই ভাবিছা। চন্দ্ৰত মানুহৰ কলনি স্থাপন হ’লে সুচল পৰিবহনৰ কাৰণে কেবল কাৰৰ দৰে ব্যৱস্থা পৃথিৱী আৰু চন্দ্ৰৰ মাজতো গঢ়ি উঠিব পাৰে। বিজ্ঞানীসকলে এই দিশত চিন্তা চৰ্চা কৰিছেই”। “সঁচানে”? নিকিতাৰ ৰং লাগিল। তাই ভবা কথাটো বিজ্ঞানীয়েও চিন্তা কৰিছে। কিন্তু সেয়া কেনেকৈ সম্ভৱ হ’ব? মানুহে চন্দ্ৰলৈ গৈ কলনি স্থাপন কৰাটোও তাই অসম্ভৱ বুলিয়েই ভাবি আছিল। হয়তো বিজ্ঞানে সকলো অসম্ভৱকেই এদিন সম্ভৱ কৰি তুলিব। “চন্দ্ৰত তোমালোকে পৃথিৱীৰ মানুহৰ দৰে ফুৰা চকা কৰিব পাৰিবানে”? হঠাতে নিকিতাই অংকিতলৈ চাই সুধিলে। “চন্দ্ৰপৃষ্ঠত ফুৰা চকা কৰিবলৈ মহাকাশচাৰীয়ে পিন্ধা পোছাক পিন্ধি ল’ব লা

খণ্ড ৭৩

মুনলাইটত ডিনাৰ কৰি নিকিতাক এপাৰ্টমেণ্টত নমাই দি ঘৰ পাওঁতে অংকিতৰ ৰাতি দুটা বাজিল। সি দুৱাৰদলিত থিয় হওঁতেই মাকে দুৱাৰ খুলি দিলে। “তুমি শোৱা নাই মা? এতিয়া ৰাতি পুৱাবৰে হ’ল”। অংকিতে মাকক দেখি ক’লে। “তোমাৰ কাৰণেই আমি ৰৈ আছিলোঁ। ককাও অলপ আগতেহে শুবলৈ গৈছে। তুমি হাত মুখ ধুই শুই যোৱাগৈ। তোমাৰ নিশ্চয় বৰ ভাগৰ লাগিছে”। মাকক শুভৰাত্ৰি জনাই অংকিত শুবলৈ গ’ল। শুবলৈ লওঁতেই মোবাইল ফোনত ভিডিঅ’ কলৰ সংকেট আহিল। নিকিতা। “তোমাক চাবলৈ মন গ’ল অংকিত। সেই কাৰণে কল কৰিলোঁ”। অংকিতে মিচিকিয়াই হাঁহিলে। তাৰো নিকিতাৰ কথা মনলৈ আহিছিল। তাইৰ সান্নিধ্য সি উপভোগ কৰিবলৈ লৈছে। হয়তো তায়ো তাৰ সান্নিধ্য ভাল পাইছে। “চন্দ্ৰযাত্ৰাৰ কথা এতিয়া নুলিয়াবা নিকিতা। মই তালৈ গৈ কি কি দেখোঁ তোমাক সকলো কথা ক’ম”, সি ধেমালিৰ সুৰত ক’লে। “নাই, নাই। এই ৰাতিখন মই তোমাক চন্দ্ৰৰ কথা নোসোধো। মাত্ৰ শুবলৈ যোৱাৰ আগে আগে তোমাক চাবলৈ মন গ’ল” । অংকিতৰ মনটো ভাল লাগি গ’ল। মানুহৰ এই সৰু সৰু ইচ্ছাবোৰৰ মাজত কিমানযে সুখ লুকাই থাকে। “ভাগৰ লগা নাই নিকিতা? আজি আমাৰ এটা বৰ ব্যস্ত দিন আছিল”। অৱসাদত তাৰ চকু জাপ খাই আহিছিল।   নিকিতাই কথাটো লক্ষ্য